গৰ্ভাৱস্থাত মুৰ ঘুৰণি, বমি আৰু পুষ্টি

গৰ্ভাৱস্থাত মুৰ ঘুৰণি, বমি আৰু পুষ্টি

 

গৰ্ভধাৰণ প্ৰত্যেক মহিলাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। গৰ্ভাৱস্থাত এগৰাকী মহিলা পৰিয়াল আৰু বন্ধুবৰ্গৰ মৰম আৰু চিন্তাৰ মূল কাৰণ হয়। ভাৰতীয় মাতৃ হিচাপে মই অনেক উদাহৰণ দিব পাৰোঁ যেতিয়া মোক চিনাকি-অচিনাকি সকলো কি কৰিব লাগে আৰু কি নালাগে তাৰ বিসয়ে উপদেশ দিছিল, মাজে সময়ে চিন্তা বঢ়াৰ কাৰণো হৈছিল। সেইবাবে মই ভাবো যে হ’ব লগা মাতৃসকলে গৰ্ভাৱস্থাত হোৱা  শাৰীৰিক আৰু মানসিক সকলো পৰিৱৰ্তনৰ বাবে সাজু হ’ব লাগে আৰু সেইবোৰ আঁকোৱালি ল’ব লাগে। কিয়নো “এগৰাকী সুখী মাতৃ – এটি সুখী শিশু।”

গৰ্ভাৱস্থাৰ প্ৰথম লক্ষণ

গৰ্ভাধাৰণ কৰিলে বেছিভাগ মহিলায়ে অনুভৱ কৰা প্ৰথম লক্ষণটো হৈছে মূৰ ঘুৰণি আৰু বমিৰ ভাব। ইয়াক প্ৰায়েই ‘ৰাতিপুৱাৰ বেমাৰ’ বুলিও কোৱা হয়, আৰু মূৰ ঘুৰণি আৰু বমিৰ ভাবক গৰ্ভধাৰণৰ প্ৰথম লক্ষণসমূহৰ এটা বুলি ধৰা হয় আৰু ই যিকোনো সময়তে হ’ব পাৰে, কেৱল ৰাতিপুৱাই নহয়।

মূৰ ঘুৰণিৰ ভাৱ অসহ্যকৰ হ’ব পাৰে যদিও ই ক্ষতিকাৰক নহয়। ই স্বাস্থ্যকৰ গৰ্ভাৱস্থাৰ এটা লক্ষণ। এগৰাকী মাতৃৰ শৰীৰে তাইৰ শিশুটিক বিষাক্ত পদাৰ্থ আৰু পেটত থকা খাদ্যৰ পৰা যোৱা পেলিবোৰৰ পৰা কেচুৱাটিক ৰক্ষা কৰা ই এক প্ৰাকৃতিক উপায়।

মূৰ ঘুৰণিৰ কাৰণ

গৰ্ভাৱস্থাত মূৰ ঘুৰণি হোৱাৰ কাৰণসমূহ বিভক্ত কৰিব নোৱৰি কিন্তু ভবা হয় যে গৰ্ভাৱস্থাত শৰীৰত থকা হ’ৰমোনবোৰৰ সালসলনি হোৱাৰ বাবে ই হয়।

গৰ্ভাৱস্থাত খোৱা খাদ্যৰ বাবেও মূৰ ঘুৰণি হ’ব পাৰে। উদাহৰণস্বৰূপে মিঠাই, কেফেইন, মাংস, গাখীৰ, কণী আদিৰ দৰে খাদ্য খোৱাৰ বাবেও মূৰ ঘূৰণিৰ ভাব হ’ব পাৰে কিন্তু ডাইল আৰু চিৰিয়েলৰ দৰে খাদ্যবোৰ পেটত পাতলকৈ পৰে। কিছুমান খাদ্যৰ গন্ধৰ বাবেও মূৰ ঘুৰণিৰ ভাব আহিব পাৰে।

সেইবাবে এইটো মনত ৰখাটো ভাল যে মূৰ ঘুৰণিৰ বাবে কোনো ধৰা বন্ধা কাৰণ নাই। বিভিন্ন মানুহে বিভিন্নধৰণে প্ৰতিক্ৰিয়া কৰে।

বমি আ মূৰ ঘুৰণি কিমান সময়লৈকে থাকিব পাৰে?

৭০% গৰ্ভৱতী মহিলাৰ বমি আৰু মূৰ ঘুৰণিৰ ভাৱ হয়। গেষ্টেষ্যনৰ ৪-৮সপ্তাহৰ পৰা ৩-৪মাহলৈকে মূৰঘুৰণি আৰু বমিৰ ভাব আহি থাকিব পাৰে। কিচুমান ক্ষেত্ৰত বমিৰ ভাব গোটেই গৰ্ভাৱস্থা ধৰি চলি থাকিব পাৰে আৰু এগৰাকী মহিলায়ে দিনত দুবাৰমান বমি কৰাটো সাধাৰণ কথা। এইটো জনাও প্ৰয়োজনীয় যে প্ৰতিগৰাকী মহিলায়ে বমি আৰু মূৰ ঘুৰণিৰ ভাব অনুভৱ নকৰিবও পাৰে।

চিকিৎসকৰ সহায় কেতিয়া ল’ব লাগে

বহুত কম ক্ষেত্ৰত দেখা যায় যে মাতৃয়ে সঘনে বমি আৰু তীব্ৰ মূৰ ঘুৰণি অনুভৱ কৰিব পাৰে যাৰ ফলত হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম হ’ব পাৰে, এটা এনেকুৱা অৱস্থা য’ত শৰীৰত থকা তৰল আৰু ইলেক্ট্ৰোলাইটৰ মাত্ৰাত খেলিমেলি হয়, কেট’নুৰিয়া দেখা যায় আৰু পুষ্টিৰ অভাৱ আৰু ওজন কমি যায়। এইটো এনেকুৱা এটা অৱস্থা য’ত মাতৃয়ে তেওঁ লোৱা খাদ্য আৰু তৰল নিজৰ শৰীৰৰ ৰাখি নোৱাৰে। এনে হ’লে ততাতৈয়াকৈ চিকিৎসকৰ কাষলৈ নিয়াটো অতিকৈ প্ৰয়োজনীয়। যদি ভালদৰে চিকিৎসা কৰা নহয় তেন্তে ইয়াৰ ফলত স্নায়ুতন্ত্ৰত সমস্যা, লিভাৰে কাম নকৰা আৰু যকৃতৰ শতি হ’ব পাৰে।

মূৰ ঘুৰণি আৰু বমিৰ পৰা কেনেকৈ উপশম পাব:

  1. ৰাতিপুৱাৰ মূৰ ঘুৰণিৰ বাবে দিনটো এটা পাতলিয়া স্নেকেৰে আৰম্ভ কৰিলে ভাল।বিচনাৰ পৰা উঠাৰ আগত এটা বা দুটা নিমখীয়া বিস্কুট, চিৰিয়েল অথবা ট’ষ্ট খালে মবিৰ ভাব নিয়ন্ত্ৰন কৰিব পাৰি।
  2. শোৱাৰ আগতে ক্ষীণ মাংস অথবা উচ্চ মাত্ৰাত প্ৰ’টীন থকা স্নেক খোৱটোও এটা ভাল বিকল্প।
  3. এবাতি গাখীৰ অথবা চাহেৰে দিন আৰম্ভ কৰিব নালাগে। দিনটোত মাজে সময়ে তৰল (ফলৰ ৰস, গাখীৰ, পানী) খাই থকাটো ভাল। এবাৰতে বহুত তৰল খাই দিলে অস্বস্তিকৰ অনুভৱ কৰিব পাৰে যাৰ ফলত আকৌ বমি হ’ব পাৰে।
  4. স্নেক আৰু খাদ্যবোৰ ২-৩ঘণ্টাৰ মূৰে-মূৰে খাই থাকিলে ভালদৰে হজম হয়।
  5. তীব্ৰ গন্ধ থকা খাদ্যৰ পৰা আঁতৰি থাকক।
  6. নেমুটেঙা ওচৰত পোৱকৈ ৰাখিব। শতেজ নেমুটেঙাৰ গোন্ধ অথবা ইয়াৰ সোৱাদে বমিৰ ভাব আঁতৰই ৰাখিব পাৰে।
  7. আপুনি যাতে ভালদৰে বিশ্ৰাম পায় সেই কথা নিশ্চিত কৰক।

গৰ্ভাৱস্থাত ল’বলগা খাদ্য

গৰ্ভাৱস্থাত সম্পূৰ্ণ সময়ছোৱাত এটা পুষ্টিকৰ খাদ্য বৰ্তাই ৰাখিব লাগে। চিকিৎসকে দিয়া আইৰন আৰু ফ’লিক এচিড চাপ্লিমেণ্টৰ উপৰিও স্বাস্থ্যকৰ খাদ্যৰ অভ্যাস থাকিলে ভাল।

যথেষ্ট পৰিমাণে তৰল পদাৰ্থ খাওক। গাখীৰ, দৈ, কটেজ ছীজ অথবা ছীজ ভিটামিন B12ৰ লাগতিয়াল শ্ৰৌত। আখৰোট আৰু আলমণ্ডৰ দৰে বাদাম মাজে মাজে খাই থকাটোও ভাল। ভাৰতীয় হিচাপে আপোনাৰ খাদ্যত যথেষ্ট পৰিমাণে চাউল-ডাইল যোগ কৰাৰ সুবিধা লওক। ফল-মূল আৰু শাক-পাচলিয়ে ফাইবাৰৰ লগতে খনিজ লৱন আৰু ভিটামিনো প্ৰদান কৰে। মাছ খাবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। যদি আপুনি মাংসাহাৰী তেন্তে আপোনাৰ খাদ্যত চুপ আৰু মাংসও আনক। সতেজ আৰু ঘৰতে বনোৱা খাদ্য ল’বলৈ যিমান পাৰে সিমান চেষ্টা কৰক আৰু প্ৰ’চেচ কৰা খাদ্য বৰ্জন কৰক। যিহেতু প্ৰত্যেক মানুহৰ নিজৰ বৈশিষ্ট্য আছে সেইবাবে আপোনাৰ শৰীৰৰ লগত খাপ খোৱা খাদ্য খাওক। স্বাস্থ্যৱান হৈ থকাৰ মূল উপায় হৈছে যিমান কমকৈ খোৱ আৰু যিমান পাৰে সিমান খোৱা।

সামৰণিত, এইটো কওঁ যে নিজৰ শৰীৰৰ হোৱ পৰিৱৰ্তনসমূহ ভালদৰে চাব লাগে আৰু কিবা অসামান্যতা লক্ষ্য কৰিলে তাৰ উপশমৰ উপায় বিচাৰিব লাগে। যিবোৰ কাম কৰিলে আপুনি সূখী আৰু ভাল অনুভৱ কৰে তেনে কাম কৰক। গৰ্ভাৱস্থাত কোনো বেমাৰৰ দৰে ব্যৱহাৰ কৰিব নালগে। ই জীৱনৰ এটা অংশ যাক ভাল মনেৰে সুখ-শান্তিৰে আঁকোৱালি ল’ব লাগে।