বাঢ়ি অহা শিশুত ভিটামিনৰ অভাৱ আৰু সেইটো কেনেকৈ ভাল কৰিব

বাঢ়ি অহা শিশুত ভিটামিনৰ অভাৱ আৰু সেইটো কেনেকৈ ভাল কৰিব

 

পিতৃ-মাতৃয়ে সিহঁতৰ শিশুকেইটায়ে যাতে এটা ভালদৰে নিয়ন্ত্ৰিত আহাৰ পাই আছে এই কথাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰে আৰি চিন্তিত হয়। ই এক প্ৰত্যাহ্বান স্বৰূপ যেতিয়া সিহঁতৰ ওচৰত পৰ্যাপ্ত প্ৰয়োজনীয় পোষক তত্বৰ পৰিমাণৰ তথ্য নাই আৰু যদি সিহঁতৰ শিশুটিয়ে বাচ বিচাৰ কৰি খায়। যিহেতু শিশুসকলৰ গঠন আৰু বিকাশৰ হাৰ প্ৰাপ্তবয়স্কতকৈ বেছি সেইবাবে সিহঁতক প্ৰয়োজনীয় পোষক তত্ব দিয়াটো নিতান্তই প্ৰয়োজনীয়। তাৰে এটা প্ৰয়োজনীয় পোষক তত্ব হৈছে ভিটামিন।

ভিটামিনবোৰ কি?

ভিটামিন হৈছে আমাৰ গঠন আৰু বিকাশৰ বাবে আমাৰ কোষবোৰে ব্যৱহাৰ কৰা পদাৰ্থৰ এটা সমূহ। বেমাৰ নহ’বলৈ আৰু আমাৰ বেমাৰ প্ৰতিৰোধী ব্যৱস্থা শক্তিশালী কৰিবলৈ ভিটামিনৰ প্ৰয়োজন হয়। ভিটামিন ১৩ প্ৰকাৰৰ আৰু ইহঁতক দুটা ভাগত বিভক্ত কৰা হৈছে: চৰ্বিত দ্ৰৱনীয় আৰু পানীত দ্ৰৱনীয়। এই বিভাজনটো আমাৰ শৰীৰে সিহঁতক খাদ্যৰ পৰা কেনেকৈ শুহি লয় তাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে।

  • চৰ্বিত দ্ৰৱনীয় ভিটামিন

এই শ্ৰেণীটোত ভিটামিন A, D, E আৰু K আহে। ইহঁতক খাদ্যত থকা চৰ্বিৰ পৰা আহৰণ কৰা হয় আৰু শৰীৰৰ জমা কৰি ৰখা হয় (লিভাৰ, চৰ্বি আৰু মাংশপেশী)।

  • পানীত দ্ৰৱনীয় ভিটামিন

ইয়াৰ ভিটামিন C আৰু আঠটা B ভিটামিন আহে- ভিটামিনৰ এটা গোট যিবিলাকৰ বহু মিল আছে কিন্তু শৰীৰৰ বিভিন্ন কাৰ্যৰ বাবে বিশিষ্ট। পানীত দ্ৰৱনীয় ভিটামিনবোৰ পানীয়ে শুহি লয় আৰু ৰক্তবাহিকা প্ৰণালীত পোনপটিয়াকৈ সোমায়। ইহঁতক শৰীৰৰ সাঁচি থোৱা নহয় আৰু সেইবাবে নিয়মিতৰূপে নতুনকৈ ল’ব লাগে।

এই ১৩টা ভিটামিনৰ প্ৰতিটোৱে নিৰ্দিষ্ট কাম কৰে কিন্তু একেলগ হৈ শৰীৰৰ স্বাস্থ্য ভালদৰে ৰখাত সহায় কৰে। শিশুসকলৰ শৰীৰত ইয়াৰ অভাৱ হ’লে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

ভিটামিনৰ অভাৱ কিয় বেয়া?

যেতিয়া শৰীৰটোৱে পৰ্যাপ্ত পৰিমাণৰ পোষক তত্ব শুহিব নোৱাৰে অথবা নাপায় তেতিয়া পোষক তত্বৰ অভাৱে দেখা দিয়ে। ভিটামিনৰ অভাৱ হৈছে শৰীৰত থকা ভিটামিনৰ মাত্ৰাত যঠেষ্ট পৰিমাণে অভাৱ যাৰ ফলত শৰীৰত অনেক সমস্যাই দেখা দিব পাৰে। তলত দিয়া টেবুলখনত আমি এই ওপৰত উল্লেখ কৰা ভিটামিনৰ অভাৱে শৰীৰৰ ওপৰত কি প্ৰভাৱ পেলায় তাকে দেখিম:

ভিটামিনৰ প্ৰকাৰ শৰীৰত কিহৰ বাবে প্ৰয়োজনীয় অভাৱ হ’লে হোৱা সমস্যা বোৰ
ভিটামিন A স্বাস্থ্যকৰ দৃষ্টি আৰু চাল, দাঁত আৰু হাড়ৰ গঠন, কোষৰ পুনৰনিৰ্মাণ, বেমাৰ প্ৰতিৰোধী ব্যৱস্থা দৃষ্টিত সমস্যাই দেখা দিয়া ( কুকুৰীকণা), বেমাৰ প্ৰতিৰোধী ব্যৱস্থাত সমস্যা, শুকান চাল
ভিটামিন B1

থিয়ামাইন

কাৰ্বোহাইড্ৰেটক প্ৰক্ৰিয়াকৰণ কৰিবলৈ, শৰীৰত ইলেক্ট্ৰোলাইটৰ পৰিমাণ নিয়ন্ত্ৰণ, স্নায়ুতন্ত্ৰয়ে কাম কৰাৰ বাবে বেৰিবেৰি
ভিটামিন B2

ৰিনোফ্লেভিন

শক্তিৰ নিৰ্মাণ, ৰঙা তেজৰ কোষ নিৰ্মাণ এৰিবোফ্লাভিন’চিছ
ভিটামিন B3

নিয়াচিন

প্ৰক্ৰিয়াকৰণ, এঞ্জাইম আৰু স্নায়ুয়ে ভালদৰে কাম কৰিবলৈ, স্বাস্থ্যকৰ চাল পেলাগ্ৰা
ভিটামিন B5

পেণ্টোথেনিক এচিড

প্ৰক্ৰিয়াকৰণ, হ’ৰমোন আৰু ৰঙা তেজৰ কোষ গঠনৰ বাবে পেৰেচথেছিয়া
ভিটামিন B6

পাইৰিডক্সাইন

ৰঙা তেজৰ কোষ নিৰ্মাণ, মগজুৰ কাৰ্য, বেমাৰ প্ৰতিৰোধী ব্যৱস্থা মূৰ্ছা যোৱা, এনিমিয়া
ভিটামিন B7

বায়’টীন

চৰ্বি প্ৰক্ৰিয়াকৰণ, প্ৰ’টীন আৰু কাৰ্বোহাইড্ৰেট, স্বাস্থ্যকৰ চাল আৰু চুলি চাল ৰঙা পৰা, চুলি সৰা
ভিটামিন B9

ফ’লেট

ৰঙা তেজৰ কোষৰ নিৰ্মাণ, নতুন কোষ গঠন, প্ৰ’টীন প্ৰক্ৰিয়াকৰণ মেগাল’ব্লাষ্টিক এনিমিয়া
ভিটামিন B12

কোবালামাইন

ৰঙা তেজৰ কোষ গঠন, স্নায়ুতন্ত্ৰৰ কাৰ্য মেগাল’ব্লাষ্টিক এনিমিয়া
ভিটামিন C ক’লাজেনৰ নিৰ্মাণ, ঘা শুকুওৱা, আইৰন শুহা, বেমাৰ প্ৰতিৰোধ ব্যৱস্থা স্কাৰ্ভি
ভিটামিন D স্বাস্থৱান হাড়, কেলচিয়াম শুহা ৰিকেট্ছ
ভিটামিন E এণ্টিঅক্সিডেণ্ট, বেমাৰ প্ৰতিৰোধ ব্যৱস্থা বেমাৰ প্ৰতিৰোধী ব্যৱস্থা ভালদৰে কাম নকৰা
ভিটামিন K তেজ গোট মৰা, স্বাস্থ্যৱান হাড় তেজ গোট মৰাত সমস্যা

ভিটামিনৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব

শিশুবিলাকৰ ভিটামিনৰ অভাৱ চিনাক্ত কৰিবলৈ আটাইতকৈ সহজ উপায়টো হৈছে সিহঁতৰ লক্ষণসমূহ ভালদৰে চোৱা আৰু তেজ পৰীক্ষাৰ দ্বাৰা।

  • লক্ষণসমূহ

ভিটামিনৰ অভাৱ হ’লে বিভিন্ন লক্ষণসমূহে দেখা দিয়ে, কিন্তু আমি মন নকৰাৰ বাবে এইবোৰ মন নিদিওঁ। কিছুমান সাধাৰণ লক্ষণ হৈছে ভাগৰ লগা, এলেহুৱা ভাব, মনোযোগ দিব নোৱাৰা ইত্যাদি। তলত প্ৰত্যেকটো ভিটামিনৰ অভাৱত হোৱা লক্ষণসমূহ দিয়া হৈছে:

  • ভিটামিন A কম পোহৰত কমকৈ দেখা, শুকান চাল, চকু আৰু চুলি, সঘনে সংক্ৰমণ হোৱা, চকুত পোৰণি অনুভৱ কৰা
  • ভিটামিন B1  ভোক কমা, মাংশপেশী দুৰ্বল অনুভৱ কৰা, ভাগৰ লগা
  • ভিটামিন B2 মুখৰ কাষ ফটা, ডিঙি অথবা জিভাত ঘা লগা
  • ভিটামিন B3 ডায়েৰিয়া, ডাৰ্মেটিটিচ, ভাগৰ লগা
  • ভিটামিন B5হাত ভৰিত পোৰণি উঠা, বমি, অস্থিৰতা, টোপনিৰ খেলি মেলি
  • ভিটামিন B6চালত পোৰণি উঠা, মাংশপেশী দুৰ্বল লগা, মনোযোগ দিয়াত সমস্যা পোৱা, মূৰ্ছা যোৱা
  • ভিটামিন B7ডাৰ্মেটিটিচ, চুলি সৰা, মুৰ ঘুৰণি, মাংশপেশীত বিষ, এনিমিয়া
  • ভিটামিন B9ভোক নলগা, ভাগৰ লগা, মুখত ঘা লগা, বিকাশত সমস্যা
  • ভিটামিন B12ভোক নলগা, ওজন কমা, বিকাশত সমস্যা, চুটি উশাহ, চঞ্চলতা
  • ভিটামিন C তেজ ওলাই থকা আৰু ফুলা আলু, গাঠি আৰু মাংশপেশিৰ বিষ। সহজতে ঘা লগা, ঘা সোনকালে নুশুকুৱা, শুকান চাল, সংক্ৰমণ
  • ভিটামিন D – হাড়ৰ বিষ আৰু হাড় কোমল অনুভৱ কৰা, বিকাশত সমস্যা, মাংশপেশীৰ বিষ, দাত আৰু হাড়ৰ বিকৃতি
  • ভিটামিন Eমাংশপেশীত বিষ আৰু কমজোৰ অনুভৱ কৰা, কম কৰাত সমস্যা, দৃষ্টিত সমস্যা
  • ভিটামিন Kবেছিকৈ তেজ যোৱা, সহজতে ঘা লগা, এনিমিয়া

এইটো কথা মনত ৰখাটো ভাল যে এই সকলো লক্ষণসমূহ সহজতে চকুত নপৰে। ইয়াৰ নিবাৰণৰ বাবে আপোনাৰ চিকিৎসকৰ লগত আপোনাৰ শিশুটিৰ খাদ্য আৰু খোৱাৰ অভ্যাসবিলাকৰ বিষয়ে চৰ্চা কৰা। যদি কিবা লক্ষণ পৰিলক্ষিত হৈছে তেন্তে ই পোষক তত্বৰ অভাৱৰ এটা চিন। তেজ পৰীক্ষাৰ দ্বাৰা ইয়াক পুনৰ পৰীক্ষা আৰু নিশ্চিত কৰাৰ প্ৰয়োজন।

  • তেজ পৰীক্ষা

ভিটামিনৰ মাত্ৰা জানিবলৈ তেজ পৰীক্ষায়ে সহায় কৰে আৰু আমাক উপযুক্ত চিকিৎসাল’বলৈ সহায় কৰে। ভিটামিনৰ অভাৱৰ বাবে কৰা তেজ পৰীক্ষাত তেজত সেই নিৰ্দিষ্ট ভিটামিনৰ মাত্ৰা জোখা হয় আৰু তাক স্বাস্থ্যৱান অৱস্থাত থাকিলে থকা মাত্ৰাৰ সৈতে তুলনা কৰা হয়। স্বাস্থ্যৱান স্তৰৰ তলত থাকিলে ভিটামিনৰ অভাৱ হৈছে বুলি ধৰা পৰে।

অভাৱবোৰ পূৰ্ণ কৰাৰ উপায়

ভিটামিনৰ অভাৱ পুৰাবলৈ এটা গুৰুত্বপূৰ্ণ উপায় হৈছে শিশুসকলৰ খাদ্যত যাতে যঠেষ্ট পৰিমাণে ভিটামিন থাকে এই কথা নিশ্চিত কৰা। ভিটামিনৰ শ্ৰৌতবোৰ জনাৰ লগে লগে অভাৱবোৰ পুৰাবলৈ সহজ হৈ পৰে।

  • কমলা ৰংৰ ফল-মূল আৰু শাক-পাচলি যেনে গাজৰ, ৰঙলাও আৰু মিঠা আলু আৰু সেউজীয়া পাত থকা পাচলি যেনে পালেং, লিভাৰ, গাখীৰ, কণী আৰু মাছত ভিটামিন A পোৱা যায়।
  • লিভাৰ, কিডনি, গুটি (বেলিফুল আৰু তিলৰ গুটি), মটৰমাহ, কাঠফুলা আৰু পিস্তাৰ দৰে বাদামত ভিটামিন B1 পোৱা যায়।
  • গাখীৰৰ উৎপাদ (গাখীৰ, য়’গাৰ্ট, ছীজ) আৰু লিভাৰ, পাঠা ছাগলীৰ মাংস, কণী, আলমণ্ড আৰু পালেংত ভিটামিন B2 পোৱা যায়।
  • ব্ৰকলী, টাৰ্কী, ছিকেনৰ বুকু, টুনা মাছ, কাঠফুলা, মটৰ, বাদাম আৰু বেলিফুলৰ গুটিত ভিটামিন B3 পোৱা যায়।
  • মাংস আৰু ছিকেনৰ লিভাৰ, চেলমন, ৰ’দত শুকুৱা বিলাহী, কাঠফুলা, ফুলকবি আৰু এভোকাডোত ভিটামিন B5 পোৱা যায়।
  • চ’য়াৰে নিৰ্মিত পদাৰ্থ, পিস্তা বাদাম আৰু তিল আৰু বেলিফুলৰ গুটিত ভিটামিন B6 পোৱা যায়।
  • লিভাৰ, কণী, য়ীষ্ট, এভোকাডো, বন্ধাকবি, চ’য়াবিন আৰু আলমণ্ডৰ দৰে বাদামত ভিটামিন B7 পোৱা যায়।
  • সেউজীয়া পাত থকা শাক পালেং, ব্ৰকলী, বিন, কাবুলী চানা, কল আৰু কমলাত ভিটামিন B9 পোৱা যায়।
  • মাছ, মাংস, কণী, গাখীৰ, পনিৰত ভিটামিন B12 পোৱা যায়।
  • টেঙা ফল যেনে নেমু, কমলা আৰু মিঠা টেঙা, কেপচিকাম, মধুৰি, অমিতা আৰু ফুলকবিৰ ভিটামিন C পোৱা যায়।
  • ৰ’দৰ পোহৰত ভিটামিন Dৰ প্ৰক্ৰিয়াকৰণ কৰে। কণী, গাখীৰ, কাঠফুলা আৰু চৰ্বি থকা মাছ যেনে চেলমন আৰু টুণাতো ইয়াক পোৱা যায়।
  • সেউজীয়া পাত থকা শাক যেনে পালেং, গুটি আৰু বাদাম যেনে বাদাম, বেলিফুলৰ গুটি আৰু আলমণ্ড, মিছামাছ আৰি এভোকাডোত ভিটামিন E পোৱা যায়।
  • ডাঠ সেউজীয়া শাক যেনে পালেং, সৰিয়হ শাক, পাৰ্চলে, লেট্যুচ, ব্ৰকলি আৰু ফুলকবিত ভিটামিন K পোৱা যায়।

শিশুৰ বিকাশৰ বাবে ভিটামিন গুৰুত্বপূৰ্ণ পোষক তত্ব আৰু সিহঁতৰ বৈশিষ্ট্য, শ্ৰৌত আৰু অভাৱ হ’লে হোৱা সমস্যাবোৰ জানি থ’লে আমি আমাৰ শিশুসকলৰ খাদ্য ভালদৰে পৰিকল্পনা কৰিব পাৰিম। উপযুক্ত সময়ত এই অভাৱবোৰ ধৰা পেলালে পাচত হোৱা স্বাস্থ্যজনিত সমস্যাবোৰ ৰোধ কৰিব পাৰি। আজিৰ খৰতকীয়া জগত শিশুসকলে ফাষ্ট ফুড ভাল পায়, সিহঁতক এটা স্বাস্থ্যকৰ আহাৰ খুওৱাটো প্ৰত্যাহ্বান হ’ব পাৰে কিন্তু অসম্ভৱ নহয়।