ফুলি উঠা (এনগ্ৰজমেণ্ট্) স্তনৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা

ফুলি উঠা (এনগ্ৰজমেণ্ট্) স্তনৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা

 

প্ৰায়বোৰ মাতৃএ সন্তান জন্ম দিয়াৰ ২ৰ পৰা ৫ দিন পাছত স্তনযুগলৰ ওজন বাঢ়ি যোৱা যেন অনুভৱ কৰে।ইয়াকে ফুলি উঠা (এনগ্ৰজমেণ্ট্)  বুলি কোৱা হয় আৰু ই মাতৰ্ স্তনত গাখীৰ অধিক উৎপন্ন হোৱাৰ ফলত হয়। ইয়াৰ ফলত স্তনযুগল ডাঙৰ, গধূৰ আৰু গৰম হৈ থাকে।

যদিও এনগ্ৰজমেণ্ট্  ২৪-৪৮ ঘণ্টাৰ ভিতৰত কমি যায় তথাপিও কিছু ক্ষেত্ৰত ই ভাল হবলৈ দীঘলীয়া সময় ও লাগে। যিহেতু এই লক্ষণ সমূহ গৰ্ভাৱস্থা আৰু মাতৃত্বৰ সৈতে জড়িত, প্ৰতি গৰাকী মাতৃৰ এনগ্ৰজমেণ্ট্ৰ অনুভৱ বেলেগ হব পাৰে। আপুনি এনগ্ৰজমেণ্ট্ৰ অনুভৱ হয়তো আপোনাৰ কেৱল এটা স্তনতহে কৰিব পাৰে বা স্তনৰ এৰিঅ’লা (স্তনৰ সন্মুখ)ৰ চাৰিওফালে অনুভৱ কৰিব পাৰে। কিছু মাতৃএ আকৌ এনগ্ৰজমেণ্ট্ৰ অনুভৱ তলপেটলৈকে হব পাৰে।আন কিছু ক্ষেত্ৰত , এনগ্ৰজমেণ্ট্ৰ  সময়ত মহিলাৰ জ্বৰ ও হয়।

মু্ঠৰ ওপৰত কবলৈ গলে, এনগ্ৰজমেণ্ট্ৰ সাধাৰণ লক্ষণ সমূহ হৈছে স্তনযুগল সাধাৰণ অৱস্থাতকৈ কঠিন অনুভৱ কৰা।এৰিঅ’লা অংশ কঠিন হোৱাৰ লগতে অংশৰ পৰিসীমা বাঢ়ি গৈ এখন সৰু প্লেটৰ সদৃশ হোৱা।

এনগ্ৰজমেণ্ট্ হোৱাৰ কাৰণ

যিহেতু বিভিন্ন মহিলাৰ ক্ষেত্ৰত এনগ্ৰজমেণ্ট্ ৰ লক্ষণও বেলেগ হয়, তাতে  ইয়াৰ কোনো বিশেষ কাৰণ নাথাকে। আপোনি স্তনযুগল টান আৰু বিষ অনুভৱ কৰিব পৰে যদিহে সন্তানটিয়ে দুয়োটি স্তনৰ পৰা ভালকৈ গাখীৰ।. ইয়াৰ ফলত ভিচিয়াচ চাৰ্কল হব পৰে, যিহেতু শিশুটিয়ে এনগ্ৰজ হৈ থকা স্তনৰ পৰা গাখীৰ খোৱাত অসুবিধা পাব আৰু ফলত স্তনটি সম্পূৰ্ণ খালী নহ’ব।

গাখীৰ প্ৰবাহিত হোৱা কৈশিকা সমূহ বাধাগ্ৰস্ত হলেও এনগ্ৰজমেণ্ট্ৰ অসুবিধা দীৰ্ঘদিনিয়া হব পাৰে। স্তন প্ৰত্যাৰোপনৰ পাছত এই ধৰণৰ অসুবিধা হয়, ইয়াক লিম্ফ তৰল, গাখীৰ আৰু তেজ প্ৰবাহিত হবলৈ প্ৰয়োজন হয়। বিশেষজ্ঞ সকলৰ মতে ধিলা অন্তৰ্বাস সদায় পিন্ধিলেও ই এনগ্ৰজমেণ্ট্ৰ কাৰণ হব পৰে।

এইটোও বুজাটো দৰকাৰী যে অলপ অচৰপ এনগ্ৰজমেণ্ট হোৱাটো সাধাৰণ কথা। তথাপি, আপোনি যদি অতি বেছি আৰু বহুত দিনলৈ অসুবিধা পাই থাকে তেন্তে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লবলৈ কোণ্ঠাবোধ নকৰিব।

মই এনগ্ৰজমেণ্ট ৰ চিকিৎসা কেনেকৈ কৰিম?

প্ৰায় ক্ষেত্ৰত এনগ্ৰজমেণ্ট এক বা দুদিনতে ভাল হয়। কিন্তু যদি আপোনি অত্যাধিক অসুবিধা অনুভৱ কৰে তেন্তে তলৰ কিটিপ সমূহ চেষ্টা কৰি চাব পাৰে:

  • শিশুটিক স্তনপান কৰোৱা আগত স্তনযুগলত এৰিঅ’লাৰ চাৰিউফালে আলফুলে মালিছ কৰিব।
  • স্তনযুগল অলপ গৰম হৈ থাকিলে গাখীৰ প্ৰবাহিত হোৱাত সহায় হয়। স্তনপান কৰোৱাৰ আগত কুহুমিয়া গৰম পানীৰে গা-টো ধুই লব।কেৱল সাৱধান হব যাতে পানী পোনপটীয়াকৈ আপোনাৰ স্তনত নপৰে , কাৰণ ই ফুলা টো বঢ়াই দিব পাৰে। চিকিৎসকে গৰম পানী শৰীৰৰ পাছ অংশত ঢালিবলৈহে পৰামৰ্শ দিয়ে কাৰণ গৰম ভাপে শৰীৰৰ আদ্ৰতা আৰু উষ্ণতা বঢ়াই ৰাখে।
  • লাহেকৈ দিয়া গৰম সেক বা টিপি দিলেও বহু ক্ষেত্ৰত সহায় কৰে। কিন্তু যদি আপোনাৰ এনগ্ৰজমেণ্ট ৰ বাবে যদি স্তনৰ পৰা গাখীৰ ওলোৱাতও অসুবিধা হৈছে তেন্তে সেক বা টিপি নিদিব।
  • শিশুটিয়ে স্তনপান কৰি থকা অৱস্থাত লাহেকৈ স্তন মালিছ কৰি থাকিলেও ভাল ফল পাব!
  • যদি তাৰপাছতো আপোনাৰ এনগ্ৰজমেণ্ট থাকে, অপোনি গাখীৰ ওলিয়াবলৈ হাতৰ পাম্প ব্য্হাৰ কৰিব পাৰে।তাতকৈও ভাল উপায় হৈছে আপোনাৰ হাতেৰে স্তন লাহে লাহে মালিছ কৰি হাতেৰেই টিপি  থাকিব যাতে বাহিৰলৈ গাখীৰ ওলাই আহে। দ্বিতীয় উপায় টো বেছি ফলপ্ৰশু এইকাৰণেই যে ই পাম্প ব্যৱহাৰ কৰাতকৈ এৰিঅ’লা অংশ বেছি কোমল কৰি তোলে।
  • কিছু ক্ষেত্ৰত, নাৰ্ছিং ব্ৰা পৰিধান কৰিলেও এনগ্ৰজমেণ্টৰ সময় আৰু অসুবিধা কম হয়।
  • এটা অস্বাভাবিক কিন্ত অতি ফলপ্ৰশু চিকিৎসা হৈছে স্তনৰ এনগ্ৰজমেণ্ট হোৱা অংশত বন্ধাকবিৰ পাত লগাই থোৱা।ইয়াৰ বাবে বন্ধাকবিৰ কেইখিলামান পাত ভালকৈ ধুই চালৰ ওপৰত ২০ মিনিটৰ বাবে লগাই ৰাখিব কিন্তু এদিনত তিনিবাৰতকৈ বেছি নকৰিব।আৰু ইয়াক অত্যাধিক ব্যৱহাৰৰ পৰাও সাৱধান হব, কাৰণ বন্ধাকবিএ ও গাখীৰ উৎপাদনত ঋণাত্নক প্ৰভাৱ পেলাব পৰে।

যদি ওপৰুক্ত বিধি সমূহৰ পৰা ভাল ফল নাপায় আৰু আপোনাৰ এনগ্ৰজমেণ্টৰ ফলত জ্বৰ হৈ যায় তেন্তে ততাতৈয়া কৈ চিকিৎসকৰ পৰামৰ্শ লওক।

এনগ্ৰজমেণ্ট কিদৰে প্ৰতিৰোধ কৰিব

আপোনি যদি সন্তান সম্ভৱা, তলৰ পইণ্ট সমূহ ভালকৈ পঢ়ক।

  • বহু মহিলাৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ দুঘণ্টাৰ ভিতৰতে স্তনপান কৰালে এনগ্ৰজমেণ্টৰ সম্ভাৱনা বহুখিনি কমি যায়।
  • জন্ম দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰত জিমান পাৰি শিশুক স্তনপান কৰাওক।যদিও আপোনাৰ শিশুটিএ বহুবাৰ গাখীৰ খাবলৈ নিবিচাৰিবও পাৰে তথাপি নিয়নিত অন্তৰালত যিমান পৰে খোৱাবলৈ চেষ্টা কৰক যাতে শিশুটিৰ দুগ্ধপান সৰ্বাধিক হয়।
  • শিশুটিয়ে সমানে দুয়োটা স্তনৰ পৰা গাখীৰ খালে এনগ্জমেণ্টৰ আশংকা বাঢ়ি যায়।গতিকে শিশুটিয়ে যাতে এটা স্তন সম্পূৰ্ণ কৰিহে যাতে ইটোৰ পৰা গাখীৰ খাই তাৰ বাবে লক্ষ্য কৰিব।শিশুটিয়ে এটা স্তনৰ পৰা গাখীৰ খাই থাকিলে সি নিজেই মুখ খন আতৰাই দিলেহে বা টুপনি গলেহে আনটো স্তনৰ পৰা গাখীৰ খাবলৈ দিব।
  • মন কৰিব যাতে শিশুটিয়ে সঠিক ভাবে স্তনত মুখ লগাই থাকে অৰু প্ৰতিটো স্তনৰ পৰা যথেস্থ গাখীৰ খাব পাৰে।
  • যদি কিবা কাৰণত , আপোনি জন্মৰ প্ৰথম কেইদিনত শিশুটিক গাখীৰ খোৱাব নোবাৰিলে তেন্তে পাম্প বা হাতেৰে হলেও স্তনৰ পৰা গাখীৰ ওলিয়াই দিব যাতে স্তনত গাখীৰ ভৰ্তি হৈ নাযায়।

যিহেতু শিশুজন্ম এটা বেলেগ প্ৰক্ৰিয়া, সেয়ে আপোনি এনগ্জমেণ্টৰ সৈতে যুজিবলৈও বেলেগ বেলেগ পন্থা অৱলম্বন কৰিব লাগিব। ই অতি গুৰুত্বপুৰ্ণ যে আপোনি যাতে হতাশাত নুভুগে আৰু চেষ্টা কৰি থাকে।

এনগ্ৰজমেণ্ট কমি যোৱাৰ লগে লগে আপোনি দেখিব যে আপোনাৰ স্তনযুগল পুনৰ কোমল আৰু স্থিতিস্থাপকতা বাঢ়ি গৈছে। এৰিঅ’লাও পুনৰ আগৰ ৰূপত ঘুৰি আহিব যিটো এটা ভাল খবৰ, আৰু এতিয়া শিশুটিয়েও সহজে স্তনপান কৰিব পাৰিব।.

এইটো প্ৰয়োজনীয় যে আপোনি যাতে শিশুটিক এনগ্ৰজমেণ্টৰ সময়টো দুগ্ধপান কৰায়।যদিও এনগ্ৰজমেণ্ট নিজে নিজেই ভাল হয় তথাপিও যদি বহু দিনৰ বাবে যদি ইয়াক গুৰুত্ব নিদি চিকিৎসা কৰা নহয় তেন্তে ই যতিলতাৰ সৃষ্টি কৰাৰ লগতে গাখীৰৰ টেমুনা, স্তনৰ সংক্ৰমন হৈ গাখীৰ উৎপন্ন হোৱাত বাধাৰ সৃষ্টি কৰিবও পাৰে। সদায় দৰে যদি আপোনি যিকোনো বিষয়ত অনিশ্চিয়তাত আছে তেন্তে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক!