“উচ্চ ৰক্তচাপ থকা গৰ্ভৱতী মহিলাৰ বাবে সুষম আহাৰ”

“উচ্চ ৰক্তচাপ থকা গৰ্ভৱতী মহিলাৰ বাবে সুষম আহাৰ”

 

গৰ্ভধাৰণকালত উচ্চ ৰক্তচাপ থকা প্ৰায় ২৫% মহিলাৰ প্ৰিক্লেম্পচিয়া হব পাৰে যাৰ লক্ষণ প্ৰোটেইনুৰিয়া হয় (২৪ ঘন্তীয়া পেচাবৰ নমুনাত ০.৩ g প্ৰোটিন থকা)| গৰ্ভাৱস্থাত ৰক্তচাপক সাধাৰণ স্তৰত ৰখাতো আপোনাৰ আৰু শিশুৰ বাবে শুভ |
গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপৰ কিছুমান লক্ষ হল ভিষন উকট-পাকট ভাব হোৱা, মূৰ-ঘূৰণি, পেচাবত তেজ, পেচাব ধিলা হোৱা, ভিষন মূৰৰ বিষ, অসাধাৰণ বিষ, আকস্মিক ওজন বঢ়া আৰু মুখ তথা হাত-ভৰি ফুলি যোৱা ইত্যাদি |

সেয়েহে মহিলা সমুহক তেওলোকে গ্ৰহণ কৰা আহাৰত আৰু জীৱন শৈলীত কিছু সাল-সলনি কৰিবলৈ পৰামৰ্শ দিয়া হয় যাতে উচ্চ ৰক্তচাপ আৰু প্ৰিক্লেম্পচিয়া হোৱাৰ আশঙ্কা নিম্নতম হয় | গৰ্ভধাৰণৰ সময়ত এক সু্স্থ শাৰীৰিক ওজন থকা উচিত |মহিলা সকলে নিজৰ দেহত এক সঠিক ওজন লাভ কৰিবৰ বাৰে সন্তুলিত আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰোটিন, ফল-মুল, সেউজীয়া শাক-পাচলি, শস্য আৰু কম চৰ্বি যুক্ত গাখীৰেৰে বনোৱা খাদ্যৰ উপৰত ধ্যান দিয়া উচিত |
অধিক পাৰিমাণত পানী খোৱা
আপুনি যদি গৰ্ভৱতী আৰু আপোনাৰ উচ্চ ৰক্তচাপ আছে, তেন্তে দিনে নিম্নতম ৮ গিলাচ পানী খোৱাতো অনুমোদিত | ইয়ে আপোনাৰ ধমনীত তেজৰ চাপ হ্ৰাস কৰাত, বৃক্ক চফা কৰাত আৰু ৰক্তচাপক নিয়ন্ত্ৰণ কৰাত সহায় কৰে |
কেফেইন খোৱাতো কমাই দিয়ক
আপোনাৰ আহাৰৰ তালিকাৰ কেফেইন আৰু ম’দৰ সেৱন কমাই দিয়ক, বিশেষকে যদি আপুনি গৰ্ভৱতী আৰু আপোনাৰ উচ্চ ৰক্তচাপ আছে |
আসংপৃক্ত ফেটি এচিদ
গবেষণাই সদৰি কৰিছে যে মাছত পোৱা অসংপৃক্ত ফেটি এচিদ যি এন-৩ লং-ছেইন পোলি অসংপৃক্ত ফেটি এচিদৰ উৎস হয়, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত প্ৰিক্লেম্পচিয়া আৰু অপৰিপক্ক বিষ ৰোধ কৰাত সহায় কৰে |
পাচলি আৰু আঁহ যুক্ত খাদ্য
এক সন্তুলিত আহাৰৰ বাবে শাক-পাচলি মৌলিক খাদ্য | পাচলিত ভিটামিন – চি, ভিটামিন – কে, আঁহ আদি সুৰক্ষা দিব পৰা পোষক তত্ব থাকে (এইবোৰত কেল’ৰিৰ মাত্ৰাও কম থাকে )| আপুনি দৈনিক বিভিন্ন ধৰনৰ পাচলি গ্ৰহণ কৰা উচিত | সেউজীয়া পাচলি যেনে পালেং, কালে, চালগোম আদিত পোটাচিয়ামৰ মাত্ৰা বেছি হোৱাৰ কাৰনে ইয়াক আধিক পাৰিমাণত গ্ৰহণ কৰিব লাগে কাৰন ইয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে |
ইয়াৰ উপৰিও, জৈৱিক পাচলি যেনে ব্ৰকলি, বন্ধাকবি, বেঙেনা, নহৰু, সেউজীয়া পাচলি যেনে চীনালাই, তেঙা , মটৰ আদি অধিক পাৰিমাণত গ্ৰহণ কৰিব লাগে |
সতেজ ফল-মুল
ফল-মুল খোৱাতো শৰীৰত আঁহ, পোটাচিয়াম আৰু মেগ্নেচিয়াম যোগান ধৰাৰ এক ভাল উপায়, কাৰন এইবোৰে গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ হ্ৰাস কৰে | কিছুমান ফল হল বগৰি, কিৱি, আপেল, আৰু তেঙা ইত্যাদি | ইয়াৰ উপৰিও, আপোনাৰ আহাৰত সতেজ ফলৰ ৰস ( বিনা চেনি) অন্তৰ্ভুক্ত কৰিলে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায়ক হয় |
চোডিয়ামৰ নিয়ন্ত্ৰণ
চোডিয়াম কম থকা আহাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ এক অনুমোদিত পথ কাৰন চোডিয়ামে তৰল পদাৰ্থ ধৰি ৰাখি ৰক্তচাপৰ উপৰত বেয়া প্ৰভাৱ পেলাই | চোডিয়াম এবিধ ইলেক্ত্ৰোলাইট যাক অন্য উপযোগি ইলেক্ত্ৰোলাইট যেনে পোটাচিয়াম আৰু মেগ্নেচিয়ামে সন্তুলিত কৰি ৰাখে আৰু ৰক্তচাপক এক সুস্থ সীমাৰ ভিতৰত ৰখাত সহায় কাৰে | সেয়েহে আপুনি অধিক চোডিয়াম যুক্ত আহাৰ গ্ৰহণ কৰিলে, আপোনাৰ শৰীৰত পোটাচিয়াম হ্ৰাস হয় যি ৰক্তচাপ কম কৰাত এক সহায়ক হয় |

শস্য
উচ্চ ৰক্তচাপ ৰোধ কৰা আহাৰত শস্যক সদায় অন্তৰ্ভুক্ত কৰা কাৰন ই আঁহৰ আৰু কিছুমান মিণাৰেলৰ মুল উৎস যি ৰক্তচাপ হ্ৰাস কৰে | শস্যৰ ভিতৰত ভাত, বাৰ্লি, গেহু আদি অন্তৰ্ভুক্ত |
পোটাচিয়াম যুক্ত খাদ্য
পোটাচিয়াম অন্য এবিধ তত্ব যি আপুনি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰা উচিত , কাৰন পোটাচিয়ামে উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰাত সহায় কৰে | সিদ্ধ আলু, মাছ, ক’ল, চোয়াবিন আদি গ্ৰহণ কৰি আপুনি আপোনাৰ শৰীৰত পোটাচিয়ামৰ মাত্ৰা বঢ়াব পাৰে | পোটাচিয়ামে আপোনাৰ শৰীৰত চোডিয়ামৰ স্তৰ কমোৱাতো সহায় কাৰে | চিকিৎসকে পৰামৰ্শ দিয়ে যে পোটাচিয়ামৰ গ্ৰহণ বঢ়াব লাগে কিন্তু এক সীমাৰ ভিতৰত |
মেগ্নেচিয়াম যুক্ত আহাৰ
উচ্চ ৰক্তচাপ থকা এগৰাকী গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত সুষম আহাৰৰ বাবে মেগ্নেচিয়াম এবিধ উৎকৃষ্ট তত্ব | মেগ্নেচিয়াম থকা কিছুমান খাদ্য হল সূৰ্য্যমুখী ফুলৰ গুটি, পালেং শাক, শুকান বিন আদি | এইবোৰ খাদ্যত পোটাচিয়ামৰ উপৰিও আঁহ ভৰপুৰ মাত্ৰাত পোৱা যায় |
ছকলেট
কলা বৰণীয়া ছকলেট যি পোটাচিয়ামৰ এটা ভাল উৎস, উচ্চ ৰক্তচাপক হ্ৰাস কাৰিবৰ বাবে কম পৰিমাণত গ্ৰহণ কৰা উচিত | কম পৰিমাণত গ্ৰহণ কৰিলে শৰীৰৰ ওজন বঢ়াৰো শঙ্কা কমি থাকে |

ঔষধি গছ পুলি
ঔষধি গছপুলি যেনে কেমোমিল, পাৰ্স্লে, বেৰী আৰু ৰোজমেৰী আদিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে | এইবোৰক আপুনি আহাৰৰ লগত চালাদ হিচাপে গৰ্হণ কৰিব পাৰে বা ৰান্ধি খাব পাৰে |
মদৰ বৰ্জন
গৰ্ভৱতী মহিলাই মদৰ সেৱন বৰ্জন কৰা উচিত কাৰন মদে ৰক্তচাপ বৃদ্ধি কৰে আৰু ভ্ৰুণৰ উপৰত কু-প্ৰভাৱ পেলাই |
গুটেইখিনি আওৰাই কলে
গৰ্ভাৱস্থাৰ কালচোৱাত অসুস্থতাৰ আৰু মৃত্যুৰ প্ৰধান কাৰন হৈছে উচ্চ ৰক্তচাপ, সেয়েহে গৰ্ভাধাৰণৰ সময়ত যদি উচ্চ ৰক্তচাপে দেখা দিয়ে, ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰু শিশুৰ সুস্বাস্থ্য বাবে সকলো ধৰনৰ প্ৰচেষ্টা কৰা উচিত | শৰীৰৰ ওজন কমোৱা, ধূমপান আৰু মদৰ সেৱন বৰ্জন কৰা, দৈনিক ব্যায়াম কৰা আৰু এক ৰক্তচাপ হ্ৰাস কৰা এক সুষম আহাৰ গ্ৰহণ কৰা আদিয়ে আপোনাৰ অৱস্থাৰ উন্নতি কৰিব |

________________________________________