আপুনি কেচুৱাৰ ফৰ্মুলা ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লগে?

আপুনি কেচুৱাৰ ফৰ্মুলা ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লগে?

 

মাতৃত্বই অগৰাকী মহিলাক বহু ধৰণে সলনি কৰি পেলায়। হ’ৰমোনৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি আপোনাৰ শৰীৰৰ পৰিৱৰ্তনলৈকে সকলোবোৰ সলনি হৈ পৰে। এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে গাখীৰ ওলোৱা যিটো গৰ্ভধাৰণৰ ১৬ সপ্তাহৰ পৰা আৰম্ভ হয়। মাতৃত্বৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হৈছে দুগ্ধপান কিন্তু যিসকল মহিলায়ে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰিব নোৱাৰে তেখেতসকলৰ বাবে ফৰ্মুলা খাদ্য ৰক্ষাকৰ্তা স্বৰূপ। কেচুৱাৰ ফৰ্মুলাক ফৰ্মুলা খাদ্য বুলিও কোৱা হয় আৰু ইয়াক স্তনৰ গাখীৰৰ সলনি খুৱাব পাৰি। ইয়াত বহু পৰিমাণৰ গৰুৰ গাখীৰ থাকে আৰু কেচুৱাটিৰ প্ৰয়োজনবোৰ পুৰাবলৈ ইয়ান বনোৱা হৈছে।  যেতিয়া কেচুৱাবিলাকে গাখীৰৰ পৰা অন্য পোষণৰ শ্ৰৌতলৈ গতি কৰে তেনে সময়ছোৱাত ই সিহঁতৰ পোষণৰ শ্ৰৌত হিচাপে কাম কৰে।

দোকানৰ বিভিন্ন ব্ৰাণ্ডৰ গাখিৰৰ বিকল্প পোৱা যায় কিন্তু আপুনি কৌশলতাৰে বাচিব লাগিব।

ফৰ্মুলা খাদ্য হৈছে কৃত্ৰিম পোষণৰ এক প্ৰকাৰ য’ত শিশুটিত বিকাশৰ বাবে বিভিন্ন পোষক তত্ব থাকে।

মোৰ কেচুৱাটিৰ বাবে মই সঠিক ফৰ্মুলাটো কেনেকৈ বাচোঁ?

প্ৰথম ফৰ্মুলা নিৰ্বাচন কৰোতে গৰুৰ গাখীৰ থকা আৰু গাখীৰৰ প্ৰ’টীন থকাটো নিৰ্বাচন কৰক। বজাৰত দুবিধ গৰ গাখীৰ পোৱা যায়: এবিধত গাখীৰৰ প্ৰ’টীন থাকে আতু অনবিধত উচ্চ মাত্ৰাত কেচিন থাকে। প্ৰথমবিধ হজম কৰিবলৈ ভাল আৰু সেইবাবে ব্যৱহাৰ কৰিবলৈয়ো ভাল।

ফৰ্মুলা খাদ্যৰ ব্যৱহাৰ আৰম্ভ কৰাটো কেতিয়া নিৰাপদ?

আপোনৰ শিশুটি এমাহ নোহোৱালৈকে ফৰ্মুলা খাদ্য অথবা যিকোনো বাহিৰা চাপ্লিমেণ্ট খুৱাব নালাগে। খাদ্য আৰু পোষণৰ বাবে স্তনৰ গাখীৰ আটইতকৈ ভাল শ্ৰৌত। অন্য বিকল্প সিহঁতৰ খাদ্যত লাহে ধীৰে আনিব লাগে। দুগ্ধপান বিশেষজ্ঞৰ মতে দুগ্ধপান কৰাওতে আপুনি এসপ্তাহত এবাৰ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিব যাতে আপোনাৰ গাখীৰৰ মাত্ৰা আৰু আপোনাৰ কেচুৱাটিৰ খাদ্যাভাষৰ ওপৰত কোনো  প্ৰভাৱ নপৰে।

জন্মৰ পাচতে মই কিয় ফৰ্মুলা খাদ্য খুৱাব নালাগে?

ফৰ্মুলা খাদ্যত বহু পৰিমাণে পোষক তত্ব থাকে কিন্তু স্তনৰ গাখীৰৰ দৰে আপোনাৰ কেচুৱাটিক বেমাৰ প্ৰতিৰোধ কৰিবলৈ সহায় নকৰে। নৱজাতকৰ বাবে দুগ্ধপান কৰাটোৱেই আটাইতকৈ ভাল উপায় কিয়নো ইয়াত কেচুৱাৰ প্ৰয়োজনীয় সকলোখিনি থাকে। তাৰ স্বাস্থ্যৰ বাবে জন্মৰ পাচৰ প্ৰথম মাহটো আটাইতকৈ গুৰুত্বপূৰ্ণ অৰু সেইবাবে চমাহ নোহোৱালৈকে লাহে ধীৰে ফৰ্মুলা খাদ্য খুৱাবলৈ পৰামৰ্শ দিয়া হয়।

মোৰ কেচুৱাটিক মই কিমান পৰিমাণৰ কেচুৱাৰ খাদু দিম?

আপুনি আপোনাৰ কেচুৱাটিক প্ৰতিদিনে ৩২ আউঞ্চ খুৱাব পাৰিব কিন্তু তাতকৈ বেছি নহয়। তাৰ খাদ্যত গোটা খাদ্য দিয়াৰ লগে লগে আপুনি ফৰ্মুলাৰ পৰিমাণ কমাই দিব লাগে। আপোনাৰ কেচুৱাটিৰ বিকাশৰ হাৰ জানিবলৈ আপুনি শিশু বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে আৰু বিকাশৰ তালিকা অনুসৰি সি/তাই কোনটো বিভাগত পৰে।

ফৰ্মুলা খদ্যত প্ৰয়োজনীয় পোষক তত্বসমূহ কি কি?

DHA আৰু ARAৰ নিচিনা পোষক তত্বসমূহ গুৰুত্বপূৰ্ণ আৰু যিকোনো ফৰ্মুলাত প্ৰয়োজন হয়। DHA মানে ড’কোচাহেক্সেনইক অচিড আৰু ARA মানে হৈছে এৰাচিড’নিক এচিড। ইহঁত চৰ্বিৰ ভাল শ্ৰৌত, বিশেষকৈ প’লিআনচেট্যুৰেটেড চৰ্বি যিবোৰ মগজুৰ বিকাশ আৰু স্নায়ুয়ে ভালদৰে কাম কৰাত সহায় কৰে। ইহঁতৰ বাবে হৃদযন্ত্ৰও স্বাস্থ্যকৰ হৈ থাকে। এই এচিডবিলাকত থকা চৰ্বিসমূহৰ তুলনা আপুনি মাছৰ তেলত লগত কৰিব পাৰে। যিসকল নিৰ্মাতাই সিহঁতৰ কেচুৱাৰ খাদ্যত এইবিলাক চৰ্বিৰ এচিড দিয়ে সিহঁতে স্তনৰ গাখিৰৰ নকল কৰাৰ চেষ্টা কৰে।

বজাৰত বহু প্ৰকাৰৰ কেচুৱাৰ খাদ্য উপলব্ধ থাকে। আপুনি আপোনাৰ কেচুৱাৰ বিশেষজ্ঞ অথবা নতুন পিতৃ-মাতৃৰ পৰামৰ্শও ল’ব পাৰে কিন্তু শেষত নিশ্চয় কৰাটো আপোনাৰ কাম। কেইবিধমান ফৰ্মুলাৰ লিষ্ট তলত দিয়া হৈছে:

  • উচ্চ পৰিমাণে গৰুৰ গাখীৰ থকা ফৰ্মুলা

কেচুৱাবিলাকৰ বাবে এইবিধ ফৰ্মুলা আটাইতকৈ বেচিকৈ ব্যৱহাৰ কৰা হয়। এইবিলাক খাদ্যৰ আইৰনৰ উচ্চ মাত্ৰা থাকে। চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে আইৰন থকা খাদ্য ব্যৱহাৰ কৰাটো ভাল।

  • চ’য়াৰ গাখীৰৰ ফৰ্মুলা

যিবিলাক কেচুৱাই লেক্ট’জ সহ্য কৰিব নোৱাৰে সিহঁতে চ’য়াও সহ্য কৰিব নোৱাৰিবও পাৰে। সেইবাবে সিহঁতৰ বাবে উচ্চ মাত্ৰাত আইৰন থকা চাপ্লিমেণ্ট ব্যৱহাৰ কৰিলে ভাল হয়।

  • স্পেচিয়েল ফৰ্মুলা

এইবিধ চাপ্লিমেণ্ট খাদ্য নিৰ্ধাৰিত সময়ৰ আগতে জন্ম পোৱা আৰু ওজনত সমস্যা থকা কেচুৱাৰ বাবে।

  • হাইপোএলাৰ্জিক কেচুৱাৰ খাদ্য

যিবিলাক কেচুৱাই গৰুৰ আৰু চ’য়া গাখিৰত থকা প্ৰ’টীনবোৰ হজম কৰিব নোৱাৰে সিহঁতক হাইপোএলাৰ্জিক ফৰ্মুলা দিয়া হয় যাক সহজতে হজম কৰিব পাৰি কিয়নো তাত থকা প্ৰ’টীনৰ গঠনটো সাধাৰণ পোষক তত্বলৈ ভাঙি পেলোৱা হয়।

ফৰ্মুলা অথবা কেচুৱাৰ খাদ্যৰ লাভসমূহ কি কি?

স্তনৰ গাখীৰৰ কোনো বিকল্প নাই। কিন্তু আজিকালি মানুহৰ মাজত ফৰ্মুলা খাদ্যই জনপ্ৰিয়তা লাভ কৰিছে। ইয়াৰ কেইটামান লাভ চাওঁ আহক:

  • কাম কৰা মহিলাসকলৰ বাবে ই আশীৰ্বাদ স্বৰূপ

যিসকল মহিলাই পুনৰ কাম কৰিব বিচাৰে সিহঁতে নিজৰ কেচুৱাক ফৰ্মুলা খাদ্য খুওৱাটো পচন্দ কৰে কিয়নো ই খুৱাবৰ বাবে ভাল আৰু সিহঁতে হাত আৰু পাম্প ব্যৱহাৰ কৰি গাখীৰ উলিওৱাৰ প্ৰয়োজন নহয়। সিহঁতে একে সময়তে কাম আৰু কেচুৱাটি ওমলাব পাৰে।

  • স্তনৰ গাখীৰ নিৰ্মাণ কৰিব নোৱাৰা মহিলাসকলৰ বাবে ই লাভজনক

যিসকল নতুন মাতৃয়ে নিজৰ কেচুৱাৰ বাবে গাখীৰ নিৰ্মাণ কৰিব নোৱাৰে সিহঁতে এতিয়া নৱজাতকসকলক কি খুৱাব এই কথা চিন্তা কৰিব নালাগে।

  • পোষন

খাদ্য চাপ্লিমেণতবোৰ এনেধৰণে বনোৱা হয় যাতে কেচুৱাটিৰ বিকাশ আৰু গঠনৰ সকলো প্ৰয়োজন পুৰ্ণ কৰে। সাধাৰণতে এইবোৰ কগাদ্যত আইৰন থাকে যি এনিমিয়া ৰোধ কৰে। এই খাদ্যসমূহত বিফিডোবেক্টেৰিয়াম লেক্টিচো থাকে, যি ডায়েৰিয়া, খাদ্যৰ এলাৰ্জি ৰোধ কৰে আৰু খাদ্যনলী ভালদৰে কাম কৰাত সহায় কৰে।

  • ব্যৱহাৰ কৰিবলৈ সহজ

ধাই, পিতৃ, মাতৃ যোনেই নহওঁক কিয়, সকলোৱে ফৰ্মুলা খাদ্যক বটলৰ সহায়ত খুৱাবলৈ সহজ অনুভৱ কৰে। কেচুৱাটিয়ে চিনি পোৱা যিকোনো লোকে তাক খুৱাব পাৰিব। ফৰ্মুলা খুওৱা কেচুৱাতকৈ সাধাৰণ দুগ্ধপান কৰোৱা কেচুৱাটিয়ে খোৱা গাখীৰখিনি সোনকালে হজম কৰি ভোক অনুভৱ কৰে।

  • বিভিন্নতা

আপোনাৰ কেচুৱাটিৰ প্ৰয়োজনবোৰ পুৰাবলৈ আপুনি বজাৰত অনেক ধৰণৰ কেচুৱাৰ খাদ্য পাব। যিবিলাকে লেক্ট’জ সহ্য কৰিব নোৱাৰে সিহঁতৰ বাবে চ’য়া প্ৰ’টীন থকা গাখীৰ পাব, আৰু যিবিলাকে চ’য়া সহ্য কৰিব নোৱাৰে, সিহঁতৰ বাবে সহজতে হজম কৰিব পৰা প্ৰ’টীন থকা খাদ্য আছে। আপোনাৰ কেচুৱাটিৰ কিহৰ প্ৰয়োজন তাক জানিবলৈ আপোনাৰ কেচুৱাটিৰ বিশেষজ্ঞজনৰ পৰামৰ্শ লওক।

বজাৰ উপলব্ধ বিভিন্ন ফৰ্মুলা খাদ্যসমূহ কি কি?

বজাৰত বিভিন্ন চাপ্লিমেণ্ট পোৱা যায়। তাৰেই বিখ্যাতসমূহ তলত উল্লেখ কৰা হৈছে:

  • এন্মফিল ইনফেণ্ট ফৰ্মুলা
  • গাৰ্বাৰ গুড ষ্টাৰ্ট জেণ্টেল ফৰ্মুলা ইনফেণ্ট ফৰ্মুলা
  • DSS এক্সপাৰ্ট কেয়াৰ নিয়’ চিয়’ৰ ৰেডী টু ফীড
  • এনফাগ্ৰ’ টডলাৰ নেক্সট ষ্টেপ মিল্ক ড্ৰিংক

বজাৰত যিহেতু ইমানবিলাক বিকল্প উপলব্ধ আছে, আপোনাৰ কেচুৱাৰ বাবে কেচুৱাৰ খাদ্য এটা অতি ভাল বিকল্প কিন্তু ইয়াৰ ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ কেচুৱাৰ শিশু বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।