গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা

গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা

 

সঠিক মাত্ৰাত মেক্ৰো আৰু মাইক্ৰো পোষক তত্ববোৰএ সঠিক মাত্ৰাটো প্ৰতিজন মানুহৰ বাবে এটা কঠিন কম হ’ব পাৰে। তথাপিও গৰ্ভাৱস্থা আৰু কেচুৱাক গাখীৰ খুউৱা সময়ত ইয়াৰ গুৰুত্ব বাঢ়ি যায়। মহিলাগৰাকীৱে নিজৰ খাদ্যৰ জৰিয়তে নিজৰ শৰীৰৰ প্ৰয়োজনসমূহৰ লগতে এটি স্বাস্থ্যকৰ কেচুৱা আৰু তাৰ জীৱনকালৰ গাঠনি নিৰ্মাণ কৰে। মেক্ৰো পোষক তত্ববোৰ পাবলৈ সহয় কিন্তু শৰীৰে যাতে মাইক্ৰো পোষক তত্ববোৰ পায়, সেইয়া নিশ্চিত কৰাটো অলপ কষ্টকৰ, মানে ভিটামিন আৰু খনিজ লৱণসমূহ সঠিক মাত্ৰাত পোৱাটো। তাৰে এটা মাইক্ৰো পোষক তত্ব হ’ল ভিটামিন D।

ভিটামিন D মানে কি?

শৰীৰে সুচাৰুৰূপে কাম কৰাত প্ৰধান ভূমিকা লোৱা ভিটামিন D হৈছে এটা ষ্টীৰইড হোৰম’ন যি চৰ্বিত দ্ৰৱনীয় হোৰম’নৰ শ্ৰেণীতে পৰে। শেহতীয়া অনুসন্ধানত ভিটামিন Dএ গৰ্ভাৱস্থাত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ পোহৰলৈ আনিছে আৰু লগতে ইয়াৰ অভাৱত হোৱাৰ বাবে গৰ্ভৱতী মহিলাসকলে সন্মুখীন হোৱা গম্ভীৰ সমস্যাৰ কথাও কৈছে। মহামাৰী বিজ্ঞানৰ অনুসন্ধানে গৰ্ভাৱতী মহিলাসকলৰ মাজত ভিটামিন Dৰ অভাৱৰ এটা ভয়লগা ছবি আনিছে আৰু তাৰেই ৩০ শতাংশতকৈও কম মহিলায়ে ইয়াৰ গুৰুত্ব আৰু সঠিক পৰিমাণত লোৱাৰ বিষয়ে গম পায়।

গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা

এতিয়া আপুনি ভাবিছে যে ভিটামিন D কিমান প্ৰয়োজনীয় আৰু আপুনি ইয়ালৈ কিয় মন দিব লাগে। যদিও অধ্যয়নসমূহ প্ৰাথমিক অৱস্থাত আছে তথাপিও গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰভাৱৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। দ্বিতীয় আৰু তৃতীয় তিনিমাহৰ ভিটামিন Dৰ প্ৰয়োজন বাঢ়ি যাও আৰু গুৰুত্বপূৰ্ণ হৈ পৰে। শেহতীয়া তথ্যসমূহৰ মতে:

  • ভালদৰে কৰা অনুসন্ধানৰ মতে এই তথ্য পোহৰলৈ আহিছে যে গৰ্ভাৱস্থাত শৰীৰত ভিটামিন Dৰ কম মাত্ৰা থকা মহিলাসকলএ চিজাৰিয়ান ডেলিভাৰি, গ্লূক’জে সঠিকভাৱে প্ৰক্ৰিয়াকৰণ নোহোৱা, বেক্টেৰিয়েল ভেগিন’চিচ আৰু প্ৰিক্লেম্পচিয়া হোৱ ভয় বেছি। ভিটামিন Dৰ অভাৱ হ’লে গৰ্ভাশয়ৰ মাংসপেশীবোৰৰো টানিব পৰা শক্তিৰ ওপৰত প্ৰভাৱ পৰে।
  • আপোনাৰ শৰীৰত যঠেষ্ট পৰিমাণৰ ভিটামিন D থাকিলে আপোনাৰ গৰ্ভাৱস্থা আৰু প্ৰসৱত সময়ত হোৱা সমস্যাসমূহ কমি যাব।
  • অধ্যয়নৰ পৰা পোৱা গৈছে যে ভিটামিন Dৰ কম মাত্ৰা থাকিলে বহুপ্ৰকাৰৰ কৰ্কট্ৰোগে দেখা দিব পাৰে। ইয়াৰ লগতে গৰ্ভাৱতি মহিলাৰ বেমাৰ প্ৰতিৰোৰ ক্ষমতা নোহোৱা, হৃদৰোগ, শীৰাৰ ৰোগ আৰু শৰীৰ ইনচুলিনৰ প্ৰতি সংবেদনশীল হোৱ মাত্ৰা বাঢ়ি যায়।
  • ভিটমিন Dএ শৰীৰত কেলচিয়াম আৰু ফছফোৰাচে কৰা প্ৰক্ৰিয়াসমূহ আৰু এইকেইটা শুহি লোৱত সহায় কৰে। শিশুৰ মজবুত হাড় গঠনৰ বাবে এইকেইটাৰ প্ৰয়োজন বহু বেছি। সেইবাবে দ্বিতীয় আৰু তৃতীয় তিনিমাহত ভিটামিন D যঠেষ্ট পৰিমাণে গ্ৰহণ কৰিলে শিশুটিৰ হাড় যে মজবুত হ’ব এই কথা থিৰাং হৈ পৰে। তথাপিও ভিটামিন Dৰ সঠিক মাত্ৰা বৰ্তাই ৰাখিবলৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক।

ভিটামিন Dৰ অভাৱ হোৱা কাৰণসমূহ

ৰ’দৰ পোহৰত আমাৰ চালে প্ৰাকৃতিকভাৱে ভিটামিন D শুহি লয়। দুৰ্ভাগ্যবশতঃ ৰ’দৰ পোহৰ আমাৰ শৰীৰত সীমিতভাৱে পৰাৰ বাবে ইয়াৰ ভাৱৰ সৃষ্টি হয়। যদিও প্ৰয়োজনীয় ভিটামিন D পাবৰ বাবে আমাৰ শৰিৰে সপ্তাহত ৩০ মিনিটমান ৰ’দৰ পোহৰ পাহৰ পালেই হ’ল, তথাপিও পোহৰখিনি পোনপটীয়াকৈ পৰিব লাগিব, কাপোৰৰ মাজেৰে নহয়।

এইটো ক্ষেত্ৰত শাকাহাৰীসকলৰ ভিটামিন D অভাৱ হোৱাৰ আশংকা বাঢ়ি যাব পাৰে কিয়নো ভিটামিন Dৰ খাদ্যৰ শ্ৰৌত বহু কম। ভিটামিন Dৰ প্ৰধান খাদ্য শ্ৰৌতবোৰ হৈছে কণীৰ হালধীয়া অংশ, মাছ, আৰু চেলমন, বীফ লিভাৰ আৰু গাখীৰ।

ক’লা বৰণৰ চালে কম ক’লা বৰণৰ চাল অথবা পাতল বৰণৰ চালতকৈ কম মাত্ৰাত ভিটামিন D নিৰ্মাণ কৰিব পাৰে। সেইবাবে আপোনাৰ চালৰ বৰণ যিমানেই ক’লা, আপোনাৰ ভিটামিন Dৰ অভাৱ হোৱাৰ আশংকা সিমানেই বেছি।

শকত হ’লেও শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন D নিৰ্মাণ কৰিব নোৱৰে। ইয়াৰ অভাৱ পুৰাবলৈ সিহঁতে ৰ’দৰ পোহৰত বেছিদেৰি থাকিব লগা হ’ব পাৰে।

কিমান পৰিমাণৰ ভিটামিন Dৰ প্ৰয়োজন হয়?

গৰ্ভৱতী মাতৃসকলৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন D নিৰ্মাণ কৰাৰ কথা ভবাৰ আগতে আমাৰ শৰিৰৰ প্ৰয়োজনীয়তা জানি লোৱাটো ভাল। অনুজ্ঞাপত্ৰ থকা চিকিৎসক দলে দৈনিক ২০০ IU ৰ পৰা ৪০০ IU লৈকে ভিটামিন D লোৱৰ পৰামৰ্শ দিয়ে।

যিহেতু ভিটামিন D চৰ্বি গলিব পৰা প্ৰ’হোৰম’ন, সেইবাবে আপোনাৰ শৰীৰে এয়াক সোনকালে আঁতৰাব নোৱাৰে আৰু অতিমাত্ৰা ভিটামিন Dএও যঠেষ্ট ক্ষতি কৰিব পাৰে। সেইবাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লৈ সঠিক মাত্ৰাত ইয়াক ল’ব লাগে আৰু নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব নালাগে।

ভিটামিন Dৰ শ্ৰৌত

সঠিক মাত্ৰা নিৰ্ধাৰণ কৰাৰ পাচত এতিয়া আমি গৰ্ভৱতী মহিলাসকলৰ বাবে ভিটামিন Dৰ কেইটামান শ্ৰৌতৰ ওপৰত পোহৰ পেলাম:

  • শৰীৰে যঠেষত পৰিমাণৰ ভিটামিন D পাবলৈ আটাইতকৈ সহজ আৰু ভাল উপায়টো হ’ল ৰ’দ পোহৰহ বহু সময় কটোৱা। এইটো বহু কৌতূহলজনক কথা যে যদি আপুনি মাত্ৰ ৩০ মিনিট সময় ৰ’দৰ পোহৰত কটায় তেন্তে আপোনাৰ শৰীৰে এসপ্তাহ চলাব পৰা ভিটামিন D নিৰ্মান কৰিব পাৰে।
  • দ্বিতীয় বিকল্পটো হ’ল খাদ্য। মাংশহাৰীসকলে ভিটামিন D গোটাবলৈ সহজ অনুৱভৱ কৰিব পাৰে কিন্তু শাকাহাৰীসকলে অলপ কষ্টৰ সন্মুখীন হ’ব পাৰে- গাখীৰ আৰু গাখীৰে নিৰ্মিত সামগ্ৰী, কাঠফুলা আদিবোৰ ভিটামিন D ভাল শ্ৰৌত। বৰ্তমান খাদ্য সামগ্ৰী যেনে ডাইল; ফেট স্প্ৰেড ইত্যাদি, যিবোৰত আগৰেপৰা ভিটামিন D থাকে, সেইবোৰ পোৱ যায়। তথাপিও ই কিমান ভালদৰে কাম কৰিব পাৰে সেইটো এটা মন কৰিবলগীয়া প্ৰশ্ন।
  • তৃতীয় বিকল্পটো হ’ল ভিটামিন D চাপ্লিমেণ্ট। আপোনাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি চিকিৎসকে আপোনাক সঠিক মাত্ৰাত ভিটামিন D চাপ্লিমেণ্ট অথবা পিল সেৱন কৰিবলৈ পৰামৰ্শ দিব পাৰে। এইটো আপোনাৰ শৰীৰত ভিটামিন D মাত্ৰা অতি সোনকালে আৰু সহজে বঢ়াবলৈ ভাল উপায়।

সামৰণি

আপোনাৰ হাড় আৰু শৰীৰ আৰু মনে স্বাস্থ্যকৰভৱে কাম কৰিবলৈ ভিটামিন D গুৰুত্ব বহুত বেছি। ইয়াৰ উপৰিও ই আপোনাৰ কেচুৱাটিৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। যদিও অনুসন্ধান কৰিবলৈ বাকি আছে তথাপিও ইয়াত গুৰুত্ব মানিবলগীয়া। চালৰ ৰং আৰু শৰীৰৰ অন্য অৱস্থা আৰু লগতে খাদ্য আৰু ভৌগোলিক তথ্যৰ ওপৰত ভিত্তি কৰি স্বাস্থ্যৱান মাতৃ আৰু কেচুৱাৰ বাবে এজনে এই কথা নিশ্চিত কৰিব লাগে যে এগৰাকী গৰ্ভৱতী মাতৃয়ে সথিক মাত্ৰাত ভিটামিন D পায়।