গৰ্ভাৱস্থাত এনিমিয়া

গৰ্ভাৱস্থাত এনিমিয়া

 

গৰ্ভৱতী মহিলাসকলৰ এনিমিয়া হোৱাৰ ভয় বেছি কাৰণ কেচুৱাটোক পোসক তত্ব প্ৰদান কৰোতে শৰীৰক অলপ বেছি পৰিমাণৰ তেজৰ প্ৰয়িজন হয়। গৰ্ভাৱস্থাত সামান্যভাৱে এনিমিয়া হোৱাটো সাধাৰণ কিয়নো তেজৰ মাত্ৰা বাঢ়ি যায়, তথাপিও, গম্ভীৰৰূপে এনিমিয়া হ’লে আপোনাৰ কেচুৱাটিৰ কেচুৱা কালত এনিমিয়া হোৱাৰ আশংকা বাঢ়ি যায়।

এনিমিয়া মানে কি?

এনিমিয়া, যাক তেজ নথকা বুলিও কোৱা হয়, এনেকুৱা এটা স্বাস্থ্যজনিত অৱস্থা য’ত আপোনাৰ শৰীৰৰ সকলোবোৰ মাংসপেশীবোৰলৈ অক্সিজেন কঢ়িয়বলৈ পৰ্যাপ্ত পৰিমাণৰ ৰঙা তেজৰ কোষ নাথাকে আৰু ৰঙা তেজৰ কোষবোৰৰ সংখ্যা কমি অহা অথবা তেজত হেম’গ্লোবিন কমি যোৱা।

গৰ্ভাৱস্থাত এনিমিয়া হ’লে কি হ’ব পাৰে?

গৰ্ভাৱস্থাত এনিমিয়া হোৱাটো এটা চিন্তাৰ বিষয় কাৰণ ই জন্মৰ সময়ত কম ওজন থকা, আগতীয়া প্ৰসৱ আৰু মাতৃৰ জন্ম মৃত্যুৰ লগত জড়িত। গৰ্ভাৱস্থাত গম্ভীৰ্ভাৱে এনিমিয়া হ’লে আপোনাৰ আগতীয়া প্ৰসৱ, জন্মৰ সময়ত কেচুৱাৰ কম ওজন থকা আৰু প’ষ্টপাৰ্টম ডিপ্ৰেছন হোৱাৰ ভয়ো বাঢ়ি যায়। কিছুমান অধ্যয়ন এইটোও পোৱা গৈছে যে ইয়াৰ ফলত জন্মৰ পাচতে অথবা আগতে কেচুৱাৰ মৃত্যু হোৱাৰ ভয়ো বাঢ়ি যায়।

গৰ্ভাৱস্থাত হোৱ বিভিন্ন প্ৰকাৰৰ এনিমিয়াবোৰ কি?

গৰ্ভাৱস্থাত বিভিন্ন প্ৰকাৰৰ এনিমিয়া হ’ব পাৰে আৰু তাৰেই আটাইতকৈ সাধাৰণকেইটা হৈছে:

আইৰনৰ অভাৱত হোৱা এনিমিয়া

ই হৈছে গৰ্ভাৱস্থাত আটাইতকৈ সাধাৰণভাৱে পোৱা আৰু যুক্তৰাষ্ট্ৰ এনিমিয়া হোৱাৰ মূল কাৰণ। সকলো গৰ্ভৱতী মহিলাৰ ১৫ৰ পৰা ২৫ শতাংশ মহিলায়ে এই অৱস্থা অনুভৱ কৰে।

আইৰনৰ অভাৱত হোৱা এনিমিয়াত তেজে মাংসপেশীবোৰলৈ সঠিক মাত্ৰাত অক্সিজেন কঢ়িয়াব নোৱৰে আৰু শৰীৰ সোনকালে ভাগৰুৱা হৈ পৰাৰ লগতে সংক্ৰমণৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায়।

ফ’লেটৰ অভাৱত হোৱ এনিমিয়া

গৰ্ভাৱস্থাত মহিলাসকলক অলপ বেছি মাত্ৰাত ফ’লেতৰ প্ৰয়োজন হয় কিয়নো ফ’লিক এচিডে গৰ্ভাৱস্থাত হোৱ নিউৰেল টিউবৰ সমস্যাবোৰ প্ৰতিৰোদ কৰিব পাৰে। ফ’লেট ভিটামিন Bৰ এক প্ৰকাৰ যাক সেউজীয়া পাত থকা শাক-পাচলিত পোৱা যায়।

ফ’লিক এচিড নামৰ এটা চাপ্লিমেণটটোক মহিলাসকলে গৰ্ভধাৰণ কৰাৰ আগতে সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হয় কিয়নো ফ’লেটৰ অভাৱ হ’লে পোনপটিয়াকৈ কিছুমান জন্মগত বিকাৰ যেনে নিউৰেল টিউবৰ অসামান্যতা (স্পিনা বিফিদা) আৰু জন্মৰ সময়ত কম ওজন হ’ব পাৰে।

 ভিটামিন B12 অভাৱ

শৰীৰক স্বাস্থ্যকৰ ৰঙা তেজৰ কোষ নিৰ্মাণৰ বাবে ভিটামিন B12ৰ প্ৰয়োজন হয়। যদি এগৰাকী গৰ্ভৱতী মহিলায়ে তেওঁৰ খাদ্যৰ যথেষ্ট পৰিমানৰ ভিটামিন B12 নাপায় তেন্তে তেওঁৰ শৰীৰে স্বাস্থ্যকৰ ৰঙা তেজৰ কোষ নিৰ্মাণ কৰিব নোৱাৰে।

ফ’লেট আৰু ভিটামিন B-12ৰ অভাৱ একেলগে হ’ব পাৰে আৰু যিসকল মহিলায়ে মাংস, পল্ট্ৰী, গাখীৰেৰে নিৰ্মিত পদাৰ্থ আৰু কণী নাখায় সেইসকলে মহিলাৰ ভিটামিন B-12ৰ অভাৱ হোৱৰ ভয় আৰু বেছি।

 গৰ্ভাৱস্থাত এনিমিয়া হ’লে হ’ব পৰা ভয়সমূহ কি?

সকলো গৰ্ভৱতী মহিলাৰ এনিমিয়া হোৱাৰ ভয় থাকে আৰু আপোনাৰ হয়তো গৰ্ভাৱস্থাত এনিমিয়া হোৱাৰ ভয় আৰু বেছি হ’ব পাৰে যদিহে আপুনি:

  • আপোনাৰ গৰ্ভত এটাতকৈ বেছি শিশু আছে
  • উচ্চ মাত্ৰাত আইৰন থকা খাদ্য খোৱা নাই
  • গৰ্ভধাৰণ কৰাৰ আগতে অতিমাত্ৰা ঋতুস্ৰাৱত ভুগিছে
  • কম সময়তে দুটা বা তাতোধিকবাৰ গৰ্ভধাৰণ কৰিছে
  • ৰাতিপুৱাৰ বেমাৰৰৰ ফলত নিয়মিতভাৱে বমি কৰিছে

গৰ্ভাৱস্থাত এনিমিয়া হ’লে দেখা পোৱা সাধাৰণ লক্ষণসমূহ কি?

সাধাৰণভাৱে হোৱ এনিমিয়াৰ কোনো লক্ষণ দেখা নাযায় তথাপিও অলপ বেছি অথবা গম্ভীৰ্ভাৱে হোৱা এনিমিয়াত তলত উল্লেখ কৰা লক্ষণসমূহে দেখা দিব পাৰে:

  • ভাগৰ
  • দুৰ্বলতা
  • শেঁতা পৰা অথবা হালধীয়া চাল
  • অনিয়মিত হৃদস্পন্দন
  • উশাহ চুটি হোৱা
  • টোপনি অথবা মূৰৰ বিষ
  • বুকুৰ বিষ
  • ঠাণ্ডা হাত-ভৰি
  • মূৰৰ বিষ

এইটো মনত ৰখাটোও প্ৰয়োজনীয় যে কিছুমান লক্ষণ এনিমক্যাতকৈ বেলেগ কাৰণৰ বাবেও হ’ব পাৰে, সেইবাবে আপোনাৰ চিকিৎসকৰ লগত কথা পতাটো প্ৰয়োজনীয় আৰু চিকিৎসকসকলে বিভিন্ন পৰীক্ষা কৰি আপোনাৰ প্লাজমাত ৰঙা তেজৰ কোষ আৰু আপোনাৰ তেজত হেম’গ্লোবিনৰ মাত্ৰা চাব পাৰে।

গৰ্ভাৱস্থাত হোৱা এনিমিয়াৰ চিকিৎসা কেনেকৈ কৰিব?

গৰ্ভাৱস্থাত হোৱা এনিমিয়াৰ চিকিৎসা আপোনাৰ নিয়মিয়া খাদ্যসম্ভাৰৰ আইৰন অথবা ভিটামিন চাপ্লিমেণ্টৰ যোগ কৰি সহজতে কৰিব পাৰি। গৰ্ভাৱস্থাত যদি আপোনাৰ তেজৰ ভাৱ হয় তেন্তে আপুনি জন্মৰ আগতে লোৱা ভিটামিনসমূহৰ লগত আইৰন চাপ্লিমেণ্ট আৰু/অথবা ফ’লিক এচিড চাপ্লিমেণ্ট লৈ আৰম্ভ কৰিব পাৰে। বহুত কম ক্ষেত্ৰত গম্ভীৰ্ভাৱে এনিমিয়া হোৱ মহিলাসকলক তেজ দিব লগা হ’ব পাৰে।

গৰ্ভাৱস্থাত এনিমিয়াৰ কেনেকৈ প্ৰতিৰোধ কৰিব?

যদি আপুনি গৰ্ভৱতী অথবা গৰ্ভধাৰণ কৰাৰ কথা ভাবিছে তেন্তে পুষ্টিকৰ খাদ্য হৈছে এনিমিয়া প্ৰতিৰোধ কৰাৰ আতাইতকৈ ভাল উপায়। বেছিভাগ মহিলায়ে গৰ্ভাৱস্থাত পৰ্যাপ্ত পৰিমাণৰ আইৰন আৰু ফ’লিক এচিড সঠিক খাদ্য খায়েই পায়।

উচ্চ মাত্ৰাত আইৰন থকা খাদ্যবোৰৰ উদাহৰণ হৈছে:

  • ক্ষীণ, ৰঙা মাংস আৰু পল্ট্ৰী
  • কণী
  • ডাঠ, পাত থকা সেউজীয়া শাক-পাচলি (যেনে ব্ৰকলি, কেল আৰু পালেং)
  • বাদাম আৰু গুটি
  • বীণ, ডাংবদি আৰু ট’ফু

উচ্চ মাত্ৰাত ভিটামিন C থকা খাদ্যবোৰে আচলতে শৰীৰে আইৰন শুহি লোৱাত সহায় কৰে, সেইবাবে এইবোৰকো যোগ কৰাটো ভাল হয়। এইবোৰ হৈছে:

  • টেঙা ফল আৰু ৰস
  • ষ্ট্ৰবেৰী
  • কিৱী
  • বিলাহী
  • বেল পেপাৰ

আপোনাৰ প্ৰসূতি বিশেষজ্ঞয়ে আপোনাক ভিটামিন ল’বলৈ পৰামৰ্শ দিব যাতে আপোনাৰ শৰীৰৰ যঠেষ্ট পৰিমাণৰ আইৰন আৰু ফ’লিক এচিড থাকে। আপুনি যাতে দিনে ৩০mg আইৰন লয় এই কথা নিশ্চিত কৰক।

আপোনাৰ প্ৰথম জন্মৰ আগতে লোৱা এপইণ্টমেণ্টত আপুনি তেজ পৰীক্ষা কৰাওক যাতে চিকিৎসকে আপোনাৰ এনিমিয়া আছে নে নাই এই কথা গম পায়। যদি আপোনাৰ প্ৰয়োজনতকৈ কম পৰিমাণৰ হেম’গ্লোবিন অথবা হেমাট’ক্ৰিট আছে তেন্তে আপোনাৰ আইৰনৰ অভাৱত হোৱা এনিমিয়া থাকিব পাৰে আৰু আপোনাৰ চিকিৎসকে অন্য এটা তেজৰ পৰীক্ষাৰ দ্বাৰা এই কথা নিশ্চিত কৰি যে আপোনাৰ আইৰণৰ অভাৱত এনিমিয়া হৈছে নে অন্য কিবা কাৰণত হৈছে।

মনত ৰাখিব, যদি আপুনি গৰ্ভৱতী অথবা গৰ্ভধাৰনৰ কথা ভাবিছে তেন্তে আপোনাৰ খাদ্যত যাতে আইৰন, ফ’লিক এচিড আৰু ভিটামিন B-12ৰ মাত্ৰা যাতে পৰ্যাপ্ত পৰিমাণৰ হয় এই কথা নিশ্চিত কৰক। আপোনাৰ চিকিৎসকক আপোনাক এনিমিয়া হোৱা আশংকাৰ বিষয়ে সোধক আৰু আপোনাক যাতে কেচুৱাটিৰ জন্মৰ আগতে লোৱা প্ৰথমবাৰতে পৰীক্ষা কৰা হয় এই কথা নিশ্চিত কৰক।

নিজেই নিজকে চিকিৎসা কৰাৰ চেষ্টা কেতিয়াও নকৰিব আৰু কেচুৱাৰ জন্মৰ আগতে লোৱা ভিটামিনটোত যাতে যথেষ্ট পৰিমাণে আইৰন আৰু ফ’লিক এচিড থাকে তাৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ মানি চলক।