অ’ভাৰএক্টিভ লেটডাউনৰ লক্ষন আৰু ইয়াৰ লগতে কেনেকৈ যুঁজিব

অ’ভাৰএক্টিভ লেটডাউনৰ লক্ষন আৰু ইয়াৰ লগতে কেনেকৈ যুঁজিব

 

এনেকুৱা সময় আহিব পাৰে যেতিয়া মাতৃবিলাকে নিজৰ কেচুৱাক গাখীৰ খুৱাবলৈ চেষ্টা কৰে আৰু সিহঁতৰ ব্যৱহাৰ দেখি আচৰিত হয়। কেচুৱাটিয়ে গাখীৰ খাওতে বহু বেছি কাঁহ মাৰে, লাগি ধৰে অথবা উশাহ লোৱা অথবা গিলাৰ চেষ্টা কৰে; সিহঁতে স্তনৰ পৰা আঁতৰি অহিবলৈ চেষ্টা কৰে অথবা নিপ্পলটোত টানকৈ ধৰিব পাৰে; বহু বেছি কান্দিব আৰু গাখিৰ খাবলৈ মন নকৰিব; বহু গেছ ওলাব পেটৰ পৰা আৰু বমিও কৰিব পাৰে। আপুনি দেখিব যে কেৱল তাৰ মুখৰ পৰাই নহয়, আপোনাৰ নিপ্পলৰ পৰাও বহুত গাখীৰ ওলাইছে। যদি আপোনাৰ ইয়াৰে কোনো এটা লক্ষণ দেখা দিছে অথবা তাৰ বিষয়ে চিন্তা কৰিছে তেন্তে আপোনাৰ অ’ভাৰএক্টিভ লেটডাউন হ’ব পাৰে।

অ’ভাৰএক্টিভ লেটডাউন মানে কি?

লেটডাউন ৰিফ্লেক্সতো হৈছে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া য’ত স্তনৰ পৰা নিজেগাখীৰ ওলাই আহে যাতে নিপ্পলটোৰ দ্বাৰা কেচুৱাটিৰ মুখলৈ সহজতে যাব পাৰে। ইয়াৰ অৰ্থ এইটো যে গাখীৰ নিৰ্মাণ কৰা কোষৰ যি গাখীৰ নিৰ্মাণ কৰে আৰু ৰাখি থয় সেইবোৰ চাপ খাইছে আৰু পদাৰ্থবোৰ বাহিৰলৈ ওলাইছে। চাপ খোৱৰ ফলত গাখীৰ নলিকাৰ দ্বাৰা নিপ্পললৈ আহে যাতে কেচুৱাটিক খুৱাব পৰা হয়। আপোনাৰ কেচুৱাটিয়ে চোপাৰ ফলত এই প্ৰতিক্ৰিয়া হয় আৰু আপোনাৰ নিপ্পলকেইটাৰ প্ৰতিক্ৰিয়া হৈছে এইয়া আৰু খুউৱাৰ প্ৰায় এক-দুই মিনিটৰ ভিতৰতে হয়।

অ’ভাৰএক্টিভ লেটডাউন অথবা জোৰকৈ কৰা লেটডাউন স্তনৰ গাখীৰ বহু খৰকৈ, জোৰকৈ আৰু একেবাৰতে ওলালে হয়। মন কৰিবলগা কথাটো এইটো যে অ’ভাৰএক্টিভ লেটডাউন প্ৰচুৰ পৰিমাণে গাখীৰ থকাতকৈ বেলেগ। ই গাখীৰ কিমান খৰকৈ ওলায় সেইটো বুজায়, তাৰ পৰিমাণ নহয়। তথাপিও কেতিয়াবা অ’ভাৰএক্টিভ লেটডাউন প্ৰচুৰ পৰিমাণে গাখীৰ থকাৰ বাবেও হ’ব পাৰে, প্ৰচুৰ পৰিমাণে গাখীৰ থকাৰ বাবেও গাখীৰ বহুত জোৰেৰে ওলায়।

অ’ভাৰএক্টিভ লেটডাউনৰ কাৰণসমূহ

অ’ভাৰএক্টিভ লেটডাউন কিয় হয় তাৰ সঠিক কাৰণ এতিয়ালৈকে জনা হোৱা নাই। ইয়াৰ কাৰণ প্ৰচুৰ পৰিমাণত গাখীৰ নিৰ্মাণ হোৱা অথবা অক্সিটাইচিন নামৰ হ’ৰমোনৰ অসাধাৰণভাৱে হোৱা শক্তিশালী প্ৰতিক্ৰিয়া।

যেতিয়া আপোনাৰ কেচুৱাটিয়ে আপোনাৰ স্তনত ধৰি চুহিবলৈ আৰম্ভ কৰে, আপোনাৰ নিপ্পলত থকা স্নায়ুত ক্ৰিয়া হয় আৰু আপোনাৰ মগজুলৈ দুটা হ’ৰমোন নিৰ্গত কৰিবলৈ বাৰ্তা পঠোৱা হয়: প্ৰ’লেক্টীন আৰু অক্সিটাইচিন। প্ৰ’লেক্টিনে আপোনাৰ স্তনত গাখীৰ নিৰ্মাণ কৰা মাংসপেশীৰ ওপৰত কাম কৰে আৰু স্তনৰ গাখীৰ নিৰ্মাণৰ বাবে দায়ী। অক্সিটাইচিনে আপোনাৰ স্তনৰ গাখীৰক নলিকাবোৰৰ দ্বাৰা বাহিৰলৈ ওলাবলৈ সহায় কৰে আৰু গাখীৰখিনি “লেটডাউন” হোৱাত সহায় কৰি কেচুৱাটিক দিয়ে। অক্সিটাইচিনে গাখীৰৰ নলিকাবোৰ বহল হোৱাতো সহায় কৰে যাতে গাখীৰখিনি নিপ্পলৰ দ্বাৰা আপোনাৰ কেচুৱাটিৰ মুখলৈ যায়।

অ’ভাৰএক্টিভ লেটডাউনৰ বাবে নিৰাময়

আপোনাৰ শৰীৰে আপোনাৰ কেচুৱাটিৰ প্ৰয়োজনবোৰ পূৰ্ণ কৰিবলৈ সময় লয়। সময় যোৱাৰ লগে লগে, বস্তুবোৰ কেইদিনমানতে ভাল হৈ পৰে আৰু আপোনাৰ কেচুৱাটিয়েও ভালদৰে গাখীৰ খায়, যি গাখীৰৰ নিৰ্মাণ আৰু বৈ অহাটো সাধাৰণ কৰি পেলোৱাত সহায় কৰে।

অ’ভাৰএক্টিভ লেটডাউনৰ লগত যুঁজিবলৈ আপুনি কৰিব পৰা কেইটামান কাম তলত দিয়া আছে:

  • কেচুৱাটিয়ে কেনেকৈ ধৰিছে ভালদৰে পৰীক্ষা কৰক

স্তনটো ভালদৰে ধৰাৰ ফলত আপোনাৰ কেচুৱাটিক সহায় কৰিব কিয়নো ই গাখীৰ ওলাই অহাটো ভালদৰে নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

  • বিভিন্ন অৱস্থাত গাখিৰ খুৱাওক

আটাইতকৈ কাম কৰা অৱস্থাকেইটা হৈছে য’ত কেচুৱাটিৰ মূৰ আৰু ডিঙি আপোনাৰ নিপ্পলটোতকৈ ওপৰত আছে। অ’ভাৰএক্টিভ লেটডাউনৰ লগত যুঁজিবলৈ তলত উল্লেখ কৰা অৱস্থাসমূহত থাকি চাব পাৰে:

  1. আঁউজি লোৱা অৱস্থা: এই অৱস্থাত আপুনি আপোনাৰ কেচুৱাটি আপোনাৰ ফালে মুখ কৰি শুৱায়। চকি এখন অথবা গাৰুৰ ব্যৱহাৰ কৰি আপুনি সহায় ল’ব পাৰে। এই অৱস্থা ব্যৱহাৰ কৰি আপোনাৰ কেচুৱাটিৰ জিভাখন আপোনাৰ স্তনৰ ভালদৰে লাগিব পাৰিব।
  2. পিঠি দি শোৱা অৱস্থা: এই অৱস্থাত আপোনাৰ কেচুৱাটি আপোনাৰ ওপৰত মুখামুখিকৈ থাকে। এই অৱস্থাৰ ব্যৱহাৰ কৰি আপোনাৰ কেচুৱাটি আপোনাৰ স্তনতকৈ অলপ ওপৰত থাকে। ই মধ্যাকৰ্ষণৰ বিপৰীতে কাম কৰে আৰু সেইবাবে কেচুৱাটিৰ মুখলৈ যোৱা গাখীৰৰ মাত্ৰা কমাই আনে।
  3. কাতি হৈ শোৱা অৱস্থা: এই অৱস্থাত আপুনি কাতি হৈ শোৱে আৰু আপোনাৰ কেচুৱাটি আপোনাৰ কাষত ৰাখে যাতে আপোনাৰ স্তনটোৰ ওচৰত থাকে আৰু কেচুৱাটিৰ ডিঙি আৰু বাহুত ধৰি সহায় কৰে। এই অৱস্থাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ কেচুৱাটিক সহজতে আপোনাৰ স্তনৰ পৰা আঁতৰাব পাৰিব যেতিয়া গাখীৰ খৰকৈ ওলায় আৰু এনেকৈয়ে কেচুৱাটিয়ে গাখীৰ ওলোৱা নিয়ন্ত্ৰণ কৰিব পাৰিব। এনেকৈয়ে অতিৰিক্ৰ গাখীৰখিনি কেচুৱাটিৰ মুখৰ কাষৰ পৰা আৰু স্তনৰ পৰা ওলাই যাব।
  • কেচুৱাটিক স্তনৰ পৰা আঁতৰোৱা

আপোনাৰ কেচুৱাটিক অশান্তি দুৰ কৰাৰ এটা ডাঙৰ উপায় হৈছে স্তনৰ পৰা আঁতৰাই দিয়াটো। লেটদউন হ’লে আপোনাৰ কেচুৱাটিক স্তনৰ পৰা আঁতৰাই উলাই অহা গাখীৰখিনি এটা পাত্ৰ অথবা টাৱেলত ধৰি ৰাখক। আপোনাৰ কেচুৱাটিয়ে কাঁহিলে অথবা গাখীৰ লাগি ধৰিলে এনে কৰিব পাৰে। লেটডাউন সম্পূৰ্ণ হোৱাৰ পাচত আপোনাৰ কেচুৱাটিক পুনৰ স্তনত লগাই আকৌ গাখীৰ খুৱাওক।

  • কেচুৱাটিক সঘনাই উগাৰ মৰাওক

দুগ্ধপান কৰাওঁতে আপোনাৰ কেচুৱাটিয়ে গিলোতে অথবা স্তনৰ পৰা আঁতৰোতে বায়ু ভিতৰলৈ যায়। আপোনাৰ কেচুৱাটিক খুৱাওতে আৰু খুউৱাৰ পাচত কেইবাবাৰো উগাৰ মৰাওক আৰু ইয়াৰ ফলত সোমাই যোৱা বায়ুখিনি ওলাই আহিব আৰু বমি অথবা অন্য অশান্তিবোৰ নহ’ব। ইয়াৰ ফলত কেচুৱাটিয়ে ভালদৰে হজমো কৰিব পাৰিব।

  • সঘনাই দুগ্ধপান কৰাওক

সঘনাই দুগ্ধপান কৰোৱাৰ ফলত আপোনাৰ স্তনত গোট খোৱা গাখীৰৰ মাত্ৰা কমি যাব আৰু লগতে কেচুৱাটিয়ে এবাৰত খোৱা গাখীৰৰ মাত্ৰাও কমি যাব। কমকৈ গাখীৰ থাকিলে লাহে লাহে ওলাব। ইয়াৰ ফলত কেচুৱাটিক গাখীৰ খুউৱাও সহজ হৈ পৰিব।

  • স্বাস্থ্যকৰ্মীৰ সহায় লওক

অ’ভাৰএক্টিভ লেটডাউনৰ লগত যুঁজিবলৈ আটাইতকৈ ভাল উপায়ৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লৈ উপায় নিৰ্বাচন কৰি পৰিকল্পনা কৰক।

অ’ভাৰএক্টিভ লেটডাউনৰ ফলৰ মাতৃগৰাকী আৰু কেচুৱা, দুয়োৰে বাবে দুগ্ধপান কৰোৱা বেদনাদায়ক হ’ব পাৰে। ই বহু বেছি সময়লৈকে নাথাকে আৰু ইয়াৰ লগত সহজতে যুঁজিব পাৰি। ইয়াক আপোনাৰ আৰু আপোনাৰ কেচুৱাটিৰ দুগ্ধপানৰ অভিজ্ঞতাত কোনো বাধা আনিবলৈ নিদিব। আপোনাৰ যে শক্তি থাকে!