“ৱে প্ৰ’টীন মানে কি? আপুনি আপোনাৰ কেচুৱাক এইটো খুৱাব লাগে নে?”

“ৱে প্ৰ’টীন মানে কি? আপুনি আপোনাৰ কেচুৱাক এইটো খুৱাব লাগে নে?”

 

আৰম্ভণি:

ৱে প্ৰ’টীন হৈছে ৱেৰ পৰা আঁতৰাই অনা প্ৰ’টীনৰ এটা মিশ্ৰণ, ৱে হৈছে ছীজ বনাওতে নিৰ্মাণ হোৱা এটা পদাৰ্থ।

গাখীৰৰ পৰা বনোৱা সামগ্ৰীত পোৱা দুটা প্ৰ’টীনৰ ই এটা, অন্যটো হৈছে কেচিন। গাখীৰত থকা প্ৰ’টীনৰ ২০% ৱে থাকে কিন্তু মাংসপেশী নিৰ্মাণৰ বাবে ই এক উৎকৃষ্ট প্ৰ’টীন কিয়নো ই বহু সোনকালে শুহি লোৱা হয় আৰু এমিনো-এচিডৰ মাত্ৰা খৰকৈ বঢ়ায়, যিটো আপোনাৰ শৰীৰে নিজকে মেৰামেতি কৰিবলৈ আৰু ব্যায়ামৰ পাচত মাংসপেশীৰ ফাইবাৰ নিৰ্মাণ কৰিবলৈ বিচাৰি থাকে।

মিশ্ৰণ:

ৱে প্ৰ’টীন হৈছে বেটা-লেক্টোগ্ল’বুলিন, আলফা লেক্টেলবুমিন, ব’ভাইন চিৰাম এলবুমিন আৰু ইম্যুন’গ্লোবুলিনৰ মিশ্ৰণ।

ৱে প্ৰ’টীনক কিয় সম্পূৰ্ণ প্ৰ’টীন বুলি কোৱা হয়?

ৱে প্ৰ’টীন হৈছে গাখীৰৰ দৰে প্ৰ’টীন চাপ্লিমেণ্ট। ইয়াক সম্পূৰ্ণ প্ৰ’টীন বুলিও কোৱা হয় কিয়নো ইয়াত প্ৰ’টীনত থকা সকলোবোৰ খণ্ড থাকে। এই খণ্ডবোৰক এমিনো এচিড বুলিও কোৱা হয়। প্ৰয়োজনীয় এমিনো এচিডবোৰ হৈছে আমাৰ শৰীৰে নিৰ্মাণ কৰিব নোৱাৰাবিলাক আৰু সেইবাবে খাদ্যৰ পৰা আহিব লাগে। ৱে প্ৰ’টীনত ৯ বিধ এমিনো এচিড পুৰাকৈ থাকে আৰু ইয়াত লেক্ট’জৰ মাত্ৰাও কম থাকে।

ইয়াত গ্লূতামাইন থাকে, মাংসপেশীত আটাইতকৈ বেছিকৈ থকা এমিনো এচিডবিধ আৰু ই চেইনৰ দৰে, যি ব্যায়াম কৰোতে মাংসপেশীবোৰৰ ইন্ধন স্বৰূপে কাম কৰে।

প্ৰ’টীনৰ শ্ৰৌত হোৱাৰ লগতে ৱে প্ৰ’টীন পাউডাৰ হজম কৰিবলৈ সহজ আৰু সেইবাবে ইয়াক কেইবাপ্ৰকাৰৰ খাদ্যৰ লগত মিলাব পাৰি।

শ্ৰৌত:

1. ৰিকোটা ছীজ

ডাঠ ৱে প্ৰ’টীনৰ পৰা ৰিকোটা ছীজ বনোৱা হয়, যি আচলতে গাখীৰ প্ৰক্ৰিয়াকৰণ কৰোতে ওলোৱা এক নষ্ট পদাৰ্থ। ইয়াত বহুত চৰ্বি থাকে আৰু প্ৰতিকাপতে প্ৰায় ২৮ গ্ৰাম ৱে প্ৰ’টীন থাকে। ডেজাৰ্ট অথবা ছেক হিচাপে প্ৰ’টীনৰ পানীয় ব্যৱহাৰ কৰাতকৈ ৰিকোতা ছীজ ব্যৱহাৰ কৰিব পাৰি। ৰিকোটা ছীজ আটাইতকৈ বেছি ৱে প্ৰ’টীন থকা খাদ্যবোৰৰ মাজৰ এবিধ।

2. ছাগলীৰ গাখীৰ

ছাগলীৰ গাখীৰ হৈছে অন্য এক শ্ৰৌত য’ত ৱে প্ৰ’টীনৰ লগতে কেচিন থাকে। গৰুৰ গাখীৰতকৈ ছাগলীৰ গাখীৰ সোনকালে হজম কৰিব পাৰি কিয়নো ইয়াত গৰুৰ গাখীৰৰ দৰে কোনো বিশেষ কেচিন নাথাকে।

3. গৰুৰ গাখীৰ

গৰুৰ গাখীৰত প্ৰায় ৮০% কেচিন থাকে আৰু বাকি ২০% ৱে প্ৰ’টীন থাকে যি লাহে-ধীৰে জহম হয়। আপুনি খাদ্য হজম কৰোতে ৱে প্ৰ’টীনৰ লাভসমূহ পায়।

4. য়’গাৰ্ট

আপোনাৰ খাদ্যত যোগ কৰিবলৈ য়’গাৰ্ট আতাইতকৈ ভাল বিকল্প। ইয়াত ৱে প্ৰ’টীনৰ লগতে কেলচিয়াম, প্ৰোবায়’টিক বেক্টেৰিয়া, আৰু কম মাত্ৰা গ্লাইকেমিক আৰু কাৰ্বোহাইড্ৰেট থাকে। ইয়াক আপোনাৰ খাদ্যৰ লগতে সহজতে যোগ কৰিব পাৰে অথবা তেনেকৈয়ে খাব পাৰে।

5. ৰিকোটা ৰ বাহিৰে অন্য ছীজ

ৰোকোটা ছীজৰ বাহিৰে অন্য ছীজবোৰতো অলপ মাত্ৰাত ৱে প্ৰ’টীন থাকে। কটেজ ছীজৰ ওপৰত ওপঙি থকা হালধীয়া পদাৰ্থবোৰ আচলতে ৱে প্ৰ’টীন যি দৈ হওঁতে বেলেগ হৈ গৈছে।

ৱে প্ৰ’টীনৰ লাভসমূহ:

ৱে প্ৰ’টীন খোৱাৰ লগতে কেইবাটাও লাভ জড়িত হৈ আছে আৰু অনুসন্ধানকাৰীসকলে আৰু নতুন বৈশিষ্ট্য বিচাৰি আছে। বহুতো লাভ মাত্ৰ এটা অধ্যয়নৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল আৰু প্ৰমান কৰিবলৈ আৰু তথ্যৰ প্ৰয়োজন। ইয়াত আমি ৱে প্ৰ’টীনৰ পৰা লাভ কৰিবপৰা কেইটামান প্ৰধান লাভৰ বিষয়ে আলোচনা কৰিম।

ওজন কমাত সহায় কৰে

ৱে প্ৰ’টীন মাংসপেশী নিৰ্মাণ আৰু ওজন কমোৱাৰ দৰে বহু কামৰ বাবে ব্যৱহাৰ কৰা হয়। ১৫৮জন মানুহ থকা এটা অধ্যয়ন, যি “নিউট্ৰিষ্যন আৰু মেটাব’লিজিম”ত প্ৰকাশ পাইছিল, তাত কোৱা হৈছিল যে যিসকলক ৱে দিয়া হৈছিল “তেওঁলোকে নিয়ন্ত্ৰিত তৰল খোৱাসকলৰ তুলনাত পৰ্যাপ্ত পৰিমাণৰ শৰীৰৰ চৰ্বি হেৰুৱাইছিল আৰু ক্ষীণ মাংসপেশী বেছিকৈ হৈছিল”

কৰ্কটৰোগ ৰোধ কৰিব পৰা গুণ

কৰ্কটৰোগ নিৰাময়ৰ বাবে ৱে প্ৰ’টীনে লাভজনক ফলাফল দিছে।

ক’লেষ্ট্ৰ’ল কমায়

শেহতীয়া অনুসন্ধান কিছুমানত পোৱা গৈছে যে ৱে প্ৰ’টীনে ক’লেষ্ট্ৰল আৰু কম ঘনত্ব থকা প্ৰ’টীনৰ মাত্ৰা কমায়।

Side Effects :

অপকাৰসমূহ:

হ’বপৰা ক্ষতিসমূহ হৈছে মূৰ ঘুৰণি আৰু মূৰৰ বিষ, কিন্তু কম মাত্ৰাত ৱে প্ৰ’টীন সেৱন কৰিলে কোন ক্ষতি নহয়।

কেচুৱাবিলাকৰ বাবে ৱে প্ৰ’টীনৰ আটাইতকৈ ভাল শ্ৰৌত:

  • গৰুৰ গাখীৰ

ৱে প্ৰ’টীন থকা গৰুৰ গাখীৰ আৰু অন্য গাখীৰৰ পৰা বনোৱা সামগ্ৰী কেচুৱা আৰু অন্য শিশুৰ বাবে সঠিক। কিন্তু এবছৰতকৈ কম বয়সৰ শিশুক গৰুৰ গাখীৰ নিদিব। যদিও কেচুৱাৰ ফৰ্মিলাতকৈ দাম কম, গৰুৰ গাখীৰে কেচুৱাটিৰ বাবে প্ৰয়োজনীয় ফেটী এচিড, ভিটামিন E আৰু আইৰনৰ অভাৱৰ দৰে সমস্যা দিব পাৰে- আৰু প্ৰ’টীন, প’টেচিয়াম আৰু চ’ডিয়াম বহু বেছি হ’ব। ইয়াক লগতে এবছৰতকৈ কম বয়সৰ শিশুৰ বাবে গৰুৰ গাখীৰ হজম কৰাটো অলপ কঠিন।

  • স্তনৰ গাখীৰ

স্তনৰ গাখীৰত বেছিভাগ ৱে প্ৰ’টীন থাকে আৰু পৰাপক্ষত কেচুৱাটিক দিব লাগে। একাডেমি অৱ নিউট্ৰিষ্যন এণ্ড ডাইটেটিক্সে মাতৃসকলক প্ৰথম ছমাহৰ বাবে কেচুৱাটিক প্ৰচুৰ মাত্ৰাত দুগ্ধপান কৰোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ লগতে ১২ মাহ নোহোৱালৈকে সৰু-সুৰা খাদ্য খুৱাওতেও সিহঁতক দুগ্ধপান কৰাব লাগে। একাডেমি অৱ নিউট্ৰিষ্যন এণ্ড ডাইটেটিক্সৰ মতে স্তনৰ গাখীৰৰ বাবে কেচুৱাটিৰ বেমাৰৰ মাত্ৰা বহুত কমি যায়। স্তন আৰু গৰ্ভাশয়ৰ কৰ্কটৰোগ, চিন্তা আৰু টাইপ২ৰ ডায়েবেটিজো দুগ্ধপান কৰোৱা মাতৃসকলৰ মাজত কম।

  • কেচুৱাৰ ফৰ্মুলা

বেছিভাগ সাধাৰণ কেচুৱাৰ ফৰ্মুলাত গাখীৰ আৰু ৱে প্ৰ’টীন থাকে। মেডলাইন প্লাচে এই কথাটো লক্ষ্য কৰে যে প্ৰায়বিলাক কেচুৱাই গাখীৰ ভিত্তিক ফৰ্মুলাসমূহ সহ্য কৰিব পাৰে। যিবোলাক কেচুৱাৰ ফৰ্মুলা গৰুৰ গাখীৰৰ প্ৰ’টীনৰ সলনি আধাকৈ হাইড্ৰোলাইজদ্‌ ১০০% ৱে প্ৰ’টীনৰ পৰা বনোৱা হয়, সেইবোৰে কেচুৱাটিৰ এটোপ্টিক ডাৰ্মেটিটিছ হোৱা কমাই আনে, ২০১০ত “জাৰ্ণেল অৱ পেডিয়াট্ৰিক গেষ্ট্ৰোএণ্টেৰোল’জী অণ্ড নিউট্ৰিষ্যন”ত প্ৰকাশিত এটি অধ্যয়নে এই দাবীটো কৰিছে। চ’য়া ভিত্তিক কেচুৱাৰ ফৰ্মিলা য’ত ৱে নাথাকে, গেলেক্টোচেমিয়া আৰু ল্ক্ট’জৰ অভাৱৰ দৰে সমস্যা থকা কেচুৱাৰ বাবে লাভজনক।

  • ৱে প্ৰ’টীনৰ চাপ্লিমেণ্ট

যদিও সকলো কেচুৱাৰ ফৰ্মুলাত ৱে প্ৰ’টীন নাথাকে, তথাপিও আপোনাৰ কেচুৱাটিক কেতিয়াও ৱে প্ৰ’টীনৰ চাপ্লিমেণ্ট নিদিব। কেচুৱাৰ ফৰ্মুলাত সঠিক মাত্ৰাত প্ৰ’টীন, কাৰ্বোহাইড্ৰেট, প্ৰয়োজনীয় ফেটী এচিড, ভিটামিন আৰু খনিজ লৱন থাকে। আপোনাৰ কেচুৱাটিক প্ৰ’তীনৰ চাপ্লিমেণ্ট দিয়াটো ভয়ানক কিয়নো ইয়াৰ ফলত প্ৰ’টীনে বিষাক্ত ৰূপ ল’ব পাৰে যাৰ ফলত মৃত্যুও হ’ব পাৰে। ইয়াৰ উপৰিও, খাদ্য হিচাপে দিয়া প্ৰ’টীন চাপ্লিমেণ্টসমূহ ফুড এণ্ড দ্ৰাগ এদমিনিষ্ট্ৰেষ্যনে তানকৈ নিয়ন্ত্ৰিত নকৰে, আৰু ইয়াত কেচুৱাৰ বাবে অন্য ক্ষতিকাৰক পদাৰ্থ যোগ কৰা থাকে।

ই কেচুৱাবিলাকৰ বাবে কিয় প্ৰয়োজনীয়?
কেচুৱাবিলাকে বাচি খায় কিন্তু বেছিভাগে কম মাত্ৰাত খোৱ খাদ্যৰে পৰা পোষন পায়। সাধাৰণতে আপোনাৰ কেচুৱাটিয়ে স্বাস্থ্যকৰভাৱে ওজন লাভ কৰিলে আৰু অন্য কোনো স্বাস্থ্যজনিত সমস্যা নাথাকিলে তাক কোনো চাপ্লিমেণ্ট দিয়াৰ প্ৰয়োজন নাই।

ৰোগ নিয়ন্ত্ৰন আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে ১ৰ পৰা ৩ বছৰৰ শিশুসকলে দিনে মাত্ৰ ১৩ গ্ৰাম প্ৰ’টীনৰ প্ৰয়োজন হয়। তথাপিও কিছুমান পিতৃ-মাতৃয়ে সুৰ্ক্ষিত হৈ থাকিবৰ বাবে অব্য চাপ্লিমেণ্ট দিব পাৰে। ব্ৰাউনে কয় যে কেচুৱাবিলাকৰ বাবে প্ৰে’টীন ছেক আৰু প্ৰ’টীন চাপ্লিমেণ্ট কম মাত্ৰাত দিলে একো নহয়, কিন্তু স্বাস্থ্যকৰ খাদ্যৰ সলনি ব্যৱহাৰ কৰিব নালাগে।

ৱে কেনেদৰে ব্যৱহাৰ কৰিব?
ৱে প্ৰ’টীন পাউডাৰ বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি, যিহেতু ই এটা পাউডাৰ, আপুনি ইয়াক বহু খাদ্যৰ সোৱাদ সলনি নকৰাকৈ মিলাব পাৰে। উদাহৰণস্বৰূপে আপুনি ফলৰ ৰসত এচামুচ ৱে প্ৰ’টীন দিব পাৰে যিটো আপোনাৰ কেচুৱাটিয়ে প্ৰ’টীন থকা একাপ গাখীৰতকৈ বেছি ভাল পাব পাৰে। আপেলৰ চছ অথবা য়’গাৰ্টত আপুনি ইয়াক চটিয়াব পাৰে আৰু অলপ আপোনাৰ কেচুৱাটিৰ পেনকেক অথবা ৱেফল মিক্সত মিলাব পাৰে।

কেচুৱাবিলাকৰ বাবে ইয়াৰ ব্যৱহাৰ সুৰক্ষিত নে?
বেছিভাগ মানুহৰ বাবে ৱে প্ৰ’টীন সুৰক্ষিত কিন্তু সকলো কেচুৱাই ৱে প্ৰ’টীন সহ্য কৰিব নোৱাৰে। যিবিলাকে লেক্ট’জ হজম কৰিব নোৱাৰে তেওঁলোকে খোৱাৰ পাচত হজম কৰাৰ সমস্যৰ সন্মুখীন হয়, এই প্ৰতিক্ৰিয়াসমূহ গম্ভীৰৰ পৰা অশান্তিকৰ হ’ব পাৰে। ড° আৰি ব্ৰাউন, পেডিয়াট্ৰিচিয়ান আৰু জনপ্ৰিয় কিতাপ “টডলাৰ ৪১১”ৰ সহকাৰী লেখকে কয় যে কেচুৱাবিলাকৰ মাজত পোৱা ছটা সৰ্বসাধাৰণ এলাৰ্জিৰ এৰা হৈছে লেক্ট’জ সহ্য কৰিব নোৱাৰাটো। যফি আপোনাৰ কেচুৱাটি ৱে প্ৰ’টীন পাউডাৰৰ প্ৰতিও এলাৰ্জি অনুভৱ কৰে তেন্তে সি লেক্ট’জ সহ্য কৰিব নোৱাৰিলে যিবোৰ লক্ষন দেখা দিয়ে সেইবোৰ প্ৰদৰ্শন কৰিব, যেনে ডায়েৰিয়া। কিন্তু হাইভ অথবা ওঠ ফুলি উঠা অলপ গম্ভীৰ এলাৰ্জিৰ বাবে হ’ব পাৰে।

সামৰণি:

যদি আপোনাৰ কেচুৱাটিৰ গাখীৰ আৰু গাখীৰৰ পৰা বনোৱা সামগ্ৰীৰ প্ৰতি কোনো এলাৰ্জি যদি নাই তেন্তে সি ৱে প্ৰ’টীন পাউদাৰ সহ্য কৰিব পাৰিব। ৱে প্ৰ’টীন আপোনাৰ কেচুৱাটিৰ ভালদৰে বিকাশ হোৱাত সহায় কৰাৰ লগতে বিকাশৰ হাৰো বঢ়াব। কিন্তু বহু কেচুৱাৰ বাবে প্ৰ’টীন চাপ্লিমেণ্ট দিয়াৰ কোনো প্ৰয়োজন নাই। আপুনি আপোনাৰ কেচুৱাটিক চাপ্লিমেণ্ট দিয়াৰ আগত আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

তথ্য সংগ্ৰহ:

এই বিষয়ে আৰু তথ্য জানিবলৈ
https://healthyeating.sfgate.com/can-babies-fed-whey-protein-12048.html

https://www.livestrong.com/article/490672-the-best-low-calorie-protein-powder