কমপ্লিমেণ্টেৰি ফিডিং

কমপ্লিমেণ্টেৰি ফিডিং

 

এটা পৰিয়ালত শিশু এটি জন্ম পোৱাৰ পৰাই এই কথাটোত মন দিয়া হয় যাতে নতুন সদস্যটিয়ে আতাইতকৈ ভাল পোষণ পায়। আৰু লগতে এই কথাটো মন কৰিব লাগে যে স্তনৰ গাখীৰত থকা পোষক তত্বসমূহৰ দৰে একো হ’ব নোৱাৰে। কিন্তু সময় যোৱাৰ লগে লগে মাতৃ এগৰাকীয়ে কেচুৱাটিৰ বাঢ়ি অহা প্ৰয়োজনসমূহ পূৰ্ণ কৰিবলৈ অকলশৰীয়া নউভৱ কৰিব পাৰে। এনেকুৱা সময়ত কমপ্লিমেণ্টেৰি ফিডিং আৰম্ভ কৰা হয়।

কমপ্লিমেণ্টেৰি ফিডিং মানে কি?

কমপ্লিমেণ্টেৰি ফিডিং হৈছে সেই প্ৰক্ৰিয়া যিটোৰ আৰম্ভণি স্তনৰ গাখীৰে কেচুৱাটিক সকলো প্ৰয়োজনীয় পোষক তত্ব দুবলৈ ব্যৰ্থ হোৱাত কৰা হয় আৰু সেইবাবে স্তনৰ গাখীৰৰ লগত অন্য খাদ্য আৰু পনীয়া পদাৰ্থ দিয়াৰ প্ৰয়োজন হয়।

কমপ্লিমেণ্টেৰি ফিডিং কেতিয়া আৰম্ভ কৰিব লাগে?

সমগ্ৰ বিশ্বৰ চিকিৎসকসকলৰ মতে ৬ মাত অথবা তাতকৈ বেছি বয়সত অকম্প্লিমেণ্টেৰি ফিডিং আৰম্ভ কৰিব লাগে। তথাপিও সাংস্কৃতিক পৃষ্ঠভূলিৰ ওপৰত নিৰ্ভৰ কৰি ই ৬ মাহৰ পৰা ১৮-২৪ মাহলৈকে বিস্তৃত হ’ব পাৰে। এইটো কথা মনত ৰখাটি ভাল যে কমপ্লিমেণ্টেৰি ফিডিং দুগ্ধপানৰ লগে লগে চলাই নিব লাগে।

এনেকুৱা এটা সময়ো আছে যে বহু শিশু বিশেষকৈ তৃতীয় বিশ্ব দেশৰ শিশুবিলাক পয়ালগাত চিকাৰ হয়। এই প্ৰবন্ধটোৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ পিতৃ-মাতৃসকলক সিহঁতৰ কেচুৱাবিলাকৰ পোসক তত্বৰ প্ৰয়োজন বিলাক কেনেকৈ পূৰ্ণ কৰিব তাৰ বিষয়ে নিৰ্দেশনা দিয়াটো।

কৰিব লগা কামসমূহ

প্ৰায় আটাইবিলাক ক্ষেত্ৰতে কমপ্লিমেণ্টেৰি ফিডিং বহু কম বয়সত আৰম্ভ কৰা হয় আৰু সেইবাবে তলত উল্লেখিতসমূহ মনত ৰখাটো ভাল। কমপ্লিমেণ্টেৰি ফিডিং:

পৰ্যাপ্ত হ’ব লাগে (বয়সৰ অনুসৰি সঠিক মাত্ৰাত দিব লাগে)

সঘনে দিব লাগে (সময় অনুসৰি দিব লাগে)

নিয়মিতভাৱে দিব লাগে (নিয়মীয়াকৈ খুৱাব লাগে)

বিভিন্ন প্ৰকাৰৰ হ’ব লাগে (স্বাস্থ্যকৰ খাদ্যৰ মিশ্ৰণ থাকিব লাগে)

যিহেতু কমপ্লিমেণ্টেৰি খাদ্য হাতেৰে বনোৱা হয় সেইবাবে এইটো কথাত মন দিব লাগে যাতে খাদ্যসমূহ সুৰক্ষিতভাৱে বনোৱা হয় (চফা পানী, ৰন্ধাৰ পাত্ৰ আৰু ষ্টেৰিলাইন কৰা বটল) যাতে খাদ্যত কোনো বীজাণুয়ে আক্ৰমণ কৰিব নোৱাৰে।

কেচুৱাটি বাবে বেলেগকৈ ৰন্ধাৰ পাত্ৰ, চফা কৰা স্ক্ৰাব, চাবোন থোৱাটো এটা ভাল অভ্যাস।

কিমান খুৱাৱ লাগে?

যিহেতু কেচুৱাটি পাচন তন্ত্ৰটো কোমল হৈ আছে, সেইবাবে এইটো কথা মনত ৰখাটি ভাল যে তাক যাতে নিজৰ বয়সৰ লগত খাপ খোৱা খাদ্য অতি কম মাত্ৰাৰে আৰম্ভ কৰা হয়। কেচুৱাটিয়ে সহজতে হজম কৰিব পৰা খাদ্য আৰু মচলা নথকা খাদ্য খুৱাবলৈ পৰামৰ্শ দিয়া হয়।

WHOএ পৰামৰ্শ দিয়ামতে কেচুৱাই ৬ মাহৰ বয়সৰ পৰা স্তনৰ গাখীৰৰ লগতে কমপ্লিমেণ্টেৰি খাদ্য খোৱা আৰম্ভ কৰিব লাগে আৰু ইয়াৰ আৰম্ভণি ৬-৮ মাহৰ কেচুৱাৰ বাবে দিচে ২-৩ বাৰকৈ কৰিব লাগে আৰু ৯-১১ মাহ হ’লে ইয়াক দিনে ৩-৪ বাৰকৈ বঢ়াই দিব লাগে। ১২ মাহৰ পাচৰ কমপ্লিমেণ্টেৰি খাদ্যৰ লগত এটা পাতল স্নেক (১-২খন বিস্কুট) দিনে ১-২ বাৰ খুৱাব পাৰি।

কি খুৱাব লাগে (৬-১২ মাহলৈকে)?

কমপ্লিমেণ্টেৰি খাদ্যৰ সঠিক গঠন কি কি খাদ্য উপলব্ধ আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে কেনেকুৱা অভ্যাস পালন কৰা হৈছে তাৰ ওপৰতো নিৰ্ভৰশীল। দুগ্ধপান কৰা কেচুৱাসকলক নিৰন্তৰে লালন-পালন কৰিব লাগে আৰু পালনকৰ্তাই এই কথা ধৈৰ্য ধৰি মন কৰিব লাগে যে কেচুৱাটিয়ে ভোক লগাৰ কিবা লক্ষণ দেখুৱাইছে নেকি আৰু যদি দেখুৱাইছে তেন্তে শিশুটিক খাদ্য খাবলৈ উৎসাহিত কৰিব লাগে।

বজৰত পোৱা বহু প্ৰাকৃতিক খাদ্যক কেচুৱাৰ খাদ্য (৬-১২ মাহ) হিচাপে ব্যৱহাৰ কৰিব পাৰি। ঘৰতে বনোৱা ডাইল, সিজোৱা আপেল, কল আৰু গাজৰ হৈছে পোষত তত্বৰে পৰিপূৰ্ণ আৰু কেচুৱাটিৰ বাবে ভাল খাদ্য। কুহুমীয়া পানীত মিহলোৱা এফাল কমলাৰ ৰস, ডালিমৰ ৰস, অথবা কেইটামান কিচমিচ অথবা তুলসী পাত দি উতলোৱা আধাকাপ পানী কেচুৱাৰ বাবে অতি উৎকৃষ্ট পানীয়।

পিঠাগুৰি আৰু দাইল মিহলাই তাক প্ৰেচাৰ কুকাৰত ৰান্ধি দুপৰিয়া অথবা ৰাতি খুওৱাটোও এটা ভাল উপায়। তাই এচিকুট নিমখ আৰু এটোপাল ঘিউ দিলে ই সুস্বাদু খাদ্য হ’ব। এদিনত এটা অথবা দুটা কমপ্লিমেণ্টেৰি খাদ্যতকৈ বেছি খুৱাবলৈ চেষ্টা কৰিব নালাগে।

বিকাশৰ বিভিন্ন স্তৰৰ বাবে বজৰত সহজতে বনাব পৰা ফৰ্মুলা উপলব্ধ আছে, যেনে নান প্ৰ’, লেক্টোজেন, চেৰেলেক ইত্যাদি।

যিহেতু কিছুমান কেচুৱা কিছুমান খাদ্যৰ প্ৰতি এলাৰ্জি অনুভৱ কৰিব পাৰে, সেইবাবে কণী আৰু মাংস ১২ মাহ হোৱাৰ পাচত খুৱাবলৈ পৰামৰ্শ দিয়া হয়।  

কি খুৱাব লাগে (১২-২৪ মাহলৈকে)?

এবছৰ হোৱাৰ লগে লগে অথবা তাৰ আগত বেছিভাগ কেচুৱাৰ দাঁত গজিবলৈ লয় আৰু সিহঁতে চোবাব পৰা বস্তু কামুৰি বহুত ভাল পায়। এইটো স্তৰত ৰুটি এবিধ ভাল আহাৰ। ৰুটিৰ সৰু টুকুৰা, অলপ মিঠা ৰুটি, ইদলি, ড’চা, বিস্কুট, পকা কল আৰু ডাইলৰ লগত সনা ভাত, অমিতা, এই সকলোবোৰে এটা সুস্বাদু অহাৰ বনায়। খাদ্য কিমান খায় তাৰ ওপৰত ভিত্তি কৰি তাৰ পৰিমাণ বঢ়াব লাগে আৰু গাখিৰ খুৱাবলৈ পাহৰিব নালাগে। কিছুমান পিতৃ-মাতৃয়ে স্নেকৰ বাবে শুকান ফল গুৰি কৰি পৰিজ বনায়।

শিশুসকলক কোমল বয়সৰে পৰা স্বাস্থ্যকৰ খাদ্য খাবলৈ উৎসাহিত কৰাটো অতি গুৰুত্বপূৰ্ন কথা। এনেকুৱা এখন দেশত থকা য’ত বহু পৰিমাণে প্ৰাকৃতিকভাৱে পোৱা খাদ্য উপলব্ধ, তাত থাকি ঘৰতে নিৰ্মিত পূৰ্ণ আহাৰ বনায় কেচুৱাটিক খুওৱাটো এটা ভাল প্ৰচেষ্টা আৰু ফেক্টৰিত নিৰ্মিত খাদ্য যিমান পাৰি সিমান কমাই ৰাখিব লাগে। মনত ৰাখিব যে এটি পৰিপূৰ্ণ আহাৰে এটি স্বাস্থ্যৱান কেচুৱা নিৰ্মাণ কৰে।