গৰ্ভৱতী মহিলাৰ বাবে এখন খাদ্যৰ গাইড : কি খোৱা উচিত আৰু কি অনুচিত

 

আপুনি যেনে খাদ্য খায়, তেনে ৰুপ লয়” – এটা বহুপ্ৰচলিত কথন যি প্ৰায়বোৰ মহিলাই জানে আৰু প্ৰত্যেক গৰ্ভৱতী মহিলাক এক বাৰ্তা প্ৰদান কৰি অহিছে | ইয়াক এনেকেও কব পাৰি যে আপোনাক যদি এটা সুস্বাস্থ্য লাগে, তেন্তে আপুনি সুস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগিব | গৰ্ভাৱস্থা এনে এক সময় যত বহুত খিনি বস্তুৰে আৱশ্যকতা আহি পৰে, পোষণৰ পৰা মানসিক অৱস্থালৈ যাক ধ্যান দিয়া উচিত, যাতে মাতৃ গৰাকীৰ পুষ্টিহীনতাত নহয় যি ভাৰতৰ ভালে সংখ্যক পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত নৱজাতক শিশুৰ কম ওজন আৰু মাতৃৰ মৃত্যুৰ কাৰণ হোৱাটো দেখা যায় | মাতৃৰ আৰু শিশুৰ বাবে খাদ্য এক মৌলিক আৱশ্যকতা যাক অৱহেলা কৰা অনুচিত | হয় আপুনি প্ৰতিদিনে খাদ্য খায়, কিন্তু আপুনি উচিত খাদ্য গ্ৰহণ কৰি আছেনে আৰু ইয়াৰ পৰা উচিত মাত্ৰাত পোষণ  পাইছেনে?

এগৰাকী সাধাৰণ মহিলাৰ খাদ্য এগৰাকী গৰ্ভৱতী মহিলাৰ খাদ্যৰ পৰা ভিন্ন হয় | শিশুটিৰ আৱশ্যকতা অনুসৰি অতিৰিক্ত খাদ্যৰ দৰকাৰ আৰু কেলচিয়াম, ফলিক এচিড, লোহ, প্ৰোটিনৰ অতিৰিক্ত মাত্ৰা আপোনাৰ আৰু আপোনাৰ শিশুৰ বাবে আৱশ্যক | আপোনাৰ ভাব হব পাৰে যে এনেবোৰ পোষণ যিকোনো খাদ্যৰ পৰা পাব পাৰি, কিন্তু এইটো ভুল | যিহেতু ইয়ে আপোনাৰ লগতে আপোনাৰ শিশুৰ বিকাশত আৰু এক সুস্থ গৰ্ভধাৰণত সহায় কৰে সেইকাৰনে উচিত পোষণ আৰু কি ধৰণৰ খাদ্যত এইবিলাক পোৱা যায় এই বিষয়ে জনাতো জৰুৰী |

পোষক তত্ব ব্যৱহাৰ উৎস অনুমোদিত সুষম আহাৰ

কেলচিয়াম গৰ্ভত থকা শিশুৰ দাঁত, হাড়ৰ বৃদ্ধিৰ বাবে, কেলচিয়াম যুক্ত মাতৃ দুগ্ধ উৎপন্নৰ বাবে আৰু মাতৃৰ অস্তিওপোৰোচিছ ৰোধৰ বাবে | টিপভিটামিন ডিয়ে কেলচিয়াম বিলীনত সহায় কৰে, দৈনিক ব্যায়াম দ্বাৰা হাড়ৰ কেলচিয়ামৰ ক্ষতি ৰোধ কৰিব পাৰি|গাখীৰ, দৈ, ৰগু, জি এল ভি, ৰাজকিৰা, জোৱাৰ, মাকৈ আদিৰ আটা আৰু সেউজীয়া শাক পাচলি গৰ্ভৱতী মহিলা আৰু গাখীৰ খুৱাই থকা মহিলাৰ বাবে : ১২০০ mg/d(খাদ্যত এই স্তৰ পাবৰ কাৰনে, নিম্নতম ২০০ ml গাখীৰ, শাক পাচলি তথা শস্য যুক্ত আহাৰৰ লগত গ্ৰহণ কৰিব লাগিব

ফলিক এচিড জন্মৰ সময়ত শিশুৰ ওজন বৃদ্ধি কৰে আৰু জন্মগত অসাধৰণতা কিছুমান ৰোধ কৰে সেউজীয়া শাক পাচলি,দালি, বাদাম আৰু লিভাৰ |

দেহৰ ওজন kg

গৰ্ভৱতী ৫৫ 00 ug/d

গাখীৰ খুৱাই থকা (0m-১২m) ৫৫ ৩০০ ug/d

লোহ হিমগ্লবিন সংশ্লেষণ বাবে, মানসিক কাৰুকাৰ্য আৰু ৰোগৰ বিৰুদ্ধে অনাক্ৰম্যতাৰ বাবে দৰকাৰ | টিপভিটামিন চি যুক্ত আহাৰ যেনে বগৰি, আমলখি, মধুৰিআম আদিয়ে লোহ বিলীনত সহায় কৰে আৰু ইফালে চাহ, কফি আদিয়ে লোহক্ষতিৰ কাৰক | সেয়েহে আহাৰৰ পুৰ্বে, আহাৰৰ সময়ত বা পাছত ইয়াক সেবন কৰিব নালাগে | মাংস, মাছ, শুকান মাহমটৰ, লোহযুক্ত শস্য  তৃতীয় যন্মাষিক হিচাবত লোহৰ প্ৰয়োজন ১০১২ kg ওজন লাভ কৰা ভাৰতীয় গৰ্ভৱতী মহিলাৰ বাবে :

তৃতীয়া যন্মাষিক ১০ kg জি ডব্ল্যু জি ১২ kg জি ডব্ল্যু জি

প্ৰথম ১৩০ ১৩৮

দ্বিতীয় ৩২০ ৩৭২

তৃতীয় ৩১০ ৩৫১

মুঠ ৮৬১

প্ৰোটিন শিশুৰ কিছুমান গুৰুত্বপুৰ্ণ অংগৰ যেনে হৃদয়, মস্তিষ্ক আদিৰ বিকশত সহায় কৰে মাছ, মাংস, শুকান মাহমটৰ, কণী, বাদাম, দালি, সৰিয়হ আদি ভাৰতীয় গৰ্ভৱতী মহিলাৰ যাৰ ৫৫ kg ওজন আৰু গৰ্ভধাৰণত ১০১২ kg ওজন লাভ কৰিছে , তেওলোকৰ বাবে গৰ্ভধাৰণৰ দ্বিতীয় আৰু তৃতীয় যন্মাষিকৰ কালচোৱাত অতিৰিক্ত হিচাবে গড় ৩৫০ kcal/দিনে অনোমোদন কৰা হয় |

এগৰাকী গৰ্ভৱতী মহিলাৰ কেলচিয়াম, লিক এচিড, প্ৰোটিন আৰু লোহৰ দৰকাৰৰ মাত্ৰা সাধাৰনতে এইবোৰ কাৰনত বেছি | কিন্তু ইয়াৰ লগতে আমি অন্য খাদ্যৰ পৰা অহা লাগতীয়াল পোষনৰ যেনে আয়োডিন আৰু ভিটামিণ আদিৰ কথাও পাহৰি যোৱাতো অনুচিত যিবোৰে এক স্বাস্থ্যবান জীৱন শৈলী আৰু গৰ্ভধাৰণৰ কালচোৱাত পোষনৰ জোগান ধৰে | এনেবোৰ খাদ্যক ৫টা ভাগত বিভক্ত কৰা হৈছে : ফল, সেউজীয়া শাক পাচলি, পাতল প্ৰোটিন, শস্য আৰু গাখীৰেৰে বনোৱা বস্তু |  আপুনি খাদ্য গ্ৰহণ কৰা প্ৰতিটো ক্ষণ, আপোনাৰ শিশুটিক প্ৰতিপালন কৰাৰ এটি সুজোগ |

যদি আপোনাৰ চিকিৎসকে কোনো পৰিপূৰকৰ অনুমোদন কৰিছে , তেন্তে নিৰ্দেশ অনুসৰি উচিত মাত্ৰা আৰু সময়ত | ঔষধৰ ব্যৱহাৰ তেতিয়াহে কৰিব যেতিয়া আপোনাৰ চিকিৎসকে নিৰ্দেশ দিয়ে | এইখিনিলৈ আপুনি নিচ্চয় জানিলে যে গৰ্ভধাৰণৰ কালচোৱাত কি খোৱা উচিত, এতিয়া আমি আগ বাঢ়ো এইটো জানিবলৈ যে গৰ্ভাৱস্থাত কি খোৱা অনুচিত বা কম পৰিমাণে খোৱা উচিত |

আহাৰৰ নিৰ্দেশনা

  • বিভিন্ন ধৰনৰ খাদ্য গ্ৰহণ কৰিব যাতে আহাৰ সন্তুলিত হৈ থাকে
  • ফলমুল আৰু পাচলি অধিক পৰিমাণত গ্ৰহণ কৰিব
  • নিমখৰ ব্যৱহাৰ নিম্নতমলৈ আনিব
  • কম পৰিমাণে তেল আৰু মাংস গ্ৰহণ কৰিব আৰু লগতে ঘিঁউ, মাখন, বনস্পতি আদিৰ ব্যৱহাৰ কম কৰিব
  • মেদবহুল আৰু শকত নহবলৈ বেছি পৰিমাণে খাদ্য গ্ৰহণ নকৰিব
  • দৈনিক ব্যায়াম কৰিব যাতে এক স্বাস্থ্যকৰ দেহৰ ওজন থাকে
  • পানী অধিক পাৰিমাণে গ্ৰহণ কৰিব লাগে লগতে চাহকফি আদি মধ্যম পৰিমাণত গ্ৰহণ কৰিব লাগে

সীমিত কৰা আৰু ত্যাগ কৰা দুটা বেলেগ কথা | সীমিত মানে আপুনি কোনো এবিধ বস্তু খাব পাৰে কিন্তু এক সীমাৰ ভিতৰত ; ত্যাগ কৰা মানে আপুনি সেইবিধ খাদ্য সম্পূৰ্ণ ভাৱে এৰাই চলিব |

সীমিত কৰক : অপৰিপক্ক জন্ম আৰু গৰ্ভনাশৰ পৰা হাত সাৰিবলৈ কেফেইনৰ মাত্ৰা দিনে ২০০ mg কৈ বেছি গ্ৰহণ নকৰিব, যিটো পৰিমাণ ঠিক ১২ আউঞ্চৰ কাপৰ কফিত পোৱা যায় |

ত্যাগ কৰক : মদ আৰু চাধা  সেৱন কৰিলে শিশুটোলৈ গুচি যাব পাৰে আৰু আহৰণ তথা ব্যৱহাৰৰ সমস্যাই দেখা দিব পাৰে | বিনাউতলা খাদ্য : উতলাই খাদ্য নাখালে ইয়াৰ পৰা খাদ্যৰ বিষক্ৰিয়া, লিস্তেৰিয়া বেক্তেৰিয়াৰ আক্ৰমণৰ ফলত লিস্তেৰিঅচিচ  হব পাৰে, আৰু পৰজীৱীৰ দ্বাৰা সংক্ৰমণ হব পাৰে | অন্ধ বিশ্বাস আৰু খাদ্যৰ অজাচাৰ ত্যাগ কৰক | – আপোনাৰ শিশুটিৰ বাবে সুস্থ বিকল্প বাচি লওক |

গৰ্ভধাৰণৰ কালচোৱাত লাগতীয়াল পোষণ পাবৰ কাৰনে ইমান বিধ খাদ্য গ্ৰহণ কৰাৰ লগতে আপুনি আপোনাৰ শৰীৰৰ ওজনৰ উপৰতো ধ্যান ৰখা উচিত | গৰ্ভধাৰণৰ সময়ত এগৰাকী মহিলাৰ শাৰীৰিক ওজন যদি গৰ্ভধাৰণৰ বাবে সঠিক নহয়, তেন্তে শিশুটিৰো ওজন কম হৈ থাকিব যাৰ ফলত ইয়াৰ বিপদাশঙ্কা হব পাৰে | আনফালে, সুস্থ ওজনৰ তুলনাত শাৰীৰিক ওজন যদি অতিৰিক্ত হয়, তেন্তে ইয়াৰ ফলত এক অধিক ওজন থকা সুস্থ শিশু জন্ম পোৱাটো নিশ্চিত নহয় বৰং শিশুৰ জন্মৰ পিছত শৰীৰৰ ওজন কমাবলৈ আপোনাৰ কষ্ট হে হব | অনুমোদিত বি এম আইৰ হিচাবত আপোনাৰ ওজন নিশ্চিত কৰিবৰ বাবে কোনো স্বাস্থ্যকৰ্মীৰ লগত আলোচনা কৰক |

৯৫ চেন্তাইল মুল্যওজন (Kg), উচ্চতা (cm) আৰু বি এম আই , বয়স আৰু লিংগৰ হিচাপত : গ্ৰামীণ ভাৰত

বয়স ওজন(kg) উচ্চতা(cm) বি এম আই

১৪ ৪৭. ১৫৭. ১৯.

১৫ ৪৯. ১৫৮. ১৯.

১৬ ৫১. ১৫৯. ২০.

১৭ ৫২. ১৬০. ২০.

১৮১৯ ৫৩. ১৬১. ২০.

২০২৪ ৫৪. ১৬০. ২১.

২৫২৯ ৫৬. ১৬১. ২১.

এয়া এক আনন্দৰ অনুভুতি যেতিয়া আপুনি ভাল পোৱা মানুহবোৰে আপোনাৰ গৰ্ভধাৰণৰ কথা শুনি আনন্দত উৎফুলিত হৈ পৰে , কিন্তু এয়াই কিছুমান ভুল তথ্য বা পৰামৰ্শৰ কাৰনো হৈ পৰে | গৰ্ভধাৰণৰ সময়ত কি হয় আৰু কি নহয় এইবোৰ কথা বিশ্বাস কৰাৰ আগতে, আমি ইয়াৰ সত্যতা জানি লও আহক | এনেবোৰ কল্পিত কথাত বিশ্বাস কৰি হাঁহাত কোনো ক্ষতি নাই বৰং ভাল হে কাৰণ হাঁহিলে আপোনাৰ লগতে শিশুটিৰ অনুভূতিৰ উন্নতি হয় আৰু অৱস্থাটোক কম বিপদজনক কৰি তোলে | কিন্তু আপুনি জনাতো উচিত যে এনেবোৰ কথাৰ বৈজ্ঞানিক ব্যাখ্যা আছে আৰু অন্ধভাৱে ইয়াক বিশ্বাস কৰিব নালাগে |

গৰ্ভধাৰণৰ কিছুমান কল্পিত কথা

কল্পিত কথা সত্য

অৰুচি ভাৱ হোৱা মানে মোৰ শিশুটিয়ে লাগতীয়াল পোষণ পোৱা নাই| গৰ্ভধাৰণৰ সময়ত দেখা দিয়া এক অতি সাধাৰন লক্ষণ যি দেহত হৰমোণৰ পৰিবৰ্তনৰ বাবে হয়|

পেটত সাধাৰণভাৱে স্পৰ্শ কৰিলে ভ্ৰুণৰ নাশ হব পাৰে| আপোনাৰ শিশুটি আপোনাৰ পেটৰ ভিতৰত সুৰক্ষিত ভাৱে এক কুশ্বন জাতীয় বেগৰ ভিতৰত উপঙি থাকে যিটোৱে ইয়াক হেচা, বাগৰি পৰা আদিৰ পৰা বচাই ৰাখে | কিন্তু যদি আপোনাৰ পেট খামোচ মাৰি ধৰা বা যোনিৰে ৰক্তখৰণ হয় তেন্তে তুৰন্তে চিকিৎসকৰ কাষ চাপক |

ব্যায়াম কৰিলে মোৰ শিশুটিৰ হানি হব পাৰে | ব্যায়াম আপোনাৰ চিকিৎসকৰ পৰামৰ্শত কোনো স্বাস্থ্যকৰ্মীৰ দ্বাৰা কৰিব লাগে | হৃষ্টপুষ্ট হৈ থাকিলে আপুনি বল বাঢ়িব আৰু শিশু জন্ম দিয়াৰ নিচিনা কঠিন কাৰ্য্যৰ বাবে আপোনাক তৈয়াৰ কৰি তুলিব | খোজ কাঢ়াটো সকলোতকৈ সুৰক্ষিত ব্যায়াম, সাঁতোৰ, উশাহ লোৱা ব্যায়াম আৰো যোগাসন আদি কিছুমান অনুমোদিত ব্যায়াম যি কেবল চিকিৎসকৰ পৰামৰ্শৰ পিছতহে কৰিব লাগে |

তল পেট উলোৱা মানে ৰা আৰু ব্ৰণ থকা মানে ছোৱালীএইবোৰ লক্ষণৰ লিংগৰ সৈতে কোনো সম্পৰ্ক নাই | দ্বিতীয় গৰ্ভধাৰণ হলে তল পেট উলাব পাৰে কাৰণ পেটৰ মাংসপেশী নৰম আৰু ধিলা হৈ যায় | ঠিক তেনেদৰে ব্ৰণৰ সৈতে লিংগৰ কোনো কথা নাই, হৰমোণ পৰিবৰ্তনৰ বাবে দেথা দিয়ে |

অমিতা খালে গৰ্ভনাশ হয়| কেঁচা অমিতাত ছ্যামোপেপিন থকা বুলি সন্দেহ কৰা হয় যি গৰ্ভপাত বা অসাময়িক বিষৰ কাৰণ  হব পাৰে | পকা অমিতা কিন্তু বিপদমুক্ত বুলি ধৰা হয় | ইয়াৰ উপৰিও পকা অমিতা ভিটামিন এক উত্তম উৎস |

গৰ্ভৱতী মহিলাই দুজনৰ বাবে খাব লাগেএক গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত খাদ্যত পোষণৰ মাত্ৰাৰ আৱশ্যকতা বাঢ়ি যায়, সেয়েহে তেও বিভিন্ন ধৰণৰ খাদ্য অতিৰিক্ত হিচাপে খাব লাগে |

গোটেইখিনি কথা আওৰাই কব গলে, এক সন্তুলিত আহাৰ গ্ৰহণ কৰিলে আপোনাৰ শাৰীৰিক ওজন সঠিক হৈ থাকিব আৰু চিকিৎসকৰ পৰামৰ্শত ব্যায়াম কৰি থাকিলে আপোনাৰ এটি সুস্থ শিশু জন্ম পাব | এতিয়া বাকি থাকিল কেবল কি খোৱা উচিত আৰু কি অনুচিত| আপুনি অনুসৰণ কৰাটো আৰু আপোনাৰ চিকিৎসকৰ পৰামৰ্শ মানি চলাটোএক স্বাস্থ্যবান শিশু এক স্বাস্থ্যবান গৰ্ভধাৰণৰ লগতে আৰম্ভ হয় |

________________________________________