ৱিনিং: কেতিয়া আৰু কেনেকৈ কৰিব লাগে?

ৱিনিং: কেতিয়া আৰু কেনেকৈ কৰিব লাগে?

 

ৱিনিং হৈছে এইটো সময় যেতিয়া কেচুৱাটিয়ে গাখীৰৰ সলনি পৰা অন্য পোষক তত্ব, সাধাৰণতে গোটা খাদ্যৰ শ্ৰৌতৰ পৰা পোষণ পাবলৈ আৰম্ভ কৰে। কেচুৱাটিৰ স্তনৰ গাখীৰ আৰু কেচুৱাৰ ফৰ্মুলাৰ উপৰিও সোৱাদ আৰু পোষণৰ শ্ৰৌত বঢ়াবলৈ গোটা খাদ্য খুওৱা হয়। গাখীৰ অথবা কেচুৱাৰ ফৰ্মুলাৰ দ্বাৰা তাক প্ৰয়োজনীয় পোষণ দিয়াটো আৰু সম্ভৱ নহ্য। ভালদৰে শাৰীৰিক আৰু মানসিক বিকাশ হ’বৰ বাবে তাৰ শৰীৰে অন্য পোষক তত্ব বিচাৰিব।

বিনিং হৈছে এটা লাহে-লাহে কৰা প্ৰক্ৰিয়া য’ত মাতৃ আৰু শিশুৰ পৰা ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন হয়। এটি কেচুৱাই এদিনতে গোটা খাদ্য খোৱাটো আশা কৰাটোও ভূল। আপোনাৰ কেচুৱাটিয়ে খাদ্যৰ সোৱাদ, গোন্ধ ভাল নাপাবও পাৰে অথবা নতুনকৈ দিয়া খাদ্যৰ সোৱাদ আৰু গঠনৰ সৈতে খাপ খাব লৈছে অথবা সি বহু কম সময়তে খাপ খাব পাৰে। কেচুৱা এটিয়ে এই নতুন অভিজ্ঞতাৰ কি প্ৰতিক্ৰিয়া দিব পাৰে কোনেও ক’ব নোৱাৰে, সেইবাবে মাতৃয়ে এই পথটোত সহায় কৰিব লাগে।

ৱিনিং কেতিয়া আৰম্ভ কৰিব

কেচুৱাবোৰে স্তনৰ গাখীৰ অথবা কেচুৱাৰ ফৰ্মুলাৰ পৰা সিহঁতৰ জীৱনৰ প্ৰথম তিনিমাহৰ বাবে পোষণ পায়। দুগ্ধপানে আপোনাৰ কেচুৱাটিক সংক্ৰমণ আৰু বেমাৰৰ পৰা ৰক্ষা কৰে কিন্তু সময় আহিব যেতিয়া আপোনাৰ কেচুৱাটিয়ে গাখীৰ বাদ দিয়াটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু অন্য পোষণৰ শ্ৰৌতৰ সৈতে চিনাকি হ’ব লাগিব। আপুনি একে সময়তে স্তনৰ গাখীৰ অথবা ফৰ্মুলা দিব পাৰে আৰু লগতে ৱিনো কৰিব পাৰে কিয়নো দুগ্ধপান আৰু ফৰ্মুলা কেচুৱাটিৰ খাদ্যৰ এক ডাঙৰ অংশ। আপোনাৰ কেচুৱাটিয়ে গোটা খাদ্য খাবলৈ ৰোৱা মানে হৈছে সিহঁতে ভালদৰে খাব আৰু গিলিব পাৰিব। কিন্তু লৰালৰি কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো ৱিনিং এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু সাধাৰণতে চমাহৰ পৰা আৰম্ভ হয়।

৬ মাহত গোটা খাদ্য খুওৱা আৰম্ভ কৰিলে খাদ্যৰ পৰা হোৱা এলাৰ্জি আৰু বুভিন্ন প্ৰতিক্ৰিয়া হোৱা ভয় যঠেষ্টভাবে কমি যায়। কেচুৱাটিৰ খাদ্যৰ বিৰুদ্ধে নিজৰ বেমাৰ প্ৰতিৰোধী ব্যৱস্থা গঠন হ’বলৈও বহু সময় থাকে। কিন্তু যদি আপুনি ভাৱে যে আপোনাৰ কেচুৱাটি ৬ মানৰ আগতে গোটা খাবলৈ প্ৰস্তুত তেন্তে আগতে অপোনাৰ চিকিৎসকৰ লগত কথা হওক, বিশেষকৈ যদিহে সি নিৰ্ধাৰিত সময় আগতে জন্ম পাইছে।

Here are some actions of a baby that can tell you that he/she is ready for solid food:

আপোনাৰ কেচুৱাটি গোটা খাদ্যৰ বাবে প্ৰস্তুত হৈছে নে নাই তৰে লক্ষণকেইটমান হৈছে:

-আপোনাৰ কেচুৱাটিয়ে পিঠিৰ সহায় লৈ চকী এখনত বহিব পাৰিব

-কেচুৱাটিৰ মুৰ আৰু ডিঙিটো স্থিৰ

-কেচুৱাটিয়ে চামুচ এখন ভৰাব পৰাকৈ মুখখন মেলিব পাৰে

-কেচুৱাটি চোবাই খাবলৈ সাজু

-সি উৎসুক আৰু খাদ্য কাঢ়ি আনি মুখত ভৰোৱাৰ চেষ্টা কৰে

-দুগ্ধপান/ফৰ্মুলা খুওৱাৰ পাচতো তাৰ ভোক লাগি আছে আৰু খাদ্যৰ প্ৰতি আগ্ৰহ দেখুৱায়

ৱিনিংলৈ বিভিন্ন দৃষ্টিকোণ

ৱিনিংৰ দৃষ্টিকোণবোৰ প্ৰাকৃতিকো হ’ব পাৰে আৰু মাতৃয়ে প্ৰেৰণা কৰাও হ’ব পাৰে। প্ৰাকৃতিক ৱিনিং হৈছে তেতিয়া য’ত আপোনাৰ কেচুৱাটিয়ে নিজেই গোটা খাদ্য খাবলৈ সাজু আৰু লগতে দুগ্ধপানো চলি আছে, প্ৰেৰণা কৰা ৱিনিং হৈছে যেতিয়া মতৃয়ে নিজেই গোটা খাদ্য খুৱাবলৈ আৰম্ভ কৰে আৰু দুগ্ধপান কৰোৱা কমায়। ৱিনিংৰ এই দুটা দৃষ্টিকোণৰ ফলত দুটা বিভিন্ন কেচুৱা গঠন হয়:

  • যিবোৰ শিশুৱে চাৰিৰ পৰা চমাহৰ আগত গোটা খাদ্য খাবলৈ সিহঁতে প্ৰথম বছৰৰ শেষৰ ফলটোত এই খাদ্যবোৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ লয়। এইটো এটা এনেকুৱা সময় যেতিয়া প্ৰায়বিলাক কেচুৱাই মাতৃৰ গাখীৰৰ ওপৰত নিৰ্ভৰ কৰে।
  • প্ৰেৰিৰ ৱিনিং হৈছে এনে প্ৰক্ৰিয়া য’ত শিশুটিয়ে চমাহৰ পৰা বাৰ মাহলৈকে মাতৃৰ গাখিৰৰ সলনি বহু পৰিমাণে গোটা আৰু পনীয়া খাদ্য খায় আৰু গাখীৰ খাবলৈ অনিচ্ছা প্ৰকাশ কৰে। সিহঁতে স্তন পৰাও আঁতৰি অহাৰ চেষ্টা কৰে আৰু অন্য আৰামদায়ক বস্তুৰ সহায় লয়।

মনত ৰাখিব: যদি আপুনি ৱিন কৰিবলৈ ইচ্ছা নকৰে, তেন্তে নমাহমানত অথবা তাৰ অলপ সময়ৰ কালছোৱা অলপ ভয়ৰ হ’ব পাৰে কিয়নো সেই সময়ত আপুনি আপোনাৰ লালন-পালনৰ সম্পৰ্কত কোনো বাধা অথবা সমস্যা যে অহা নাই এই কথা নিশ্চিত কৰিবলৈ ইচ্ছা কৰিব পাৰে।

কিটিপ: যফদি আপুনি আপোনাৰ কেচুৱাটিৰ লালন-পালনত অলপ সহজ অনুভৱ কৰিব বিচাৰে তেন্তে সি/তাই সেই সময়ছোৱা পাৰ নকৰালৈকে তাক/তাইক অলপ ওমলাবলৈ নাপাহৰিব।

ৱিনিংৰ ৩-দিনীয়া নিয়ম

দিন পৰিমাণ সময়
প্ৰথম দিন ১ চামুচ ডাঙৰ চামুচেৰে দুপৰীয়াৰ আহাৰ
দ্বিতীয় দিন ২ চামুচ ডাঙৰ চামুচেৰে দুপৰীয়াৰ আৰু পুৱাৰ আহাৰ
তৃতীয় দিন ৩ চামুচ ডাঙৰ চামুচেৰে দুপৰীয়াৰ আৰু পুৱাৰ আহাৰ

ৱিনিংৰ ৩-দিনীয়া নিয়মত আপুনি দেখিছে যে খাদ্যৰ পৰিমাণ দিনে দিনে বাঢ়িছে। এই সময়ছোৱাত আপোনাৰ মাত্ৰি হিচাপে ধৈৰ্য আৰু বুজাবুজি আহে, আপুনি আপোনাৰ কেচুৱাক সি চিনি নোপোৱা বৃহৎ পৰিমাণৰ গোটা খাদ্য খুৱাব নালাগে। তাৰ সলনি সৰু পৰিমাণেৰে আৰম্ভ কৰক আৰু কেচুৱাটিয়ে চিনি পোৱাৰ সময়লৈকে তাৰ পৰিমাণ বঢ়াই বঢ়াই গৈ থাকক। নতুন খাদ্য পুৱাৰ অথবা দুপৰীয়াৰ আহাৰত দিবলৈ পৰামৰ্শ দিয়া হয় কিয়নো তেতিয়া আপুনি খাদ্যৰ পৰা কিবা এলাৰ্জি অথবা কেচুৱাটিয়ে কিবা অসুবিধা পাইছে নেকি এই কথা পৰীক্ষা কৰিব পাৰিব।

কোনবোৰ গোটা খাদ্য খুৱাব লাগে

– পিটিকি লোৱা কল

– পিটিক্কি লোৱা আপেল

– ভালদৰে সিজোৱা আৰু পিটিকা গাজৰ, মিঠা আলু, ৰঙলাও, ফ্ৰেঞ্চ বীন

– মগু দাইলৰ পানী

– ভাতৰ মাৰ

– স্তনৰ গাখীৰ অথবা ফৰ্মুলা গাখীৰৰ লগত ঘৰৰ চিৰিয়েল যেনে ভাত, বাৰ্লে, অ’টচ্‌ মিহলাই দিয়া

– ভালদৰে সিজোৱা আৰু পিটিকা ফল যেনে নাচপতি, এভ’কাডো, পিচ্ছ, ছিকু

– আপুনি আপোনাৰ কেচুৱাটিক ঘৰতে বনোৱা শাক-পাচলি চুপো দিব পাৰে

এটা ৬ মহীয়া কেচুৱা ৱিন কৰা সাপ্তাহিক নিৰ্দেশনা

আপুনি এইখন খাদ্য তালিকাৰ গাইড হিচাপে পালন কৰিব পাৰে অথবা আপোনাৰ পচন্দ অনুসৰি অথবা আপোনাৰ কেচুৱাটিক খুৱাবলৈ সহজ হোৱা খাদ্যবোৰেৰে নিজৰ খাদ্য তালিকা বনাব পাৰে।

প্ৰথম সপ্তাহ

এই সময়ছোৱাত ৱিনিংৰ ৩-দিনীয়া নিয়ম ভালদৰে মানি চলক। প্ৰথম সপ্তাহত আপুনি কেচুৱাটিক দুগ্ধপান অথবা ফৰ্মুলা গাখীৰ খুওৱা পাচত নতুন খাদ্যৰ সৈতে পৰিচয় কৰাইছে। যিহেতু স্তনৰ গাখীৰ অথবা কেচুৱাৰ ফৰ্মুলাতকৈ অন্য সোৱাদৰ সৈতে পৰিচয় কৰোৱা হৈছে সেইবাবে কম পৰিমাণেৰে আৰম্ভ কৰক।

দ্বিতীয় সপ্তাহ

যিহেতু দুটাকৈ প্ৰায়-গোটা খাদ্যৰ কেচুৱাটিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছে আৰু কোনো এলাৰ্জি হোৱা নাই, সেইবাবে আপুনি আপোনাৰ কেচুৱাটিক দুবিধ নতুন খাদ্য খুৱাব পাৰে। আপুনি এতিয়া মুঠতে আপোনাৰ কেচুৱটিক ৪ বিধ খাদ্য খুৱালে।

কিটিপ: কেচুৱাটি সক্ৰিয় হৈ থকা সময়, শোৱা সময় আৰু খোৱাৰ সময় নিৰ্ধাৰণ কৰক, যেতিয়া আপোনাৰ কেচুৱাটিয়ে ইয়াৰ লগত খাপ খায় তেতিয়া আপোনাৰ কামো সহজ হৈ পৰিব।

তৃতীয় সপ্তাহ

তৃতীয় সপ্তাহৰ শেষৰ লগতে আপোনাৰ কেচুৱাটিক আৰু ২ বিধ নতুন খাদ্যৰ সৈতে পৰিচয় কৰোৱা হ’ব আৰু মুঠতে ৬ বিধ খাদ্য হ’ব। এতিয়া এনে হ’ব পাৰে যে এই ৬ বিধৰ মাজৰ পৰা কিছুমান কেচুৱটিয়ে ভাল নাপাবও পাৰে। আপুনি দিয়া সকলোবোৰ কেচুৱাটিক জোৰ কৰি খুৱাবলৈ চেষ্টা নকৰিব, তাৰ সলনি ধৈৰ্য ধৰক আৰু আপোনাৰ কেচুৱাটিয়ে কোনবোৰ খাদ্য খালে ভোক বাঢ়ে সেই কথাটো বুজিবলৈ চেষ্টা কৰক।

চতুৰ্থ সপ্তাহ

আপুনি ৱিনিং কৰা ৪ সপ্তাহ সম্পূৰ্ণ হৈছে আৰু এমাহো হৈছে আৰু আপ্নাৰ কেচুৱাটিক ৮ বিধ নতুন খাদ্যৰ সৈতে পৰিচয় কৰাই দিছে। আপোনাএ জেচুৱাটিয়ে এতিয়া গোটা খাদ্য খাব পাৰে আৰু আপুনি তাক/তাইক দিনৰ যিকোনো সময়তে তাৰ/তাইৰ ইচ্ছা অনুসৰি তাৰ/তাইৰ কাৰ্যসূচীৰ মতে খুৱাব পাৰে।

মনত ৰাখিব:

ৱিনিংৰ ৪ সপ্তাহ হোৱা আৰু ৮ বিধ নতুন খাদ্য কেচুৱাটিক খুওৱা আৰম্ভ কৰাৰ পাচত, কিছুমান ক্ষেত্ৰ এনে হ’ব পাৰে যে আপোনাএ কেচুৱাটিয়ে কিছুমান খাদ্যৰ প্ৰতি এলাৰ্জি গঠন কৰিছে। কিছুমান খাদ্যৰ প্ৰতি এলাৰ্জি গঠন কৰা লক্ষণসমূহ হৈছে:

-নাকেৰে পানী বৈ থক

-চালত ৰঙা পৰা

-পেটৰ বিষ

-কেচুৱাটিয়ে অশান্তি পাইছে

-কান্দি থকা কেচুৱা

-ডায়েৰিয়া

-বমি

কিটিপ: যদি আপোনাৰ কেচুৱাটিয়ে কিবা খাদ্যৰ প্ৰতি এলাৰ্জি গঠন কৰিছে তেন্তে সেই খাদ্য খুওৱা বাদ দি আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। আপোনাৰ কেচুৱাটিৰ যদি কিবা এলাৰ্জি আছে তেন্তে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাওক।

ৱিনিং ইমান টান নহয় আৰু আৰু কেইবাপ্ৰকাৰেও ইয়াক কৰিব পাৰে। কিন্তু প্ৰাকৃতিক ৱিনিং কৰাবলৈ পৰামৰ্শ দিয়া হয় কিয়নো ই মাতৃ আৰু শিশুৰ মাজত বান্ধোন আৰু বুজাবুজি সম্পৰ্ক গঢ়ি তোলে। মনত ৰাখিব যে লৰালৰি কৰি ৱিনিং কৰিলে আপুনি ভাল ফলাফল নাপাব কিন্তু লাহে লাহে কৰিলে পাব, বিশেষকৈ আপোনাৰ কেচুৱাটিৰ ক্ষেত্ৰত। দুগ্ধপান কেচুৱাবিলাকৰ বাবে বিনিংৰ আগত, সেই সময়ত আৰু পাচত ভাল আৰু আপোনাৰ কেচুৱাটিয়ে প্ৰাকৃতিকভাৱে দুগ্ধপান এৰিব আৰু সেইবাবে লৰালৰি কৰাৰ কোনো প্ৰয়োজন নাই।