আপুনি কি খাব বিছাৰে?! – গৰ্ভধাৰণৰ সময়ৰ খাদ্যৰ লোভ

 

গৰ্ভধাৰণ সময়ত কিছুমান খাদ্যৰ প্ৰতি লোভ জন্মে | ৬০৮০% হবলগীয়া মাতৃৰ বিশেষ খাদ্যৰ প্ৰতি লোভ জন্মে আৰু তৃতীয় যন্মাসিকৰ সময় অনুসৰি এইটো সলনি হয় | বেছিভাগ খাদ্যৰ লিপ্সা প্ৰথম যন্মাসিকত আৰম্ভ হয় আৰু তৃতীয় যন্মাসিক কালচোৱালৈ কমি যায় |

এইটো সচানে যে বিশেষ কিছুমান খাদ্যৰ প্ৰতি লোভ গৰ্ভধাৰণৰ বাবে জন্মে? আমি এই লোবোৰক ধ্যান দিয়া উচিত নে? গৰ্ভধাৰণৰ সময়ত জন্মা এই খাদ্যৰ লোভৰ লোক ধাৰনা আৰু ইয়াৰ সত্যতাৰ বিষয়ে জানো আহক আৰু লগতে ইয়াৰ কি ব্যৱস্থা লব লাগে ইয়াৰ বিষয়ে জানো আহক |

যদিও গৰ্ভধাৰণৰ সময়ত কিছুমান খাদ্যৰ প্ৰতি লিপ্সা জন্মে আৰু এইটো অতি সাধাৰণ কথা, কিন্তু এইটো এটা ভুল ধাৰনা যে গৰ্ভাধাৰনৰ সময় আগ বঢ়াৰ লগতে ইয়ো বাঢ়ি যায় |যেতিয়ালৈকে আপুনি গ্ৰহণ কৰি থকা খাদ্য সমুহ পুষ্টিকৰ হয় এই বিষয়ে চিন্তিত হোৱাৰ কোনো কাৰন নাই | চিনেমাত দেখুৱাৰ দৰে তেতেলি টেঙা প্ৰতি লোভ বা মাতৃৰ বিষেশ খাদ্যৰ প্ৰতি লোভে সন্তানটিৰ লিংগৰ সংকেত দিয়ে, এইবোৰ হল ভুল ধাৰনা |

কেতিয়াবা এনেকুৱা হয় যে হব লগীয়া মাতৃয়ে আগতে বেয়া পোৱা ঝাদ্য গৰ্ভধাৰণৰ পিছত ভাল পোৱা হয় বা আগতে ভাল পোৱা বস্তু পিছত বেয়া পোৱা হয় | বহুত মহিলাৰ কিছুমান অখাদ্যৰ প্ৰতিও লোভ জন্মে , যেনে মাটিৰ খোলা আদি, যি মাতৃ আৰু আহিব লগীয়া শিশুৰ স্বাস্থ্যৰ বাবে হানিকাৰক হব পাৰে | সেয়েহে এইবোৰ কথা চিকিৎসকৰ লগত আলোচনা কৰা ভাল যাতে ইয়াৰ উপায় বিচাৰি পায় আৰু সন্তাটোৱে সম্পুৰ্ণ পোষন পাই থাকে |

গৰ্ভধাৰণত খাদ্যৰ প্ৰতি লিপ্সা

গৰ্ভধাৰনৰ পিছত, হৰমণৰ পৰিবৰ্তনৰ বাবে এগৰাকী মহিলাৰ শৰীৰত বহুত খিনি সালসলনি আহে বিষেশকে খাদ্য, ৰুচি, আৰু গোন্ধত | চক্ত গোন্ধই বহুত গৰ্ভৱতী মহিলাক বিৰক্ত কৰিব পাৰে আৰু খাদ্যৰ প্ৰতি বিতৃষ্ণাও আনিব পাৰে | সাধাৰণতে গৰ্ভাৱস্থাৰ প্ৰথম কালচোৱাত এই বিতৃষ্ণা ভাৱ থাকে আৰু ইয়ে বমি বমি ভাৱ আনিব পাৰে | প্ৰত্যেক মহিলাৰ ক্ষেত্ৰত খাদ্য প্ৰতি লোপ্সা বেলগ বেলগ হয় আৰু এইটো সাধাৰণতে ক্ষতিকাৰক নহয় |উৎস

কি কি খাদ্যৰ প্ৰতি মহিলাৰ লিপ্সা জন্মে? এইটো মিঠা, নিমখিয়া, টেঙা আৰু মছলাৰ প্ৰতি হব পাৰে |

অতি সাধাৰণ লিপ্সা বোৰ হল :

. ছকলেট |  ছকলেটৰ প্ৰতি লোভ থকা বোৰৰ বাবে সকলোতকৈ উত্তম হল লা বৰণীয়া ছকলেট, কাৰণ ইয়াত ফ্লেভোনোইড থাকে যি আমাৰ শৰীৰৰ ৰোগ ৰোধ কৰিব পৰা ক্ষমতাৰ আৰু হৃদয়ৰ বাবে ভাল তথা ৰক্তচাপ হ্ৰাস কৰে | এইটো কোৱা হয় যে গৰ্ভাৱস্থাৰ সময়ত দৈনিক ভাৱে ছকলেট খালে, প্ৰিক্লেম্পচিয়া হোৱা সম্ভাৱনা নাথাকে | গৱেষনাই কয় যে যিবোৰ মহিলাই গৰ্ভাৱস্থাত ছকলেট নিয়মিয়া ভাৱে গ্ৰহণ কৰে, তেওলোকৰ ভ্ৰুণৰ বিকাশ ভাল হৈছে |

. কণী | কণীত প্ৰোটিন থাকে | আপুনি কেবল এইটো নিশ্চিত কৰিব লাগে যে কণীটো সম্পূৰ্ণ ভাৱে সিদ্ধ কৰি খাই, যাতে ছেলমোনেল্লা হোৱাৰ আশঙ্কা নাথাকে |

. বাদামৰ মাখন | ইয়াক কোনো বস্তুৰ লগত খোৱাতি অতিকৈ স্বাস্থ্যকৰ | গৱেষনাই প্ৰমানিত কৰিছে যে বাদাম বা বাদামেৰে তৈয়াৰিী মাখন গৰ্ভাৱস্থাত এৰাই চলিলে পিছলৈ শিশুটিৰ বাদামৰ এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে, যদিহে আপুনাৰ বাদামৰ এলাৰ্জি নাথাকে | গৰ্ভাৱস্থাত বাদামেৰে তৈয়াৰী মাখন গৰ্হণ কৰিলে, শিশুৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাক বৃদ্ধি কৰে আৰু ইয়াক বাদামৰ এলাৰ্জি হোৱাৰ পৰা বচাই ৰাখে | ইয়াত ভৰপুৰ মাত্ৰাত কেলৰি থাকে যি এনিমিয়া প্ৰতিৰোধ কৰাত সহায় কৰে | ইয়াৰ উোৰিও, এইটো আঁহযুক্ত হোৱাৰ বাবে কোষ্ঠকাঠিন্য দূৰ কৰে |( উৎস : https://www.babycenter.com/404_is-it-safe-to-eat-peanut-butter-during-pregnancy_10315711.bc)

. ছিজযদিও ইয়াৰ দ্বাৰা ওজন বাঢ়িৰ পাৰে, ছিজত কেলচিয়াম থাকে যি গৰ্ভৱতী মহিলাৰ বাবে আৱশ্যক |

. আইছক্ৰীম ! সকলো ধৰনৰ গাখীৰেৰে বনোৱা খাদ্যত ভৰপুৰ পৰিমাণে কেলচিয়াম থাকে আৰু এইবোৰ গৰ্ভাৱস্থাত মহিলা সকলৰ বাবে অতি লোভনীয় খাদ্য |

. নেমুটেঙা | নেমুটেঙাৰ প্ৰতি লিপ্সা সাধাৰণতে দ্বিতীয় আৰু তৃতীয় যন্মাসিকত আৰম্ভ হয় আৰু ইয়ে শৰীৰক এবিধ বেলেগ ধৰনৰ সুষম আহাৰ প্ৰদান কৰে |

. ফল | ফলৰ প্ৰতি লিপ্সা থকাতো ভাল কথা আৰু স্বাস্থ্যকৰ, মাত্ৰ ধ্যান ৰখা উচিত যে ইয়াক সন্তুলিত কৰি থাকিবৰ বাবে প্ৰোটিন কি্ছু মাত্ৰাত গ্ৰহণ কৰা হয় |( উৎস)

. জলকীয়া, টম য়াপ ছুপ, জালুক ইত্যাদি | বহুতো গৰ্ভৱতী মহিলাৰ মছলাযুক্ত খাদ্যৰ প্ৰতি লোভ জন্মে যদিও বদহজম আৰু বুকুপুৰণিৰ কাৰক | কিন্তু সীমিত মাত্ৰত যদি গ্ৰহণ কৰা হয়, এইটো সুৰক্ষিত |

. আচাৰ | আচাৰ এবিধ নিমখীয়া খাদ্য আৰু গৰ্ভৱতী মহিলাৰ মনপচন্দ যি চোডিয়ামৰ আৱশ্যকতাক দৰ্শাই |

অখাদ্যৰ লিপ্সা :

কোনবোৰ বস্তু গৰ্ভাৱস্থাত মাতৃ আৰু শিশুৰ বাবে বিপদজনক? বহুত ক্ষেত্ৰত দেখা যায় যে গৰ্ভৱতী মহিলাৰ অখাদ্যৰ প্ৰতি লিপ্সা জন্মে | তেওলোকৰ কিছুমান অখাদ্য যেনে মাটিৰখোলা, চাই, মাটি, বৰফ আৰু লেতেৰা বহুতো বস্তু যিবোৰত কোনো ধৰনৰ পোষক তত্ব নাথাকে আৰু বিপদজনক |

গৱেষনাই কয় যে অখাদ্যৰ প্ৰতি লিপ্সা লোহ পোষনৰ অভাৱত হব পাৰে কিন্তু ইয়াৰ কোনো প্ৰমান নাই | বহুতৰ মতে এনে ধৰনৰ লিপ্সা সাংস্কৃতিক আৰু জাতীগত কাৰনত হয় আৰু বহুত জাতীয়ে এনে ধৰনৰ লিপ্সাক পূৰণ কৰাত উৎসাহ প্ৰদান কৰে |

মাতৃৰ তেজত থকা সীহ শিশুৰ শৰীৰলৈ গুচি যাব পাৰে যি বহুতো ৰোগৰ কাৰন হৈ পৰে | সীহৰ অধিক পৰিমাণে আকস্মিক গৰ্ভপাতো ঘতাব পাৰে | সীহৰ ভক্ষণ কৰাতো সকলোতকৈ বিপদজনক কথা কাৰন ইয়াৰ ফলত শিশুৰ নানা ধৰনৰ দুৰৱস্থা যেনে বুদ্ধিহীনতা, আয়ত্ব কৰা ক্ষমতা নথকা , মনোযোগহীনতা, আৰু অন্যান্য কিছুমান হব পাৰে | সেয়েহে গৰ্ভাৱস্থাত আৰু গাখিৰ খুৱাই থকা অৱস্থাত সীহৰ স্তৰ পৰীক্ষা কৰাতো অতিকৈ জৰুৰী | (উৎস)

টোপনিৰো এটা গুৰুত্বপূৰ্ণ ভাগ আছে | গৱেষনাই দৰ্শাই যে ভাল টোপনিৰ অভাৱ হলে , জাঙ্ক ফুডৰ প্ৰতি বেছি লোভ জাগ্ৰত হয় | (উৎস)

গৰ্ভাৱস্থাত নাখাব লগীয়া খাদ্য সমুহ :

এনে বহুতো খাদ্য আচে যি ক্ষতিকাৰক হোৱাৰ বাবে গৰ্ভাৱস্থাত গ্ৰহণ কৰিব নালাগে | কোমল ছিজ, কেচা কণী, কম সিজা মাংস, চুচি আদি ক্ষতিকাৰক কাৰন এইবোৰত ছেলমোন্নেলা, কোলি থাকে আৰু টোক্চোপ্লামোচিচ আৰু লিস্তেৰিয়া আদি বেমাৰ হব পাৰে |

কোমল ছিজ যেনে ফেটা, ব্ৰি, কমেমবাৰ্ট, মেক্সিকো ছিজ আদি এৰাই চলিব লাগে | প্ৰচেজদ্ ছিজ, কটেজ ছিজ, ক্ৰীম ছিজ আৰু উটলা ছিজ যেনে চেদ্দাৰ আদি নিৰাপদ |(উৎস)

ডেলি মিট ( চছ, চাটনি আদিৰে আধা ৰন্ধা মাংস) লিস্তেৰিয়া হোৱাৰ ভয় থাকে, সেয়েহে এৰাই চলিব লাগে | কেচা বা আধা সিজা মাংস টেক্সোপ্লাচমোচিচৰ কাৰন হব পাৰে যি অতিকৈ বিপদজনক আৰু গৰ্ভপাত ঘটাব পাৰে |(উৎস)

ভালকৈ ৰন্ধা মাছ নিৰাপদ হয়, কাৰন আধা কেচা মাছৰ পৰা খাদ্যৰ বিষক্ৰিয়া হব পাৰে |মাছত পাৰদ পদাৰ্থ থাকে যি অধিক মাত্ৰত আমাৰ আৰু ভ্ৰুণৰ কাৰনে ভাল নহয় | কোনবিধ মাছ আপোনাৰ আৰু শিশুটিৰ বাবে উত্তম ইয়াৰ কাৰনে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত |(উৎস)

চিকিৎসকে দীঘলীয়া সময়ৰ বাবে হোৱা অধিক নিমখ, অধিক কাৰ্বহাইড্ৰেট আৰু অধিক চৰ্বি যুক্ত খাদ্যৰ প্ৰতি লিপ্সা থকাৰ প্ৰতিও সতৰ্ক কৰে কাৰন ইয়াৰ পৰা ওজন বঢ়া, গৰ্ভাৱস্থাৰ বহুমূত্ৰ আৰু অন্যান্য ৰোগ হব পাৰে , যি সন্তানৰ জন্মৰ পিছতো থাকি যায় | গৰ্ভাৱস্থাৰ বহুমূত্ৰ অতি সহজে টাইপ বহুমূত্ৰলৈ পৰিণত হয় | সেয়েহে শৰীৰৰ সঠিক ওজন বৃদ্ধিৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত যাতে সন্তান জন্মাৰ পিছত সুষম আহাৰ আৰু ব্যায়ামৰ সহায়ত সহজে আগৰ ওজনলৈ উভতি আহিব পাৰে |

যদিও গৰ্ভধাৰণৰ সময়ত হোৱা খাদ্যৰ প্ৰতি লিপ্সা কাৰনবোৰৰ বিষয়ে চিকিৎসকৰ কোনো উত্তৰ নাই, এইটো অতি সাধাৰণ আৰি ইয়াক অতি স্বাস্থ্যকৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে যদিহে আপুনি জানে কি খোৱা উচিত আৰু কি অনুচিত |

________________________________________