গৰ্ভাৱস্থাত ডায়েটিং কৰা: গৰ্ভাৱস্থাত কেনেকৈ সুৰক্ষিতভাৱে ওজন কমাব

 

গৰ্ভধাৰণ, বিশেষকৈ পৰিকল্পিত কৰা, যিকোনো মহিলাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ প্ৰথম লক্ষনবোৰ নিশ্চিত কৰাৰ পাচত হব লগা পিতৃমাতৃয়ে গৰ্ভধাৰণৰ বহুকেইটা স্বৰূপ ভালদৰে পৰিকল্পনা কৰে ইয়াৰে ভিতৰত প্ৰথম তিনিমাহতে এটা গ্ৰহণযোগ্য ওজন বৰ্তাই ৰখাটোও পৰে তথাপিও ইয়াক যিমান সহজ বুলি ভাৱে যিমান সহজ বুলি কব নোৱাৰি আৰু যিসকল মহিলায়ে ওজনৰ লগত যুঁজি আছে সেইসকলৰ বাবে এটা প্ৰত্যাহ্বান

জনসাধাৰণৰ মাজত ওজন প্ৰবন্ধনৰ লগত জড়িত বহুতো পাৰম্পৰিক ভুল তথ্য প্ৰচলিত হৈ আছে যেনেদুটাৰ বাবে খোৱাআৰুগৰ্ভাৱস্থাত ব্যায়াম নকৰাআৰু বহুতো

শেহতীয়া অনুসন্ধানত পোৱা গৈছে যে এই সমস্যাবোৰে অন্তঃসত্ত্বা মাত্ৰি আৰু কেচুৱাটি, দুয়োৰে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গৰ্ভাৱস্থাত অতিমাত্ৰা ওজন থকা অথবা প্ৰয়োজনকৈ বেছি ওজন থাকিলে পৰা সমস্যাবোৰ হৈছে:

  • আগতিয়াকৈ জন্ম হোৱা অথবা মৃতজন্ম হোৱা
  • গৰ্ভপাত হোৱাৰ আশংকা বেছি
  • প্ৰিক্লেম্পচীয়া (হাই ব্লাদ প্ৰেচাৰ ইমানেই বাঢ়ি যায় যে মাতৃ আৰু নৱজাতকৰ মৃত্যুও আনিব পাৰে )
  • জেষ্টেষ্যনেল ডায়েবেটিজ
  • ভৰিত তেজ গোট মৰা
  • টোপনিৰ শ্বাসৰুদ্ধ হোৱা

এইকেইটা আছিল গৰ্ভাৱস্থাত ওজন নিয়ন্ত্ৰণ নকৰাৰ ফলত হব পৰা কেইটামান অতি ভয়ংকৰ সমস্যা

বিশেষজ্ঞসকলে হব লগা মাতৃসকলক এই ভয়বোৰলৈ ইমান কাণ নিদি এখন ভালদৰে পৰিকল্পনা কৰা ওজন কমাব পৰা ব্যৱস্থাৰ যোগাৰ কৰিব লাগে

গৰ্ভাৱস্থাত কিমান ওজন বঢ়াটো গ্ৰহণযোগ্য?

গৰ্ভাৱস্থাত ওজন কমোৱাটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰে বিভিন্ন উপায়বোৰ জনাৰ আগতে এইটো বেছি প্ৰয়োজনীয় যে এটা সাধাৰণ গৰ্ভাৱস্থাত কিমান ওজন বঢ়োৱাটো গ্ৰহণযোগ্য

গৰ্ভধাৰণৰ আগত আপোনাৰ ওজন চিকিৎসকে পৰামৰ্শ দিয়ামতে BMI-লেভেলবোৰৰ মাজলৈ আনিব লাগে (তলত দিয়া নম্বৰসমূহ চাওক) বিভিন্ন মহিলাৰ ওজন আৰু অন্য শাৰীৰিক কাৰণৰ অনুসৰি বেলেগ হয়

আপোনাৰ গৰ্ভাৱস্থাত বঢ়াব লগা ওজন আপোনাৰ গৰ্ভাৱস্থাৰ আগতে থকা BMI ওপৰতো নিৰ্ভৰ কৰে তলত থকা নম্বৰসমূহ চাই আপুনি কোনটো ভাগত পৰে সেইটো চাব পাৰে:

গৰ্ভধাৰণ কৰাৰ আগতে থকা BMI:

প্ৰয়োজনতকৈ কম ওজন : ১৮.

 

সাধাৰণ ওজন: ১৮.৫ৰ পৰা ২৪.৯লৈকে

 

প্ৰয়োজনতকৈ বছি ওজন: ২৫.০ৰ পৰা ২৯.৯লৈকে

অতিমাত্ৰা ওজন: ৩০.০তকৈ বেছি

Ideal Weight Gain for A Full-Term Pregnancy:

এটা সম্পূৰ্ণ গৰ্ভধাৰণৰ বাবে গ্ৰহণযোগ্য ওজন বৃদ্ধি:

প্ৰয়োজনতকৈ কম ওজন: ১৩ৰ পৰা ১৮ কিলোগ্ৰাম

সাধাৰণ ওজন: ১১ৰ পৰা ১৫ কিলোগ্ৰাম

প্ৰয়োজনতকৈ বেছি ওজন: ৭ৰ পৰা ১১ কিলোগ্ৰাম

অতিমাত্ৰা ওজন: ৫ৰ পৰা কিলোগ্ৰাম

গৰ্ভাৱস্থাত কেনেকৈ ওজন কমোৱা আৰম্ভ কৰিব?

গৰ্ভাৱস্থাত এটা পৰিকল্পিত ডায়েটিং আৰু ওজন কমোৱা পৰিকল্পনা মানি চলাটো অতি প্ৰয়োজনীয় যাতে আপোনাৰ আৰু আপোনাৰ শিশুৰ ওপৰত ইয়াৰ কোনো বেয়া প্ৰভাৱ নপৰে

গৰ্ভাৱস্থাত আপুনি কিমান ওজন কমাব অথবা বঢ়াব এইটো ব্যক্তি অনুসৰি বেলেগ পাৰে দ্বিতীয় তিনিমহীয়া আৰম্ভ হোৱাৰ লগে লগেই ওজন যঠেষ্ট পৰিমাণে বাঢ়ি যায় যিহেতি ভ্ৰূণৰ বিকাশ হোৱাৰ আৰম্ভ হয় সেইবাবে সকলোকেইটা তিনিমহীয়াতে আপোনাৰ ওজন কিমান বাঢ়িছে সেইটোৰ ওপৰত চকু দিয়াটো ভাল যাতে হঠাতে হোৱা ওজন বৃদ্ধিৰ বাবে আপোনাৰ কেচুৱাৰ ওপৰত কোনো প্ৰভাৱ নপৰে

ইণ্টাৰনেটত পোৱাসোনকালেওজন কমাব পৰা কিটিপ অথবা আপোনাৰ বন্ধুবান্ধৱ আৰু পৰিয়ালে দিয়া ওজন কমোৱাৰ বাবেঘৰতে বনোৱাযোগাৰবোৰৰ পৰা দূৰত থাকক গৰ্ভৱতি মহিলাৰ বাবে ওজন কমাব পৰা আৰু ডায়েটিং কৰা একমাত্ৰ উপায়টো হৈছে স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়াম

  1. সোনকালে আৰম্ভ কৰক

গৰ্ভাৱস্থাত কেৱল ওজন জোখা পালাখনৰ ওপৰত মন দিয়া কাৰ্যটো বহু সাধাৰণ তথাপিও, এইটো কথা সত্য যে গৰ্ভাৱস্থাত আপোনাৰ অলপ ওজন বাঢ়িব ইয়াৰে বেছিভাগ শেষভাগৰ দুটা তিনিমহীয়াত দেখা পোৱা যায়এই সময়ছোৱাতে আপোনাৰ কেচুৱাটিৰো গঠন আৰু বিকাশ দেখা পোৱা যায়

সেইবাবে গৰ্ভাৱস্থাৰ শেষৰ তিনিমহীয়াত যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে যিমান পাৰি সিমান সোনকালেই গ্ৰহণযোগ্য ওজনলৈ আহিব পাৰিলে ভাল বহুতো অনুসন্ধানত এই কথা পোৱা গৈছে যে যিসকল মহিলায়ে গৰ্ভাৱস্থাৰ প্ৰথম ১৫ সপ্তাহৰ ভিতৰত গ্ৰহণযোগ্য ওজনলৈ আহে, সিহঁতৰ গৰ্ভাৱস্থাত হব পৰা সমস্যাসমূহ ৬০% কমি যায়

আপুনি কিহৰ বাবে ৰৈ আছে তেন্তে? যদি আপুনি এতিয়াই ভাল খবৰটো পাইছে তেন্তে তলত উল্লেখ কৰা নিয়মসমূহ মানি আপোনাৰ গৰ্ভাৱস্থাৰ আৰু স্বাস্থ্যকৰ আৰু সূখী কৰি তোলক

  1. খালি কেলৰি আঁতৰাবলৈ চেষ্টা কৰক

ওজন কমোৱাৰ আটাইতকৈ সহজ উপায়টো হৈছে আপোনাৰ দৈনিক খাদ্য তালিকাৰ পৰা খালি থকা কেলৰিবোৰ আঁতৰোৱাটো আপুনি যাতে স্বাস্থ্যকৰ শাকপাচলি আৰু ফলমূল লোৱৰ লগতে চেনি আৰু তেল থকা খাদ্যবোৰ বাদ দিয়ে এই কথা নিশ্চিত কৰক, এনেদৰে গৰ্ভৱতী মহিলাসকলে গৰ্ভাৱস্থাত ওজন কমোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে

কেলৰি থকা ডাঠ/ বেছিকৈ  সিজা/ প্ৰচেচ কৰা খাদ্য কমকৈ খাওক ঋতুত পোৱা শাকপাচলি ব্যৱহাৰ কৰি ঘৰতে বনোৱ খাদ্য খাওক আৰু এনেদৰে আপুনি গৰ্ভাৱস্থাত গ্ৰহণযোগ্য ওজন বৰ্তাই ৰাখি ভ্ৰূণটিকো পৰ্যাপ্ত পৰিমাণে পুষ্টিকক খাদ্য দিবলৈ সক্ষম হব

আপোনাৰ খাদ্য যাতে গৰ্ভৱতী মহিলাৰ বাবে যঠেষ্ট হয়, তাৰ বাবে আপুনি তলত উল্লেখিত কিটিপসমূহ মনত ৰাখিব পাৰে:

  • বাঢ়ি অহা ভ্ৰূণটিৰ বিকাশৰ বাবে গাখীৰে নিৰ্মিত বস্তু খাওক, যেনে গাৰ্ট, বহু কেলচিয়াম আৰু বহু প্ৰকাৰৰ ভিটামিন B থাকে
  • দ্বিতীয় আৰু তৃতীয় তিনিমহীয়াৰ পৰা আপোনাৰ খাদ্যত চোকোৰা নথকা ডাইলক যোগ কৰক যাতে গৰ্ভাৱস্থাৰ লগতে বাঢ়ি অহা পোষক তত্বৰ প্ৰয়োজন পূৰ হয়
  • যদি সম্ভৱ হয়, তেন্তে নিয়মিতভাৱে কণী খাওক কিয়নো কণীত পৰ্যাপ্ত পৰিমাণে লিন থাকে যি স্নায়ুৰ বিকাশত সহায় কৰে আৰু ইয়াত কম পৰিমাণে কেলৰি থাকে
  • তেলত ভজা খাদ্যবোএ কমোৱাৰ লগতে আমি এই কথা নিশ্চিত কৰিব লাগে যে আনচেট্যুৰেটেড ফেটো খোৱা হয়, যিবোৰ আমি তিল, আল্মণ্ড, নাৰিকল, বাদাম্, কাজুৰ দৰে বাদাম আৰু গুটিসমূহত পাও
  • চিকিৎসকেও জন্মৰ আগতে লোৱ ভিটামিনবোৰ বলৈ পৰামৰ্শ দিয়ে, বিশেষকৈ লেট, এই কথা নিশ্চিত কৰিবলৈ যে আপোনাৰ গৰ্ভাৱস্থাৰ বাবে আৰু আপোনাৰ কেচুৱাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ ভিটামিন আৰু পোষক তত্ব পাই আছে
  1. ব্যায়ামৰ পৰিকল্পনা তৈয়াৰ কৰক

গৰ্ভাৱস্থাত গৰ্ভৱতী মহিলাসকলে ব্যায়াম কৰিবলৈ ভয় কৰে কাৰণ সিহঁতে ভাৱে যে শৰীৰৰ খৰতকীয়া লৰচৰৰ বাবে কেচুৱাটিৰ অনিষ্ট পাৰে শেহতীয়াকৈ ওলোৱা বহুতো অধ্যয়নৰ পৰা পোৱ গৈছে যে ব্যায়ামৰ ফলত কেৱল মাতৃৰে ভাল নহয়, বৰং তাৰ লগত কেচুৱাটিৰো ভাল হয় কিয়নো ইয়াৰ ফলত গৰ্ভৱতী মহিলাৰ শৰিৰৰ পৰা চেৰোটনিন আৰু অক্সিটচিনৰ দৰে হৰমোন ওলোৱাত সহায় কৰে

গৰ্ভৱতী মহিলাসকলৰ লগত খাপখোৱা ব্যায়ামসমূহ হৈছে:

  • কেচুৱাৰ জন্মৰ আগতে কৰা য়োগা
  • সাতোৰ
  • পাতলিয়া জগিং
  • গাৰ্ডেনিং

ইয়াৰ বিপৰিতে গৰ্ভাৱস্থাত কৰিব নলগা কিছুমান শাৰীৰিক কাম তলত উল্লেখ কৰা হৈছে:

  • কালিষ্ঠেনিকছ্
  • আপোনাক ভাগৰুৱা অথবা অস্বস্তিবোধ কৰোৱা শাৰীৰিক ব্যায়াম
  • যিবোৰ ব্যায়ামত আপুনি তললৈ পিঠি দি শুব লাগে (দ্বিতীয় তিনিমহীয়াৰ পৰা)
  1. এখন তালিকা ৰাখক

পুষ্টিকৰ খাদ্যৰ বিষয়ে বহুতো পৰামৰ্শ আছে যদিও আপোনাৰ বাবে নিজৰ স্বাস্থ্যৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় আৰু সেই অনুপাতে ব্যৱস্থা লোৱাটো লগতে আপুনি গৰ্ভাৱস্থাত নিজৰ ওজন কমাবলৈ লওঁতে অতি সহজে নিজৰ আত্মবিশ্বাস হেৰুৱাব পাৰে কিয়নো আপোনাৰ শৰীৰত বহুতো পৰিৱৰ্তন ঘটিব পাৰে সেইবাবে আপুনি এখন বিস্তৃত তালিকা প্ৰস্তুত কৰিব লাগে যত তলত উল্লেখ কৰা তথ্যসমূহ থাকে:

  • বৰ্তমানৰ ওজন
  • প্ৰতিদিনে কিমান কেলৰি লোৱা হৈছে
  • কি কি ব্যায়াম কৰা হৈছে আৰু কিমান সময়ৰ বাবে

এখন ভালদৰে ৰখা তালিকা থাকিলে আপোনাৰ দৈনিক আৰু সাপ্তাহিক উন্নতিবোৰৰ বিষয়ে জানিব পাৰি আপোনাৰ গৰ্ভাৱস্থা চলি থকাৰ লগে লগে কৰা উন্নতিসমূহ দেখুৱাই আপোনাক অনুপ্ৰেৰণাও যোগায়

  1. সামৰণি

গৰ্ভাৱস্থাত অথবা জন্মৰ সময়ত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে গৰ্ভৱতি মহিলাসকলে নিৰ্ধাৰিত ওজনত থাকিলে ভাল হয় চিকিৎসকে গৰ্ভাৱস্থাত ডায়েটিং কৰাৰ পৰামৰ্শ নিদিয়ে তথাপিও অধ্যয়ন আৰু অনুসন্ধানে দেখুৱয় যে জোখতকৈ বেছি ওজন থকা গৰ্ভৱতী মহিলাসকলে গৰ্ভাৱস্থা জড়িত সমস্যা গঠন কৰাৰ ভয় বেছি যিবোৰ মাতৃ আৰি কেচুৱ, দুয়োৰে বাবে মৃত্যুমুখী পাৰে

এই প্ৰবন্ধটোত উলেখ কৰাৰ দৰে এখন স্বাস্থ্যকৰ খাদ্য তালিকা আৰু নিয়মিত ব্যায়ামৰ দ্বাৰা এইবোৰৰ পৰা আঁতৰি থাকিব পাৰি

 

________________________________________