গৰ্ভাৱস্থাত খাদ্য- অন্ধবিশ্বাসবোৰ আঁতৰোৱা

 

সকলো গৰ্ভাৱতী মহিলায়ে বহু মানুহৰ মুখামুখি হৈছে যিসকলে তেঁওলোকক শিশুৰ বিকাশত প্ৰভাৱ পেলাব পাৰে তথাপিও কিছুমান উপদেশ মূল্যৱান থাকে কিন্তু কিছুমান উপদেশ পুৰ্বপুৰুষসকলৰ পৰা আহিছে যিসকলক তেঁওলোকে দশকধৰি বিশ্বাস কৰি আহিছে

এইটো প্ৰবন্ধত আমি সেইবোৰ অন্ধবিশ্বাসবোৰত পোহৰ পেলাবলৈ লৈছোঁ আৰু চাওঁ যে সেইবোৰ আমাৰ বাবে ভাল নে বেয়া!

অন্ধবিশ্বাস #গৰ্ভাৱতী মহিলায়ে অমিতা খাব নালাগে

আমি শুনি আহিছোঁ যে অমিতাৰ ফলত গৰ্ভপাত পাৰে, কিন্তু কিমানপৰ সত্য?

অমিতাত লেটেক্স নামৰ এটা পদাৰ্থ থাকে যাক ডাঠ মাত্ৰাত সেৱন কৰাৰ ফলত লেটেক্স গৰ্ভাশয় সংকোচন অথবা প্ৰাকৃতিক গৰ্ভপাত হব পাৰে কেঁচা অমিতাত পকা অমিতাতকৈ বেছি পৰিমাণে লেটেক্স থাকে আৰু সেইবাবে ইয়াক এটা খোৱাৰ পৰা বিৰত থাকক! অমিতাৰ গুটি আৰু  বাকলিও একেটা কাৰণৰ বাবে নাখাবলৈ পৰামৰ্শ দিয়া হয়

তাৰ বিপৰীতে পকা অমিতাত কম পৰিমাণে লেটেক্স থাকে আৰু ভিটামিন A, B, C আৰু E, বেটাকেৰটিন, কলিক এচিড আৰু ফাইবাব্ৰ ভাল শ্ৰৌত, সেইবাবে ইয়াক হব লগা মাতৃসকলে কম পৰিমাণত খাব পাৰে ভিটামিনবোৰ শৰীৰৰ বেমাৰ প্ৰতিৰোধী শক্তিৰ বাবে আৰু বিশেষকৈ ভ্ৰূণৰ বিকাশৰ বাবে B ভিটামিন নিতান্তই প্ৰয়োজনীয় পকা অমিতায়ে বদহজম, পেট ফুলি উঠা, গেষ্ট্ৰিকৰ সমস্যা আৰু বুকুৰ জ্বলাপোৰাও কম কৰাত সহায় কৰে

অন্ধবিশ্বাস# কেফেইন সেৱন কৰাৰ ফলত গৰ্ভপাত হয়

কেফেইন, যাক প্ৰাকৃতিকভাৱে চাহ, কফি আৰু ছকলেটত পোৱা যায় এটা ষ্টিমিলেণ্ট আৰু ডাইউৰেটিক হিচাপে কাম কৰে ষ্টিমুলেণ্টে ৰক্তচাপ আৰু হৃদপিণ্ডৰ ধপধপনি বঢ়ায় যিটো গৰ্ভাৱস্থাত ভাল কথা নহয় ডাইউৰেটিকে বৃক্কৰ ওপৰত কাম কৰে আৰু শৰীৰৰ তৰলৰ পৰিমাণ কমায় আনে যাৰ ফলত সঘনে প্ৰস্ৰাৱ কৰা হয় যেতিয়া শৰীৰত তৰলৰ মাত্ৰা কমি যায়, তেতিয়া শৰীৰত পানীৰ অভাৱে দেখা দিয়ে

প্ৰতিটো বস্তুৰে অতিমাত্ৰা বেয়া কেফেইন সীমিত মাত্ৰাত লব লাগে (প্ৰতিদিনে ২০০ mg তকৈ কম কেফেইন লব লাগে) কিয়নো কেফেইনৰ অতিমাত্ৰাৰ ফলত কেচুৱাৰ কম ওজন আৰু গৰ্ভপাতো হব পাৰে

অন্ধবিশ্বাস# বাদাম খোৱৰ ফলত জন্ম নোহোৱা শিশুটিৰ এলাৰ্জি হয়

বহুতো অন্তঃসত্ত্বা মাতৃক বাদামৰ পৰা আঁতৰি থাকিবলৈ কোৱা হয় কিয়নো ইয়াৰ ফলত জন্ম নোহোৱা শিশুটিৰ এলাৰ্জি হব পাৰে, কিন্তু এইটো সঁচা নহয় বাদাম এটা স্বাস্থ্যকৰ আহাৰৰ অংশ হব পাৰে কিয়নো ভিটামিন E, ফলেট আৰু প্ৰটীনৰ ভাল শ্ৰৌত আৰু গৰ্ভাৱস্থাত মযদি মাতৃগৰাকীৰ বাদামৰ প্ৰতি এলাৰ্জিৰ ভাৱ নাই তেন্তে খাবলৈ সুৰক্ষিত

Myth #4 pregnant mothers shouldn’t eat fish

অন্ধবিশ্বাস #4 গৰ্ভাৱতী মাতৃয়ে মাছ খাব নালাগে

মাছত প্ৰয়োজনীয় পোষক তত্ব যেনে অমিগা , ভিটামিন  আৰু অন্যান্য খনিজ লৱন থাকে উচ্চ পৰ্যায়ৰ প্ৰটীন আৰু কম পৰিমাণে চেট্যুৰেটেড চৰ্বি থকা আহাৰৰ ভাল শ্ৰৌত তথাপিও কিছুমান মাছত উচ্চ পৰিমাণৰ পাৰা থাকে আৰু সেইবোৰৰ বিষাক্ত প্ৰভাৱৰ বাবে ইহঁতক খাব নালাগে তলত উল্লেখ কৰা হৈছে কোনবোৰ মাছ খাবলৈ সুৰক্ষিত আৰু কোনবোৰ বিপদজনক

ছ্ৰিম্প, টিনত থকা লাইট টুণা, চেলমন, পলক আৰু কেটফিছত কম পৰিমাণে পাৰা থাকে আৰু ইহঁতক আপুনি খাদ্যত ৰাখিব পাৰে

চাৰ্ক, স্বৰ্ডফিছ, টাইলফিছ আৰু কিং মেকেৰেলত বহু পৰিমাণে পাৰা থাকে আৰু সেইবাবে খাব নালাগে

বাঢ়ি অহা কেচুৱাটিৰ পোষত তত্বৰ প্ৰয়োজনবোৰ পুৰাবলৈ চাপ্লিমেণ্টেৰী ফিছ অইল সেৱন কৰিবলৈ সুৰক্ষিত

অন্ধবিশ্বাস # মছলাযুক্ত খাদ্য প্ৰাকৃতিকভাৱে গৰ্ভপাত হোৱাৰ এটা কাৰণ

অন্তঃসত্ত্বা মাতৃসকলে বুকুত জ্বলাপোৰা অনুভৱ কৰিব পাৰে আৰু সেইবাবে মছলাযুক্ত খাদ্যৰ পৰা আঁতৰি থকাটো ভাল যদিও মছলাযুক্ত খাদ্য খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ কোনো তথ্য পোৱা নাই গৰ্ভাৱস্থাত খাদ্যৰ প্ৰতি লোভ বাঢ়ি যায় আৰু কম মাত্ৰাত যিকোনো বস্তু খোৱাটো ভাল কাৰণ মাতৃ আৰু শিশু দুয়োৰে বাবে ভাল

অন্ধবিশ্বাস # ঘিউ খালে প্ৰসৱ সহজ হয়নে?

আগৰ দিনৰ মহিলাসকলৰ বাবে এইটো এটা সাধাৰণ জনবিশ্বাস যে খাদ্যত ঘিউ যোগ কৰিলে গৰ্ভাৱস্থাত সহায় হয় আৰু প্ৰসৱৰ বাবে গৰ্ভাশয়ৰ মাংশপেশীবোৰ পিছল কৰি তোলে ঘিউৰ বহুতো পোসক গুণ আছে আৰু ইয়াক কম পৰিমাণত খাদ্যত যোগ কৰিব পাৰি ঘিউক পোনপটিয়াকৈ পি খোৱাৰ পৰামৰ্শ দিয়া নহয়, ইয়াক ৰান্ধোঁতে ব্যৱহাৰ কৰিব পাৰি কিয়নো থিতাতে শক্তি প্ৰদান কৰে

অন্ধবিশ্বাস# নাৰিকলৰ পানী খালে কেচুৱাটি বগা আৰু তাৰ চুলিবোৰ ঘন হবনে?

বহুতো হব লগা মাতৃয়ে নাৰিকলৰ পানীৰ পৰা হোৱা লাভসমুহৰ বিষয়ে শুনি আহিছে, আৰু আটাইতকৈ বেছি শুনা কথাটো হৈছে যে নাৰিকলৰ পানী খালে কেচুৱাটি বগা হয় আৰু চুলিবোৰ ঘন হয় এইটো সঁচা নহয় কাৰণ বিজ্ঞানে কয় যে পিতৃমাতৃৰ জিনেহে কেচুৱাটিক নিৰ্ণয় কৰিব, নাৰিকলৰ পানীয়ে নহয় নাৰিকলৰ পানীৰ অন্য ভাল গুন আছে যেনে বদহজম হোৱাৰ পৰা ৰক্ষা কৰে কিয়নো ইয়াত ফাইবাৰ আৰু মেগনেচিয়াম থাকে আৰু মানুহজনৰ শৰীৰত তৰলৰ মাত্ৰা বৰ্তাই ৰাখে

অন্ধবিশ্বাস# কেশৰ খালে কেচুৱাটিৰ বৰণৰ ওপৰত প্ৰভাৱ পৰিবনে?

এইটো বিশ্বাস আগৰ দিনৰ মহিলাসকলৰ মাজত প্ৰচলিত আছিল কিন্তু ইও অন্য এক অন্ধবিশ্বাস গৰ্ভাৱস্থাত মহিলাৰ চাল শুকান আৰু শেঁতা পৰি যায় আৰু কেশৰক ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ উপৰিও মাংশপেশীবোৰক সৰলভাৱে থকাত সহায় কৰে যিটো গৰ্ভাৱস্থাৰ বাবে উপযোগী আপোনাৰ হতাশাৰ পৰাও আঁতৰাই ৰাখে আৰু গৰ্ভাৱস্থাৰ সময়ত হোৱা মনৰ খেলিমেলিবোৰৰ পৰাও আঁতৰাই ৰাখে তথাপিও কেচুৱাৰ বৰণৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কিয়নো কেচুৱাটিৰ বৰণ আৰু বৈচিত্ৰসমূহ সম্পূৰ্ণৰূপে পিতৃমাতৃৰ ওপৰত নিৰ্ভৰশীল

১০ mg তকৈ বেছি কেশৰ সেৱন নকৰাৰ পৰামৰ্শ দিয়া হয় কিয়নো ইয়াৰ ফলত গৰ্ভাশয়ৰ সংকোচন হব পাৰে

আপোনাৰ আৰু আপোনাৰ কেচুৱাটিৰ ভালৰ বাবে কিছুমান অন্ধবিশ্বাসৰ ওপৰত বিশ্বাস কৰি নিজকে ভাল ফলসমূহৰ পৰা বঞ্চিত কৰি কখাতকৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ এটা গ্ৰহণযোগ্য খাদ্য আঁচনি বনাই লোৱাটো আটাইতকৈ ভাল উপায় প্ৰতিটো বস্তু সীমিত মাত্ৰাত সেৱন কৰাটো এটা নিয়ম বনাই লওক

________________________________________