গৰ্ভাৱস্থাত কেনেকৈ স্বাস্থ্যকৰ খাদ্য খাব লাগে: “দুজনৰ বাবে খোৱা”এ প্ৰকৃততে কি বুজায়?

গৰ্ভাৱস্থাত কেনেকৈ স্বাস্থ্যকৰ খাদ্য খাব লাগে: “দুজনৰ বাবে খোৱা”এ প্ৰকৃততে কি বুজায়?

 

যদি আপুনি গৰ্ভাৱস্থাত আছে অথবা গৰ্ভধাৰণৰ কথা ভাবি আছে, তেন্তে আপুনি বহুতো প্ৰবন্ধ পাইছে হয়তো যিবোৰে আপোনাকদুজনৰ বাবে খাবলৈউপদেশ দিয়ে যদিও ইয়াৰ অৰ্থ আছে তথাপিও গৰ্ভাৱস্থাতদুজনৰ বাবে খোৱাটোপ্ৰয়োজনীয় নহয়

গৰ্ভাৱস্থাত ওজন বৃদ্ধি

কেচুৱা আৰু মাতৃ দুয়োৰে ভালৰ বাবে মাতৃয়ে গৰ্ভধাৰণ কৰাৰ আগতে থকা ওজনৰ লগত তাল মিলাই ওজন বঢ়োৱাটো অতিকৈ প্ৰয়োজনীয় গৰ্ভাৱস্থা আগবঢ়াৰ লগে লগে বিকাশ কৰা ভ্ৰূণৰ পোষক তত্বৰ প্ৰয়োজনো বাঢ়ি যায় আৰু যদি আপুনি আপোনাৰ খাদ্যৰ দ্বাৰা পোষক তত্বৰ মাত্ৰা বঢ়োৱা নাই তেন্তে আপুনি নিজকে আৰু আপোনাৰ কেচুৱাটিক স্বাস্থ্যজনিত আৰু বিকাশৰ লগত জড়িত বহুতো সমস্যাত পেলোৱাৰ ভয় থাকে

আপোনাৰ বাবে সঠিক ওজন কিমান সেইটো নিৰ্ধাৰণ কৰিবলৈ আটইতকৈ ভাল উপায়টো হৈছে গৰ্ভধাৰণৰ আগত থকা ওজনৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ BMI হিচাপ কৰা আৰু তলত উল্লৰ্খিত নিয়মসমূহ পালন কৰা

যদি জোখতকৈ কম ওজন(১৮৫তকৈ কম BMI) তেন্তে আপুনি গৰ্ভাৱস্থাত ১৩ৰ পৰা ১৫ কেজি ওজন বঢ়াব লাগে তেনেকৈ যদি গৰ্ভধাৰণৰ আগৰ BMI আপোনাক জোখতকৈ বেছি ওজনৰ (255 পৰা ২৯ BMI) শ্ৰেণীত পেলাইছে তেন্তে গৰ্ভাৱস্থাৰ বিভিন্ন স্তৰত আপুনি ৭ৰ পৰা ১১ কেজি ওজন বাঢ়িব লাগে যিসকল মহিলা গৰ্ভাৱস্থাৰ আগত শকত (৩০তকৈ বেছি BMI) আছিল তেওঁলোকৰ বাবে ৫ৰ পৰা কেজি ওজন বঢ়াটো গ্ৰহণযোগ্য শেষত সাধাৰণ ওজন থকা সকল (১৮৫ৰ পৰা ২৪ BMI থকা), তেওঁলোকৰ বাবে ১১ৰ পৰা ১৫ কেজি ওজন বঢ়াটো গ্ৰহণযোগ্য

এইকেইটা সীমাৰ ওপৰত ওজন বঢ়াবলৈদুজনৰ বাবে খোৱাটোৱে কোনো আপোনাৰ আৰু আপোনাৰ কেচুৱাটিৰ স্বাস্থ্যৰ বাবে ভাল ফলাফল নিদিয়ে তাৰ বিপৰীতে আপোনাৰ কেচুৱাটোৰ বাবে স্বাস্থ্যজনিত সমস্যা আৰু আপোনাৰ গৰ্ভাৱস্থাৰ আগৰ অৱস্থালৈ ঘুৰি যোৱাত সমস্যা সৃষ্টি কৰিব পাৰে

মোৰ গৰ্ভাৱস্থাৰ সময়ত মইদুজনৰ বাবে খাবলাগে নে?

বহুতো মহিলায়ে এইটো বিশ্বাস কৰে যে এটা স্বাস্থ্যকৰ গৰ্ভাৱস্থাৰ বাবে তেওঁলোকে খোৱাৰ পৰিমাণ দুগুন কৰিব লাগে তথাপিও এইটো কোনো পুৰণা বিশ্বাস নহয় কিন্তু তাৰ বিপৰীতে গৰ্ভাৱস্থাত প্ৰায়ে খায় থকাৰ এটা ভয়ংকৰ উপায় গৰ্ভাৱস্থাত আপুনি বেছি পৰিমাণৰ পোষক তত্ব খাব লাগে কিন্তু বিশেষজ্ঞই দিয়া পৰামৰ্শৰ মতে এটা স্বাস্থ্যকৰ গৰ্ভাৱস্থাৰ বাবে আপুনি প্ৰতিদিনে মাত্ৰ ৩০০ কেলৰি বেছিকৈ ললেই হল

প্ৰথম তিনিমাহত যদি আপোনাৰ খাদ্য আগতীয়াকৈ স্বাস্থ্যকৰ আৰু পোষক তত্বৰে পৰিপূৰ্ণ তেন্তে আপুনি অধিক কেলৰি নালাগে দ্বিতীয় তিনিমাহত আপুনি প্ৰতিদিনে আপোনাৰ খাদ্যত ৩৪০ কেলৰি বেছিকৈ লোৱাটো ভাল তৃতীয় তিনিমাহত আপুনি প্ৰতিদিনে ৪৫০ কেলৰি বেছিকৈ লাগে সাধাৰণ BMI থকা মহিলাসকলৰ বাবে এইকেইটা সংখ্যা প্ৰযোজ্য জোখতকৈ কম আৰু জোখতকৈ বেছি ওজন থকা আৰু শকত মহিলাসকলৰ বাবে সঠিক ওজন বৰ্তাই ৰখা খাদ্য তালিকা (আগৰ অংশত ব্যাখ্যা কৰা হৈছিল) মানি চলিব লাগে

এটা স্বাস্থ্যকৰ গৰ্ভাৱস্থাৰ বাবে মই কেনেকুৱা ধৰণৰ খাদ্য নিৰ্বাচন কৰিব লাগে?

এতিয়া আপুনি যিহেতু জনিলে যেদুটাৰ বাবে খোৱাটোভাল নহয়, আপুনি কেনেকৈ সঠিক পৰিমাণৰ প্ৰয়োজনীয় পোসক তত্ব পাৰে তাৰ বিষয়ে আলোচনা কৰি আহক তৃতীয় তিনিমাহত দুগিলাচমান গাখীৰ আৰু ৩টা ৰুটি বেছিকৈ খালে আপুনি নিত্য প্ৰয়োজনীয় পোষক তত্ব পোৱাত সহায় কৰিব (লগতে যদিহে আপুনি স্বাস্থ্যকৰ খাদ্য খাই আছে)

গৰ্ভাৱস্থাত আপুনি কেনেকৈ ভালদৰে খাব পাৰে তাৰ বাবে তলত কেইটামান কিটিপ উল্লেখ কৰা আছে :

  1. ফলমূল, পাচলি আৰু চোকোৰা থকা চাউল অথবা ডাইল আপোনাৰ মূল খাদ্য হব লাগে ফলিক এচিড, ভিটামিন C আৰু আইৰনৰ দৰে পোষক তত্বৰে পৰিপূৰ্ণ যিবিলাক এটা স্বাস্থ্যকৰ আৰু সুৰক্ষিত গৰ্ভাৱস্থাৰ বাবে প্ৰয়োজনীয়

 

  1. এতিয়াদুজনৰ বাবেনাখাব, কিয়নো আপোনাৰ দুগুন কেলৰিৰ প্ৰয়োজন নহয় সেইবাবে প্ৰচেচ কৰা জাংক ফুড বেছি পৰিমাণৰ কেলৰিৰ লগতে কম পৰিমাণৰ পোষত তত্ব, চেনি আৰু বেছি পৰিমাণৰ ফেট থাকে, ইয়াৰ পৰা  আঁতৰি থাকক

 

  1. আপুনি লোৱা ফেটৰ মাত্ৰা নিয়ন্ত্ৰিত কৰিবলৈ আপুনি সাধাৰণ খোৱা তেলৰ ঠাইত অলিভ অইলৰ ব্যৱহাৰ কৰক কিয়নো সাধাৰণ খোৱ তেলৰ সেৱন কৰিলে আপোনাৰ কেচুৱাটিৰ গঠন আৰু বিকাশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে

 

  1. আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ কৰক যাতে নিশ্চিত থাকে যে আপুনি বেছিকৈ কেলৰি নলয় আৰু আপোনাৰ খাদ্যৰ ফলত বেছিকৈ ওজন বাঢ়ি হোৱা নাই

 

  1. যঠেষ্ট পৰিমাণে পানী আৰু ফলৰ ৰস খাওক যাতে আপোনাৰ শৰীৰত পানীৰ মাত্ৰা ঠিকে থাকে আৰু হঠাতে যাতে পিয়াহ নালাগে

 

  1. গৰ্ভাৱস্থাত মাছ খাবলৈ পৰামৰ্শ দিয়া হয় যদিও অতিমাত্ৰা পাৰা থকা মাছবোৰ খোৱাৰ পৰা আঁতৰি থাকিব লাগে ইয়াৰ ভিতৰত চাৰ্ক, স্বৰ্ডফিছ, কিং মেকৰেল ইত্যাদি পৰিব পাৰে

 

  1. কেঁচা অথবা আধাসিজা মাছ অথবা মাংস খোৱাৰ পৰা আঁতৰি থাকক কেঁচা মাংসত বহুতো বিষাক্ত পদাৰ্থ থাকে যাৰ ফলত নৰোভিছ, ভিব্ৰিঅ, চেলমোনিলা, লিষ্টেৰিয়া আৰু আন্যন্য সংক্ৰমণ হব পাৰে গৰ্ভাৱতী মহিলাসকলৰ লিষ্টেৰিয়াৰ সংক্ৰমণ হোৱাৰ আশংকা বেছি

 

সামৰণি

 

কেইটামান শব্দত কবলৈ হলে সুখী আৰু স্বাস্থ্যকৰ গৰ্ভাৱস্থাৰ বাবে প্ৰয়োজনীয় খাদ্যবোৰ আপুনি নিয়মীয়াকৈ লোৱা খাদ্যসমূহৰ পৰা বেলেগ নহয় গৰ্ভাৱস্থাৰ আগত আৰু পাচত আপোনাৰ ওজনৰ ওপৰত চকু ৰাখক গৰ্ভাৱস্থাত সময়ত গ্ৰহণযোগ্য ওজনৰ ওচৰেপাজৰে থাকিবলৈ চেষ্টা কৰক আৰু এই কথাটো নিশ্চিত কৰক আপুনি দিনে পোৱা কেলৰি অথবা প্ৰচেচ কৰা খাদ্যসমূহ খাই শকত হৈ যোৱা নাই

 

মনত ৰাখিব, আপুনি দুহনৰ বাবে খাদ নালাগে

 

আপোনাৰ গৰ্ভাৱস্থা যাতে স্বাস্থ্যকৰ আৰু সুৰক্ষিত হয়!

________________________________________