গাখীৰৰ মাত্ৰা প্ৰাকৃতিকভাৱে বঢ়াবলৈ আপুনি খাব লগা খাদ্য

গাখীৰৰ মাত্ৰা প্ৰাকৃতিকভাৱে বঢ়াবলৈ আপুনি খাব লগা খাদ্য

 

আৰম্ভণি

কেচুৱাটিৰ স্বাস্থ্য আৰু মাতৃগৰাকীৰ মানসিক সুখৰ বাবে প্ৰচুৰ মাত্ৰাত স্তনৰ গাখীৰ থকাটো প্ৰয়োজনীয়। মাতৃগৰাকীয়ে নিৰ্মাণ কৰা প্ৰায় আটাইখিনি গাখীৰ কেচুৱাটিৰ বাবে পৰ্যাপ্ত কিন্তু কেতিয়াবা এনে নহয়। স্তনৰ গাখীৰৰ মাত্ৰা বঢ়াবলৈ জন্মৰ ঠিক পাচৰে পৰা দুগ্ধপান কৰাব আৰু তাৰ পাচত তেনেদৰে সঘনে চলাই নিব লাগে। যদি কোনো চিকিৎসাজনিত কাৰণৰ বাবে ই সম্ভৱ নহয় তেন্তে প্ৰাকৃতিকভাৱে পোৱা বহু খাদ্য আছে যি স্তনৰ গাখীৰৰ মাত্ৰা বঢ়ায়।

স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱা খাদ্য

পানী আৰু অন্য ফলৰ ৰস: দুগ্ধপানৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শৰীৰত তৰলৰ মাত্ৰা বৰ্তাই ৰখা। ই স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱাৰ লগতে মাতৃগৰাকীৰ স্বাস্থ্যৰ বাবেও প্ৰয়োজনীয়। গাখীৰৰ মাত্ৰা বঢ়াবলৈ যিমান পাৰি সিমান পানী খাওক, দুগ্ধপান কৰোৱাৰ আগত এগিলাচ পানী খাওক।

মেথি গুটি: মেথি, যাক ফেনুগ্ৰিক বুলিও কোৱা হয় স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱাত সহায় কৰে। ইয়াৰ লগতে প্ৰসৱৰ পাচত মাতৃগৰাকীৰ বদহজমি ৰোধ কৰাতো ই সহায় কৰে। আপুনি ইয়াক ডাইল অথবা চাহত দি অথবা পানীত ৭-৮ ঘণ্টা তিয়াই পানীখিনি খাব পাৰে।

চফগুটি: চফগুটি যাক ফেনেল বুলিও কোৱা হয়, স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱাত সহায় কৰে। ই কেচুৱাটিক গাখিৰখিনি হজম কৰিবলৈ আৰু পেটৰ বিষ আৰু ফুলি উঠা ৰোধ কৰে। ই শ্বাস সতেজ কৰ্তা হিচাপে কাম কৰি মাতৃগৰাকীকো বদহজমি হোৱা ৰোধ কৰে। ইয়াক তেনেকৈয়ে খাব পাৰি অথবা দাইল অথবা ডেচাৰ্টত দি সোৱাদৰ বাবে খাব পাৰি।

গাজৰ: গাজৰ অথবা তাৰ ৰস তাৰিপুৱা অথবা দুপৰীয়াৰ আহাৰত খালে স্তনৰ গাখীৰৰ মাত্ৰা বাঢ়ে। ইয়াত স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱা পদাৰ্থ থাকে। ই মাতৃগৰাকীক হৃদৰোগ, ষ্ট্ৰোক আৰু কৰ্কটৰোগ হোৱাৰ পৰাও ৰক্ষা কৰে।

জীৰাগুটি: জীৰাক কামিন বুলিও কোৱা হয়। দুগ্ধপান কৰোৱা এগৰাকী মাতৃৰ গাখীৰৰ মাত্ৰা বঢ়োৱা লগতে ই খাদ্য হজম কৰা আৰু বেমাৰ প্ৰতিৰোধী ব্যৱস্থা শক্তিশালী কৰে। ইয়াক স্নেক অথবা ডাইলত সোৱাদৰ বাবে দিব পাৰি।

নহৰু: গাখীৰৰ মাত্ৰা বঢ়াবলৈ নহৰু এবিধ জনপ্ৰিয় খাদ্য। ইয়াত গাখীৰৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে আমাক বেমাৰৰ পৰা ৰক্ষা কৰা বহুত পদাৰ্থ থাকে। আপুনি ইয়াৰ আপোনাৰ দৈনিক খোৱা খাদ্যৰ লগত দি অথবা ভাজি ভাত অথবা শাক-পাচলিৰ লগত খাব পাৰে।

ৰঙলাওৰ গুটি: ৰঙলাওৰ গুটিয়ে শৰীৰত প্ৰয়োজনীয় ভিটামিন প্ৰদান কৰে যাৰ ফলত গাখীৰৰ মাত্ৰা বাঢ়ি যায়। ই মাতৃগৰাকীক খাদ্য হজম কৰাতো সহায় কৰে। ইয়াক চালাডত দি অথবা ভাজি স্নেক হিচাপে খাব পাৰি।

প’পী গুটি: প’পী গুটি অথবা খছ খছে দিগ্ধপান কৰোৱা মাতৃ এগৰাকীক জিৰোৱাত সহায় কৰে যাৰ ফলত গাখীৰৰ মাত্ৰা বাঢ়ি যায়। ইয়াক ব্যৱহাৰ কৰোতে সাৱধান হ’ব আৰু নিম্নতম মাত্ৰা ল’ব। ইয়াক গাখীৰৰ লগত অথবা ভাজি চালাডৰ লগত খাব পাৰিব।

পালেং: প্ৰসৱৰ পাচত আইৰন আৰু ভিটামিনৰ অভাৱত ভুগি থকা মহিলা এগৰাকীক সহায় কৰিবলৈ বহু ভিটামিন আৰু খনিজ লৱন থাকে। ইয়াৰ লগতে ই শৰীৰত থকা ক্ষতিকাৰক পদাৰ্থবোৰ বাহিৰ কৰাতি সহায় কৰে যাৰ ফাত শৰীৰটো স্বাস্থ্যৱান হৈ থাকে। আপুনি ইয়াক চালাড হিচাপে খাব পাৰে অথবা ডাইল কৰি অথবা ইয়াক চেপি সতেজ ৰস হিচাপে খাব পাৰে।

ক’লা তিল: তিলৰ গুটিত প্ৰচুৰ পৰিমাণে পোসক তত্ব আৰু খনিজ লৱণ থাকে আৰু সেইবাবেই স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱাৰ বাবে ই এক উৎকৃষ্ট খাদ্য। ৰান্ধিবলৈ আপুনি তিলৰ তেল ব্যৱহাৰ কৰিব পাৰে। আপুনি ইয়াক সজাবলৈ অথবা লাডুৰ দৰে ডেজাৰ্ট বনাবলৈ ব্যৱহাৰ কৰিব পাৰে।

এনিছৰ গুটি: এনিছৰ গুটি অথবা সৰু চফগুটি ৰান্ধিবলৈ আৰু ঔসধি হিচাপে ব্যৱহাৰ কৰিব পাৰি। ই আপোনাৰ স্তনলৈ তেজ যোৱাৰ মাত্ৰা বঢ়াই আনে, যাৰ ফলত গাখীৰৰ মাত্ৰা বাঢ়ে। আপুনি ইয়াক সাধাৰণভাৱে খাব পাৰে অথবা গাখীৰ অথবা পানীৰ লগত দি খাব পাৰে।

অ’টমীল: অ’টমীল অথবা ডালিয়া শক্তিৰ এক গুৰুত্বপূৰ্ণ শ্ৰৌত। ইয়াত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি হজম কৰাৰ বাবে আৰু মাতৃগৰাকীৰ স্বাস্থ্যৰ বাবে ভাল। ই গাখীৰ বৃদ্ধি কৰাত সহায় কৰে বুলি জনাজাত। আপুনি ইয়াৰ দ্বাৰা পৰিজ, ইদলি, পোহা অথবা ছিলা বনাব পাৰে।

বাৰ্লে: বাৰ্লে অথবা জৌ শৰীৰত তৰলৰ মাত্ৰা বৰ্তাই ৰাখে আৰু শক্তিৰ শ্ৰৌত আৰু স্তনৰ গাখীৰৰ মাত্ৰা বঢ়ায়। ইয়াৰ লগতে ই হজম কৰাত, ওজন কমোৱাত আৰু অন্য বেমাৰ ৰোধ কৰাৰ সহায় কৰে। আপুনি ইয়াক পানীত উতলাই খাব পাৰে অথবা চুপ বনাই খাব পাৰে অথবা ৰুটি কৰিও খাব পাৰে।

মিঠা আলু: মিঠা আলু অথবা চাকাৰকান্দ হৈছে ভিটামিন আৰু খনিজ লৱণৰ এক গুৰুত্বপূৰ্ণ শ্ৰৌত আৰু এগৰাকী গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাৰ বাবে এক প্ৰয়োজনীয় অংশ। মিঠা আলুত মেগ্নেচিয়াম যি এটা ভাল আৰু স্বাস্থ্যৱান পেটৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াক সিজাই অথবা পুৰি খাব পাৰে অথবা শাক-পাচলিৰ চুপ অথবা পুডিং কৰি খাব পাৰে।

জাতিলাও: জাতিলাও হৈছে পোষক তত্বৰ এক গুৰুত্বপূৰ্ণ শ্ৰৌত আৰু সেইবাবে গাখীৰৰ মাত্ৰা বঢ়োৱাৰ বাবে প্ৰয়োজনীয়। ই শৰীৰত তৰলৰ মাত্ৰা বৰ্তাই ৰাখে যিটো গাখীৰৰ মাত্ৰা বঢ়োৱাৰ বাবে প্ৰয়োজনীয়। আপুনি ইয়াক ডাইলত অন্য শাক-পাচলিৰ লগত দিব পাৰে আৰু ৰস উলিয়াই টেঙা চেপি খাব পাৰে।

তিতা কেৰেলা: কেৰেলাত ফ’লিক এচিড আৰু পোষক তত্ব থাকে যি গাখীৰৰ মাত্ৰা বঢ়োৱাত সহায় কৰে। ইয়াৰ লগতে ই মাতৃগৰাকীৰ লিভাৰৰ কাৰ্য ভাল কৰি, শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ উলিয়াই আৰু হজম কৰাত সহায় কৰে। ডায়েবেটিজৰ ৰোগীসকলে তেজত ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে আৰু সেইবাবে ডায়েবেটিজত ভোগা মাতৃসকলে নিজৰ স্বাস্থ্যৰ উন্নতি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব লাগে।

সামৰণি:

ওপৰত উল্লেখিত খাদ্যসমূহে স্তনৰ গাখীৰৰ মাত্ৰা বঢ়োৱা খাদ্যৰ তালিকা মাত্ৰ এটা সৰু অংশ। এইবোৰ দুগ্ধপান কৰোৱাৰ লগতে মাতৃগৰাকীৰ স্বাস্থ্যৰ বাবেও বাবেও প্ৰয়োজনীয়।