ৰাতি দুগ্ধপান কৰোৱাৰ লাভসমূহ

ৰাতি দুগ্ধপান কৰোৱাৰ লাভসমূহ

 

এটি স্বাস্থ্যকৰ কেচুৱাৰ বাবে ৰাতি দুগ্ধপান কৰোৱটো লাভজনক।

কেচুৱাৰ বিকাশৰ ৰাতি দুগ্ধপান কৰোৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অনুসন্ধানত পোৱা মতে এমাহৰ পৰা চমাহৰ বয়সৰ ৬৫% কেচুৱাক ৰাতি নিম্নতম তিনিবাৰ দুগ্ধপান কৰাব লগা হয়। ৰাতি দুগ্ধপান কৰালে কেচুৱাটিৰ এটি স্বাস্থ্যকৰ ভোক লগা ভাৱ আনে আৰু শিশুটিৰ বিকাশত যোগদান কৰে। প্ৰায় ২০% গাখীৰ ৰাতি খোৱা হয়।

আপুনি ৰাতি দুগ্ধপান কৰালে আপোনাৰ শৰীৰে প্ৰ’লেক্টিন হ’ৰমোনৰ নিৰ্মাণ কৰে (যি গাখীৰ নিৰ্মানত সহায় কৰে)। সেইবাবে ৰাতি দুগ্ধপান কৰালে গাখীৰ নিৰ্মাণৰ মাত্ৰা বৰ্তি থাকে। তাৰে কিছুমান কাৰণ হৈছে:

  • কেচুৱাটিক ৰাতি ভালদ্ৰে শোৱাত সহায় কৰে

স্তনৰ গাখীৰত ট্ৰিপ্টোফেন নামৰ এবিধ এমিন’ এচিড থাকে যি মতলাট’নিন নামৰ হ’ৰমোন নিৰ্মাণত সহায় কৰে যি আকৌ আপোনাৰ কেচুৱাটিৰ বাবে চিৰচাডিয়ান তাল বৰ্তাই ৰখাত সহায় কৰে। ৰাতি দুগ্ধপান কৰালে আপোনাৰ কেচুৱাটিৰ ভালদৰে টোপনি যায়।

  • ই কেচুৱাসকলৰ বাবে একমাত্ৰ খাদ্য

স্তনৰ গাখীৰ প্ৰতি দুঘণ্টাত হজম হৈ যায় আৰু ইয়াৰ বাবে কেচুৱাবিলাকক প্ৰায়েই নিজৰ মাকে খুৱাই থাকিব লগা হয়। ৰাতি কেচুৱাবিলাকক দুগ্ধপান কৰোৱাটো প্ৰয়োজনীয় আৰু এৰাব নোৱাৰা কাম। ইয়াৰ উপৰিও সঘনে গাখীৰ খুৱালে মাতৃগৰাকীৰ গাখীৰ নিৰ্মাণৰ মাত্ৰাও বাঢ়ি যায়।

  • পৰিয়াল পৰিকল্পনাৰ এটা ভাল উপায়

LAM অথবা লেক্টেষ্যনেল এমিনোৰিয়া মেঠড হৈছে এনেকুৱা এক প্ৰক্ৰিয়া য’ত শিশুটিয়ে নিজৰ কেচ্যৱাটিক প্ৰথম তিনিমাহৰ পৰা আঠমাহলৈকে দুগ্ধপান কৰায়। LAMএ এটা ভাপ পৰিয়াল পৰিকল্পনা ব্যৱস্থা হিচাপে কাম কৰে।

  • মাতৃসকলৰ শোৱাৰ সময় বঢ়ায়

এটা অধ্যয়নত পোৱা গৈছে যে যিসকল মাত্ৰিয়ে ৰাতি দুগ্ধপান কৰায় সেইসকল মহিলায়ে দুগ্ধপান নকৰোৱা মহিলাসকলৰ তুলতাম বেছিকৈ শোৱে। ৰাতি দুগ্ধপান কৰালে মহিলাসকলৱ প’ষ্টাপাৰ্টাম ডিপ্ৰেচনৰ পৰাই উপশম পায়।

  • মাতৃসকলে গাখীৰ নিৰ্মাণ কৰা বৰ্তাই ৰাখে

দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে এটা স্থিৰ গাখীৰ নিৰ্মাণ কৰা গতি বৰ্তাই ৰাখিবলৈ ৰাতি দুগ্ধপান কৰোৱাটো নিতান্তই প্ৰয়োজনীয়। কৰ্মৰত মহিলাসকলৰ বাবে ই বহু লভজনক কিয়নো তেতিয়া সিহঁতে ৰাতি কেচুৱাক গাখীৰ খুৱাই দিনত কামলৈ যাব পাৰে।

  • দুগ্ধপানে কেচুৱাবিলাকক SIDSৰ দৰে প্ৰাণলৈ সংশয় অনা বেমাৰৰ পৰা ৰক্ষা কৰে

যদিও ইয়াক এতিয়াও ভালদৰে বুজা হোৱা নাই তথাপিও ইয়াৰ পক্ষত সঁচা প্ৰমাণ আছে যে যিসকল কেচুৱাক দুগ্ধপান কৰোৱা হয় সেইসকলে চাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰোম (SIDS)ৰ দৰে বেমাৰৰ পৰা আঁতৰো থাকে।

ৰাতি দুগ্ধপান কৰাওঁতে কৰিবলগীয়া আৰু কৰিব নলগা কাম কিছুমান তলত উল্লেখ কৰা হৈছে:

কৰিবলগীয়া কাম

  • এটা আৰামদায়ক ঠাই বিচাৰি লওক

এটা আৰামদায়ক থাই বিচাৰি লওক আৰু কেচুৱাটিৰ কাষত শোৱক যাতে আপুনি একে সময়তে কেচুৱাটিক গাখীৰো খুৱাব পাৰে আৰু অলপ জীৰাবও পাৰে।

  • আপোনাৰ কেচুৱাটিৰ কাষত থাকক

আপুনি আপোনাৰ কেচুৱাটিৰ ওচৰত থকাটো নিতান্তই প্ৰয়োজনীয় কাৰণ যদি আপোনাএ কেচুৱাটি ৰাতি সাৰ পাই কান্দে তেন্তে আপোনাৰ বহুদুৰ যোৱাৰ প্ৰয়োজন নহয়। কেচুৱাটি আপোনাৰ ওচৰত ৰাখক যাতে গাখীৰ খুৱাওতে আপোনাৰ কোনো কষ্ট নহয়।

  • দুগ্ধপানত সহায় কৰা কপোৰ পৰিধান কৰক

কটনেৰে নিৰ্মিত আৰু আগফালে বুটাম থকা নাইটি অথবা পাইজামা দুগ্ধপান কৰোৱাত সহায় কৰে। আপুনি আপোনাৰ কেচুৱাক সহজতে খুৱাব পাৰে আৰু বুটম মাৰিব পাৰিব। লিজ ফিটিংৰ কাপোৰ পৰিধান কৰক আৰু যাতে সেইবোৰ আপোনাৰ আৰু কেচুৱাটিৰ বাবেও কোমল হয়।

  • কেচুৱাৰ বাবে প্ৰয়োজনীয় সকলোখিনি ওচৰতে থওক

চফা ডায়েপাৰ আৰু বেবী ৱাইপৰ দৰে সামগ্ৰীবোৰ ওচৰতে থ;ব লাগে যাতে প্ৰয়োজনৰ সময়ত আপুনি এইবোৰ ওচৰতে বিচাৰি পায়। তাৰ লগতে আপুনি খাবলৈ কিবাকিবি স্নেক আইটেমো থওক কিয়নো দুগ্ধপান কৰাওঁতে আপোনাৰ ভোকো লাগিব পাৰে।

  • চফা কৰিবলৈ টাৱেলৰ ব্যৱহাৰ কৰক

কেচুৱাটিৰ মুখখন আৰু নিজৰ বক্ষ গাখীৰ খুওৱাৰ পাচত চফা কৰিবলৈ ওচৰত চফা টাৱেল ৰাখক।

  • যেতিয়াই পাৰে তেতিয়াই শোৱক

দুগ্ধপান কৰাওঁতে আপোনাৰ টোপনি আপোনাৰ কেচুৱাটি গাখীৰ খোৱৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল, সেইবাবে এইটো পৰামৰ্শ দিয়া হয় যে কেচুৱাটি শোওতে আপুনি এঘুমটি মাৰক। কেচুৱাবিলাকৰ টোপতি অনিয়মিত আৰু দিনটোৰ যিকোনো সময়তে শুব পাৰে। ৰাতি দুগ্ধপান কৰোৱাটিৱেও আপোনাৰ আৰাম আৰু টোপনিৰ ওপৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কৰিব নলগা কাম

  • আপোনা ঘড়ীটো আঁতৰাই ৰাখক

আপুনি গাখীৰ খোৱাওতে ঘড়ীটোৰ পৰা আঁতৰ থাকক কিয়নো আপোনাৰ এইটো চিন্তা হ’ব পাৰে যে আপুনি যে আপুনি ভালদৰে দুঘণ্টাও যোৱ নাই আৰি কেচুৱাটিক গাখীৰ খুৱাই আছে।

  • লাইতবোৰ অন কৰি নথ’ব

লাইটবোৰ নুমাই থ’লে কেচুৱাটিক টোপনি যোৱাত সহায় কৰে আৰু আপোনাকো স্থিৰ অনুভৱ কৰায়।

  • জোৰ কৰি আপোনাৰ নিপ্পলটো কেচুৱাটিৰ মুখত নভৰাব

আপোনাৰ নিপ্পলটো কেচুৱাটিৰ মুখত জোৰ কৰি নভৰাব। আপোনাৰ কেচুৱাটিৰ মুখখন আপোনাৰ নিপ্পলটোৰ ওচৰলৈ আনক যাতে কেচুৱাটিয়ে আৰামদায়ভাৱে নিপ্পলটো চুপিব পাৰে।

  • গাখীৰৰ পৰিমাণক লৈ চিন্তা নকৰিব

যদি আপুনি গাখীৰৰ পৰিমাণক লৈ চিন্তা কৰে তেন্তে আপুনি জোখতকৈ কম গাখীৰ নিৰ্মাণ কৰিব পাৰে। গাখীৰৰ পৰিমাণক লৈ চিন্তা নকৰিব আৰু তেতিয়া গাখীৰৰ পৰিমাণ সাধাৰণভাৱে থাকিব।

মনটোক সুখী আৰু আশাবাদী কৰি ৰাখিব। এটা স্বাস্থ্যকৰ মন হ’লেহে আপুনি স্বাস্থ্যকৰভাৱে দুগ্ধপান কৰাব পাৰিব। ই আপোনাৰ মন আৰু শৰীৰৰ লগত জড়িত।