হাইপেৰিমেচিচ গ্ৰাৱিডেৰামৰ বাবে খাদ্য

হাইপেৰিমেচিচ গ্ৰাৱিডেৰামৰ বাবে খাদ্য

 

মূৰ ঘুৰণি আৰু বমি ভাৰতীয় মাতৃসকলৰ বাবে এটা সাধাৰন সমস্যা আৰু ইয়াক ৫০% গৰ্ভৱতী মহিলাত দেখা পোৱা যায়। হ’ৰমোনৰ পৰিৱৰ্তনৰ বাবে এনে হয় বুলি ধৰা হয় আৰু ১৪ৰ পৰা ২০ নম্বৰ সপ্তাহৰ মাজত ই ভাল হয়। কিন্তু ১ৰ পৰা ৩% গৰ্ভাৱস্থাত এই মূৰ ঘুৰণি আৰু বমি গম্ভীৰ ভাবে আৰু সঘনে হয় আৰু তেতিয়া হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম (HG) হয়।

এই অৱস্থাত বহুত মূৰৰ বিষ, বমি, ওজন কমো যোৱা আৰু শৰীৰৰ তৰলৰ মাত্ৰাত বিজুতি ঘটে। সামান্য অৱস্থাবোৰক খাদ্যৰ পৰিৱৰ্তন, বিশ্ৰাম আৰু এণ্টাচিডেৰে চিকিৎসা কৰা হয়। গম্ভীৰ অৱস্থাবোৰত চিকিৎসালয়ত থকাৰ প্ৰয়োজন হয় কিয়নো তেতিয়া মাতৃয়ে খাদ্য আৰু পোষক তত্ব এডাল ইন্ত্ৰাভেনাচ লাইনৰ (IV) যোগেদি পাদ পাৰিব।

হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম কি হয়?

হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম হৈছে গৰ্ভাৱস্থাত অতিপাত মূৰ ঘুৰণি আৰু বমি হোৱা আৰু ই ৩% পোৱা যায় আৰু ৯ৰ পৰা ১৩সপ্তাহত শেষ সীমা পায়গৈ। বেছিভাগ মহিলাৰে ১৪ৰ পৰা ২০ সপ্তাহত অলপ ভাল পায় কিন্তু ২০% মহিলাক ভালদৰে লালন-পালন কৰিব লগা হ’ব পাৰে।

যদি এগৰাকী মহিলায়ে তেওঁ গৰ্ভধাৰণ কৰাৰ আগতে থকা ওজনৰ ৫% ওজন হেৰুৱাইছে তেন্তে এই অৱস্থা পাব পাৰে আৰু ইয়াৰ লগত অন্য সমস্যা যেনে শৰীৰত তৰলৰ মাত্ৰা কমি যোৱা; হাইপেৰিমেচিচ গ্ৰাৱিডেৰামক ৰোধ কৰিব পৰা কোনো বিকল্প নাই।

ইয়াৰ কাৰণবোৰ স্পষ্ট নহ’লেও গৰ্ভাৱস্থাত হোৱা হ’ৰমোনৰ পৰিৱৰ্তনবোৰে ভূমিকা পালন কৰে বুলি ধৰা হয়। সামাজিক আৰু মানসিক সমস্যাও এই অৱস্থাৰ লগত জড়িত হ’ব পাৰে আৰু কেতিয়াবা সঘনে হোৱ মূৰ ঘুৰণিৰ কাৰণ গৰ্ভধাৰনৰ লগত সম্পৰ্ক নথকা সমস্যা যেনে থাইৰইড অথবা লিভাৰৰ ৰোগো হ’ব পাৰে।

গৰ্ভাৱস্থাত কাৰ অতিপাত মূৰ ঘুৰণি আৰু বমি হোৱাৰ ভয় থাকে?

আপোনাৰ হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম হোৱাৰ ভয় বেছি যদিহে:

  • আপোনাৰ গৰ্ভত দুটা বা তাতোধিক কেচুৱা আছে
  • আপোনাৰ ভ্ৰমণ বেমাৰ অথবা মাইগ্ৰেইন হোৱা আশংকা আছে।
  • আপোনাৰ আগৰে পৰা লিভাৰৰ ৰোগ আছে।
  • আপোনাৰ ট্ৰোফোব্লাষ্টিক ৰোগ, হাইপাৰথাইৰডিজম অথবা জেষ্টেষ্যনেল ডায়েবেটিজ আছে।
  • আপোনাৰ ওজন জোখতকৈ বেছি।
  • আপোনাৰ পৰিয়ালত গৰ্ভৱতী মহিলাৰ আগৰে পৰা হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম হয়।
  • আপুনি আগতে গৰ্ভধাৰণ কৰোতে হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম হৈছিল

গৰ্ভাৱস্থাত মূৰ ঘুৰণি আৰু বমি হ’লে আপোনাৰ কেচুৱাটিৰ ওপৰত প্ৰভাৱ পৰিবনে?

অতিমাত্ৰা বমি কৰাটো ক্ষতিকাৰক কিয়নো ইয়াৰ ফলত শৰীৰত তৰলৰ মাত্ৰা কমি যায় আৰু গৰ্ভাৱস্থাত ওজন নাবাঢ়ে। যদি গৰ্ভাৱস্থাত আপোনাৰ ওজন কমি যায় তেন্তে আপোনাৰ কেচুৱাটি সৰু হোৱাৰ ভয় বেছি। কিন্তু এনে প্ৰভাৱ পৰাৰ সম্ভাৱনা বহুত কম।

এই অৱস্থাটো ক্ষণস্থায়ী কিন্তু শাৰীৰিকভাৱে আপোনাক শুহি পেলাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ শৰীৰত তৰলৰ মাত্ৰা কমি যোৱা, খাদ্যনলিৰ ঘা লগা, যকৃতৰ সমস্যা, তেজ গোট মৰা, জন্মৰ সময়ত কম ওজন আৰু গৰ্ভপাতো হ’ব পাৰে।

হাইপেৰিমেচিচ গ্ৰাৱিডেৰামৰ লক্ষনসমূহ কি?

  • অতিপাত মূৰ ঘুৰণি আৰু বমি
  • মূৰ্ছা যোৱা
  • জণ্ডিচ হোৱা
  • খুব ভাগৰুৱা অনুভৱ কৰা
  • কম ৰক্তচাপ
  • বাঢ়ি অহা বুকুৰ ধপধপনি
  • চালৰ টান খোৱা ক্ষমতা কমি যোৱা
  • চিন্তা/ ডিপ্ৰেচন হোৱা
  • খাদ্যৰ প্ৰতি বিৰাগ অহা
  • গৰ্ভধাৰণৰ আগতে থকা ওজনৰ ৫%তকৈ বেছি ওজন কমি যোৱা
  • প্ৰস্ৰাৱৰ মাত্ৰা কমি যোৱা
  • শৰীৰত তৰলৰ মাত্ৰা কমি যোৱা
  • মূৰৰ বিষ
  • কিংকৰ্তব্যবিমূঢ় ভাৱ

হাইপেৰিমেচিচৰ বাবে খাদ্য (শুকান খাদ্য)

খাদ্য আৰু জীৱনশৈলীয়ে আপোনাক অলপ ভাল লগাব পাৰে। ইয়াৰ লক্ষণসমূহৰ পৰা হাত সাৰিবলৈ কিছুমান পৰামৰ্শ আৰু খাদ্য আছে:

  • লাহেলাহে খাওক আৰু আপোনাৰ খাদ্য ভালদৰে চোবাওক।
  • কম পৰিমাণত খাওক।
  • খাদ্য খোৱাৰ ২ঘণ্টাৰ পাচলৈকে নুশুব।
  • আপুনি খাবপৰা খাদ্যবোৰ খাওক আৰু পাৰিলে প্ৰাকৃতিক আৰু প্ৰ’চেচ নকৰা খাদ্য খাওক।
  • খাদ্যৰ মাজে মাজে পানী অথবা পনীয়া পদাৰ্থ খাওক আৰু কেফেইনৰ পৰা আঁতৰি থাকক।
  • যদি একে সময়তে খোৱা আৰু পান কৰাৰ ফলত মূৰ ঘুৰণি ভাৱ হয় তেন্তে এনে নকৰিব।
  • ৰান্ধোঁতে খিৰিকী আৰু এঘজষ্ট ফেনৰ ব্যৱহাৰ কৰক যাতে গোন্ধবোৰৰ পৰা আঁতৰো থাকে। খাদ্য ৰান্ধোঁতে পাকঘৰৰ পৰা আঁতৰো থাকক।
  • ২৫৯ মিলিগ্ৰাম আদাৰ চাপ্লিমেণ্ট ল’লে হাইপেৰিমেচিচৰ লক্ষণসমূহ কৰি যায় বুলি প্ৰমাণিত আছে। আপোনাৰ চিকিৎসা পৰিকল্পনাত যিকোনো হাৰ্বেল চাপ্লিমেণ্ট যোগ কৰাৰ আগতে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক।
  • ফিংগাৰ কুকিজ, জিঞ্জাৰ এল আৰু কেণ্ডীয়েও আপোনাৰ লক্ষণ সমুহ কমোৱাত সহায় কৰিব পাৰে।
  • আপুনি খোৱা খাদ্যৰ ভালদৰে প্ৰক্ৰিয়া হ’বলৈ আৰু হজম প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ খোৱাৰ লগতে ডাইজেষ্টিভ এঞ্জাইম ব্যৱহাৰ কৰক।
  • পনীয়া খাদ্য যদি খাব পাৰে তেন্তে ভাল কথা কিয়নো এইবোৰ হজম কৰিবলৈ সহজ আৰু মূৰ ঘুৰণি কমাব পাৰে। মিল্ক শ্বেক অথবা স্মুদীত প্ৰ’টীন পাউডাৰ ব্যৱহাৰ কৰি চাওক।
  • আপোনাৰ ওচৰতে খাদ্য ৰাখক অথবা এটা কুলাৰত ৰাখক যাতে সহজতে পাব পাৰে। এপ্লেট স্নেক বনাওক য’ত কটা ফল, ছীজ, ক্ৰেকাৰ, গাজৰ আদি থাকে আৰু খাবলৈ মন যায় আৰু এঘণ্টামান এইবোৰকে খাওক।
  • আৰু লগতে ভিটামিন B6এ অলকে অথবা অন্য দৰবৰ লগত লগলাগি লক্ষণসমূহ কমোৱাত সহায় কৰিব পাৰে। আপোনাৰ চিকিৎসকক ইয়াৰ বিকল্পবোৰৰ বিষয়ে কথা পাতক।

ভিটামিনৰ এই শ্ৰৌতবোৰ এটা সাধাৰণ ভাৰতীয় খাদ্যত সহজতে পোৱা যায় আৰু ইয়াক ল’কেল চুপাৰমাৰ্কেটবোৰত অতি সহজতে পাব!

ভিটামিন B6ৰ আটাইতকৈ ভাল শ্ৰৌতবোৰ:

  • ব্ৰাউন ৰাইচ
  • হোল মিল ব্ৰেড
  • মাছ আৰু পল্ট্ৰী
  • উন্নতমানৰ ব্ৰেকফাষ্ট চিৰিয়েল
  • বাদাম
  • সেউজিয়া পাত থকা শাক-পাচলি

খাদ্যসমূহ স্বাস্থ্যকৰ অৱস্থাত ব্যৱহাৰ কৰিবলৈ চাওক কিয়নো আপোনাৰ বেছি প্ৰ’টীন আৰু বেছি কেল’ৰি খকা খাদ্য খাবলগা হ’ব পাৰে যদি আপুনি মূৰ ঘুৰণি আৰু বমি বমি ভাৱৰ বাবে ওজন বঢ়োৱাত সমস্যা পাইছে।

আপুনি কিহৰ পৰা আঁতৰ থাকিব লাগে?

  • অতিপাত মছলা দিয়া, বেছি পৰিমাণে চৰ্বি থকা খাদ্য যেনে ভজা খাদ্য, মেক্সিকান খাদ্য ইত্যাদি।
  • তীব্ৰ গোন্ধ থকা খাদ্য। ঠাণ্ডা খাদ্যক সহ্য কৰিব পাৰি কিয়নো সিহঁতৰ কম গোন্ধ থাকে। উদাহৰণস্বৰূপে ভজা কণীয়ে আপোনাৰ মূৰ ঘূৰণিৰ ভাৱ আনিব পাৰে কিন্তু ঠাণ্ডা, সিজোৱা কণীবোৰে নানে।
  • একেবাৰতে ঠাণ্ডা আৰু গৰম খাদ্য মিহলোৱা।
  • যিমান পাৰি সিমান হাইড্ৰোজিনেটেড তেল, কীটানাশক দ্ৰব্য, নাইট্ৰেট (পোৱা মাংস, লাঞ্ছ মীট আৰু হট ডগ), বিকাশ অনা হ’ৰমোন (ডায়েৰী আৰু পল্ট্ৰী), চেনি আৰু ইয়াৰ পৰিৱৰ্তে লোৱা বস্তু আৰু খাদ্যৰ ৰংৰ পৰা আঁতৰো থাকক।
  • চৰ্বি থকা থবা ভজা খাদ্য এৰাই চলক কিয়নো ইহঁতে লিভাৰ আৰু গল ব্লেডাৰৰ ওপৰত প্ৰভাৱ পেলায়।
  • যিবোলাক খাদ্যয়ে আপোনাক মূৰ ঘুৰণি আৰু বমি ভাৱ আনে তেনে খাদ্য আপোনাৰ ওচৰে-পাজৰে থকা ব্যক্তিসকলক ব্যৱহাৰ কৰিবলৈ মানা কৰক।

গৰ্ভাৱস্থাত হোৱ মূৰ ঘুৰণি আৰু বমিৰ চিকিৎসা কি?

হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম প্ৰথম তিনিমহীয়াত বহুত ক্ষতি কৰিব পাৰে আৰু সেইবাবে ইয়াৰ চিকিৎসা কোনো পলম নকাৰকৈ আৰম্ভ কৰাটো ভাল। যদি আপোনাৰ মূৰ ঘুৰণি আৰু বমি ইমানেই বেয়া অৱস্থাত আছে যে ই আপোনাৰ কেচুৱাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে তেন্তে আপোনাৰ চিকিৎসকে আপোনাৰ মূৰ ঘুৰণিৰ পৰা উপশম পোৱব দৰব দিব।

যদি আপোনৰ অৱস্থা গম্ভীৰ তেন্তে আপোনক চিকিৎসালয়ত ভৰ্তি কৰা হ’ব য’ত আপোনাৰ তৰল আৰি পোষক তত্ব ইন্ত্ৰাভেনাচৰ জৰিয়তে দিয়া হ’ব আৰু মূৰ ঘুৰণিৰ পৰা উপশম পোৱা আৰু জ্ঞনলৈ অনা দৰব দিয়া হ’ব। দৰবৰ ক্ষেত্ৰত আপুনি আগতিয়াকৈ তাৰ ভাল আৰু বেয়াসমূহ জানি লোৱাটো ভাল কিয়নো তাৰে কিছুমান দৰবে আপোনাৰ শিশুৰ বিকাশৰ ওপৰত বিস্তাৰ প্ৰভাৱ পেলাব পাৰে।

চিকিৎসালয়ত থাকোতে কৰ্মীসকলে আপোনাৰ তেজৰ নমুনা কেইবাবাৰো ল’ব যাতে আপোনাৰ ব্লাড কাউণ্টৰ ওপৰত ভালদৰে চকু ৰাখিব পাৰে। এই পৰীক্ষসমূহে শৰীৰত তৰলৰ মাত্ৰা কমি যোৱা আৰু পোষক তত্ব নোপোৱাৰ লক্ষণসমূহ পোহৰলৈ আনিব আৰু লগতে আপোনাৰ প্ৰস্ৰাৱত পোৱা ক্ষতিকাৰক পদাৰ্থ যেনে ক’ট’নত্ৰ ওপৰত চকু ৰাখিব। আপোনাক এবাৰ আলট্ৰাচাউণ্ডো কৰা হ’ব পাৰে যাতে আপোনাৰ গৰ্ভত এটাতকৈ বেছি শিশু আছেনে চাবলৈ আৰু অন্য কিবা গম্ভীৰ বেমাৰ পৰীক্ষা কৰিবলৈ।

আপুনি আপোনাৰ চিকিৎসকক কেতিয়া মাতিব লাগে?

মনত ৰাখিব যে হাইপেৰিমেচিচ গ্ৰাৱিডেৰামে বহুত স্বাস্থ্যজনিত সমস্যা আনিব পাৰে আপ্ৰু আপোনাৰ চিকিৎসালয়ত ভৰ্তি কৰাবও পাৰে। সেইবাবে আপোনাৰ চিকিৎসকক মাতক যদিহে:

  • আপুনি তেজ বমি কৰিছে
  • আপোনাৰ অতিপাত মূৰ ঘুৰণি আৰু বমি হৈছে
  • মূৰ ঘুৰণি আৰু বমিৰ মাত্ৰা অতি বেছি
  • আপুনি থিয় হ’লে ভাগৰুৱা অনুভৱ কৰে অথবা মুৰ্চা যায়
  • আপোনাৰ বুকুৰ ধপধপনি বাঢ়ি গৈছে
  • আপোনাৰ খুব কম প্ৰস্ৰাৱ হয় আৰু তাৰ ৰং ডাঠ
  • আপোনাৰ শৰীৰত তৰলৰ মাত্ৰা বহুত কম
  • আপোনৰ গৰ্ভাৱস্থা, দৰব অথবা এই খাদ্যৰ ওপৰত কিবা প্ৰশ্ন আছে

ৰাতিপুৱাৰ বেমাৰৰ বাবে কোনো প্ৰমাণিত চিকিৎসা নাই আৰু ই বেছিভাগ গৰ্ভৱতী মহিলাক প্ৰথম তিনিমহীয়াত ক্ষতি কৰে। ৰাতিপুৱাৰ বেমাৰ গম্ভীৰ ৰূপক হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম বুলি কোৱা হয় আৰু ইয়াৰ বাবে কোনো চিকিৎসাৰ প্ৰয়োজন নহয় যদিও ঘৰতে ল’ব পৰা যতন যেনে গোটেই দিনটোত কম পৰিমাণে খাই থকা আৰু জিঞ্জাৰ এল খাই থাকিলে মূৰ ঘূৰণি যথেষ্ট পৰিমাণে কমি যায়।