আপুনি কি খায় – জন্মৰ আগতে আপোনাৰ কেচুৱাটিৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা গঢ়া

আপুনি কি খায় – জন্মৰ আগতে আপোনাৰ কেচুৱাটিৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা গঢ়া

 

এই প্ৰবন্ধটো বৰ্তমান IAPৰ বিশেষজ্ঞসকলে পুনৰীক্ষণ কৰি আছে; এতিয়ালৈকে সম্পাদিত আৰু অনুমোদিত হোৱা নাই আৰু কাৰিকৰী আৰু ভাষাৰ ভুল থাকিব পাৰে। অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰি শুদ্ধ আৰু অনুমোদিত ইংৰাজী সংস্কৰণটো পঢ়ক।

আপোনাৰ শিশুটিৰ বাবে সঠিক বস্তু খাওক, কিয়নো মাতৃ হিচাপে আপোনাৰ খাদ্যয়ে আপোনাৰ শিশুটিৰ স্বাস্থ্য নিৰূপণ কৰিব আপোনাৰ শিশুটিৰ অংগ, মগজু আৰু তাৰ ভৱিষ্যতৰ খোৱাৰ নিয়ম আৰু এটা শক্তিশালী বেমাৰ প্ৰতিৰোধী ক্ষমতা আপুনি গৰ্ভাৱস্থাত কি খায় তাৰ ওপৰত নিৰ্ভৰ কৰিব

গৰ্ভৱতী মহিলায়ে নিজৰ খাদ্য এনেদৰে পৰিকল্পনা কৰিব লাগে যাতে সেইটোৱে বিকাশ হৈ অহা কেচুৱাটিৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা গঢ়িব পাৰে মাতৃৰ পোষক তত্বৰ অভাৱ লে মেক্ৰোনিউট্ৰিয়েণ্ট আৰু মাইক্ৰোনিউট্ৰিয়েণ্ট অভাৱ হয় আৰু তাৰ পৰা কেচুৱাটিৰ বগা তেজৰ কোষ গঠনত প্ৰভাৱ পৰে যিটো শৰীৰৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাৰ মূল উৎস

আপুনি জানেনে যে গৰ্ভাৱস্থা আৰু গাখীৰ খুউওৱা সময়ত খোৱা খাদ্যয়ে আপোনাৰ নৱজাতকৰ এলাৰ্জি জনিত বেমাৰ প্ৰতিৰোধী ক্ষমতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু তাত খাদ্য খোৱা নিয়মসমূহ আৰু খোৱ খাদ্যবোৰৰ প্ৰকাৰো পৰিব পাৰে (মাছ, ফলমূল আৰু পাচলি, আৰু সাধাৰণ এলাৰ্জিৰ লগত জড়িত খাদ্য)?

সাধাৰণতে এইটো ভবা  হয় যে কেচুৱাবোৰৰ জন্মগতভাবে ষ্টিৰাইল গেষ্ট্ৰইণ্টেচটাইনেল ট্ৰেক্ট আৰু বক্টেৰিয়া জন্মৰ পাচত মাতৃৰ চাল আৰু জেনিটইউৰিনেৰী ট্ৰেক্ট লগত সম্পৰ্কলৈ আহিলে হয়কিন্তু অনুসন্ধানত পোৱা গৈছে যে কেচুৱাবোৰৰ জন্মৰে পৰা কিছুমান বেক্টেৰিয়া থাকে এইটো বিশ্বাস কৰা হয় যে কেচুৱাবোৰে এইটো মাতৃৰ পাচন তন্ত্ৰৰ পৰা গৰ্ভাৱস্থাত পায় আপোনাৰ পাকস্থলীত থকা ক্ষতিকাৰক বেক্টেৰিয়াবোৰৰ পৰা আপোনাৰ কেচুৱাটোলৈ খাদ্যৰ জৰিয়তে যাব পাৰে ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কেচুৱাৰ বাবে এক মজবুত আৰু শক্তিশালী বেমাৰ প্ৰতিৰোধী ক্ষমতা গঢ়াত সহায় কৰিব

ভিটামিন D অতিমাত্ৰাত থকা খাদ্য

স্বাস্থ্যৱান আৰু ভালদৰে থকাটো প্ৰয়োজনীয় ভিটামিন Dৰে পৰিপূৰ্ণ খাদ্য যেনে তেল থকা মাছ, ডাইল আৰু কণী খাদ্য খোৱাটো প্ৰয়োজনীয় গৰ্ভৱতী মহিলা সপ্তাহত দুবাৰকৈ মাছ খাব লাগে কিন্তু কেঁচা  সাগৰীয় খাদ্য (যেনে অইষ্টাৰ অথবা নৰন্ধা মাছ যেনে চুছি) কিন্তু মন কৰিব লাগে যে বেছিভাগ মাছত মিথাইল পাৰাৰ অলপ পৰিমাণ থাকে যাক অতিমাত্ৰাত সেৱন কৰিলে ক্ষতি কৰিব পাৰে, আপোনাৰ কেচুৱাটিৰ মগজুৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে

অতিমাত্ৰা জিংক থকা খাদ্য

আপোনাৰ DNA নিৰ্মান, গঠন, মেৰামেতিৰ বাবে জিংক প্ৰয়োজন হয় যিবোৰ আপোনাৰ শিশুটিৰ কোষ গথনৰ বাবে প্ৰয়োজনীয় অংশ প্ৰাকৃতিকভাবে জিংক বহুত খাদ্যত পোৱা যায় যেনে গাখীৰেৰে নিৰ্মিত সামগ্ৰী, বীন, বাদাম আৰু ব্ৰেড আৰু ডাইলেৰে নিৰ্মিত সামগ্ৰী যদিও অইষ্টাৰত প্ৰাকৃতিকভাবে জিংক থাকে, গৰ্ভৱতী মহিলাসকলক অইষ্টাৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ থকা পাৰাৰ উচ্চ মাত্ৰাৰ পৰা খাদ্যৰ লগত জড়িত বেমাৰ পাৰে

চেলেমন

ৰন্ধা চেলমন মাছ ব্যৱহাৰ কৰি চাওক কাৰণ গৰ্ভৱতী মাতৃসকলৰ বাবে পোষক তত্বৰ শক্তিৰ ভাণ্ডাৰ আৰু ইয়াত যঠেষ্ট পৰিমাণে প্ৰটীন, এমিনএচিড আৰু কেলচিয়াম আৰু কম মাত্ৰাত মিগা ফেটি এচিড থাকে যিবোৰ আপোনাৰ শিশুৰ মগজুৰ বিকাশৰ বাবে প্ৰয়োজনীয় আৰু এণ্টি অক্সিডেণ্টবোৰে আপোনাৰ আৰু আপোনাৰ কেচুৱাটিৰ শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰি পেলায়

ফল-মূল আৰু শাক-পাচলি

গৰ্ভৱতী মাতৃ হিচাপে আপুনি কিছুমান পাচলি আৰু ফলমূল লোৱাৰ মাত্ৰা বঢ়াই দিব লাগে যাতে আপোনাৰ এলাৰ্জি হোৱাৰ ভয় কমি যায় বিশেষকৈ মাতৃয়ে সেউজীয়া, হালধীয়া পাচলি আৰু টেঙা ফল খাব লাগে যাতে আপোনাৰ শিশুটিৰ শিশু অৱস্থাত ইজেমা হোৱাৰ ভয় কমি যায় পাত থকা পাচলি আৰু ফল (বিশেষকৈ আপেল) খালে শিশু অৱস্থাত হোৱা ৱীজ আৰু এজমা হোৱাৰ ভয় কমি যায় ফলমূল আৰু শাকপাচলিবোৰ যাতে ভালকৈ ধোৱা হয় এইটো কথা পাঁহৰি নাযাব

সেউজীয়া পাত থকা শাকপাচলি যেনে ব্ৰক্লি, কেল আৰু পালেংত ফাইবাৰ থাকে আৰু মাল্টি ভিটামিন যেনে A, K, C থাকে আৰু লগতে কেলচিয়াম, আইৰন, লেট আৰু টেচিয়াম থাকে, এইবোৰ ভ্ৰূণে ৰঙা তেজৰ কোষ নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কিয়নো ইয়াত অতিমাত্ৰাত ভিটামিন আৰু আইৰন থাকে যিবোৰ আকৌ এটা শক্তিশালী বেমাৰ প্ৰতিৰোধী ব্যৱস্থা নিৰ্মাণ কৰিবলৈ অতিকৈ প্ৰয়োজনীয় শৰীৰে যাতে এইবোৰ বস্তু ভালদৰে শুহি পাৰে তাৰ বাবে অতিমাত্ৰা আইৰন থকা খাদ্যবোৰ ভিটামিন C লগত মিলাওক ভিটামিন C সংক্ৰমণবোৰৰ পৰা আপোনাৰ কেচুৱাটিক ৰক্ষা কৰে আৰু এণ্টো অক্সিডেণ্ট হিচাপেও কাম কৰে যি আপোনাৰ কেচুৱাটিৰ বাঢ়ি অহা কোষবোৰৰ বাবে প্ৰয়োজনীয় ভিটামিন C টেঙা ফল, পাত থকা শাকপাচলি আৰু দাইলত পোৱা যায় কিন্তু আপুনি মনত ৰাখিব লাগিব যাতে আপুনি সেইবোএ সতেজ হৈ থাকোতেই খায় কিয়নো তাপ পালে ভিটামিন C ক্ষতি হয়

আমলখি ভিটামিন C এক ভাল শ্ৰৌত, কমলাতকৈ ২০গুণে বেছি যি ইয়াক অতি ভাল এণ্টি অক্সিডেণ্ট বনায় আৰু লগতে ইয়াত আইৰন, কেলচিয়াম আৰু কেৰটীন থাকে

কম পৰিমাণে ফেট থকা স্বাস্থ্যকৰ খাদ্য

২০১৭ৰ এটা অধ্যয়নত এটা তথ্য দিয়া হৈছিল এই কথা কোৱা হৈছিল যে কম পৰিমাণে চৰ্বি থকা খাদ্য বৰ্তাই ৰখাটো প্ৰয়োজনীয়, সিহঁতে কৈছিল যে অতিমাত্ৰা চৰ্বি থকা খাদ্য খালে আপোনাৰ কেচুৱাটিৰ ওপৰত জীৱিত বেক্টেৰিয়াই প্ৰভাৱ পেলাই আৰু ইয়াৰ ফলত বেমাৰ প্ৰতিৰোধী ক্ষমতাৰ গঠন ভালদৰে নহয় ভাল চৰ্বি থকা খাদ্য যেনে এভোকাড’, নাৰিকল তেল, ছিয়াৰ বীজ, মাছ আৰু কণী খোৱাৰ মাত্ৰা বঢ়াই দিয়ক

ভাৰতীয় মাতৃ আৰু শিশু বিকাশ সংস্থাই দিয়া পৰামৰ্শ মতে কোমল ছীজ, পেষ্টিউৰাইজ নকৰা গাখীৰ, কেঁচা মাংস, মাছ আৰু নিসিজা কণীৰ পৰা আঁতৰি থাকৰ কিয়নো ইয়াত চেলমোনীলা আৰু কলিৰ ৰূপত ক্ষতিকাৰক বেক্টেৰিয়া থাকে যিবোৰে আপোনাৰ গৰ্ভত থকা শিশুটিৰ যকৃতৰ কোসবোৰৰ ওপৰত প্ৰভাৱ পেলাব আৰু তাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাৰো ক্ষতি কৰিব

বাদাম

বাদাম (বিশেষকৈ আলমণ্ড আৰু আখৰোট) শক্তিশালী বেমাৰ প্ৰতিৰোধী ক্ষমতা গঠনৰ বাবে ভাল আৰু যদি আপুনি শাকাহাৰী আৰু চৰ্বি থকা মাছ অথবা কোনো জৈৱিক শ্ৰৌতৰ পৰা পোৱা খাদ্য খাব নোৱাৰে তেতিয়া আখৰোটে আপোনাক প্ৰয়োজনীয় স্বাস্থ্যকৰ মিগা ফেটি এচিড প্ৰদান কৰিব আপুনি ইয়াক যিকোনো খাদু অথবা চালাদৰ লগৰ মিহলাব পাৰে

গাখীৰেৰে নিৰ্মিত খাদ্য

গাখীৰেৰে নিৰ্মিত খাদ্য কেলচিয়ামৰ ভাল শ্ৰৌত যাক বলগা মাতৃসকলে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয় মাতৃৰ হাড়ৰ স্বাস্থ্য আৰু কেচুৱাটিৰ ভালদ্ৰে হাড় আতু দাঁতৰ বিকাশৰ বাবে কেলচিয়াম প্ৰয়োজনীয় খনিজ গাখীৰ আৰু কম চৰ্বি থকা য়গাৰ্ট কেলচিয়াম আৰু প্ৰটীনৰ ভাল শ্ৰৌত

মনত ৰাখিব:

  • সতেজ ফল আৰু পাচলিৰ লগতে পুষ্টিকৰ খাদ্য খাব আৰু যিমান পাৰে সিমান প্ৰচেচ কৰা খাদ্যৰ পৰিমাণ কমাওক চেনি আৰু প্ৰচেচ কৰা গ্ৰেইন অতিমাত্ৰাত লোৱাৰ পৰা আঁতৰি থাকক (ব্ৰেড, পাস্তা আৰু কেক)
  • যদি পাৰে তেন্তে অৰ্গেনিক খাদ্য খাওক যাতে আপোনাৰ কেচুৱাটো ক্ষতিকাৰক বস্তুৰ পৰা আঁতৰি থাকে কোনো ৰসায়নিক সাৰ ব্যৱহাৰ নকৰা অৰ্গেনিক খাদ্য খালে আপোনাৰ কেচুৱটিৰ শৰীৰটোৱে আগতীয়া বেমাৰ প্ৰতিৰোধ ব্যৱস্থাত ক্ষতি হোৱাৰ পৰা আৰু অন্যান্য সংক্ৰমণৰ পৰা ৰক্ষা কৰে
  • যদি আপুনি ধূম্ৰপান কৰে, তেন্তে গৰ্ভাৱস্থাত ধূম্ৰপানৰ পৰা আঁতৰি থাকক কিয়নো আপোনাৰ গৰ্ভাৱস্থালৈ গৰ্ভপাতৰ ভয় আৰু এটি সৰু কেচুৱা জন্ম দিয়াৰ ভয়েই নানে কিন্তু তাৰ লগতে আপোনাৰ জন্ম নোহোৱা শিশুটিৰ এলাৰ্জি আৰু সৰু হাওফাওৰ গঠনৰ লগতে সৰু কালতেই এজমা হোৱাৰ ভয়ো কঢ়িয়াই আনে
  • প্ৰতিদিনে ৭ৰ পৰা কাপ পানী খাওক কিয়নো পানীয়ে আপোনাৰ শৰীৰত বহু উপকাৰ কৰাৰ লগতে আপোনাৰ প্ৰস্ৰাৱ নলিত হোৱা সংক্ৰমণবোৰৰ পৰাও ৰক্ষা কৰে আৰু সেইবাবে প্ৰাকৃতিক প্ৰসৱৰ সময়ত আপোনাৰ কেচুৱাটিক ক্ষতিকাৰক বেক্টেৰিয়াৰ ভয় নাথাকে অথবা এণ্টিবায়টিক লোৱাৰ ভয়ো আঁতৰি থাকে

যোৱাকেইবছৰমানত গৰ্ভাৱস্থাক মাইক্ৰোনিউট্ৰিয়েণ্ট আৰু চাপ্লিমেণ্টৰ ব্যৱহাৰ যেনে আইৰন আৰু ফলিক এচিড যিটো নিতান্তই প্ৰয়োজনীয় কিন্তু অধ্যয়নে দেখায় যে অন্তঃসত্ত্বা মাতৃসকলৰ খাদ্যয়েও কেচুৱাটিৰ বেমাৰ প্ৰতিৰোধী সমতা গঠনত বহু পৰিৱৰ্তন আনিব পাৰে এগৰাকী মাতৃয়ে পোষক তত্ববোৰ, বিশেষকৈ গৰ্ভাৱস্থাত, মাতৃৰ স্বাস্থ্য, গৰ্ভাৱস্থাৰ ফলাফল আৰু আপোনাৰ শিশুৰ মূল স্বাস্থ্য আৰু বিকশিত বেমাৰ প্ৰতিৰোধী ক্ষমতা খাদ্য পুষ্টি পোৱাৰ মূল শ্ৰৌততকৈ বেছি, বহুতো অৰ্থ আৰু তাৎপৰ্য লগতে কঢ়িয়াই আনে