নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ

 

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ মানে কি?

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ হৈছে অন্ত্ৰত হোৱা এবিধ বেমাৰ য’ত প্ৰথমে সংক্ৰমণ আৰু তাৰপাচত অন্ত্ৰত ভিতৰত তৰপ ফুলি উঠে। ইয়াৰ ফলত এটা ফুটাত সৃষ্টি হ’ব পাৰে, তাৰপাচত অন্ত্ৰত ভিতৰত বস্তুবোৰ তলপেটলৈ আৰু তাৰ লগতে সমগ্ৰ শৰীৰলৈ ওলাই আহে যিহেতু অন্ত্ৰত মাংপেশীৰ কোনো কাম নোহোৱা হৈ যায়।
অন্ত্ৰত বহু অংশৰ মৃত্যু আৰু তলপেট আৰু শৰীৰৰ বাকিবোৰ অংশলৈ ওলাই অহাৰ পাচত কেচুৱাটিৰ সংক্ৰমণ হোৱাৰ ভয় থাকে কিয়নো তেজত বেক্টেৰিয়া বিয়পি পৰে। এই সংক্ৰমণ শৰীৰৰ যিকোনো অংগত হ’ব পাৰে আৰু কেচুৱাটিক দুৰ্বল কৰি পেলায়।
কেচুৱাবিলাকৰ মাজত ই অতি সাধাৰণ বেমাৰ আৰু জন্মৰ চাৰি সপ্তাহৰ পাচত ই হ’ব পাৰে। আগতীয়াকৈ জন্ম পোৱা কেচুৱাবিলাকৰ প্ৰায় ৭% কেচুৱাক ই ক্ষতি কৰে। নৱজাতকৰ মাজত ই এক প্ৰাণলৈ সংশয় অনা বেমাৰ আৰু সংক্ৰমণ হোৱা ৭%ৰ মাজৰ ৫০%ৰ চিকিৎসা কৰাৰ পাচতো মৃত্যু হ’ব পাৰে।

নৱজাতকক পেলোৱা প্ৰভাৱসমূহ কি?

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ নৱজাতকৰ বেমাৰ আৰু জন্মৰ দ্বিতীয় অথবা তৃতীয় সপ্তাহত হ’ব পাৰে। যিবিলাক কেচুৱা আগতীয়াকৈ জন্ম পায় অথবা জন্মৰ সময়ত যাৰ ওজন ১৫০০ গ্ৰাম অথবা ১.৫ কিলোতকৈ কম, সিহঁতৰ মাজত এই বেমাৰটো আটাইতকৈ বেছিকৈ পোৱা যায়। ই স্বাস্থ্যকৰ ওজন থকা আৰু পূৰ্ণকালত জন্ম পোৱা কেচুৱাবিলাকৰো হ’ব পাৰে, কিন্তু হৃদয়ৰ ৰোগৰ দৰে ৰোগৰ কাৰণ হ’ব পাৰে।

ইয়াৰ কাৰণসমূহ কি?

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছৰ সঠিক কাৰণটো এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু তাৰে কিছুমান অলপ ভয়ৰ কাৰণ। ইয়াৰ আজত আগতীয়াকৈ জন্ম পোৱাৰ ফলত সম্পূৰ্ণৰূপে বিকশিত নোহোৱা অন্ত্ৰ হ’ব পাৰে। এটা কষ্টকৰ আৰু দীঘলীয়া প্ৰসৱৰ ফলত শৰীৰৰ কোনো অংশলৈ তেজ কমকৈ যাব পাৰে যাৰ ফলত কেচুৱাটিৰ সেই অংশটো মৃত হ’ব পাৰে।
নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছৰ অন্য কাৰণসমূহৰ ভিতৰত কেচুৱাটিক জন্মৰ ঠিক পাচতে কৃত্ৰিম গাখীৰ খুউৱা হ’ব পাৰে। কেতিয়াবা কেচুৱাবিলাকে এই সংক্ৰমণটো চিকিৎসালয়ৰ নাৰ্চাৰীত থকা অন্য কেচুৱাৰ পৰাও পাব পাৰে যদিহে ইয়াক ৰোধ কৰিবলৈ সঠিক যত্ন লোৱা নাই। কিছুমান ক্ষেত্ৰত তেজ দিয়াৰ পাচতো এই বেমাৰটো হোৱা দেখা যায়।

লক্ষণসমূহ:

ডায়েৰিয়া আৰু বমি কৰা হৈছে আটাইতকৈ সাধাৰণ লক্ষণ যি এগৰাকী মাতৃয়ে সন্মুখীন হ’ব পাৰে। অন্য লক্ষণসমূহ হৈছে পেট বিষোৱা, ৰঙা পৰা, তলপেট ফুলি উঠা আৰু শৌচত তেজ যোৱা। কেচুৱাটি শেঁতা পৰাৰ লগতে উশাহ লোৱাত কষ্ট পাব পাৰে অথবা লাহেকৈ ল’ব পাৰে।
কেচুৱাটিয়ে নাখাব পাৰে অথবা বহু কমকৈ খাব পাৰে। বিষৰ ফলত সি কান্দি থাকিব অথবা কোনো লৰচৰ নকৰাকৈ একে ঠাইতে পৰি থাকিব পাৰে।

সমস্যাসমূহ:

ইয়াৰ ফলত হোৱা সমস্যাসমূহৰ মাজৰে এটা হৈছে অন্ত্ৰত সংক্ৰমণ হৈ ফুটা হৈ যোৱা যি এক গুৰুতৰ সমস্যা। যফি অস্ত্ৰোপচাৰ কৰি ফুটাটো মৰা নহয় তেন্তে ইয়াৰ ফলত মৃত্যু হ’ব পাৰে। ফুটাটো আৰু অন্ত্ৰৰ সংক্ৰমিত অংশবোৰ আঁতৰোৱাৰ পাচত কেৱল অন্ত্ৰৰ সৰু অংশ থাকিব যিবিলাকে খাদ্য ভালদৰে শুহিব নোৱাৰিব পাৰে।
ইয়াৰ লগতে অৰু এটা সমস্যা হৈছে অন্ত্ৰ চাপ খাই অহা আৰু অন্ত্ৰত দাগ বহি যোৱা যাৰ ফলত খাদ্য খোৱা আৰু শুহি লোৱাত সমস্যা আহিব পাৰে। যদি অন্ত্ৰয়ে সৰু হোৱাৰ বাবে অথবা দাগ থকাৰ বাবে খাদ্য শুহিব নোৱাৰে তেন্তে কেচুৱাটিৰ ওজন নাবাঢ়ে।
শুহিব নোৱাৰাৰ ফলত কেচুৱাটিৰ প্ৰায়েই ভোক লাগি থাকিব আৰু তাক অলপ অলপকৈ কেইবাবাৰো খুৱাব লাগিব যাতে খাদ্যবোৰ শুহিব পাৰে। নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ বাবে হোৱা অন্য এটা সমস্যা হৈছে অন্য সংক্ৰমণ হোৱাৰ ভয় থাকে।

প্ৰতিৰোধ:

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ হোৱা ৰোধ কৰিবলৈ আমেৰিকান একাডেমি অৱ পেডিয়াট্ৰিক্সে আগতীয়াকৈ জন্ম পোৱা কেচুৱাবিলাকক স্তনৰ গাখীৰ খুৱাবলৈ পৰামৰ্শ দিয়ে। আগতীয়াকৈ জন্ম পোৱা কেচুৱা স্তনৰ গাখীৰ খুৱালে তাৰ সংক্ৰমণ হোৱা মাত্ৰা কমাই আনে, যদিও সেই গাখীৰখিনি মেচিনৰ দ্বাৰা দিয়া হয়।
যদি মাতৃগৰাকীৰ পৰা গাখীৰ পোৱা নায়ায তেন্তে দাতাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰি। স্তনৰ গাখীৰৰ উপৰিও চৰ্বি থকা চাপ্লিমেণ্টৰ ব্যৱহাৰেই সংক্ৰমণ হোৱাৰ ভয় কমাই আনে। এই চাপ্লিমেণ্টসমূহত চৰ্বি, ভিটামিন আৰু প্ৰ’বায়’টিক্স থাকে যি কেচুৱাটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
এইটো তথ্য পোৱা গৈছে যে যিবিলাক কেচুৱাৰ জন্মৰ সময়ত ওজন ১ কিলোতকৈ কম আছিল আৰু যাক স্তনৰ গাখীৰ খুউৱা হৈছিল সিহঁতৰ নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ হোৱাৰ হাৰ ১.৩% আছিম আৰু কৃত্ৰিম গাখীৰ দিয়া কেচুৱাবিলাকত এই হাৰটো ১১.১% আছিল।
মূল্যাঙ্কন
চিকিৎসালয়ত পোৱা লক্ষণৰ ওপৰত ভিত্তি কৰি এই বেমাৰটোৰ মূল্যাঙ্কন কৰা হয়। বেমাৰটোৰ তিনিটা স্তৰ আছে, স্তৰ ১ (কম), স্তৰ ২ (মধ্যম) আৰু স্তৰ ৩ (অতিমাত্ৰা)। যদি কেচুৱাটিৰ মাত্ৰ দুৰ্বলতা আছে, তলপেটৰ আকাৰ ডাঙৰ আৰু ডায়েপাৰত সৰু তেজৰ চোকোৰা আছে তেন্তে ই বেমাৰটোৰ কমকৈ হোৱাৰ স্তৰটো।
দ্বিতীয় অথবা মধ্যম স্তৰত তলপেটত বেমাৰ হ’ব আৰু তেজ পৰীক্ষা কৰালে কম তেজৰ কোষৰ দৰে ফলাফল দেখুৱাব। তলপেটৰ পৰা কোনো শব্দ নোলায় আৰু এটা এক্স-ৰে কৰিলে তলপেটত বায়ু থকা দেখিব।
কেচুৱাটিৰ ৰক্তচাপ বহু কম হ’ব অৰু ইয়াৰ লগতে তলপেটৰ আকাৰ বাঢ়ি যাব আৰু সমগ্ৰ তলপেটত সংক্ৰমণ হ’ব। অন্ত্ৰত থকা ফুটাৰ বাবে তলপেটত বায়ু থকাটো এক্স-ৰেত দেখা পাব। গৱেষণাগাৰৰ পৰিৱৰ্তনসমূহো দেখা পাব।

চিকিৎসা:

চিকিৎসা কৰিবলৈ হ’লে মুখৰ দ্বাৰা খাদ্য খুউৱা একেবাৰে বন্ধ কৰিব লাগিব। তলপেটত থকা সকলোবোৰ খাদ্য আঁতৰোৱা হ’ব আৰু এণ্টিবায়’টিক দুয়া আৰম্ভ কৰা হ’ব। ভেইনৰ দ্বাৰা তলৰ আৰু খাদ্য দিয়া হয়।
যদি অন্ত্ৰত এটা ফুটা আছে অথবা মাংশপেশীবোৰ মৰি আছে তেন্তে অস্ত্ৰোপচাৰ কৰি সেইবোৰ আঁতৰোৱাৰ প্ৰয়োজন। অস্ত্ৰোপচাৰৰ লক্ষণসমূহ হৈছে দৰবে কোনো কাম নিদিয়া, তলপেটত বায়ু থকা, আৰু তলপেটৰ ৰং ৰঙাৰ পৰা ক’লা নীলালৈ পৰিৱৰ্তন হৈ যোৱা।
সামৰণি
নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ হৈছে জীৱনলৈ সংশয় অনা এক অৱস্থা আৰু ইয়াৰ চিকিৎসা সদায় চিকিৎসালয়ত কৰিব লাগে। যদি আপোনাৰ আগতীয়াকৈ জন্ম পোৱা কেচুৱাটিয়ে অথবা কম ওজন থকা নৱজাতকটিৰ এই সংক্ৰমণ হৈছে বুলি ভাবে তেন্তে তাক তেতিয়াই চিকিৎসালয়লৈ লৈ যাওক।
এই সংক্ৰমণটি ৰোধ কৰাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেচুৱাটিক স্তনৰ গাহীৰ খুউৱা, ঘৰত মুখেৰে অথবা চিকিৎসালয়ত টিউবৰ দ্বাৰা।