কৰ্মৰত অৱস্থাত কি খাব?

 

গৰ্ভৱতী মহিলাৰ বাবে খাদ্য বিচাৰ

কৰ্ম আৰু জীৱনৰ মাজত সমানতা অনাটো সহজ নহয় কিন্তু আপুনি যেতিয়া আপুনি গৰ্ভৱতী হয় তেতিয়া খোৱাবোৱা ভালদৰে কৰিব লাগে কিয়নো ইয়েই আপোনাৰ কেচুৱাটিয়ে পুষ্টি পোৱাৰ একমাত্ৰ উপায় গৰ্ভাৱস্থাত সাধাৰণতে দিনে ৩০০ কেলৰি বেছিকৈ খাব লাগে যদি আপুনি কৰ্মৰত অৱস্থাত আছে তেন্তে আপুনি আপোনাৰ আহাৰৰ মাত্ৰা লাহেকৈ বঢ়াব লাগে আৰু পুষ্টিকৰ কৰিব লাগে

যদি আপুনি কৰ্মত দৌৰি আছে তেন্তে নিয়ন্ত্ৰিত দুপৰীয়াৰ আহাৰ আৰু স্বাস্থ্যকৰ জলপান লোৱাটো ভাল নহবও পাৰে কিন্তু ভালকৈ খোৱা, শক্তিৰে পৰিপূৰ্ণ থকা আৰু কেচুৱাটিক প্ৰয়োজনীত পোষক তত্ব দিয়াৰ অনেক উপায় আছে

আপুনি কৰ্মৰত অৱস্থাত কি জলপান খাব লাগে?

এটা নিয়ন্ত্ৰিত আহাৰৰ বাবে বিভিন্ন ধৰনৰ খাদ্য খাওক আৰু কৰ্মৰত অৱস্থাত ওচতৰ পুষ্টিকক জলপান ৰাখক ক্ৰেকাৰ আৰু অন্য মিশ্ৰিত খাদ্যয়ে আপোনাৰ প্ৰাণ ৰক্ষা কৰিব পাৰে যদিহে আপুনি ভাগৰুৱ অনুভৱ কৰে আৰু আদাৰ ৰস অথবা আদা দিয়া চাহেও সহায় কৰিব পাৰে এটা ভাল উপায় হৈছে আপোনাৰ বেগত ঋতুৰ ফলমূল ৰখাটো আপুনি আপোনাৰ খাদ্যত অলপ অলপ জিং আৰু অলপ মছলা দিব পাৰে আৰু লগতে চাটনি অথবা ঘৰতে বনোৱা চচ ব্যৱহাৰ কৰিব পাৰে

কৰ্মৰত অৱস্থাত পানী খোৱটোও খাদ্য খোৱাৰ সমানেই প্ৰয়োজনীয় কাম, কিয়নো শৰীৰত প্ৰচুৰ পৰিমাণে পানী থকাটো গৰ্ভৱতী মহিলাৰ বাবে অতি প্ৰয়োজনীয় দিনৰ ভাগত আপোনাৰ লগত সদায় এবটল পানী ৰাখক খৰচ কমাবলৈ আপুনি পুনৰ ব্যৱহাৰ কৰিব পৰা এটা বটল ৰাখক আৰি শেষ লেই আকৌ পানী ভৰাওঁক

আপুনি এটা ভাল দুপৰীয়াৰ আহাৰ পোৱাটো কেনেকৈ সুনিশ্চিত কৰিব?

যিহেতু আপুনি কাম কৰি আছে, দৌৰি আছে, সেইবাবে ঠাইতে পোৱা খাদ্যসমূহ অথবা হাততে থকা খাদ্যসমূহ খোৱাটো আপোনাৰ বাবে আটাইতকৈ সহজ উপায় তথাপিও দুপৰীয়াৰ আহাৰ খোৱাৰ সময়ত আপুনি ২বাৰ অথবা ৩বাৰ সেউজীয়া শাকপাচলি (লগতে পাত থকা সেউজীয়া চালাড) খোৱাৰ ব্যৱস্থা কৰক আৰু লগতে অলপ ভাল শ্ৰৌতৰ পৰা প্ৰটীন লওক

গৰ্ভাৱস্থাত প্ৰয়োজনীয় পোষক তত্ববোৰ পুৰাবলৈ কেইটামান উপায় তলত উল্লেখ কৰা আছে :

  • গজালি মেলা মাহৰ চালাড: গজালি মেলা মাহত বহু প্ৰটীন আৰি আহ থাকে আৰু যদি ইয়াক পানী থকা শাকপাচলি যেনে তিয়ঁহ, বিলাহী আৰু মাটিৰ তলত হোৱা শাকপাচলি যেনে আলু, বীট আৰু লগতে বাদামৰ লগত খোৱা হয় তেন্তে বহুত ভাল আহাৰ
  • পুৰি থোৱা আলু: পোৰা মিঠা আলু অথবা যিকোনো আলু আপোনাৰ বেগটোত নিব পৰা এটা স্বাস্থ্যকৰ জলপান
  • শুকান ফলমূল: গৰ্ভৱতী মহিলাৰ বাবে সহজতে পোৱা শক্তিৰ ভাণ্ডাৰ কিয়নো তেওঁ মাজতে দুৰ্বল অনুভৱ কৰিব পাৰে তেনে সময়ত শুকান ফলমূলে কাম কৰি থকাৰ শক্তি দিয়ে
  • বাদাম: বাদামত বহু পোষক তত্ব আৰু প্ৰটীন থাকে আৰু সেইবাবে ছিপচৰ পেকেট অথবা নমকিনতকৈ ভাল  
  • কুটা চিকেন চালাড: প্ৰটীন থকা সেউজীয়া চালাড দুপৰীয়াৰ আহাৰৰ বাবে খাব পৰা এক ভাল বিকল্প ভালকৈ কুটা গ্ৰীল্ড চিকেন চালাডো দুপৰীয়াৰ আহাৰৰ বাবে এক উৎকৃষ্ট বিকল্প
  • কাবুলী বুট, আলু আৰু গৰম মছলাৰ লগত হালধি দিয়া ভাত: সুগন্ধিত হালধি দিয়া ভাতৰ ওপৰত থাকি যোৱা পোৱ আলু আৰু কাবুলী বুট ভাৰতীয় সোৱাদৰ পৰা অনুপ্ৰেৰণা পাইছে আৰু এটা সহজ শাকাহাৰী দুপৰীয়াৰ আহাৰ
  • কিনোৱা চালাড: কিনোৱা বনাওক (আগতিয়াকৈ বনাই ফ্ৰিজত থব পাৰে) আৰু আপোনাৰ মনপচন্দৰ মচলা আৰু শাকৰ লগত বনাওক, লগতে কুটা পাচলি দিয়ক (এস্পাৰেগাচ, কণ বিলাহী, বেল পেপাৰ, অৰ্তিছোক্স ইত্যাদি), পাতল মাংস আৰু এভোকাডো দিয়ক যাতে স্বাস্থ্যকৰ চৰ্বি পায়
  • লেমন ৰাইচ (চিত্ৰনম্ম): খৰখেদাত আপুনি এইবিধ বনাব পাৰে আপুনি থাকি যোৱা ভাত আৰু মগু ডাইল আৰু ভজা চানা ডাইল ব্যৱহাৰ কৰি ইয়াৰ সোৱাদ আৰু বঢ়াব পাৰে

সন্ধিয়াৰ খাদ্যৰ বাবে কি তৈয়াৰ কৰিব পাৰে?

ভাৰতীয় সোৱাদত এটা সোনকালে বনাব পৰা সন্ধিয়াৰ আহাৰত আপুনি তলত উলেখ কৰাসমূহ বনাই চাব পাৰে :

  • ভাতৰ লগত ডাইল, পালেং শাক আৰু অলপ সেউজীয়া চালাড
  • এবাতি ডাইলৰ লগত ৰুটি, নিজৰ পচন্দৰ পাচলি আৰু চালাডৰ সৈতে এগিলাচ বাটাৰমিল্ক
  • মিশ্ৰিত ডাইলৰ খিচিৰিৰ লগত পাচলিৰ আঞ্জা আৰু চালাডৰ লগত এবাতি দৈ
  • শাকপাচলি দিয়া পোলাও অথবা চিকেন ৰাইচৰ লগত এবাতি গাৰ্ট আৰু চালাড
  • এগিলাচ বাটাৰমিল্ক আৰু চালাডৰ সৈতে প্লেইন পৰঠা এটা

যেতিয়া মানুহে কয় যে এগৰাকী গৰ্ভৱতী মহিলায়েদুটাৰ বাবে খাইছে”, এইটোৱে ইয়াক নুবুজায় যে তেওঁ দুগুন খাদ্য খাব লাগে অথবা কেলৰোৰ মাত্ৰা দুগুন কৰিব লাগে আৰু ১৮.৫ৰ পৰা ২৪. BMI থকা সাধাৰণ ওজনৰ মহিলাসকলৰ গৰ্ভাৱস্থাত ১১.৩ৰ পৰা ১৫. কিলোগ্ৰামলৈকে ওজন বাঢ়িব পাৰে গৰ্ভাৱস্থাত অতিমাত্ৰা খালেই যে এটি স্বাস্থ্যকৰ সন্তানৰ জন্ম হব এনে কথা নহয়, তাৰ বিপৰিতে অন্য স্বাস্থ্য সমস্যাহে হয় অনুগ্ৰহ কৰি আপোনাৰ নিয়মীয়াকৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক আৰু আপোনাৰ আৰু আপোনাৰ শিশুৰ ওজন নিয়ন্ত্ৰিত কৰি আপোনাৰ খোৱাৰ ওপৰতো চকু দিয়ক

এৰাই চলিব লগা খাদ্যসমূহ

  • কেঁচা  অথবা আধাসিজা কণী, পাচলি, মাংস, ভালকৈ গৰম নকৰা গাখীৰ আৰু পৈণত নোহোৱা ছিজ খোৱাৰ পৰা আঁতৰি থাকত কিয়নো ইয়াৰ দ্বাৰা চেলমনিলা আৰু লিষ্ট্ৰিয়া সংক্ৰমণ হব পাৰে
  • মদ আৰু ড্ৰাগ্চৰ পৰা আঁতৰি থাকক
  • কেফেইনৰ পৰা যিমান পাৰে সিমান আঁতৰত থাকত দিনে একাপতকৈ বেছি নলব
  • সক্ৰিয় আৰু নিষ্ক্ৰিয় ধূম্ৰপানৰ পৰা আঁতৰি থাকক
  • কেনত থকা খাদ্য খোৱা বাদ দিয়ৰ কিয়নো ইয়াত কেচুৱাটিক ক্ষতি কৰিব পৰা সংৰক্ষক থাকে
  • অমিতা নাখাব কিয়নো ইয়াত পাপায়িনৰ দৰে এঞ্জাইম থাকে অনুসন্ধানত পোৱা গৈছে যে প্ৰষ্টাগ্লাণ্ডিনৰ দৰে কাম কৰে আৰু অক্সিটচিনে প্ৰসৱ হোৱাব পাৰে অথবা প্ৰসৱৰ সময়ত যন্ত্ৰণা দিব পাৰে
  • যিকোনো ভিটামিন অথবা হাৰ্বেল পদাৰ্থ ব্যৱহাৰ কৰাৰ চিকিৎসকৰ পৰামৰ্শ লওক

যদি আপুনি লগত কাম কৰা বন্ধুসকল অথবা ব্যৱসায়ৰ পাৰ্টনাৰসকলৰ লগত খাবলৈ গৈছে তেন্তে আপুনি তলত উল্লেখিত খাদ্যবোৰৰ পৰা আঁতৰি থাকিব লাগে:

  • ফাষ্ট ফুড: সহজলভ্য হব পাৰে কিন্তু ফাষ্ট ফুডত বহু পৰিমাণে চৰি থাকে আৰু পোসক তত্বও কম পৰিমাণে থাকে
  • ৱৰ্কিং লাঞ্ছ: আপুনি গৰ্ভৱতী বাবে এতিয়া আৰু সাৱধান হব লাগে যদি আপুনি মাছ, চিকেন আৰু লেম্ব খায় তেন্তে ইয়াক যাতে ভালকৈ ৰন্ধা হয় সেইটো বলৈ নাপাহৰিব ৰান্ধি নোথোৱা সাগৰীয় খাদ্য আৰু চচ অথবা কেঁচা কণীৰ পৰা বনোৱা ডেচাৰ্ট নাখাব

মনত ৰাখিব যে অন্য কোনো গৰ্ভৱতীৰ বাবে স্বাস্থ্যকৰ বস্তু এটা আপোনাৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ নহবও পাৰে, সেইবাবে এই কথা নিশ্চিত কৰক যে আপুনি প্ৰথমে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লৈছে আৰু তেওঁ আপোনাৰ অৱস্থাৰ চাই পৰামৰ্শ দিছে

গৰ্ভাৱস্থাৰ বাবে দিয়া এটা ভাৰতীয় আহাৰত আপোনাৰ আৰু আপোনাৰ শিশুটিয়ে গৰ্ভাৱস্থাৰ সময়ছোৱাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পোষক তত্ব থাকে ; গৰ্ভৱতী মহিলাসকলৰপাঁচটা খাদ্য গোটথাকিব লাগে (ধান, শাকপাচলি, ফলমূল, গাখীৰ আৰু মাংস, মাছ) এজন দক্ষ ৰান্ধনিৰ পৰা সহায় লওক, অথবা ঘৰতে বনোৱা খাদ্য ডেলিভাৰী দিয়াজনৰ সৈতে যোগাযোগ কৰক, যাতে আপোনাৰ ভাগৰ লগা সময়ছোৱাত, অথবা আপোনাৰ খাদ্য আৰু আৰামৰ প্ৰয়োজন লে ব্যৱহাৰ কৰিব পাৰে আপোনাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ ভালকৈ বুজাই কওক, কি লাগে, কি নালাগে সকলোবোৰ

________________________________________