কেচুৱাবিলাকক খুৱাওতে মাইক্ৰোনিউট্ৰিএণ্টবোৰে কিয় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?

কেচুৱাবিলাকক খুৱাওতে মাইক্ৰোনিউট্ৰিএণ্টবোৰে কিয় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?

 

আপোনাৰ কেচুৱাটিৰ জীৱনৰ প্ৰথম ছমাহত স্তনৰ গাখীৰেই তাৰ পোষণৰ একমাত্ৰ শ্ৰৌত হ’ব। এটি ছমহীয়া কেচুৱাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পোষক তত্ব যেনে প্ৰ’টীন, চৰ্বি, কাৰ্বোহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱন স্তনৰ গাখীৰত থাকে।

তথাপিও আপোনাৰ কেচুৱাটিয়ে খোজকাঢ়িবলৈ লওতে তাৰ বিশেষ পোষণৰ প্ৰয়োজন হ’ব আৰু এইবোৰ পূৰ্ণ কৰিলে গোটেই জীৱনজুৰি তাৰ/তাইৰ মানসিক, শাৰীৰিক আৰু সামাজিক স্বাস্থ্য আৰু ভাল হোৱাৰ ওপৰত প্ৰভাৱ পৰিব। এইখিনিতে মাইক্ৰোনিউট্ৰিএণ্টসমূহ আহে কিয়নো ইহঁতিয়েই এই প্ৰয়োজনীয় পোষণৰ মূল অংশ।

মানৱ শৰীৰৰ সঠিক গঠন আৰু বিকাশৰ বাবে কম পৰিমাণত মাইক্ৰোনিউট্ৰিএণ্টৰ প্ৰয়োজন হয়। ইয়াত ব’ৰন, লিথিয়াম, আইৰন, চ’ডিয়াম ইত্যাদিৰ দৰে পদাৰ্থৰ ক্ষুদ্ৰ পৰিমাণ আৰু ভিটামিন B, D  আৰু K আৰু সিহঁতৰ প্ৰকাৰকেইটা থাকে।

শৰীৰৰ প্ৰক্ৰিয়া আৰু বিকাশৰ কাম যেনে কোষৰ বিভাজন, হৃদযন্ত্ৰৰ বিকাশ আৰু মানৱ শৰীৰত হোৱা অন্যান্য প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ বাবে মাইক্ৰোনিউট্ৰিএণ্টসমূহ দায়ী। সিহঁতে কেচুৱাটিৰ গঠনতো সহায় কৰে কিয়নো সৰু কেচুৱাবিলাকৰ শৰীৰৰ প্ৰক্ৰিয়াসমূহত খুব সোনকালেই বিকাশ হয় আৰু সেইবাবে কেচুৱাটিৰ খাদ্যত মাইক্ৰোনিউট্ৰিএণ্টসমূহ এক অবিচ্ছেদ্য অংশ।

আটাইতকৈ গুৰুত্বপূৰ্ণ মাইক্ৰোনিউট্ৰিএণ্ট আৰু সিহঁতৰ ভূমিকা

প্ৰায় ৪০বিধমান দৰকাৰী ভিটামিন, খনিজ লৱন আৰু অন্য বায়’-কেমিকেলে মানুহৰ বাবে প্ৰয়োজনীয় মাইক্ৰোনিউট্ৰিএণ্টসমূহ গঠন হয়। তাৰে আটাইতকৈ প্ৰয়োজনীয়কেইটা হৈছে:

আইৰন

হেম’গ্লোবিনৰ নিৰ্মাণৰ বাবে আইৰনৰ প্ৰয়োজন হয় যি মানুহৰ তেজৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন পঠিয়ায়। আইৰনৰ অভাৱ এটা গম্ভীৰ সমস্যা য’ত অংগসমূহে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায় যাৰ ফলত ভালদৰে কাম নকৰে আৰু শেষত অচল হৈ পৰে।

প্ৰথম ছমাহৰ বাবে স্তনৰ গাখিৰে কেচুৱাটিক আইৰন প্ৰদান কৰে। কেচুৱাটিয়ে গোটা খাদ্য খাবলৈ আৰম্ভ কৰিলে- ছমহৰ পাচত –তাৰ/তাইৰ শৰীৰত খৰতকীয়া বিকাশ হ’ব আৰু ইয়াতেই আইৰনৰ প্ৰয়োজন আহি পৰিব। আইৰনে পৰিপুৰ্ণ খাদ্যই কেচুৱাটিৰ অংগসমূহৰ বিকাশ আৰু গঠন নিশ্চিত ৰাখিব।

১২ মহীয়া এটি কেচুৱাৰ বাবে দৈনিক প্ৰয়োজন হোৱা আইৰনৰ মাত্ৰা হৈছে ১১ মিলিগ্ৰাম আৰু সেইটো আইৰনেৰে পৰিপূৰ্ণ খাদ্য যেনে ব্ৰক্লি, কাবুলী চানা, আলু, চ’য়াবিন আৰু পালেং দি পুৰাব পাৰি। কেচুৱাটিয়ে কেইমাহমান গোটা খাদ্য খোৱাৰ পাচত আপুনি সিহঁতৰ খাদ্যত মাংস আৰু মাছো দিব পাৰিব।

কেলচিয়াম

আমি জানোৱেই যে স্বাস্থ্যৱান হাড়ৰ বাবে কেলচিয়ামৰ প্ৰয়োজন হয় কিন্তু কেলচিয়ামৰ কাম মাত্ৰ ইমানেই নহয়। শক্তিশালী দাঁত, সঠিক মাংসপেশী আৰু স্নায়ুৰ কাৰ্য কৰাত আৰু খাদ্য শোহা আৰু তেজ গোট মৰাতো কেলচিয়ামে কাম কৰে।

শিশুবিলাকৰ প্ৰথম কেইবছৰত সাধাৰনতকৈ বেছি কেলচিয়ামৰ প্ৰয়োজন হয় আৰু তাৰ পাচত ১১ আৰু ১৫ বছৰৰ মাজৰ সময়ছোৱাত কিয়নো এই সময়তে ভালদৰে বিকাশ হয়। আপোনাৰ কেচুৱাক দিনে ৭০০ মিলিগ্ৰাম কেলচিয়ামৰ দিবলৈ পৰামৰ্শ দিয়া হয়।

কেলচিয়ামত অভাৱে আপোনাৰ কেচুৱাটিৰ ৰিকেটছ্‌ৰ আৰু দুৰ্বল হাড়ৰ দৰে সমস্যা দিব পাৰে যাৰ বাবে হাড়বিলাক সহজতে ভাঙি যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কেচুৱাটিৰ জীৱনত প্ৰভাৱ পৰিব পাৰে।

সহজতে পোৱা খাদ্য যেনে গাখীৰ, ছীজ, য়’গাৰ্ট, বগা বীন, অ’টছ্ আৰু এনে খাদ্যত কেলচিয়াম সহজতে পোৱা যায়।

জিংক

মানৱ শৰীৰৰ বিকাশ আৰু গঠনৰ বাবে জিংকৰ ভূমিকাত ইমান মন দিয়া নহয় যদিও ই এট বহু গুৰুত্বপূৰ্ণ মাইক্ৰোনিউট্ৰিএণ্ট। জিংকে প্ৰায় ৭০টা এঞ্জাইমৰ ওপৰত প্ৰভাৱ পেলায় যি খাদ্য হজম আৰু অন্য প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয়। DNA আৰু প্ৰ’টীনৰ প্ৰক্ৰিয়াকৰণ কৰিবলৈও জিংকৰ প্ৰয়োজন হয় আৰু সেইবাবেই ই বাঢ়ি অহা কেচুৱাবিলাকৰ বাবে প্ৰয়োজনীয়।

বাঢ়ি অহা কেচুৱাত জিংকৰ অভাৱ হ’লে বহু প্ৰভাৱ পৰিব পাৰে। কেচুৱাৰ মানসিক বিকাশত পলম হৈছে জিংকৰ অভাৱত হোৱা এটা প্ৰধান বৈশিষ্ট্য। অন্য লক্ষণসমূহৰ ভিতৰত চকু আৰু চাল ফুলি উঠা, ভিক নলগা আৰু সজাগ হৈ নথকা আৰু অন্যান্য হ’ব পাৰে।

যিহেতু আমাৰ শৰীৰে জিংক সাঁচি ৰাখিব নোৱাৰে সেইবাবে আপুনি আপোনাৰ কেচুৱাটিক প্ৰচুৰ পৰিমাণে জিংক থকা খাদ্য দিব লাগে। ১২ মহীয়া কেচুৱা এটিক দিনে ৩ মিলিগ্ৰাম দিবলৈ পৰামৰ্শ দিয়া হয়। জন্তুৰ মাংস আৰু চিকেনৰ দৰে পল্ট্ৰীত জিংক প্ৰচুৰ মাত্ৰাত পোৱা যায়। শাকাহাৰীসকলে জিংকৰ অভাৱত ভুগিব পাৰে যিটো তেওঁলোকে লেগুম, আস্পাৰাগাছ আৰু ব্ৰক্লিৰ খাই পুৰাব পাৰে।

ভিটামিন

মানৱ শৰীৰে ভালদৰে কাম কৰিবলৈ অন্য মাইক্ৰোনিউট্ৰিএণ্টৰ দৰে ভিটামিনৰো প্ৰয়োজন হয়। যিহেতু এইবিলাক আমাৰ শৰীৰত প্ৰাকৃতিকভাৱে নিৰ্মিত নহয় সেইবাবে ভিটামিনৰ অন্য শ্ৰৌতৰ প্ৰয়োজন।

১৩ বিধ ভিটামিন আছে আৰু তাৰে কিছুমান চৰ্বিত দ্ৰৱণীয় (A, D, E আৰু K) আৰু বাকিবোৰ পানীত দ্ৰৱণীয় (C, B, B2, B3 আৰু অন্য B ভিটামিনৰ প্ৰকাৰ)। বিভিন্ন ভিটামিনে শৰীৰত বিভিন্ন কাম কৰে কিন্তু আপোনাৰ কেচুৱাটিৰ গঠ্ন আৰু বিকাশৰ বাবে আটাইকেইবিধেই প্ৰয়োজনীয়।

আমাৰ লিভাৰটোৱে চৰ্বিত দ্ৰৱণীয় ভিটামিন জমা কৰে আৰু সেইবাবে ইহঁতবোৰ আমাৰ শৰীৰত কেইবামাহৰ বাবে থাকিব পাৰে।

চৰ্বিত দ্ৰৱণীয় ভিটামিনৰ কাম হৈছে:

  • ভাল দৃষ্টিশক্তি আৰু স্বাস্থ্যকৰ চাল (ভিটামিন A)
  • হাড় আৰু দাঁতৰ বাবে কেলচিয়াম সঠিকভাৱে শুহি লোৱা (ভিটামিন D)
  • কোষৰ গঠন আৰু স্নায়ুতন্ত্ৰৰ বিকাশ (ভিটামিন E)
  • তেজ গোট মৰা (ভিটামিন K)

আনহাৰে পানীত দ্ৰৱণীয় ভিটামিনবোৰৰ কাম হৈছে:

  • আইৰন শুহি লোৱা (ভিটামিন C)
  • স্কাৰ্ভি প্ৰতিৰোধ কৰা (ভিটামিন C)
  • বেমাৰ প্ৰতিৰোধী ব্যৱস্থাৰ ভালদৰে বিকাশ হোৱা (ভিটামিন B)
  • স্বাস্থ্যৱান চাল আৰু চালৰ বৰণ বৰ্তাই ৰখা (ভিটামিন B)

কেচুৱাটিয়ে এটা স্বাস্থ্যকৰ আৰু নিয়ন্ত্ৰিত আহাৰ খাই থকালৈকে, সি/তাই প্ৰয়োজনীয় ভিটামিনবোৰ পাই আছে বুলি নিশ্চিত হৈ থাকিব পাৰি। ভিটামিনবোৰ সহজতে পোৱা বস্তু যেনে পাত থকা শাক-পাচলি, লেগুম, ফল, চিকেন, জন্তুৰ মাংস ইত্যাদিৰ পৰা পাব পাৰি।

সামৰণি

দৈনিকভাৱে আমাক স্বাস্থ্যৱান কৰি ৰখা আৰু অন্য বহুত মাইক্ৰোনিউট্ৰিএণ্ট আছে। যদিও বহু কম মাত্ৰাত প্ৰয়োজন হয় তথাপিও আপুনি আপোনাৰ কেচুৱাটিৰ বিকাশৰ বাবে মাইক্ৰোনিউট্ৰিএণ্টসমূহৰ ভূমিকা নুই কৰিব নোৱাৰে। সৌভাগ্যবশতঃ আপোনাৰ কেচুৱাটিয়ে পৰ্যাপ্ত পৰিমাণৰ মাইক্ৰোনিউট্ৰিএণ্ট পাই আছে নে নাই সেইটো নিশ্চিত কৰিবলৈ কোনো বিশেষ পদক্ষেপ ল’ব নালাগে। এটা নিয়ন্ত্ৰিত আৰু পোষক তত্বৰে পৰিপূৰ্ণ আহাৰৰ প্ৰয়োজন মাত্ৰ।

যদি আপুনি ভাবে যে আপোনাৰ কেচুৱাটিয়ে কোনো পোষক তত্বৰ অভাৱ পাইছে তেন্তে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। আপোনাৰ চিকিৎসকে সেই পোষক তত্বৰ এটা ভাল শ্ৰৌত আপোনাক ক’ব। গম্ভীৰ ক্ষেত্ৰত আপুনি আপোনাৰ কেচুৱাক চাপ্লিমেণ্টো খুৱাব পাৰে-কিন্তু আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লৈহে খুৱাব।