মোৰ গাখীৰ ওলোৱা কেতিয়া আৰম্ভ হ’ব?

মোৰ গাখীৰ ওলোৱা কেতিয়া আৰম্ভ হ’ব?

 

হ’বলগা মাতৃসকলৰ বাবে গৰ্ভাৱস্থাই নিজৰ লগতে বহু প্ৰশ্ন আৰু চিন্তা লগত লৈ আহে। শৰীৰত বহু পৰিৱৰ্তন হয়, আৰু ইয়াক ভালদৰে বুজিলে আপুনি কি আশা কৰিব পাৰে আৰু ইয়াৰ লগত কেনেকৈ মিলিব পাৰে সেইটো জনাত সহায় হয়। ইয়াৰে এক গুৰুত্বপূৰ্ণ অংশ হ’ল দুগ্ধপান। আহক আমি গাখীৰ নিৰ্মাণৰ সময়টোৰ বিষয়ে অলপ জানো- কি, কেতিয়া আৰু কিয়বোৰ।

গাখীৰ নিৰ্মাণ হোৱা কেতিয়া আৰম্ভ হয়?

আপুনি গৰ্ভধাৰণ কৰাৰ সময়ৰে পৰা আপোনাৰ শৰীৰটোৱে স্তনৰ গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। স্তনে গাখীৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰোতে হোৱা পৰিৱৰ্তনক লেক্টোজেনিছিচ বুলি কোৱা হয়। গৰ্ভাৱস্থাত আৰু প্ৰসৱ হোৱাৰ প্ৰথম কেইদিনমানৰ পাছলৈকে গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত হ’ৰমোনে সহায় কৰে। দ্বিতীয় তিনিমহীয়াৰ সময়ত স্তনলৈ এই হ’ৰমোনসমূহ আহে আৰু এই হ’ৰমোনসমূহ হৈছে:

  • প্ৰ’লেক্টিন: স্তনৰ গাখীৰ নিৰ্মাণত সহায় কৰে
  • অক্সিটাইচিন: গাখীৰ লৰচৰ হোৱা সহায় কৰে আৰু ‘তললৈ বৈ অহা’ প্ৰতিক্ৰিয়াত সহায় কৰে (স্তনৰ পৰা গাখীৰ ওলোৱা প্ৰক্ৰিয়াটো)

প্ৰসৱৰ সময়ত তলত দুয়া ঘটনাসমূহ ঘটে:

  • অতিমাত্ৰা প্ৰ’লিক্টিন থকা
  • প্লেচেণ্টাৰ পৰা বিচ্ছিন্ন হৈ যোৱা
  • প্ৰ’জেষ্টেৰোন/এষ্ট্ৰোজেন/ HPL (হিউমেন প্লেচেণ্টেল লেক্টোজেন)ৰ মাত্ৰাৰ হঠাতে কমি যোৱা

এই ঘটনাসমূহ ঘটিলে শৰীৰে গাখীৰ ওলোৱা আৰম্ভ কৰাৰ সংকেত পায়, প্ৰথমে কল’ষ্ট্ৰাম ওলায় আৰু তাৰ পাচত পৰিপক্ক গাখীৰ ওলায়।

  • কল’ষ্ট্ৰাম

প্ৰসৱৰ পাছৰ প্ৰথমকেইদিনৰত আপোনাৰ স্তনৰ পৰা কল’ষ্ট্ৰাম নামৰ প্ৰথম গাখীৰ ওলাব। ‘পনীয়াসোণ’ হিচাপে জনাজাত, ই ডাঠ হালধীয়া ৰংৰ তৰল যিটো মাত্ৰাত বহু কম কিন্তু ইয়াত উচ্চ বেমাৰ প্ৰতিৰোধী ক্ষমতা আছে। কেচুৱাবিলাকে জন্মৰ পাচৰ প্ৰথম দিনকেইটাত ইয়াক জহম কৰাত সহজ অনুভৱ কৰে কিয়নো পৰিপক্ক স্তনৰ গাখীৰৰ তুলনাত ইয়াত চৰ্বি আৰু চেনিতকৈ প্ৰ’টীনৰ মাত্ৰা বেছি থাকে। এণ্টিব’ডিচেৰে পৰিপূৰ্ণ, ই এটা লেক্সেটিভ হিচাপে কাম কৰি আপোনাৰ কেচুৱাৰ প্ৰথম শৌচ হোৱাতো সহায় কৰে (মেকোনিয়াম নামৰ এটা ক’লা, আঠাৰ দৰে শৌচ), যি জণ্ডিচ ৰোধ কৰাত সহায় কৰে।

যদিও দ্বিতীয় তিনিমহীয়াত আপোনাৰ স্তনে কল’ষ্ট্ৰাম নিৰ্মাণ কৰা আৰম্ভ কৰিব, তথাপিও জন্মৰ আগত নিৰ্মাণ হোৱা কল’ষ্ট্ৰামৰ পৰিমাণৰ লগত পাচত নিৰ্মাণ হোৱা গাখীৰৰ কোনো সম্পৰ্ক নাই। কেচুৱা জন্ম হোৱাৰ আগত সকলো গৰ্ভৱতী মহিলাৰ পৰা কল’ষ্ট্ৰাম নোলায়, সেইবাবে যদি গৰ্ভাৱস্থাত আপোনাৰ স্তনৰ পৰা কল’ষ্ট্ৰাম ওলোৱা নাই তেতিয়াও চিন্তা কৰাৰ কোনো কাৰণ নাই।

  • পৰিপক্ক গাখীৰ

আপোনাৰ স্তনে এতিয়া আৰু পৰিপক্ক গাখীৰ নিৰ্মাণ কৰা স্তৰলৈ আহিছে আৰু প্ৰসৱৰ ২-৫ দিনৰ ভিতৰত আপুনি গাখীৰ ‘আহি যোৱা’ (স্তন ভৰি থকা) অনুভৱ কৰিব, যদিও কিছুমান মহিলাৰ বাবে গাখীৰ সম্পূৰ্ণৰূপে আহিবলৈ অলপ সময় লাগিব পাৰে। আপুনি গাখীৰৰ ৰং আৰু বৰণ এটা পাতল বগা ৰংলৈ পৰিৱৰ্তন হোৱা দেখিব। প্ৰথম দুসপ্তাহৰ বাবে আপোনাৰ গাখীৰ, স্কিমড্‌ গাখীৰৰ দৰে পাতল হ’ব কিন্তু তাত চৰ্বিৰ মাত্ৰা বাঢ়ি যাব আৰু গাখীৰ নিৰ্মাণ স্থাপন হোৱাৰ লগে লগে সম্পূৰ্ণ গাখীৰৰ দৰে হ’ব।

যদিও কল’ষ্ট্ৰামৰ নিৰ্মাণত হ’ৰমোনে সহায় কৰিছিল, তথাপিও আপোনাৰ স্তনে আপোনাৰ কেচুৱাৰ প্ৰয়োজনমতে পৰিপক্ক গাখীৰ নিৰ্মাণ কৰিব।

কমকৈ গাখীৰ নিৰ্মাণ হোৱা অথবা গাখীৰ নিৰ্মাণ নোহোৱাৰ সম্ভৱতঃ কাৰণ

বহুতো মাতৃয়ে কমকৈগাখীৰ নিৰ্মাণ হোৱা সমস্যাৰ সন্মুখীন হয়। কিছুমান মহিলাৰ গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত পলম হয়, আৰু কিছুমানৰ কমকৈ গাখীৰ নিৰ্মাণ হয়। আহক আমি সম্ভৱতঃ কাৰণসমূহ আলোচনা কৰোঁ:

  • জন্মৰ লগত জড়িত কাৰণ

এটা ভয়ংকৰ অথবা কষ্টকৰ জন্মৰ অভিজ্ঞতা য’ত প্ৰসৱৰ সময়ত অতিমাত্ৰা তেজৰ লোকচান হয় অথবা বহু দেৰিলৈকে ঠেলিব লগা হয়, ফ’ৰ্চেপৰ ব্যৱহাৰ অথবা চিজাৰিয়ান চেক্স্যনে গাখীৰ নিৰ্মাণৰ প্ৰভাৱ পেলাব পাৰে। যদি আপোনাৰ গৰ্ভাশয়ত এতিয়াও প্লেচেণ্টা আছে তেন্তে ই আপোনাৰ গাখীৰ নিৰ্মাণৰ ওপৰত প্ৰভাৱ পেলাব কিয়নো প্ৰ’জেষ্টেৰোনৰ মাত্ৰা কমো যোৱাৰ সলনি বাঢ়ি থাকে যাৰ ফলত গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বাধা আহি যায়।

  • খুউৱাৰ লগত জড়িত কাৰণ

গাখীৰ নিৰ্মাণত পলম হোৱা অথবা গাখীৰৰ মাত্ৰা কমি যোৱাৰ বাবে এটা মূল কাৰণ হৈছে সঘনাই গাখীৰ নুখুউৱা। স্তনটো কিমান খালি হৈ আছে তাৰ ওপৰত ভিত্তি কৰি গাখীৰ নিৰ্মাণ কৰা হয়। খুউৱাৰ মাজৰ সময়ত গাখীৰ স্তনত জমা হয়। স্তনৰ পৰা সঘনাই আৰু ভালদৰে গাখীৰ নোলালে স্তনে গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো লাহেকৈ কৰিবলৈ সংকেত দিয়ে। স্তনত জমা কৰি ৰখা গাখীৰৰ মাত্ৰা যিমানেই বেছি হ’ব, গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াট সিমানেই ধীৰগতিৰে চলিব।

কিছুমান কেচুৱাক পেচিফায়াৰ অথবা ফৰ্মুলা গাখীৰৰ চাপ্লেমেণ্ট কেচুৱাক খুউৱাৰ ফলত স্তনৰ পৰা গাখীৰ খাবলৈ কম সময় পায় অথবা মন নকৰে। স্তনৰ পৰা গাখীৰ খাবলৈ কম সময় পোৱাৰ বাবেও স্তনৰ পৰা কমকৈ গাখীৰ নিৰ্মাণ হয়।

  • স্বাস্থ্যজনিত অৱস্থাৰ লগত জড়িত কাৰণ

শকত হোৱা (ইঞ্চুলিন প্ৰতিৰোধ কৰা সমস্যা) আৰু ডায়েবেটিজ (ইঞ্চুলিন নিৰ্মাণ কৰা সমস্যা)ৰ বাবে ইঞ্চুলিৰ মাত্ৰাত প্ৰভাৱ পৰে আৰু ইয়াৰ ফলত গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে কিয়নো গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াৰ লগত জৰোত হৈ থকা এটা গুৰুত্বপূৰ্ণ হ’ৰমোন হৈছে ইঞ্চুলিন।

থাইৰইডৰ সমস্যা আৰু PCOS(প’লিচাইষ্টিক অ’ভেৰি চিণ্ড্ৰোম)ৰ দৰে হ’ৰমোনৰ দৰে সমস্যায়ে গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত দেৰি আনিব পাৰে। যদিও হ’ৰমোনৰ সমস্যায়ে গাখীৰ নিৰ্মাণৰ প্ৰভাৱ পেলাব পাৰে, হ’ৰমোনৰ মাত্ৰায়ে স্থাপিত হোৱা দুগ্ধপানত বহু কম প্ৰভাৱ পেলায়।

“অপৰ্যাপ্ত পৰিমাণৰ গ্লেণ্ডূলাৰ টিছ্যু” হৈছে এনেকুৱা এটা সমস্যা য’ত এগৰাকী মহিলাৰ দুগ্ধ নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ মাংসপেশী নাথাকে। দুগ্ধপান কৰোৱা সম্ভৱ হ’ব যদিও প্ৰতিগৰাকী মহিলায়ে নিৰ্মাণ কৰা গাখীৰৰ মাত্ৰা ভিন্ন হ’ব পাৰে।

আগতে কৰা স্তনৰ অস্ত্ৰোপচাৰ অথবা আঘাতেও গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে।

যদি গাখীৰ ওলোৱা নাই তেন্তে কি কৰিব লাগে?

আপোনাৰ কেচুৱটি জন্ম পোৱাৰ আগত কল’ষ্ট্ৰাম ওলালে এই কথা লৈ চিন্তা নকৰিব যে আপোনাৰ কোনো গাখীৰ নোলাব। যদি দেৰি হয় তেন্তে স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব যাতে কাৰণসমূহ জানিব পৰা যায় আৰু তাৰ নিবাৰণ কৰি কেচুৱাটিক গাখীৰ খুৱাব পৰা যায়। দুগ্ধপানৰ দ্বাৰা কেচুৱাটিৰ সৈতে চালে-চালে সম্পৰ্ক বজাই ৰাখিব লাগে কিয়নো ইয়াৰ ফলত গাখীৰ নিৰ্মাণত প্ৰয়োজন হোৱা হ’ৰমোনৰ উৎপাদন হ’ব। আপোনাৰ চিকিৎসকে আপোনাৰ ঔষধ অথবা চাপ্লিমেণ্ট প্ৰদান কৰিব পাৰে।

আপুনি যাতে আপোনাৰ নিজৰ স্বাস্থ্যৰ যতন লয়, এই কথা নিশ্চিত কৰক, কেৱল তেতিয়াহে আপুনি আপোনাৰ কেচুৱাৰ ভালদৰে যতন ল’ব পাৰিব। চিন্তাত থকা অথবা স্বাস্থ্যকৰ খোৱা অভ্যাস নাথাকিলে কেৱল আপোনাৰ চিন্তাহে বাঢ়িব।

কাৰ পৰা পৰামৰ্শ ল’ব?

যদিও বিভিন্ন মানুহে নিজৰ অভিজ্ঞতাৰ ভিত্তিত বিভিন্ন পৰামৰ্শ দিব পাৰে, সেইবাবে আপুনি স্বাস্থ্যকৰ্মীৰ পৰা পৰামৰ্শ লোৱাটো উচিত। যদি আপুনি নিশ্চিত নহয় যে আপোনাৰ গাখীৰ ভালদৰে ওলাইছে, তেন্তে আপোনাৰ প্ৰসূতি বিশেষজ্ঞ অথবা কেচুৱাৰ শিশু বিশেষজ্ঞৰ পৰামৰ্শ লওক। সেই কথাসমূহত ভালদৰে মন দি আপোনাৰ কেচুৱাই যাতে ভালদৰে গাখীৰ পাই এই কথা নিশ্চিত কৰক।

আপোনাৰ কেচুৱাটিয়ে ভালদৰে খাবলৈ পায় নে নাপায় এই কথাটো লৈ চিন্তিত হোৱাটো স্বাভাৱিক, তথাপিও এই চিন্তাসমূহ যাতে নিৰ্মূল কৰা হয় এই কথাটো মনত ৰাখিব। আপোনাৰ গাখীৰ নিৰ্মাণৰ বিষয়ে আগতীয়াকৈ জানিলে আপুনি প্ৰস্তুত হৈ থাকিব পাৰিব যাতে পাচত হোৱা কিবা সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপুনি কৰিব লগা একমাত্ৰ কামটো হৈছে আপোনাৰ কণমাণি আনন্দৰ টোপোলাটো অহালৈ ৰোৱা।