দুগ্ধপান আৰু থ্ৰাছ- য়ীষ্টৰ এটা সংক্ৰমণ

দুগ্ধপান আৰু থ্ৰাছ- য়ীষ্টৰ এটা সংক্ৰমণ

 

থ্ৰাছ মানে কি?

থ্ৰাছ, যাক কেণ্ডিডিয়াচিচ বুলিও কোৱা হয় এজ প্ৰকাৰৰ ফাংগাচৰ সংক্ৰমণ যি দুগ্ধপান কৰোৱা মাতৃসকলৰ মাজত সাধাৰণতে পোৱা যায়। কেণ্ডিডা আল্বিকাঞ্চ নামৰ এক প্ৰকাৰৰ ফাংগাচৰ বাবে ই হয়। মানৱ শৰীৰত বিশেষকৈ চাল আৰু মুখত কেণ্ডিডা আল্বিকাঞ্চ পোৱা যায়, কিন্তু শৰীৰত অন্য “ভাল” বেক্টেৰিয়া থকাৰ বাবে ই নিয়ন্ত্ৰিত হৈ থাকে।

যদি শৰীৰত থকা ভাল বেক্টেৰিয়াৰ সংখ্যা কমি যায় অথবা নাইকিয়া হয় তেতিয়া কেণ্ডিডা আল্বিকাঞ্চ প্ৰচুৰ পৰিমাণে হয় যাৰ ফলত দুগ্ধপান কৰোৱা মাতৃগৰাকীৰ মুখৰ চাল, ওঠ আৰু স্তন আৰু নিপ্পলত এটা বগা তৰপ পৰে।

ইয়াৰ মূল কাৰণ হৈছে মাতৃগৰাকীয়ে অন্য কোনো সংক্ৰমণৰ বাবে ব্যৱহাৰ কৰা এণ্টিবায়’টিক। এই এণ্টিবায়’টিকসমূহ যি সংক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয় তাৰ বেক্টেৰিয়াবোৰ মাৰে কিন্তু তাৰ লগতে শৰিৰৰ ভাল বেক্টেৰিয়াবোৰকো মাৰি পেলায়, যাৰ ফলত কেণ্ডিডা প্ৰচুৰ পৰিমাণে বাঢ়ে।

মাতৃগৰাকীত বাবে থ্ৰাছ এক কষ্টকৰ অৱস্থা আৰু বিষৰ বাবেই কেচুৱাটিক খুৱাবলৈ বুচাৰিলেও খুৱাব নোৱাৰে। ইয়াৰ ফলত কেচুৱাটিয়ে বহু সোনকালে গাখীৰ এৰিবও পাৰে। ই কেচুৱাটিয়ে গাখীৰ খোৱাৰ বাধাও দিব পাৰে যাৰ ফলত তাৰ মুখখন বিষায় আৰু ফুলি উঠে।

মাতৃগৰাকীৰ শৰীৰত লক্ষণ:

এগৰাকী মাতৃৰ থ্ৰাছ হ’লে সাধাৰণতে দেখা পোৱা লক্ষণসমূহৰ প্ৰধানটো হৈছে নিপ্পলটোত জ্বলা-পোৰা অনুভৱ কৰা। ইয়াৰ লগতে স্তনৰ আৰু নিপ্পলৰ চালখিনিত বহুত খজুৱতি হয়। স্তন আৰু নিপ্পলৰ কাষৰ চালখিনি জিলিকি পৰে।

নিপ্পলত হোৱা বিষৰ লগতে স্তনটোৰ সৰু সৰু থাইত ফুলি উঠি বিষ হোৱা অনুভৱ হয় অথবা নুফুলাকৈয়ো বিষ অনুভৱ কৰিব পাৰে। নিপ্পল আৰু এৰিঅ’লা সাধাৰণতকৈ অলপ শেঁতা পৰি থাকে। প্ৰথমে এটা স্তনত বিষ হয় আৰু লাহে লাহে ইটোলৈ বিয়পি পৰে।

নিপ্পল বহুত সংবেদনশীল আৰু গা ধোওঁতে অথবা কাপোৰ সলাওঁতেও দুখ পাব পাৰে। এই বিষটো বেকি খোঁচ অথবা ৰেজৰে কটাৰ দৰে অনুভৱ হয়। কিছুমান মহিলাই ইয়াক প্ৰসৱতকৈয়ো বেছি কষ্টকৰ বুলি কয়।

গাখীৰ খুৱাওতে আৰু তাৰ পাচতো বিষ থাকে। কেতিয়াবা বিষ কেৱল স্তনতে নহ’বও পাৰে। ই যোনিৰ থ্ৰাছ হৈ আৰম্ভ হ’ব পাৰে, যি পৰিয়াল নিয়ন্ত্ৰনৰ বাবে গৰ্ভনিৰোধক পিল খোৱা অথবা অন্য কোনো চিকিৎসাজনিত সমস্যাৰ বাবে হয়।

কেচুৱাটিত দেখা পোৱা লক্ষণসমূহ:

কেচুৱাটিত দেখা পোৱা লক্ষণসমূহ হৈছে বগা চামনি পৰা আৰু ফুলি উঠা জিভা আৰু মুখ। কেতিয়াবা বগা তৰপৰ সলনি গুটি উঠিব পাৰে। আঁতৰাই দিলে এই গুটিবোৰৰ পৰা তেজ ওলায়। বগা গুটিবোৰৰ কাষৰ চালখিনি ৰঙা পৰি থাকে।

কেচুৱাটিৰ বাবে এই অৱস্থা বহু কষতকৰ আৰু ইয়াৰ ফলত সি খুৱাওতে অশান্তি কৰে আৰু খিংখিঙীয়া হয়। বিষৰ ফলত কেচুৱাটিয়ে স্তনৰ পৰা আঁতৰি আহিব পাৰে অথবা খাবলৈ মন নকৰিব পাৰে। বগা গুটিবোৰৰ বাহিৰে অন্য কোনো লক্ষণ দেখা পোৱা নায়ায়।

কেতিয়াবা কেচুৱাটিৰ থ্ৰাছ এটা ডায়েপাৰৰ চাহীৰ দৰে হ’ব পাৰে। কেচুৱাটিৰ শৰীৰৰ ডায়েপাৰে ঢকা অংশখিনি ৰঙা অথবা গুলপীয়া হ’ব পাৰে। ই সৰু, ফুলি থকা ৰঙা গুটিও হ’ব পাৰে অথবা মাত্ৰ এডোখৰ ফুলি থকা ৰঙা চালো হ’ব পাৰে।

যদি পেট্ৰোলিয়াম জেলী অথবা ভেচলিনৰ দ্বাৰা এই চাহী ভাল নহয় তেন্তে ইয়াক থ্ৰাছ বুলি ভাবক। পেট্ৰোলিয়াম জেলীৰ ব্যৱহাৰৰ দ্বাৰা অৱস্থা আৰু গুৰুতৰ হ’ব পাৰে কিয়নো ফাংগাচে পেট্ৰোলিয়াম জেলীত থকা তেলসমূহ খাদ্য হিচাপে ব্যৱহাৰ কৰে।

থ্ৰাছ হোৱৰ ভয়সমূহ:

এণ্টিবায়’টিকৰ ব্যৱহাৰৰ বাহিৰে মাতৃগৰাকী আৰু কেচুৱাটিৰ থ্ৰাছ হোৱাৰ অন্য বহুতো কাৰণ আছে। কেচুৱাটিয়ে সোনকালে গাখীৰ এৰিলে অথবা বটলৰ পৰা গাখীৰ খুৱালে কেচুৱাটিৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা কমি যোৱাৰ বাবে থ্ৰাছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। অন্য ভয়ৰ কাৰণ হৈছে কেচুৱাক নিচুকাবলৈ পেচিফায়াৰ ব্যৱহাৰ কৰা।

মাতৃগৰাকীত কেইটামান অৱস্থাৰ বাবে থ্ৰাছ হ’ব পাৰে। এই অৱস্থাসমূহ দুৰ্বল বেমাৰ প্ৰতিৰোধী ব্যৱস্থা, ডায়েবেটিজ মেলিটিয়াজ, ষ্টিৰইড আৰু গৰ্ভনিৰোধক পিল ব্যৱহাৰ কৰা আৰু এনিমিয়া হ’ব পাৰে।

থ্ৰাছৰ প্ৰতিৰোধ:

থ্ৰাছ প্ৰতিৰোধ কৰিবলৈ খুউৱাৰ আগত আৰু পাচত, ডায়েপাৰ সলাওঁতে আৰু পেচাব কৰিবলৈ যোৱাৰ পাচত সদায় হাত ধুব। নিয়মীয়াকৈ গ্ৰীণ টি খাওক, যাতে আপোনাৰ বেমাৰ প্ৰ্তিৰোধী ব্যৱস্থা সবল হয় আৰু থ্ৰাছ হোৱাৰ সম্ভাৱনা কমে।

বহু বেছি চেনি থকা খাদ্য খোৱা কমাওক কিয়নো ইয়াৰ ফলত কেণ্ডিডা সংক্ৰমণ হোৱা আশংকা বাঢ়ি যায়।

থ্ৰাছৰ চিকিৎসা আৰু লালন-পালন:

থ্ৰাছৰ চিকিৎসাত দৰব, ক্ৰিম, ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস আৰু খাদ্যৰ লগত দিয়া চাপ্লিমেণ্ট আহে। চিকিৎসাৰ বাবে সদায় আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক যাতে তেওঁ আপোনাক সঠিক দৰব আৰু স্তনৰ লগাবলৈ এণ্টি ফাংগেল ক্ৰিম দিব পাৰে। দৰবৰ কোৰ্চটো সম্পূৰ্ণ কৰক অথবা আকৌ হোৱা সম্ভৱনা বহু বেছি।

চিকিৎসা হিচাপে সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা মানে কেচুৱাটিক খুউৱা অথবা ডায়েপাৰ সলোৱাৰ পাচত সদায় ভালদৰে হাত ধোৱা। আপোনাৰ নিপ্পলকেইটা সদায় শুকুৱাই ৰাখক আৰু আপোনাৰ টাৱেলখন পৰিয়ালৰ সকলো সদস্যৰ পৰা বেলেগকৈ ৰাখক যাতে সিহঁত সংক্ৰমিত হ’লেও আপুনি নহয়। গা ধোৱা পানীত আধা কাপ ভিনেগাৰ মিহলাওক কিয়নি এচিডে বেক্টেৰিয়াক মাৰি পেলাব।

সংক্ৰমিত হ’লে স্বাস্থ্যকৰ খাদ্য আৰু বহুত পানী খাওক। বজাৰত পোৱা প্ৰ’চেচ কৰা খাদ্য যেনে ফলৰ ৰস আদিৰ ব্যৱহাৰ কমাই আপোনাৰ খাদ্যত চেনিৰ পৰিমাণ কমাওক কিয়নো ইয়াৰ ফলৰ সংক্ৰমণ বাঢ়িব পাৰে। আপোনাৰ কেচুৱাটিক বটলৰ পৰা গাখীৰ খুউৱাৰো এটা সীমা ৰাখক কিয়নো ইয়াৰ ফলত থ্ৰাছ হোৱাৰ আশংকা বাঢ়িব পাৰে।

প্ৰ’বায়’টিক্সত ভাল বেক্টেৰিয়া থাকে আৰু ইহঁতে অন্য বেয়া আৰু ক্ষতিকৰ বেক্টেৰিয়াক ৰোধ কৰাত সহায় কৰে আৰু খাদ্যত যোগ কৰিলে থ্ৰাছৰ পৰা ৰক্ষা কৰে। ইহঁতৰ মাজত লেক্টোবেচিলাচ টেবলেট পৰে, যি ভাল বেক্টেৰিয়াৰে নিৰ্মিত।

মাতৃ অথবা কেচুৱাটিক সংক্ৰমণৰ ক্ষেত্ৰত, দুয়োজনকে চিকিৎসা কৰিব লাগে কিয়নো আনজন সংক্ৰমিত হোৱাৰ আশংকা বহু বেছি। যদি লক্ষণসমূহ ভাল নহয়, আকৌ হয় অথবা চলি থাকে, তেন্তে চিকিৎসা সলাবলৈ সদায় আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক।

সামৰণি

সমগ্ৰ বিশ্বজুৰি থ্ৰাছ মাতৃ আৰু কেচুৱা, দুয়োৰে মাজত এটা সাধাৰণ সমস্যা। ইয়াৰ আটাইতকৈ ভাল চিকিৎসা হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ভাল খাদ্য অৱলম্বন কৰা। এইখিনি কৰিলে কেণ্ডিডিয়াচিচৰ লগতে অন্য বহু বেমাৰৰ পৰা হাত শাৰি থাকিব পাৰিব।