শুদ্ধ খাদ্য- কেচুৱাৰ বাবে এটা স্বাস্থ্যকৰ অন্ত্ৰৰ গঠন

শুদ্ধ খাদ্য- কেচুৱাৰ বাবে এটা স্বাস্থ্যকৰ অন্ত্ৰৰ গঠন

 

এই প্ৰবন্ধটো বৰ্তমান IAPৰ বিশেষজ্ঞসকলে পুনৰীক্ষণ কৰি আছে; এতিয়ালৈকে সম্পাদিত আৰু অনুমোদিত হোৱা নাই আৰু কাৰিকৰী আৰু ভাষাৰ ভুল থাকিব পাৰে। অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰি শুদ্ধ আৰু অনুমোদিত ইংৰাজী সংস্কৰণটো পঢ়ক।

অন্ত্ৰত থকা বনস্পতিয়ে আমাক স্বাস্থ্যকৰ আৰু ভালে ৰখাত গোটেই জীৱনজুৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অন্ত্ৰত থকা বনস্পতি অথবা অন্ত্ৰৰ বেক্টেৰিয়া হৈছে আমাৰ অন্ত্ৰ আৰু বৃহদন্ত্ৰত থকা ৩০০ৰ পৰা ৫০০ বিভিন্ন বেক্টেৰিয়া আৰি মাইক্ৰব

এই মুহূৰ্তত আপোনাৰ অন্ত্ৰৰ ভিতৰত যে কোটি কোটি সৰু জিৱ কিলকিলাই আছে এই কথা ভাবি শিহৰণ অনুভৱ কৰাৰ আগতে যদি আমি কওঁ যে অন্ত্ৰৰ বেক্টেৰিয়ায়ে আপুনি কি আৰু কিয় এনেকুৱা নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেন্তে আপুনি অলপ কম ঘৃণা কৰিব প্ৰথমে, আপোনাৰ অন্ত্ৰত থকা বেক্টেৰিয়া হৈছে আপোনাৰ বেমাৰ প্ৰতিৰোধ ব্যৱস্থাৰ গুৰি ধৰোঁতা যি আপোনাৰ ক্ষতিকৰ ভাইৰাচ, বেক্টেৰিয়া আৰি অন্যান্য ক্ষতিকৰ পদাৰ্থৰ পৰা ৰক্ষা কৰে ইয়াৰ লগতে আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়া সম্পূৰ্ণৰূপে আপোনাৰ, আপোনাৰ আঙুলিৰ চাপৰ দৰে, দুজন মানুহৰ একেই অন্ত্ৰৰ বেক্টেৰিয়া নাথাকে

অন্ত্ৰৰ বেক্টেৰিয়া আৰু আপোনাৰ কেচুৱাটি

এটি কেচুৱাৰ স্বাস্থ্যকৰ অন্ত্ৰ হৈছে আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়াৰ এটি সৰল সংমিশ্ৰণৰ কাৰ্য আগতে এইটো বিশ্বাস কৰা হৈছিল যে কেচুৱাবোৰশুদ্ধ/অক্ষত অন্ত্ৰৰলগত জন্ম পাইছিল যিয়ে এইটো বুজায় যে যেতিয়া কেচুৱাটি গৰ্ভত থাকে, সিহঁতৰ কোনো অন্ত্ৰ বেক্টেৰিয়া নাথাকে তথাপিও এতিয়া এইটো সত্য হিচাপে গণ্য কৰা নহয়

বিশেষজ্ঞসকলৰ মতে যেতিয়া প্ৰাকৃতিক প্ৰসৱ হয়, মাতৃ অন্ত্ৰত থকা বেক্টেৰিয়াই কেচুৱাটি জন্মৰ সময়ত তললৈ গতি কৰোতে তাৰ/তাইৰ অন্ত্ৰত খোপনি পোতে ইয়াৰ উপৰিও শেহতীয়া অধ্যয়নত পোৱা গৈছে যে কেচুৱাবোৰে গৰ্ভত থকা সময়তো সৰু পৰিমাণৰ অন্ত্ৰৰ বেক্টেৰিয়া নিৰ্মাণ কৰে যেতিয়া কেচুৱাটি বাহিৰৰ পৰিৱেশৰ লগত সম্পৰ্কলৈ আহে তেতিয়া এই অন্ত্ৰৰ বেক্টেৰিয়াৰ বিকাশ হয় দুগ্ধপানৰ জৰিয়তেও কেচুৱাৰ অন্ত্ৰত বেক্টেৰিয়াৰ গঠন আৰু বিকাশ হয় বেক্টেৰিয়াৰ এই বিকাশ কেচুৱাটিৰ গোতেই জীৱনজুৰি চলি থাকে আৰু তাৰ/তাইৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়

আৰম্ভণিতে কোৱা ধৰণে, এটি স্বাস্থ্যকৰ বেমাৰ প্ৰতিৰোধী ব্যৱস্থাৰ বাবে স্বাস্থ্যকৰ অন্ত্ৰ থকাটো প্ৰয়োজনীয় অন্ত্ৰত বিভিন্ন বেক্টেৰিয়া থাকিলে কেচুৱাটিয়ে বিভিন্ন সংক্ৰমণ, পেথজেন আৰু অন্য স্বাস্থ্য সম্পৰ্কীয় ভয়বোৰৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হব সেইবাবে আপুনি আপোনাৰ কেচুৱায়ে যাতে এটি স্বাস্থ্যকৰ অন্ত্ৰ বিকাশ কৰে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱতো দৰকাৰী

স্বাস্থ্যৱান অন্ত্ৰ কেনেকৈ নিৰ্মিত হয়?

আপোনাৰ অন্ত্ৰত থকা বেক্টেৰিয়াৰ স্বাস্থ্য নিৰ্ধাৰণ কৰাৰ আৰত প্ৰাকৃতিক আৰু মানসিক বহুতো কাৰণ থাকে

  • আপোনাৰ প্ৰসৱৰ ধৰণ: এই কথাটো বিশ্বাস কৰা হয় যে যিবোৰ জন্ম চিচেক্সন দ্বাৰা হয় সিহঁতৰকম বিস্তাৰতা থকাঅন্ত্ৰত বেক্টেৰিয়া থাকে কিয়নো তেনেকৈ জন্ম হোৱা কেচুৱাবোৰে মাতৃৰ গেষ্ট্ৰোভেগিনেল পৰিৱেশত থকা বেক্টেৰিয়াৰ সম্পৰ্কলৈ নাহে সেইবাবে প্ৰাকৃতিক প্ৰসৱ হোৱাটো বাঞ্ছনীয়, তথাপিও ইয়াক আপোনাৰ চিকিৎসকে পৰামৰ্শ লৈহে নিৰ্ধাৰণ কৰিব পাৰি
  • আপোনাৰ খাদ্য: যিদৰে আপোনাৰ স্বাস্থ্যৰ লগত যিকোনো জড়িত, তেনেকৈ আপোনাৰ খাদ্যয়েও আপোনাৰ অন্ত্ৰত থকা বেক্টেৰিয়াৰ স্বাস্থ্য নিৰ্ধাৰণ কৰে বহু মাত্ৰাত প্ৰচেচড আৰু জাংক খাদ্য খালে অন্ত্ৰৰ বেক্টেৰিয়াই সমস্যা পাব পাৰে বিশেষজ্ঞসকলে সঠিক মাত্ৰাত প্ৰটীন থকা খাদ্য আৰু শাকপাচলি খাবলৈ পৰামৰ্শ দিয়ে বেছি পৰিমাণে চেনি খালেও আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়ায়ে সংক্ৰমণ আৰু বহিৰাগত বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতোৰোধ কৰা ক্ষমতা ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে
  • জীৱনশৈলী: আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়াৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ  জীৱনশৈলীত কৰা কাৰ্যবোৰেও প্ৰভাৱ পেলাব পাৰে যিটো বহুতে লক্ষ্য নকৰে আপুনি হয়তো বহু লোকে কোৱা শুনিছে যে অতিমাত্ৰা চিন্তা কৰাটো স্বাস্থ্যৰ বাবে বেয়া ইয়াক কাৰনতো হৈছে তেনেই সৰল, নিম্নমানৰ জীৱনশৈলীৰ অভ্যাস যেনে অতিমাত্ৰা মদ্যপান কৰা, ধূম্ৰপান কৰা আৰু অতিমাত্ৰা চিন্তা কৰাটোৱে আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়াৰ ওপৰত বিস্তৰভাৱে প্ৰভাৱ পেলাব পাৰে ইয়াৰ ফলত বেমাৰ প্ৰতিৰোধী ব্যৱস্থাত প্ৰভাৱ পৰা আৰু সংক্ৰমণবোৰৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰা আৰু স্বাস্থ্য ভালে নথকা হয়
  • এণ্টিবায়টিক্সৰ অতিমাত্ৰা সেৱন: চিকিৎসাসকলে এইটো কথা ভালদৰে কয় যে যিবোৰ কেচুৱা অথবা সৰু শিশুৱে এণ্টিবায়টিক্স নিয়মিতভাৱে সেৱন কৰে তেওঁলোকৰ কমকৈ বিকাশ হোৱা অন্ত্ৰৰ বেক্টেৰিয়া থাকে যাৰ ফলত গোটেই জীৱনজুৰি স্বাস্থ্য আৰু বেমাৰ প্ৰতিৰোধী সমস্যাত ভুগি থাকে

এটি স্বাস্থ্যকৰ অন্ত্ৰৰ বনস্পতিৰ বাবে সকলোবোৰ অংশ যেনে বেক্টেৰিয়া আৰু য়িষ্টৰ মাত্ৰাৰ তালমেলৰ প্ৰয়োজন হয় যদি কোনো এটা বনস্পতি প্ৰয়োজনতকৈ বেছিকৈ হয় তেন্তে ইয়াৰ ফলত অদৰকাৰী স্বাস্থ্যজনিত সমস্যা আৰু বেমাৰৰ সৃষ্টি হয় আপুনি যে আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়া আপোনাৰ কেচুৱালৈ প্ৰেৰণ কৰে এই কথাটোৰ বাবে আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়াৰ স্বাস্থ্য ভালে ৰাখিবলৈ পদক্ষেপ লাগে

স্বাস্থ্যৱান অন্ত্ৰৰ বাবে গৰ্ভাৱস্থাত কি খাদ্য খাব লাগে

  1. আপুনি গৰ্ভধাৰণ কৰাৰ আগতেই আৰম্ভ কৰক: যদি আপুনি গৰ্ভধাৰণ কৰাৰ কথা ভাবি আছে তেন্তে আপোনাৰ গৰ্ভত কেচুৱাটি থাকোঁতে যাতে অন্ত্ৰ স্বাস্থ্যকৰ হয় তাৰ বাবে আপুনি খাদ্য আৰু জীৱনশৈলীত পৰিৱৰ্তন আনিব লাগিব উচ্চ মাত্ৰাত ভিটামিন আৰু প্ৰটীন থকা খাদ্য খাওক আৰু এলকহোল আৰু অন্যান্য তেনে ক্ষতিকাৰক পদাৰ্থবোৰৰ পৰা আঁতৰি থাকক
  2. আপোনাৰ খাদ্যত প্ৰিবায়োটিক্স যোগ্দান কৰক: প্ৰিবায়োটিক্স, যিবোৰ প্ৰবায়োটিক্সৰ লগতে জড়িত, স্বাস্থ্যক অন্ত্ৰৰ বেক্টেৰিয়াৰ গঠন আৰু বিকাশ কৰাত সহাত কৰে যেতিয়া আপুনি আপোনাৰ খাদ্যত প্ৰোবায়টিক্স যোগ কৰে, তেতিয়া আপুনি স্বাস্থ্যৱান অন্ত্ৰৰ বেক্টেৰিয়াৰ বিকাশৰ বাবে প্ৰয়োজনীয় শক্তি প্ৰদান কৰে উচ্চ মাত্ৰাত প্ৰিবায়টিক্স থকা খাদ্যবোৰ হৈছে:

পিয়াজ

নহৰু

ঘেহু (আৰু গজালি মেলা ঘেহু)

আপেল আৰু কল

প্ৰিবায়টিক চাপ্লিমেণ্ট

  1. প্ৰবায়োটিক্সৰ কথা পাহৰি নাযাব প্ৰবায়োটিক্স আৰু প্ৰিবায়োটিক্সৰ মাজৰ পাৰ্থক্যটো হৈছে যে সিহঁতে আপোনাৰ অন্ত্ৰত স্বাস্তথ্যকৰ বেক্টেৰিয়া প্ৰদান কৰে প্ৰায়েই ইহঁতক পনীয়া অৱস্থাত চাপ্লিমেণ্টৰ ৰূপত পোৱা যায় আৰু প্ৰবায়োটিক্সত স্বাস্থ্যকৰ অন্ত্ৰৰ বেক্তেৰিয়া থাকে কিছুমান জনপ্ৰিয় আৰু সহজলভ্য প্ৰবয়োটিক্স থকা খাদ্যবোৰ হৈছে:

য়গাৰ্ট

ডাৰ্ক চকলেট

আছাৰ

বজাৰত উপলব্ধ প্ৰবয়োটিম চাপ্লিমেণ্ট

গৰ্ভাৱস্থাত এইবোৰক সাধাৰণ খাদ্য গ্ৰহণৰ উপদেশসমূহৰ লগত যোগ কৰিলে আপোনাৰ স্বাস্থ্যকৰ অন্ত্ৰএ বেক্টেৰিয়া বজাই ৰখা আৰু নৱজাতকলৈ প্ৰেৰণ কৰিব পাৰে যিটো আপোনাৰ নৱজাতকলৈ এতা জীৱনৰ উপহাৰ স্বৰূপ

স্বাস্থ্যৱান থাকক আৰু এটা সুখী গৰ্ভাৱস্থা বাবে শুভেচ্ছা থাকিল!