অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থাৰ বিষয়ে বুজ লোৱা

 

অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থা মানে হৈছে যে সফল আৰু স্বাস্থ্যৱান গৰ্ভাৱস্থা আৰু প্ৰসৱ পাবলৈ হলে আলপ বেছি লালনপালনৰ প্ৰয়োজন আপুনি যদি কোনো পুৰণা বেমাৰত ভুগি আছে অথবা আপোনাৰ অন্য কাৰণ আৰু কিবা অন্য অৱস্থা তেন্তে আপুনি এইটো শ্ৰেণীত পৰিব পাৰে

অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থা অলপ ভয়লগা হব পাৰে কিন্তু চোৱচিতাৰ লগতে প্ৰযুক্তিৰ বিকাশ হোৱাৰ বাবে আপুনি আপোনাৰ চিকিৎসকৰ লগত একেলগ হৈ স্বাস্থ্যকৰ গৰ্ভাৱস্থা আৰু সফল প্ৰসৱ নিশ্চিত কৰিব পাৰে

অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থা গৰ্ভধাৰণৰ আগত, পাচত অথবা সেই সময়তে হব পাৰে সেইবাবে আপোনাৰ যদি আপুনি গৰ্ভধাৰণ কৰিব বিচাৰে অথবা গৰ্ভাৱস্থাত আছে তেন্তে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভালযদি মাতৃয়ে পুৰণা বেমাৰ ভুগি আছে অথবা তাইৰ কেচুৱটিয়ে স্বাস্থ্যজনিত সমস্যা পোৱা কিৱা কাৰণ আছে তেন্তে ইয়াৰ নিতান্তি প্ৰয়োজন সমস্যাটো যিমান পাৰি সিমান সোনকালে বিচাৰি উলিওৱাটো ভাল কিয়নো তেতিয়া সেই সমস্যাটো প্ৰতিৰোধ কৰাৰ অথবা চিকিৎসা কৰিবলৈ বহু সময় থাকে

মনত ৰাখিব যে অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থা কেতিয়া পাৰে এইটো সঠিকভাৱে কব নোৱাৰি এগৰাকী মহিলায়ে সাধাৰণভাৱে গৰ্ভাৱস্থা আৰম্ভ কৰিব পাৰে কিন্তু তাৰ মাজতে তেওঁ কিছুমান এনে অৱস্থাৰ বিকাশ ঘটঅব পাৰে যিবোৰে তেওঁৰ গৰ্ভাৱস্থাক অতিমাত্ৰা ভয়ংকৰ কৰি তুলিব পাৰে এইটোও সম্ভৱ যে আপোনাৰ অথবা আপোনাৰ কেচুৱাটিৰ কিছুমান সমস্যা পাৰে যিবোৰে আপোনাক অথবা আপোনাৰ কেচুৱাটিক অথবা আপোনালোক দুয়োজনৰে হব পাৰে আপুনি অনাকাংক্ষিতটোক সন্মুখীন কৰিবলৈ সাজু থাকিব লাগিব

তথাপিও, চিকিৎসক আৰু অন্য স্বাস্থ্যৰ লগত জড়িত পেশাদাৰী ব্যক্তি যেনে নাৰ্ছ, মিডৱাইফ, ফাৰ্মাচিষ্ট, মেড টেক, কেয়াৰগিভাৰ আৰু অন্য যিকোনো স্বাস্থ্যৰ চোৱাচিতা কৰা ব্যক্তিৰ সহায় লৈ অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থাকো সহজতে চেৰ পেলাব পাৰি আপোনাৰ অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থা হোৱা খবৰ পাই আপুনি অলপ ভয় খাব পাৰে কিন্ত নিশ্চিন্ত থাকিব যে ইয়াক পৰাজয় কৰাত সহায় কৰিবলৈ আপোনাক সহায় কৰিবলৈ বহুতো মানুহ আৰু পেশাদাৰী ব্যক্তি আছে আপুনি অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থা বিষয়ে জানি নিজকে সহায় কৰিব পাৰে

অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থাৰ বিষয়ে জানিবলৈ হলে তাৰ কাৰণবোৰ জানিব লাগে আৰু কোনবোৰ লক্ষণ আপুনি চাই থাকিব লাগে ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে আৰু তাৰেই কেইটামান হৈছে তলত উল্লেখ কৰা হৈছে:

কাৰণ কাৰ বাবে ভয়ংকৰ পদক্ষেপ

মাতৃৰ বেছি বয়স

মাতৃৰ বয়স ৩৫ বছৰ বা তাতকৈ বেছি বয়স হলে কিয়নো শৰীৰৰ ক্ষমতাবোৰ দুৰ্বল হৈ পৰে আপোনাৰ প্ৰথম শিশুটি ৩৫ বছৰতকৈ আগতে জন্ম দিয়াৰ পৰিকল্পনা কৰক কিন্তু শৰীৰটো ভালকৈ পৰিপক্ক হোৱাৰ পাচত

জীৱনশৈলীৰ বাছনি

  • চিগাৰেট, মদ খোৱা আৰু ড্ৰাগ্ ব্যৱহাৰ কৰাএইবোৰ শৰীৰে শুহি আপোনাৰ গৰ্ভাশয়ত থকা আপোনাৰ কেচুৱাটিলৈ প্ৰদান কৰে, সাৱধানে থাকিব
  • এৰি দিয়ক যদি আপুনি কিবা দৰব অথবা চাপ্লিমেণ্ট লৈ আছে তেন্তে চিকিৎসক এজনৰ পৰা অনুজ্ঞা পত্ৰ পাওক যাতে আপোনাৰ আৰু আপোনাৰ শিশুটিৰ বিকাশৰ ওপৰত কোনো প্ৰকাৰৰ ক্ৰিয়া অথবা বেয়া প্ৰভাৱ নপৰে

আগতে কৰা চিকিৎসা  আপোনাৰ আগৰ অপাৰেষ্যণ, C চেক্স্যন আৰু আগৰ গৰ্ভধাৰণ কৰোতে গৰ্ভপাত অথবা জন্মৰ পাচতে মৃত্যু হোৱা অন্য ভয়ৰ কাৰণবোৰ হৈছে পৰিয়ালৰ বংশিক অৱস্থাবোৰ, যেনে ডাউন চিণ্ড্ৰোম

অন্য কাৰণপুৰণা বেমাৰ (যিবোৰ প্ৰায়েই হৈ থাকে) কেচুৱালৈ যাব পাৰেযেনে ডায়েবেটিজ, হাই ব্লাড প্ৰেচাৰ আৰু মৃগীৰোগ, এনিমিয়া আৰু মানসিক ৰোগ

গৰ্ভধাৰণৰ সমস্যা গৰ্ভধাৰণৰ সময়ত হোৱ সমস্যাবোৰ ভয়ৰ কাৰণ হয় আৰু ইয়াত গৰ্ভাশয় অথবা প্লেচেণ্টাৰ লগত জড়িত সমস্যা যেতিয়া এগৰাকী মহিলাৰ শৰীৰটো এটি কেচুৱাৰ বাবে প্ৰস্তুত নহয় তেতিয়া প্ৰসৱৰ সময়ত আৰু সমস্যাৰ সৃষ্টি হোৱাৰ ভয় থাকে এটা উদাহৰণ হৈছে যেতিয়া নিতম্ব অতি চাপ খাই থাকে তেতিয়া কেচুৱাৰ বাবে বেছি স্থান নাথাকে

গৰ্ভাশয়ত এটাতকৈ বেছি ভ্ৰূণ থকা জজা ভ্ৰূণ থকা অথবা তাতকৈ বেছি ভ্ৰূণ থকা মহিলাসকলৰ বাবে এইটো হোৱাৰ প্ৰৱণতা বেছি কালৈ পোষক তত্ববোৰ যাব ইয়াক লৈ প্ৰতিযোগিতা হব পাৰে

আপুনি এৰাই চলিব বিচৰা কাৰণবোৰ উপৰত উল্লেখ কৰা হৈছে যদিও এইকেইটা কাৰণ জানিলে আপোনাৰ সহায় হব পাৰে, এটা স্বাস্থ্যকৰ গৰ্ভাৱস্থা বৰ্তাই নিজক আৰু নিজৰ কেচুৱাটিক সুৰক্ষিতভাৱে ৰখাটো প্ৰতিগৰাকী মাতৃৰ মূল লক্ষ্য হব লাগে তলত উল্লেখ কৰা নিয়মবোৰ পালন কৰিলে অলপ কম গম্ভীৰ অৱস্থালৈ আনিব পাৰি এৰাই চলিব লগা কাৰণবোৰৰ লগতে এগৰাকী গৰ্ভৱতী মহিলায়ে পালন কৰা প্ৰাথমিক কথাবোৰ তলত উল্লেখ কৰা হৈছে

  • পুৰ্বধাৰণাৰ বাবে এটা নিযুক্তি ঠিক কৰক আপোনাৰ চিকিৎসকে আপোনাক গৰ্ভধাৰণৰ বাবে সাজু হোৱাৰ আগত পৰামৰ্শ দিব আৰু আপোনাৰ স্বাস্থ্যৰ মূল্যায়ন কৰিব গৰ্ভধাৰণৰ আগত আপুনি জন্মৰ আগতে লোৱা ভিটামিনবোৰ লৈ স্বাস্থ্যকৰ ওজন বনাওক যদি আপোনাৰ কিবা স্বাস্থ্যজনিত সমস্যা আছে তেতিয়া আপোনাৰ চিকিৎসাত সালসলনি কৰি আপোনাক গৰ্ভাৱস্থাৰ বাবে সাজু কৰিব পাৰি এইবোৰত আপোনাৰ চিকিৎসাত দিয়া দৰবসমূহ পৰিব কিয়নো আপোনাৰ কেচুৱাটিয়ে এইখিনি শুহি পাৰে আৰু গৰ্ভাশয়ত থকা আপোনাৰ শিশুটিৰ বিকাশৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আপোনাৰ চিকিৎসকে আপোনাৰ শিশুটিৰ পৰিয়ালৰ বংশিক সমস্যাবোৰৰ বিষয়েও চৰ্চা কৰিব পাৰে সেইবাবে সকলো কথা সঁচাকৈ যাতে আপোনাৰ আৰু আপোনাৰ শিশুৰ প্ৰতি সঠিক চোৱাচিতা কৰে
  • জন্মৰ আগত নিয়মীয়া চোৱাচিতা কৰাওক আপোনাৰ স্বাস্থ্য চোৱাচিতা চিকিৎসালয়লৈ নিয়মীয়াকৈ গলে প্ৰসৱ আৰু গৰ্ভাৱস্থাৰ সময়ত আপোনাৰ আৰু আপোনাৰ শিশুৰ স্বাস্থ্য ভালে থাকিব পুষ্টিকৰ খাদ্য খাওক গৰ্ভাৱস্থাত আপোনাৰ বেছি পৰিমাণে ফলিক এচিডৰ প্ৰয়োজন হব (আপোনৰ শিশুৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ সমস্যাবোৰ প্ৰতিৰোধ কৰাৰ বাবে), কেলচিয়াম (আপোনাৰ হাড় আৰু আপোনাৰ কেচুৱাটিৰ বিকাশৰ বাবে), আইৰন (মাতৃ আৰু কেচুৱা, দুয়োৰে তেজৰ বাবে এক পোষক তত্ব) আৰু অন্যান্য প্ৰয়োজনীয় পোষক তত্ব
  • সুদক্ষতাৰে ওজন বঢ়াওক আপোনাৰ চিকিৎসকৰ লগত পৰামৰ্শ কৰি গৰ্ভাৱস্থাৰ সময়ত আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ বাবে সঠিক ওজন বনাওক আৰু প্ৰসৱৰ পাচত বেছি থকা ওজন ঘটাওক

আপুনি ভাবিব পাৰে যে এইটো দামী হয়, কিন্তু সঁচা কথাটো এইটো যে আপুনি নিজকে চোৱাচিতা কৰি বহু সময়, টকা আৰু ভৱিষ্যতৰ সময়ত হোৱা বহু কষ্টৰ পৰা হাত সাৰিব পাৰিব অন্য কথা হৈছে তলত উল্লেখ কৰা গৰ্ভাৱস্থাত হোৱা ৪টা গম্ভীৰ সমস্যাৰ বাবে নিজকে পৰীক্ষা কৰক

গৰ্ভাৱস্থাত হোৱা ৪টা গম্ভীৰ সমস্যা

বিৱৰণ কাৰণ লক্ষণ চিকিৎসা প্ৰতিৰোধ

আগতীয়া প্ৰসৱ মাহৰ আগতে প্ৰসৱ সঠিক কাৰণ নাই; এটাতকৈ বেছি ভ্ৰূণ; আগতে আগতীয়া প্ৰসৱ হোৱা; অসাধাৰণ গৰ্ভাশয়; যোনিত হোৱা কিছুমান ঘা যোনিৰ পৰা ৰক্তাক্ত অথবা পনীয়া পদাৰ্থ নিৰ্গত হোৱা; তলপেট খোচ মাৰি ধৰা, পিঠিৰ বিষ  যথেষ্ট আৰাম যাতে গৰ্ভাশয়ৰ বিষ কমি যায় কিন্তু অতিমাত্ৰাও নহয় যাতে বিস্তৃত হোৱাৰ পৰা বাচে আৰু বহুত পনীয়া পদাৰ্থ খাব লাগে গৰ্ভধাৰণৰ আগত আপোনাৰ থাইৰইড পৰীক্ষা কৰাওক কিয়নো চিকিৎসা নোপোৱা থাইৰইডৰ বেমাৰৰ ফলত আপোনাৰ আগতীয়া প্ৰসৱ হব পাৰে যোনিত হোৱা বেমাৰৰ বাবে পৰীক্ষা কৰাওক  ষ্ট্ৰেচ কমাবৰ বাবে য়োগা কৰক

প্ৰিক্লেম্পচীয়া

হাই ব্লাড প্ৰেচাৰ আৰু পেচাবত থকা প্ৰটীনৰ বাবে তেজ গোট মাৰিব পাৰে আৰু যকৃত আৰু লিভাৰে সঠিকভাৱে কাম নকৰিব পাৰে এটা প্ৰটীনৰ বাবে প্লেচেণ্টাত থকা তেজৰ শিৰাবোৰৰ বিকাশ হব নোৱাৰে  হাই ব্লাড প্ৰেচাৰ, হাতভৰি ফুলি উঠা, মূৰৰ বিষ, পেচাবত তেজ যোৱা অথবা বহু বেছি ভাগৰ লগা আৰাম কৰা ভিটামিন E আৰু Cএও সহায় কৰিব পাৰে প্ৰসৱ হলেই এই অৱস্থাৰ অন্ত পৰে স্বাস্থ্যকৰ ওজন বৰ্তাই ৰাখক, পুষ্টিকৰ খাদ্য খাওক, নিয়মিতভাৱে ব্যায়াম কৰক

জেষ্টেষ্যনেল ডায়েবেটিজ অতিমাত্ৰা ব্লাডচুগাৰ থকাৰ লফত কেচুৱাটি বেছি ডাঙৰ হোৱাৰ ভয় থাকে গৰ্ভাৱস্থাত নিৰ্মিত হৰমোনবোৰ প্ৰতিৰোধ কৰিবলৈ পেনক্ৰিয়াজে প্ৰয়োজনীয় পৰিমাণৰ ইনচুলিন নিৰ্মান কৰিব নোৱৰে যাৰ ফলত ব্লাডচুগাৰৰ মাত্ৰা বাঢ়ি যায় পিয়াহ লগা, পেচাৱ বেছিকৈ হোৱা, ভালকৈ নেদেখা; মহিলাসকলৰ প্ৰায়েই একো লক্ষণ দেখা নিদিয়ে বেছি মাত্ৰাত ফাইবাৰ থকা খাদ্য প্ৰদান কৰি নিয়ন্ত্ৰণ কৰিব পাৰি যত চেনিৰ পৰিমাণ কম থাকে কিছুমানক ইনচুলিনৰ বেজি অথবা গ্লাইবাৰাইড দৰবটি দিয়া হয় প্ৰসৱৰ পাচত নাইকিয়া হৈ যায় কিন্তু জেষ্টেষ্যনেল ডায়েবেটিজ থকা প্ৰায় আধা সংখ্যক মহিলাৰ পাচৰ জীৱনকালত দ্বিতীয় প্ৰকাৰৰ ডায়েবেটিজ হয় স্বাস্থ্যকৰ ওজন বৰ্তাই ৰাখক, কম চৰ্বি, বেছি ফাইবাৰ  থকা খাদ্য খাওক আৰু নিয়মীয়াকৈ ব্যায়াম কৰক

প্লেচেণ্টা প্ৰীভিয়া

গৰ্ভাশয়টো প্লেচেণ্টাৰে ঢাক খায় আৰু গৰ্ভাশয়টো বিস্তৃত হয় যাৰ ফলত অতিপাত ৰক্তক্ষয় হব পাৰে

সঠিক কাৰণ নাই, কিন্তু ভয়বোৰ হৈছে এটাতকৈ বেছি ভ্ৰূণ থকা; আগতে C-চেক্সন অথবা এবৰ্ষ্যণ কৰোৱা  আৰু ৩৫ বছৰতকৈ বেছি বয়স হোৱা দ্বিতীয় অথবা তৃতিয় তিনিমহীয়া  সময়ত ৰক্তক্ষয় হব পাৰে পাতল ৰক্তক্ষয় হলেও চিকিৎসকে ভালদৰে পৰীক্ষা কৰিব লাগে, যদি প্লেচেণ্টায়ে গৰ্ভাশয়ৰ মাজত আহি বাধা প্ৰদান কৰে তেন্তে আৰামৰ প্ৰয়োজন, আৰু ৰক্তক্ষয় প্ৰায়েই হৈ থাকিলে চিকিৎসালয়ত ভৰ্তি কৰিব লাগে একো নাই আপোনাৰ ৰক্তক্ষয়ৰ কথা আপোনাৰ চিকিৎসকক ততাতৈয়াকৈ জনাওক

যদি আপোনাৰ ইয়াৰে কোনো এটা সমস্যা আছে তেন্তে ঘৰতে প্ৰসৱ কৰোৱাটো পৰিকল্পনা কৰাৰ পৰামৰ্শ দিয়া নহয় কিয়নো এনে অৱস্থাবোৰৰ চোৱাচিতা আৰু প্ৰতিৰোধ কৰিবলৈ এজন চিকিৎসকৰ প্ৰয়োজন হয় জন্মৰ আগতে কৰা চোৱাচিতাক কেতিয়াও গ্ৰহণ নকৰাকৈ নাথাকিব কাৰণ আপোনাৰ আৰু আপোনাৰ কেচুৱাটোৰ ক্ষতি কৰিব পৰা কিবা অৱস্থা আগতীয়াকৈ জানিব পৰা এক ডাঙৰ পদক্ষেপ

এইকেইটাই হৈছে অতিমাত্ৰা ভয় থকা গৰ্ভাৱস্থাৰ বিষয়ে মনত ৰাখিবলগীয়া আৰু বুজিবলগীয়া আটাইতকৈ ওপৰত থকা কথাকেইটা যদিহে আপোনাৰ গৰ্ভাৱস্থাত ভয় কৰিবলগীয়া কাৰণকেইটা আছে তেন্তে আপোনাৰ ভাৱবোৰ আনন্দ, উল্লস, চিন্তা আৰু ভয়ৰ লগত মিশ্ৰিত হৈ যাব পাৰে কিন্তু মনত ৰাখিব যে গৰ্ভৱতী মহিলা আৰু কেচুৱাটিৰ বাবে ষ্ট্ৰেচ ভাল কথা নহয় গৰ্ভধাৰণৰ আগত, তাৰ সময়ত আৰু পাচত আপোনাৰ চিকিৎসকৰ দ্বাৰা নিয়মীয়াকৈ পৰীক্ষা কৰাওক আৰু ভাল স্বাস্থ্যকৰ প্ৰসৱৰ বাবে সিহঁতক সকলো কথা সঁচাকৈ কওক আৰু আপোনাক চিকিৎসা কৰা ব্যক্তিসকলক বিশ্বাস কৰক কিয়নো সিহঁতে কি কৰিছে তাৰ বিষয়ে জানে এটি স্বাস্থ্যকৰ গৰ্ভাৱস্থাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিকতাসমূহ মনত ৰাখক আৰু আপুনি এই যাত্ৰাটো সম্পূৰ্ণ কৰিব