কেচুৱাটিৰ খাদ্যত DHA আৰু ARAৰ ভূমিকা কি?

কেচুৱাটিৰ খাদ্যত DHA আৰু ARAৰ ভূমিকা কি?

 

আপুনি হয়তো DHA আৰু ARAৰ বিষয়ে আগতেও শুনিছে। আজিকালি বজাৰত পোৱা সকলোবোৰ ফৰ্মুলাতে DHA আৰু ARA থাকে। কিন্তু বিশেষজ্ঞই ইহঁতক কেচুৱাটিৰ বিকাশৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবে জানে? আহক এতিয়া জানক এই ফেটী এচিডসমূহ কিয় ইমান লাভজনক।

DHA আৰু ARA কি?

ডোকোচাহেক্সেনইক এচিড (DHA) আৰু আৰাছিডনিক এচিড (ARA) হৈছে কৃত্ৰিমভাৱে নিৰ্মিত স্তনৰ গাখীৰত থকা প্ৰয়োজনীয় ফেটী এচিডসমূহ। ইহঁতক DHASCO আৰু ARASCO নামেৰে নিৰ্মিত কৰা হয় আৰু কেচুৱাৰ ফৰ্মুলাত জনপ্ৰিয়ভাবে DHA আৰু ARA বুলি কোৱা হয়।

DHA আৰু ARAৰ লাভসমূহ কি আৰু ইহঁত আপোনাৰ কেচুৱাটিৰ বাবে কিয় প্ৰয়োজনীয়?

DHA আৰু ARA হিওছে ফেটী এচিড আৰু মগজু আৰু চকুৰ বিকাশত হসহায় কৰে। DHA হৈছে এটা অ’মিগা-৩ ফেটী এচিড যিটোক স্তনৰ গাখীৰত পোৱা যায় আৰু স্নায়ুতন্ত্ৰৰ কোষৰ গঠন আৰু কাৰ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ARA হৈছে খাদ্যত প্ৰচুৰ পৰিমাণে উপলব্ধ অ’মিগা-৬ ফেটী এচিড, আৰু বহুতো অ’মিগা-৬ ফেটী এচিড ভেজিটেবল অইল থকা খাদ্যৰ পৰা আহে যেনে চ’য়াবীন অইল।

DHA আৰু ARA প্ৰয়োজনীয় ফেটী এচিড, যাৰ অৰ্থ এইটো যে শৰীৰে সিহঁতক নিৰ্মাণ কৰিব নোৱাৰে। দুয়োটাই দীঘল চেইনৰ দৰে পলোআনচেট্যুৰেটেড ফেটী এচিড। ইহঁত আপোনাৰ কেচুৱাৰ স্বাস্থ্যকৰ মগজু আৰু দৃষ্টিশক্তিৰ বিকাশ, হৃদযন্ত্ৰৰ ব্যৱস্থা শক্তিশালী কৰা আৰু বেমাৰ প্ৰতিৰোধী ক্ষমতা বিকাশ কৰা। সেইবাবেই বহু বিশেষজ্ঞই কেচুৱাবিলাকে DHA আৰু ARA লোৱাটো বহু গুৰুত্বপূৰ্ণ বুলি ভাবে।

DHA আৰু ARAৰ শ্ৰৌত। খাদ্য আৰু কেচুৱাৰ ফৰ্মুলাৰ শ্ৰৌত

অ’মিগা-৩ আৰু অ’মিগা-৬ ফেটী এচিডবিলাক DHA আৰু ARAৰ অগ্ৰগামী। অ’মিগা-৩ আৰু অ’মিগা-৬ ফেটী এচিডবিলাকৰ প্ৰয়োজন বয়সৰ লগতেই সলনি হয়। এবছৰৰ পৰা তিনি বছৰলৈকে আপোনাৰ কেচুৱাটিক ৭ গ্ৰাম অ’মিগা-৬ আৰু ০.৭ গ্ৰাম অ’মিগা-৩ৰ প্ৰয়োজন হয়। আৰু চাৰিৰ পৰা আঠ বছৰলৈকে তাক ১০ গ্ৰাম অ’মিগা-৬ আৰু ০.৯ গ্ৰাম অ’মিগা-৩ৰ প্ৰয়োজন হয়।

স্তনৰ গাখীৰত থকা DHA আৰু ARAৰ পৰিমাণ মাতৃগৰাকীৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। যিসকল দুগ্ধপান কৰোৱা মাতৃয়ে সিহঁতৰ খাদ্যত অতিমাত্ৰা মাছ অথবা সাগৰীয় খাদ্য খায়, তেওঁলোকৰ গাখীৰত আটাইতকৈ উচ্চ মাত্ৰাত DHA থাকে। যদি আপুনি দুগ্ধপান কৰাই আছে তেন্তে আপোনাৰ খাদ্যত DHA আৰু ARA কমকৈ পাৰা থকা মাছ অথবা এটা চাপ্লিমেণ্টৰ পৰা লওক।

এইবিলাক ফেটী এচিড নথকা ফৰ্মুলা খুউৱা কেচুৱাবিলাকত দুগ্ধপান কৰোৱা কেচুৱাবিলাকৰ তেজত উচ্চ মাত্ৰাত DHA আৰু ARA থাকে। সেইবাবে কেচুৱাৰ ফৰ্মুলা নিৰ্মাতাসকলে কেচুৱাবিলাকক পোনপটীয়াকৈ DHA আৰু ARA দিব বিচাৰে। তথাপিও DHA/ARA চাপ্লিমেণ্ট থকা/নথকা ফৰ্মুলা খুউৱা কেচুৱাবিলাকৰ সংক্ৰমণৰ দ্বাৰা হোৱা বেমাৰ অথবা টাইপ ১ অথবা টাইপ ২ৰ ডায়েবেটিজ মেলিটিয়াচ হোৱাৰ ভয় থাকে।

দুগ্ধপান আটাইতকৈ ভাল

DHA আৰু ARA থকাৰ উপৰিও দুগ্ধপানৰ অন্য লাভ থাকে। দুগ্ধপান কৰোৱা কেচুৱাবিলাকৰ ভালদৰে মগজু, ভাষা, মানসিক কাৰ্য, আৰু চেঙেলীয়া আৰু প্ৰাপ্তবয়স্ক প্ৰাপ্ত কৰিলে ভাল বুজাশক্তি আহে। দুগ্ধপান আৰু ফৰ্মুলা একেলগে সেৱন কৰাৰ তুলনাত কেৱল দুগ্ধপানৰ দ্বাৰা ভালদৰে মগজুৰ বিকাশ হোৱ দেখা যায়।

আপোনাৰ কেচুৱাটিৰ ছমাহ হোৱাৰ লগেলগে আপুনি তাক লাহে-ধীৰে গোটা খাদ্য খুৱাব। যদি ভালদৰে পোষণ পায় তেন্তে আপোনাৰ কেচুৱাটিয়ে তাৰ খাদ্যৰ পৰাই অ’মিগা-৩ আৰু অ’মিগা-৬ ফেটী এচিড পাব। এই ক্ষেত্ৰত তাক চাপ্লিমেণ্ট দিয়াৰ কোনো প্ৰয়োজন নাই।

বেছিভাগ ভাৰতীয় পৰিয়ালত অ’মিগা-৩ ফেটতকৈ বহু বেছি পৰিমাণত অ’মগা-৬ খোৱা হয়। আপুনি আপোনাৰ কেচুৱাটিৰ খাদ্যত অ’মিগা-৩ ৰ পৰিমাণ বঢ়োৱা ভাল। অতিমাত্ৰাত অ’মিগা-৩ থকা খাদ্যসমূহ হৈছে:

  • সাগৰীয় খাদ্য যেনে টুনা, চেলমন আৰু হালিবুটৰ দৰে মাছ।
  • ফ্লেক্সচীড, ইয়াক নতুন ভাৰতীয় চুপাৰফুড হিচাপে গণ্য কৰা হয়। ইয়াক অ’মিগা-৩ৰ এটা আটাইতকৈ ভাল শ্ৰৌত বুলি ধৰা হয়।
  • ফুলকবি, এবিধ সাধাৰণ ভাৰতীয় পাচলি। ইয়াত অ’মিগা-৩ৰ লগতে উচ্চ মাত্ৰাত মেগনেচিয়াম, প’টেচিয়াম, ফাইবাৰ, খনীজ লৱন আৰু দ্ৰৱণীয় চেনি থাকে।
  • চ’য়াবীনত উচ্চ মাত্ৰাত অ’মিগা-৫ ফেটী এচিড থাকে, যি আপোনাৰ কেচুৱাৰ বাবে প্ৰয়োজনীয়
  • ছিয়াৰ গুটি, ই এক উৎকৃষ্ট শক্তিৰ শ্ৰৌত, আৰু ইয়াক য়’গাৰ্ট, চিৰিয়েল অথবা চালাদত চটিয়াব পাৰি
  • কড লিভাৰ অইলত অতিমাত্ৰাত অ’মিগা-৩ এচিড থাকে

আপোনাৰ কেচুৱাক DHA আৰু ARAৰ চাপ্লিমেণ্টৰ প্ৰয়োজন হ’ব নে?

DHA আৰু ARA চাপ্লিমেণ্ট হিচাপে নিয়মীয়াকৈ লোৱাৰ পক্ষত বহু কম বৈজ্ঞানিক যুক্তি আছে। কেচুৱাবিলাকৰ কিছুমান অধ্যয়নে DHA আৰু ARA থকা কেচুৱাৰ ফৰ্মুলাবিলাকে যে কেচুৱাৰ ওপৰত ভাল প্ৰভাৱ পেলায় আৰ্য স্নায়ুৰ বিকাশ কৰে বুলি কয়, কিন্তু কিছুমান এই লাভসমূহ পাই বুলি নিশ্চিত নকৰে।

কোছৰেন কলাবৰেটিভে ২০১১ত ভালদৰে কৰা এটা ৰিভিউত এইটো পোৱা গ’ল যে পূৰ্নকাল সম্পূৰ্ণ কৰা কেচুৱাবিলাকৰ মাজত বৈজ্ঞানিকভাৱে কোনো লাভ পোৱা নাই আৰু যেতিয়া এই অনুসন্ধানটো আৰু বহলোৱা হ’ল তেতিয়া আগতীয়াকৈ জন্ম পোৱা বিলাকৰ ক্ষেত্ৰতো একেই পোৱা গ’ল।

যদিও আমেৰিকাৰ যুক্তৰাষ্ট্ৰত ফুড এণ্ড ড্ৰাগ এদ্মিনিষ্ট্ৰেষ্যন (FDA)এ কেচুৱাৰ ফৰ্মুলাত DHA আৰু ARAৰ চাপ্লিমেণ্ট দিয়াটো অনুমোদন কৰিছে, তথাপিও কেচুৱাৰ ফৰ্মুলাৰ প্ৰি-মাৰ্কেট টেষ্টিংৰ প্ৰয়োজন নাই। FDAএ নিৰ্মাতাই দিয়া কৌশলতাৰ তথ্য গ্ৰহণ কৰে আৰু প’ষ্ট মাৰ্কেটিং চোৱাচিতাত এই বস্তুবিলাকো আহি পৰে।

ইণ্ডিয়ান একাডেমি অৱ পেডিয়াট্ৰিক্সে কেচুৱাৰ ফৰ্মুলাত DHA আৰু ARA মিলাব লাগে নে নালাগে আৰু আগতীয়াকৈ জন্ম হোৱা কেচুৱাক DHA আৰু ARAৰ চাপ্লিমেণ্ট দিব লাগে নে নালাগে তাৰ ভিতৰত এটাৰো পক্ষ লোৱা নাই। সেইবাবে আপোনাৰ কেচৱাটিক DHA আৰু ARA থকা ফৰ্মুলা দিয়াৰ নিৰ্ণয়টো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত।

আগতীয়াকৈ জন্ম পোৱা কেচুৱাৰ বাবে DHA আৰু ARAৰ চাপ্লিমেণ্ট

আগতীয়াকৈ জন্ম পোৱা কেচুৱাক বিশেষ পোষক তত্বৰ প্ৰয়োজন আৰু সিহঁতৰ বাবে থকা ফৰ্মুলাত বিভিন্ন মাত্ৰাত DHA আৰু ARA থাকে। কিছুমান অধ্যয়নে কয় যে আগতীয়াকৈ জন্ম পোৱা কেচুৱাবিলাকে DHA আৰু ARA পোনপটীয়াকৈ লোৱাটো ভাল কিয়নো ইহঁতৰ শৰীৰত DHA আৰু ARAৰ অভাৱ হোৱাৰ ভয় থাকে। এটা অধ্যয়নত এইটো কথা কোৱা হৈছিল যে চাপ্লিমেণ্ট দিয়াৰ ফলত আগতীয়াকৈ জন্ম পোৱা কেচুৱাবিলাকৰ দৃষ্টিশক্তি আৰু মানসিক স্বাস্থ্য ভালদৰে বিকশিত হ’ব।

DHA আৰু ARA থকা কেচুৱাৰ ফৰ্মুলাবিলাক সুৰক্ষিত নে?

বৰ্তমান এনে কোনো প্ৰকাশিত দীৰ্ঘ সময় জুৰি কৰা অধ্যয়ন নাই যি কেচুৱাৰ ফৰ্মুলাত DHA আৰু ARAৰ বিৰুদ্ধে অথবা সপক্ষে ৰায় দিয়ে।

ভাৰতৰ বেছিভাগ ফৰ্মুলা কোম্পানিয়ে এতিয়া ফৰ্মিলাত DHA আৰু ARA চাপ্লিমেণতসমূহ দিয়ে। এই ফৰ্মুলাসমূহ নিয়ন্ত্ৰিত আৰু মানুহত কতা অধ্যয়নে কোনো অপকাৰ হোৱা দেখুওৱা নাই। পনীয়া শৌচ হৈছে আটাইতকৈ বেছিকৈ হোৱা প্ৰতিক্ৰিয়া। বমি কৰা, পেট ফুলি উঠা, পেট চিকুট মাৰি ধৰা, চাহী আৰু চিজাৰ হোৱাও শুনা যায়। এই লক্ষণসমূহ DHA আৰু ARA নথকা ফৰ্মুলা ব্যৱহাৰ কৰিলেই নোহোৱা হৈ পৰে।

আপোনাৰ বাবে পৰামৰ্শ

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বাবে DHA আৰু ARA দুয়োটাই গুৰুত্বপূৰ্ণ অংগ। আপুনি যিয়েই নকৰক, আপোনাৰ কেচুৱাৰ বাবে DHA আৰু ARAৰ আটাইতকৈ ভাল শ্ৰৌত হৈছে গাখীৰ। খোজকঢ়া কেচুৱাবিলাকত মাছ, মাছৰ তেল, বীফ আৰু কণীৰ কুহুম আতাইতকৈ ভাল শ্ৰৌত।

তথ্য সংগ্ৰহ

Hadley KB, Ryan AS, Forsyth S, Gautier S, Salem N. The Essentiality of Arachidonic Acid in Infant Development. Nutrients. 2016;8(4):216. doi:10.3390/nu8040216.

Brenna JT. Arachidonic acid needed in infant formula when docosahexaenoic acid is present. Nutr Rev. 2016 May;74(5):329-36.

Kent G. Regulating fatty acids in infant formula: critical assessment of U.S. policies and practices. International Breastfeeding Journal. 2014;9:2.

Uauy R, Hoffman DR, Mena P, Llanos A, Birch EE. Term infant studies of DHA and ARA supplementation on neurodevelopment: results of randomized controlled trials. J Pediatr. 2003 Oct;143(4 Suppl):S17-25.