স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা আৰু ইয়াৰ গুৰুত্ব

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা আৰু ইয়াৰ গুৰুত্ব

 

স্তনৰ গাখীৰক গোটেই বিশ্বজুৰি কেচুৱাৰ বাবে আটাইতকৈ ভাল পোষক তত্বৰ শ্ৰৌত হিচাপে ধৰা হয়। বিশ্ব স্বাস্থ্য সংগঠনে (WHO) প্ৰথম ৬ মাহৰ বাবে নৱজাতকক দ্যগ্ধপান কৰাবলৈ পৰামৰ্শ দিয়ে কিয়নো ইয়াৰ বাবে মাতৃ আৰু কেচুৱাৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘদিনৰ বাবে উপকাৰী প্ৰভাৱ কিছুমান পৰে।

তথাপিও কেতিয়াবা এনে অৱস্থা আহিব পাৰে য’ত মাতৃগৰাকীয়ে কেচুৱাটিক দুগ্ধপান কৰাবলৈ অসমৰ্থ হ’ব পাৰে। তেনেকুৱা অৱস্থাত আপোনাৰ কেচুৱাটিক পোসক তত্ব প্ৰদান কৰিবলৈ স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰাটো আটাইতকৈ ভাল বিকল্প।

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা” মানে কি?

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা মানে হৈছে আপোনাৰ স্তনৰ পৰা গাখীৰ নিজেই উলিয়াই আপোনাৰ কেচুৱাৰ বাবে থৈ দিয়া।

স্তনৰ গাখীৰ কিয় এক্সপ্ৰেচ কৰিব?

আপোনাৰ কেচৱাটিক পোষক তত্ব দিবলৈ দুগ্ধপান কৰোৱাটো আটাইতকৈ ভাল উপায়। ই কেচুৱাটিক পোষক তত্ব দিয়াৰ লগতে মাতৃ আৰু কেচুৱাটিৰ মাজত এটা অটুট সম্পৰ্ক গঢ়ি তোলে।

কিন্তু কেতিয়াবা দুগ্ধপান কৰাব নোৱাৰা পৰিস্থিতিও আহিব পাৰে। তাৰে কিছুমান উদাহৰণ হৈছে:

  • মাতৃগৰাকী কৰ্মৰ বাবে আঁতৰত থাকিব লগা হ’ব পাৰে
  • কেচুৱাটি মাতৃগৰাকীৰ পৰা আতঁৰত চিকিৎসালয়ত থোৱা হৈছে
  • চোপোতে নৱজাতকবোৰে সমস্যা পাব পাৰে
  • কেচুৱাটি অস্থায়ীভাৱে আনৰ পৰিচৰ্যাত আছে, যেনে: ধাই
  • মাতৃগৰাকীৰ গাখীৰ ওলোৱা নলিকা ব্লক হৈ থাইব পাৰে
  • নতুন মাতৃগৰাকীৰ ফটা নিপ্পল অথবা মাষ্টিটিচৰ দৰে সংক্ৰমণ হ’ব পাৰে
  • মাতৃগৰাকীয়ে কম পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰিছে
  • গাখীৰ খুৱাওতে স্তনকেইটা ফুলি উঠিব পাৰে

স্তনৰ গখীৰ একচপ্ৰেচ কৰাৰ আগতে ল’বলগা সাৱধানতাসমূহ:

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰিবলি যিকোনো কৌশল ব্যৱহাৰ কৰাৰ আগতে আমি এটা কঠোৰ সুৰক্ষা আৰু স্বচ্ছতা কাৰ্যসূচী মানি চলিব লাগে। তাৰে কিছুমান তলত দিয়া হৈছে। আপোনাৰ কেচুৱাটি যাতে সকলো সংক্ৰমণৰ পৰা বাছি থাকে তাকে নিশ্চিত কৰিবলৈ এইবোৰ দিয়া হৈছে।

  • চাবোন আৰু গৰম পানীৰে হাত ধুব
  • স্তনৰ গাখীৰ থ’বলৈ ব্যৱহাৰ কৰা কাপ অথবা বটলবোৰ (সাঁফৰ খনো) ষ্টেৰিলাইজ কৰিব লাগে
  • আমাৰ হাতে যাতে পাত্ৰটোৰ ভিতৰখন স্পৰ্শ নকৰে এই কথা নিশ্চিত কৰা
  • তনৰ গাখীৰ উলিয়াবলৈ ব্যৱহাৰ কৰা পাম্প আৰু তাৰ অংশবোৰ ষ্টেৰিলাইজ কৰিব লাগে।
  • এক্সপ্ৰেচ কৰা স্তনৰ গাখীৰ যাতে ততাতৈয়াকৈ ফ্ৰিজত থোৱা হয় এই কথা নিশ্চিত কৰা

এক্সপ্ৰেচ কৰাৰ আগতে মনত ৰাখিবলগা কথা:

  • এডোখৰ আৰামদায়ক ঠাই বিচাৰি জীৰাওক
  • এক্সপ্ৰেচ কৰা আগতে গৰম পানীৰে গা ধুলে অথবা গৰম পানীয় খালে সহায় পাব পাৰে
  • আপোনাৰ স্তনৰ এখন গৰম টাৱেল দিলে আপোনাৰ গাখীৰ সহজতে ওলাব পাৰিব
  • এক্সপ্ৰেচ কৰাৰ আগতে কিবা খাবলৈ নাপাহৰিব
  • কেতিয়াবা আপুনি আপোনাৰ কেচুৱাটো লৈ আছে অথবা গাখীৰ খুৱাই আছে এই কথাটো ভাবিলে গাখীৰ ওলাই অহাত সহায় কৰিব পাৰে

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰাৰ বিভিন্ন কৌশল

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰাৰ বিভিন্ন কৌশল থাকে যিবোৰ তলত উল্লেখ কৰা হৈছে:

  1. হাতেৰে এক্সপ্ৰেচ কৰা

সাধাৰণতে এগৰাকী নতুন মাতৃৰ দুগ্ধপান প্ৰতিষ্ঠিত হ’বলৈ এসপ্তাহমান লাগে। ইয়াৰ আগতে মহিলাসকলে স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰিবলৈ অসুবিধা পাব পাৰে কিয়নো কেচুৱাটিৰ কণমাণি পেটটোৰ বাবে ওলোৱা গাখীৰৰ মাত্ৰা বহুত কম পৰিমাণৰ।

দুগ্ধপান প্ৰতিষ্ঠা হোৱাৰ লগে লগে স্তনৰ গাখীৰৰ মাত্ৰা বাঢ়ি যায়। আৰু সময় আৰু অভ্যাসৰ লগতে এক্সপ্ৰেচ কৰা গাখীৰৰ মাত্ৰাও বাঢ়ি যায়। হাতেৰে এক্সপ্ৰেচ কৰিলে স্তনৰ কোনো বিশেষ অংশৰ পৰা গাখীৰ ওলাই আহিবলৈ সহায় কৰে। ব্লক হৈ থকা গাখীৰৰ নলিকাবোৰ খোল খোৱাত ই সহায় কৰে।

সাধাৰনতে মহিলাসকলে চিকিৎসালয়ৰ পৰাই গাখীৰ এক্সপ্ৰেচ কৰাৰ কৌশলটো শিকি আহিব লাগে (মিডৱাইফ/নাৰ্ছৰ পৰা)।

তথাপিও তলত দিয়া কিটিপসমূহ কামত আহিব পাৰে:

  • প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে আপোনাৰ হাত ভালদৰে ধোৱক
  • স্তনৰ ঠিক তলত এটা ষ্টেৰিলাইজ কৰা কাপ অথবা বটল ধৰক যাতে গাখীৰ ওলাই অহাৰ লগে লগে ধৰিব পাৰে
  • আৰম্ভণিতে স্তনকেইটা মালিচ কৰক। ইয়াৰ ফলত গাখীৰ সহজে ওলাই আহিব।
  • এখন হাতেৰে আপোনাৰ স্তনটোৰ ধৰক আৰু আনখন হাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে “C” আকৃতি গঠন কৰক
  • আপোনাৰ বুঢ়া আৰু তৰ্জনী আঙুলি নিপ্পলৰ কাষক ক’লা ঠাইখনত (এৰিয়’লা) থৈ লাহেকৈ টিপক কিন্তু নিপ্পলটোত নহয় (নিপ্পলটো নিটিপিব কিয়নো আপুনি ইয়াক ফুলাই দিব পাৰে)। এনে কৰোতে কোনো বিষ অনুভৱ হ’ব নালাগে
  • প্ৰেচাৰটো এৰক আৰু পুনৰ একেই কৰক আৰু এটা লয় গঠন কৰক। চালৰ ওপৰত আপোনাৰ আঙুলি যাতে পিচল নাখায় এই কথাটোত মন দিয়ক।
  • টোপাল ওলাই আহিব লাগে আৰু ইয়াৰ পাচত আপোনাৰ গাখীৰ ব’বলৈ ধৰিব
  • যেতিয়া গাখীৰ বোৱা কমি যায় তেতিয়া আপোনাৰ স্তনৰ অন্য ঠাইলৈ গৈ পুনৰ এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰক
  • যেতিয়া এটা স্তনৰ পৰা গাখীৰ ওলোৱা মাত্ৰা কমি যায় তেতিয়া আনটো স্তনলৈ যাওক। কিন্তু মনত ৰাখিব যে আনটো স্তনলৈ যোৱাৰ আগতে এটা স্তন খালি কৰাটো ভাল।
  • কমকৈ গাখীৰ নিৰ্মাণ হোৱাৰ বাবে যদি মাতৃগৰাকীয়ে স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰিছে তেন্তে ২-৩ বাৰ প্ৰতিটো স্তন খালি কৰিবলৈ পৰামৰ্শ দিয়া হয়
  1. 2. পাম্প ব্যৱহাৰ কৰি স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা
  1. স্তন পাম্প বহু প্ৰকআৰৰ থাকে: মেণ্যুৱেল (হাতেৰে চলোৱা) অথবা ইলেক্ট্ৰিক আৰু তাত এটা অথব দুটা কাপ থাকিব পাৰে। আপোনাৰ নিপ্পলৰ সৈতে খপ খোৱা বিভিন্ন ফানেলৰ আকাৰ আপুনি পাব পাৰে। মহিলাসকলে নিজৰ সুবিধা আৰু প্ৰয়োজন অনুসৰি ইয়াৰে যিকোনো প্ৰকাৰৰ ব্যৱহাৰ কৰিব পাৰে।
  2. যঁজা সন্তান থকা অথবা অতিমাত্ৰা গাখীৰ ওলোৱা মাতৃসকলৰ বাবে দুটা কাপ থকা পাম্প সুবিধাজনক হ’ব পাৰে।
  3. প্ৰসৱৰ ৪-৫ দিনৰ পৰা স্তনৰ পাম্পে ভালদৰে কাম কৰে আৰু তাৰ আগত হাতেৰে গাখীৰ উলিয়াবলৈ সহজ।
  4. স্তন পাম্প কিনাৰ আগতে মহিলাসকলে তাৰ পৰা কিমান সুবিধা লাভ কৰে সেইটো চাই ল’বলৈ পৰামৰ্শ দিয়া হয়।

স্তন পাম্প পৰিস্কাৰ কৰি ৰখা কিটিপ

ব্যৱহাৰ কৰাৰ আগতে:

  • চাবোন ব্যৱহাৰ কৰি গৰম পানীৰে আপোনাৰ হাত ধোৱক।
  • যদিও পাম্পটো একেবাৰে নতুন তথাপিও ভালদৰে কাম কৰি ষ্টেৰীলাইজ কৰিব লাগে।
  • নিৰ্দেশাৱলীৰ মতে পাম্পটো লগাওঁক।
  • ইলেক্ট্ৰিক পাম্পৰ ক্ষেত্ৰত আটাইতকৈ কম চাক্সন ম’ডটো ব্যৱহাৰ কৰক।
  • কাপটো স্তনত লগাওঁতে আপোনাৰ নিপ্পলটো কাপটোৰ মাজত ভালদৰে লগাওঁক আৰু চাল আৰু কাপটোৰ মাজত যাতে ভালদৰে সম্পৰ্ক আহে এই কথা নিশ্চিত কৰক
  • মেণ্যুৱেল পাম্পৰ ক্ষেত্ৰত লাহেকৈ চাক্সন কৰা আৰম্ভ কৰক।
  • ইলেক্ট্ৰিক পাম্পৰ ক্ষেত্ৰত মাত্ৰ চুইছটো টিপক (নিৰ্দেশাৱলীত দিয়ামতে)

ব্যৱহাৰ কৰাৰ পাচত:

  • পাম্পৰ প্ৰতিটো অংশ পাম্পটোৰ লগত অহা ব্ৰাছডালত অলপমান বাটি-কাঁহী ধোৱা চাবোন লগাই ভালদৰে ধুব লাগে। আপুনি ঘৰৰ অন্য বাটি-কাঁহী ধোৱা ব্ৰাছেৰে যাতে পাম্পটোত ব্যৱহাৰ নকৰে এই কথা নিশ্চিত কৰিব লাগে।
  • পাম্পৰ প্ৰতিটো অংশ গৰম পানীত ভালদৰে ধুই চফা পেপাৰ টাৱেলেৰে শুকুৱাব লাগে।
  • শুকুৱা পাম্পটো মেৰিয়াই সুৰক্ষিতভাৱে থ’ব লাগে যাতে কোনো সংক্ৰমণ নহয়।

স্তনৰ গাখিৰ কেনেকৈ ৰাখিব

নিয়মমতে স্তনৰ গাখীৰক উলিওৱাৰ পাচতে ফ্ৰিজত থ’ব লাগে। গাখীৰ ঠাণ্ডা কৰিলে যদিও প্ৰয়োজনীয় পোষক তত্ববোৰৰ ধ্বংস কৰে তথাপিও ই কেচুৱাৰ বাবে আটাইতকৈ ভাল পোষণৰ শ্ৰৌত।

এক্সপ্ৰেচ কৰা গাখীৰ ষ্টেৰিলাইজ কৰা পাত্ৰ অথবা বটলত থ’ব লাগে যিবোৰ্ত বতাহ সোমাব নোৱাৰে। বটলবোৰৰ সাঁফৰ মেলি থ’ব নালাগে কিয়নো ইয়াৰ ফলত সংক্ৰমণ হ’ব পাৰে। বটলবোৰৰ সাঁফৰ মাৰি থ’ব লাগে।

যদি এক্সপ্ৰেচ কৰা গাখীৰৰ ৰং আৰু সংগতি যদি বেলেগ হয় তেন্তে আপুনি চিন্তা নকৰিব কিয়নো ই মহিলাসকলৰ অনুসৰি সলনি হয়। আৰু লগতে যদি ওপৰত ক্ৰিমৰ এটা তৰপ পৰে তেতিয়াও চিন্তা নকৰিব কিয়নো এনে হোৱাটো সাধাৰণ।

সতেজকৈ এক্সপ্ৰেচ কৰা স্তনৰ গাখীৰ কেনেকৈ ৰখিব তৰ বাবে কেইটামান নিৰ্দেশনা তলত দিয়া হৈছে:

ক’ত? কিমান সময়ৰ বাবে সতেজ হৈ থাকে
সাধাৰণ তাপমাত্ৰাত (২৫ ডিগ্ৰিতকৈ বেছি নহয়) ঠিক ৬ ঘণ্টা
ঠাণ্ডা বাকচত, আইচ পেকৰ সৈতে ঠিক ২৪ ঘণ্টা
ৰেফ্ৰিজিৰেটৰ (৪ ডিগ্ৰি চেলচিয়াচতকৈ কম আৰু পাচফালে ) ২-৫ দিন
ফ্ৰিজ ফ্ৰিজাৰ ২ সপ্তাহ
বেলেগকৈ দৰ্জা থকা ফ্ৰিজ ফ্ৰিজাৰ ৩ মাহ
ডীপ ফ্ৰিজাৰ ৬-১২ মাহ

এটি নৱজাতকক এক্সপ্ৰেচ কৰা স্তনৰ গাখীৰ কেনেকৈ গৰম কৰিব আৰু খুৱাব

সতেজ স্তনৰ গাখীৰ কেচুৱাৰ বাবে উপলব্ধ আটাইতকৈ ভাল পোষণৰ শ্ৰৌত। সতেজকৈ এক্সপ্ৰেচ কৰা স্তনৰ গাখীৰ যদি তেতিয়াই খুওৱা নহয় আৰু সাধাৰণ তাপমাত্ৰাত খুৱাব পাৰি। আৰু যদি সতেজ গাখীৰ পাচত খুৱাবলৈ থোৱা হয় তেন্তে ততাতৈয়াকৈ ফ্ৰীজ কৰিব লাগে।

ফ্ৰীজ কৰা স্তনৰ গাখীৰ পুনৰ গৰম কৰা

  • কেচুৱাটিক খুওৱাৰ ঠিক আগতে ঠাণ্ডা স্তনৰ গাখীৰ বটলটো এটা গৰম পানীৰ পাত্ৰত থৈ গৰম কৰিব লাগে।
  • গাখীৰৰ ফ্ৰ’ষ্টী বটলটো গৰম পানী বৈ থকা টেপৰ তলত থৈয়ো গৰম কৰিব পাৰি।
  • বেছিকৈ গৰম কৰাটো ভাল নহয় কিয়নো ই কিছুমান পোষক তত্ব ধ্বংস কৰে। সেইবাবে গাখীৰ গৰম কৰা সময় ১০ মিনিটতকৈ বেছি হ’ব নালাগে।
  • স্তনৰ গাখীৰক মাইক্ৰোৱেভ অথবা ষ্ট’ভত গৰম কৰিব নালাগে কিয়নো ইয়াৰ ফলত কেচুৱাটিয়ে মুখখনত গৰম অনুভৱ কৰিব পাৰে আৰু লগতে কিছুমান পোষক তত্ব ধ্বংস হ’ব পাৰে।
  • ব্যৱহাৰ নকৰা যিকোনো স্তনৰ গাখীৰ ততাতৈয়াকৈ পেলাই দিব লাগে।
  • গৰম কৰা স্তনৰ গাখীৰ যিকোনো পৰিস্থিত পুনৰ গৰম অথবা ব্যৱহাৰ কৰিব নালাগে।

ফ্ৰীজ কৰা স্তনৰ গাখীৰ

  • ফ্ৰীজ কৰা স্তনৰ গাখীৰ এটা ফ্ৰিজত গলাব পাৰি আৰু অহা ২৪ ঘণ্টাৰ বাবে থ’ব পাৰি (উপৰত দিয়া থোৱাৰ নিৰ্দেশনাসমূহ পঢ়ক)।
  • ইয়াৰ বাহিৰে ফ্ৰীজ কৰা স্তনৰ গাখীৰ এটা পাত্ৰত গলাব অথবা এবাটি গৰম পানীত গলাব পাৰি আৰু তাৰ পাচত ইয়াক লগে লগেই খুৱাব লাগে আৰু বাকি থকা গাখীৰখিনি পেলাই দিব লাগে।
  • গলোৱা স্তনৰ গাখীৰত ফ্ৰীজ কৰা স্তনৰ গাখীৰৰ দৰে মাত্ৰ এবাৰ গৰম কৰিব পাৰি।
  • গৰম কৰা স্তনৰ গাখিৰৰ পুনৰবাৰ গৰম অথবা ব্যৱহাৰ কৰিব নালাগে।

সামৰণি মৰাৰ আগতে এইটো কথা কওঁ যে আপোনাৰ কেচুৱাটিক দুগ্ধপান কৰোৱাৰ আগতে আপোনাৰ তলুৱাত কেইটোপালমান গাখীৰ উলিয়াই তাৰ তাপমাত্ৰা চাওক।

আপোনাৰ কেচুৱাৰ পৰা আঁতৰি থাকিলেও চিন্তা নকৰিব। শান্তভাৱে থাকক আৰু ওপৰত দিয়া নিৰ্দেশনাসমূহ পালন কৰক আৰু আপুনি আপোনাৰ আনন্দৰ টোপোলাটো যাতে আপুনি নথকা অৱস্থাটো পৰ্যাপ্ত পৰিমাণৰ পোষণ পায় এই কথা নিশ্চিত কৰিব পাৰে।