আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়াৰ চিকিৎসা কৰা

আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়াৰ চিকিৎসা কৰা

 

কেচুৱাটিৰ শৌচবোৰ কোমল আৰু ঢিলা হয়, নিম্নতম সিহঁতৰ জীৱনৰ প্ৰথম কেইমাহৰ বাবে। তথাপিও যদি আপুনি আপোনাৰ কেচুৱাৰ শৌচত অলপ বেছিকৈ পনীয়া শৌচ পাইছে, তেন্তে এইটোও হ’ব পাৰে যে আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়া হৈছে।

যদিও বিকশিত দেশবোৰত ডায়েৰিয়াৰ ফলত মৃত্যু হোৱা সংখ্যা বহুত কম, তথাপিও এনে নহয় যে প্ৰগতিশীল দেশবোৰৰ সঠিক চিকিৎসাৰ বিষয়ে সজাগতাৰ অভাৱত বহুতো কেচুৱাৰ ডায়েৰিয়াৰ চিকিৎসা নকৰাৰ বাবে মৃত্যু হয়।

ডায়েৰিয়া কিমান গম্ভীৰ সেইটো শৌচ কৰাৰ মাত্ৰাৰ ওপৰত আৰু সেইবোৰ কিমান পনীয়া তাৰ ওপৰত ভিত্তি কৰি কৰিব পাৰি। গোটা খাদ্য খাবলৈ আৰম্ভ কৰা কেচুৱাবিলাকৰ দায়েৰিয়া হোৱা ইমানো অসাধাৰণ নহয় কিয়নো সিহঁতৰ পাচন তন্ত্ৰই ইমান ব্যয়বহুল প্ৰকাৰৰ খাদ্য হজম কৰিব নোৱাৰে। ইয়াৰ উপৰিও প্ৰত্যেক কেচুৱা বেলেগ- আৰু তাৰে কিছুমানে আনতকৈ বেছিকৈ লেক্ট’জ সহ্য কৰিব নোৱাৰে। দেখা যায় যে নতুন খাদ্য দিবলৈ আৰম্ভ কৰোতে প্ৰায়েই অলপ সময়ৰ বাবে ডায়েৰিয়া হয়।

ডায়েৰিয়াৰ কাৰণ

আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়া হোৱাৰ আৰত বহুকেইটা কাৰণ থাকিব পাৰে। তাৰে কেইটামান সাধাৰণ কাৰণ হৈছে:

ভাইৰেল সংক্ৰমণ

কেচুৱাবিলাকৰ ডায়েৰিয়া হোৱাৰ বাবে ৰোটভাইৰাচৰ দৰে ভাইৰেল সংক্ৰমণ মুল কাৰণ। কিয়নো কেচুৱাবিলাকৰ বেমাৰ প্ৰতিৰোধী ব্যৱস্থা এতিয়াও নিৰ্মিত হৈ আছে, সেইবাবে প্ৰাপ্তবয়স্কতকৈ কেচুৱাৰ এই সংক্ৰমণবোৰ হোৱাৰ আশংকা বেছি।

পেৰেচাইট

পেৰেচাইটৰ সম্পৰ্কলৈ আহিলে ডায়েৰিয়া কিয়নো শৰীৰে প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলোবোৰ কৰে আৰু বিষাক্ত পদাৰ্থবোএ আঁতৰাবলৈ সকলোখিনি কৰে। ডেকেয়াৰ চেণ্টাৰৰ দৰে ঠাইলৈ যায় য’ত তাৰ সম্পৰ্ক অন্য কেচুৱাৰ লগত হয় তেন্তে ডায়েৰিয়া হোৱা সম্ভাৱনা আৰু বাঢ়ি যায় কিয়নো তাত কেচুৱাবিলাকৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা নাথাকে।

খাদ্য এলাৰ্জি
কেচুৱাবিলাকে সাধাৰণতে লেক্ট’জ সহ্য কৰিব নোৱাৰে আৰু ইয়াৰ ফলত অলপ ডায়েৰিয়া হ’ব পাৰে। দুগ্ধপান কৰা এটি কেচুৱাৰ মাতৃয়ে যদি কেচুৱাটিৰ এলাৰ্জি থকা খাদ্য খায় তেতিয়াও ই হ’ব পাৰে। কেচুৱাবিলাকৰ মাজত দায়েৰিয়া আটাইতকৈ সাধাৰণ কাৰণটো হৈছে গাখীৰৰ প্ৰ’টীনৰ প্ৰতি এলাৰ্জি থকা।

এণ্টিবায়’টিক
এণ্টিবায়’টিক লোৱা ১০ কেচুৱাৰ মাজৰে এটাৰ ডায়েৰিয়া হয়। কিয়নো এণ্টিবায়’টিকে পেটত থকা হানিকাৰকৰ লগতে স্বাস্থ্যকৰ বেক্টেৰিয়াকো মাৰি পেলায় যাৰ ফলত কেচুৱাবিলাকৰ পেটৰ খেলি মেলি হ’ব পাৰে।

মোৰ কেচুৱাটিৰ যতন কেনেকৈ ল’ব?

ডায়েৰিয়া সৰু অশান্তিতকৈ বেছি। আৰু চিন্তাৰ কাৰণ আৰু বাঢ়ি যায় যদিহে ডায়েৰিয়াত এটি কেচুৱা ভুগি আছে।

প্ৰায়বিলাক ক্ষেত্ৰতে ডায়েৰিয়া নিজেই ভাল হৈ পৰা এটা বেমাৰ যাৰ অৰ্থ এইটো যে আপুনি কষ্ট নকৰাকৈ অলপ সময়ৰ পাচতে ই ভাল হৈ যাব। চিকিৎসা কৰক বা নকৰক ডায়েৰিয়া প্ৰায় এসপ্তাহ অথবা দুসপ্তাহ থাকে। এইখিনি জনাৰ পাচত এতিয়া আপুনি আৰু আপোনাৰ কেচুৱায়ে ডায়েৰিয়াৰ পৰা হাত সাৰি থাকিবলৈ কেইটামান উপায় তলত দিয়া আছে।

পনীয়া পদাৰ্থবোৰ আপোনাৰ বন্ধু

ডায়েৰিয়াৰ ফলত শৰীৰত তৰলৰ মাত্ৰা কমি যায় আৰু পানী কমি যোৱাৰ ফলত ডায়েৰিয়া ৰ  প্ৰাণলৈ সংশয় অনা অৱস্থা হ’ব পাৰে। আপোনাৰ কেচুৱাটিয়ে যাতে পৰ্যাপ্ত পৰিমাণৰ তৰল পায় এই কথা নিশ্চিত কৰক। পানীয়েই যঠেষ্ট- আপুনি পাচলিৰ জোল, চুপ আদিও দিব পাৰে। যদি আপোনাৰ কেচুৱাটিৰ পেটটোৱে কোমল খাদ্য গ্ৰহণ নকৰে তেন্তে পানীৰ সলনি গাখীৰ দিয়ক কিয়নো গাখীৰে পোষণো প্ৰদান কৰে।

খাদ্য দিয়া বন্ধ নকৰিব

আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়া হ’লেও সি যাতে খায় এই কথা নিশ্চিত কৰক। যদি তাৰ ডায়েৰিয়া হ’বলৈ আৰম্ভ হৈছে (পনীয়া শৌচ) তেন্তে তাক এলাৰ্জি নোহোৱালৈকে গাখীৰ আৰু গাখীৰেৰে নিৰ্মিত পদাৰ্থ দিয়ক। যদি আপোনাৰ কেচুৱাটিৰ সঘনে ডায়েৰিয়া হৈ আছে তেন্তে তাক উচ মাত্ৰাত ষ্টাৰ্ছ থকা খাদ্য যেনে ভাত। চিৰিয়েল, পাস্তা আৰু পিটিকা আলু দিয়ক।

এইখিনি নিদিব

কাৰ্বোনেটেড চ’ডা অথবা ফলৰ নৰস নিদিব কিয়নো সেইবোৰ বহুত ডাঠ আৰু তাত বহুত চেনি থাকে। ইয়াল লগতে কেৱল পানী খুৱাব বুলি নাভাবিব- তাৰ বিপৰীৰে আপোনাৰ কেচুৱাটিক অলপ গাখীৰ দিয়ক কিয়নো গাখীৰে অলপ বেছি পোষক তত্ব প্ৰদান কৰিব পাৰে। পনীয়া পদাৰ্থ নিদিয়াকৈ নাথাকিব কিয়নো ই আপোনাৰ কেচুৱাটিৰ শৰীৰত তৰলৰ মাত্ৰা বৰ্তাই ৰাখিবলৈ প্ৰয়োজনীয়।

মই ডায়েৰিয়া কেনেকৈ প্ৰতোৰোধ কৰিম?

যদি আপোনাৰ কেইবাটাও কেচুৱা আছে তেন্তে ডায়েৰিয়া এটা চিন্তনীয় বিষয় কিয়নো ই বহু সহজতে বিয়পে। সেইবাবে ইয়াক প্ৰতিৰোধ কৰিবলৈ আপোনাৰ কেচুৱাটিৰ পৰিৱেশত উচ্চ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাটো প্ৰয়োজনীয়। কেচুৱাটিয়ে মুখত কি ভৰায় তাৰ ওপৰত চকু ৰাখক। ইয়াক লগতে এই কথাও নিশ্চিত কৰক যাতে আপোনাৰ হাতকেইখন সদায় চফা হৈ আছে আৰু আপুনি নিজেও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসবোৰ পালন কৰিছে।

কেতিয়াবা এনে হ’ব পাৰে যে আপুনি চেষ্টা কৰাৰ পাচতো আপোনাৰ কেচুৱাটিৰ বেমাৰত পৰে। চিন্তা নকৰিন কিয়নো কেচুৱাৰ দায়েৰিয়া হোৱা কোনো অসাধাৰণ কথা নহয়। উচ্চ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা পালন কৰিলে ই বাবে বাবে নহয়।

আপোনাৰ কেচুৱাটিৰ আমনি দুৰ কৰিবলৈ আপুনি অন্য কিছুমান কামো কৰিব পাৰে। সঘনাই শৌচ হোৱাৰ ফলত আপোনাৰ কেচুৱাটিক তপিনাত খজুৱতি হ’ব পাৰে। আপুনি যাতে প্ৰত্যেকবাৰ শৌচ কৰাৰ পাচত চফা কৰে আৰু ঠাইডোখৰত খজুৱতি নহ’বৰ বাবে যাতে পেট্ৰোলিয়ান জেলী লগায় এই কথা নিশ্চিত কৰক।

আপুনি আপোনাৰ চিকিৎসকক মাতিব লাগে নে?

ডায়েৰিয়া কেতিয়াবা জোখতকৈ বেছি বেয়া হ’ব পাৰে। তেন্তে ক্ষেত্ৰত সহায় লোৱাটো ভাল। তলত দিয়া লক্ষণসমূহ যদি দেখা পায় তেন্তে লগালগ আপোনাৰ চিকিৎসকক যোগাযোগ কৰক:

  • শৰীৰত তৰলৰ মাত্ৰা কমি যোৱাৰ লক্ষণ যেনে বহু দেৰিলৈকে পেচাব নোহোৱা (১২ ঘণ্টা), চকু সোমাই যোৱা, কান্দি থাকিলেও চকুপানি নোলোৱা, এলেহুৱা ভাৱ।
  • শৌচত তেজ
  • সঘনাই বমি কৰা
  • শৌচত খেকাৰ অথবা পুজ যোৱা
  • ১০২°C তকৈ বেছি জ্বৰ
  • যদি ডায়েৰিয়া দুসপ্তাহতকৈ বেছি সময়ৰ বাবে থাকে

সামৰণি

মনত ৰাখিব লাগে যে কেচুৱাবিলাকৰ পনীয়া শৌচ হোৱাটো সাধাৰণ কথা। যদি আপোনাৰ কেচুৱাৰ পনীয় শৌচ হয় তেন্তে ভয় নকৰিব। এনেও হ’ব পাৰে যে শৰীৰটোৱে খাদ্যত অহা পৰিৱৰ্তনসমূহৰ সৈতে খাপ খাইছে। সঘনাই পনীয়া শৌচ হ’লে (কেইবাঘণ্টাত ৩-৪ বাৰ) আপুনি ওপৰত উল্লেখ কৰা লক্ষণসমূহ পৰীক্ষা কৰিব লাগে।

সাধাৰনতে ডায়েৰিয়া ইমানো বেছি ভয়ংকৰ অৱস্থা নহয়- তথাপিও যদি আপোনাৰ কেচুৱাটিৰ শৰীৰত তৰলৰ মাত্ৰা জোখতকৈ কমি গৈছে তেন্তে ই প্ৰাণলৈ সংশয় অনা এক অৱস্থা হ’ব পাৰে। সেইবাবে আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়া হ’লে ভালদৰে যতন ল’ব লাগে। যদি আপুনি কিবা ভুল হৈ আছে বুলি ভাৱে তেন্তে আপোনাৰ চিকিৎসকক মতাটো ভাল। মন বেয়া কৰাতকৈ সুৰক্ষিত হৈ থকাই ভাল।