কেচুৱাটিৰ ভোক নালাগিলে কি কৰিব?

কেচুৱাটিৰ ভোক নালাগিলে কি কৰিব?

 

পিতৃ-মাতৃসকলৰ বাবে নিজৰ দুবাহুৰ মাজত এটা আনন্দৰ টোপোলা ধৰিবলৈ পোৱাতকৈ অন্য একো সুখৰ কথা নহয়। ইয়াৰ লগতে সেই আনন্দৰ টোপোলাটোৱে ভালদৰে নোখোৱাৰ দৰে অন্য বহু কম চিন্তনীয় বিষয় থাকে। কেচুৱাটিৰ ভালদৰে বিকাশ হৈ এটি ভাল ব্যক্তি হিচাপে গঢ় দিবলৈ পিতৃ-মাতৃ আটাইতকৈ ভাল বস্তু দিবলৈ বহু কষ্ট কৰে। আৰু এই সম্পূৰ্ণ বিকাশৰ বাবে পোষণে প্ৰাথমিক ভূমিকা পালন কৰে।

ভোক নলগা মানে কি?

খাবলৈ মন নকৰাকে ভোক নলগা বুলি ক’ব পাৰি। কিন্তু এইটো কথা মনত ৰাখিব লাগে যে প্ৰাপ্তবয়স্কৰ দৰে কেচুৱাবিলাকৰ এক নিৰ্দিষ্ট প্ৰণালী নাথাকে, বৰং সিহঁতৰ ভোক দিনে-দিনে অথবা খাদ্য অনুসৰি সলনি হয়। আৰু সকলোৱে এইটো কথা বিশ্বাস কৰে যে “কেচুৱাটি নিজৰ মনৰ মালিক আৰু ভোক লাগিলে কে খাব”।

কেচুৱাটিৰ ভোক নলগা কেইবাটাও কাৰণ থাকিব পাৰে, বহু ক্ষেত্ৰত এইটো সাধাৰণ কথা কিয়নো তাৰ বাবে খাদ্যতকৈ ওচৰৰ জগতখন বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। ইয়াৰ লগতে এনে অৱস্থাও আহিব পাৰে যেতিয়া আপোনাৰ কেচুৱাটিৰ বেয়া খাদ্যাভাসবোৰ আপোনাৰ চিন্তাৰ কাৰন হ’ব পাৰে। যদি কেচুৱাটিয়ে ভোক নলগাত ভুগিছে তেন্তে তাৰ খিংখিঙীয়া স্বভাৱ, বমি, কাহ আৰু ভাল লগা খাদ্য খাবলৈ মন নকৰাৰ দৰে সমস্যা হ’ব পাৰে।

ভোক নলগাৰ কাৰণ

  • বিকাশৰ হাৰ

কেচুৱাটিৰ ০-৬ মাহত আটাইতকৈ খৰকৈ বিকাশ হয় আৰু ৬-১২ মাহত অলপ এই হাৰ অলপ কমি যায় আৰু ১২-১৮ মাহত আৰু কমি যায়। ইয়াৰ কাৰণে খোজকঢ়িবলৈ ধৰা কেচুৱা (১৪-১৫ মাহ) এটিয়ে সি ১২ মাহত থাকোঁতে খোৱা খাদ্যৰ তুলনাত কমকৈ খাইছে। এই ক্ষেত্ৰত আপুনি সঘনাই অলপ অলপকৈ খাদ্য খুৱাবলৈ চেষ্টা কৰিব পাৰে যাতে বয়সৰ অনুসৰি প্ৰয়োজনীয় পোষণ পায়।

  • দাঁত গজা

বেছিভাগ কেচুৱাৰ ৮-১০ মাহত দাঁত গজিবলৈ ধৰে আৰু ইয়াৰ ফলত হোৱা অশান্তি আৰু বিষৰ ফলত ভোক নলগা হ’ব পাৰে। কেচুৱাবিলাকৰ ৫ৰ পৰা ৭ মাহৰ ভিতৰত দাঁত গজে। বিষৰ কমাবলৈ পুতলাৰ (ওমলাবলৈ) লগতে পিটিকা খাদ্য (গাজৰ, ৰঙালাও, কল, চিৰিয়েল, ভাত) দিয়াটো ভাল।

  • তৰলৰ মাত্ৰা

ভোক নলগাৰ অন্য কাৰন হ’ব পাৰে যে কেচুৱাটিয়ে বহু পৰিমাণে পানী, ফলৰ ৰস আৰু গাখিৰ খাইছে। ৬ মাহলৈকে পানী নিম্নতম মাত্ৰাত ন্দিবলৈ পৰামৰ্শ দিয়া হয় কিয়নো সি খোৱা গাখীৰৰ পৰা প্ৰয়োজনীয় তৰলখিনি পাব। খোজকাঢ়িবলৈ ধৰা কেচুৱাৰ বাবে এবাৰতে অলপ বেছিকৈ গাখীৰেই হৈ যাব। এবাৰতে বহু বেছি গাখীৰ দিয়াটো কমাই অলপ অলপকৈ দিব লাগে আৰু অন্য খাদ্য খুৱাবলৈ চেষ্টা কৰিব লাগে।

  • বেমাৰ

আটাইবোৰৰ ভিতৰত সংক্ৰমণটো আটাইতকৈ ভয়ংকৰ। এটা ভাইৰেল অথবা বেক্টেৰিয়াৰ সংক্ৰমণে (পানীলগা, কাণৰ সংক্ৰমণ, ডিঙিৰ বিষ, নাকেৰে পানী বৈ থকা) বিষ অথবা অশান্তি দিব পাৰে আৰু ইয়াৰ ফলত খাবলৈ অসুবিধা পাব পাৰে। আপোনাৰ কেচুৱাটিৰ বেমাৰৰ লগত জড়িত স্বভাৱ পৰিৱৰ্তন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

পেলুৰ সংক্ৰমণৰ বাবেও ভোক নলগা হ’ব পাৰে। ভাল স্বাস্থ্য বৰ্তাই ৰাখিবলৈ সময়মতে পেলুৰ দৰব খুউৱাটো প্ৰয়োজনীয়।

কেচুৱাটিয়ে অলপতে ভাগৰুৱা অনুভৱ কৰাৰ অন্য কাৰণ এটা হৈছে এনিমিয়া। স্বাস্থ্যজনিত সমস্যাৰ বাবে শিশু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল।

  • খাদ্য ভাল নলগা হোৱা

কেচুৱাটিয়ে নতুনকৈ দিয়া খাদ্য ভাল পাবলৈ অলপ সময় লাগিব পাৰে। ধৈৰ্য, বাৰে বাৰে কৰা, এটা আমোদজনক বাতাৱৰণ সৃষ্টি কৰা, তাক/তাইক নিজেই খাবলৈ দিয়া, বেছিকৈ নুখুউৱাৰ দৰে কাম ক্কৰিলে সি/তাই খাবলৈ মন কৰিব পাৰে।

ইয়াৰ অন্য এটা কাৰণ হ’ব পাৰে যে কেচুৱাটিয়ে সদায় একেই খাদ্য খায় ভাল নাপাব পাৰে। বিভিন্ন ভোক লগা খাদ্য ব্যৱহাৰ কৰি চাওক। কিছুমান খাদু হজম হ’বলৈ বহু সময়ৰ প্ৰয়োজন হয় আৰু সেইবাবে কেচুৱাটিৰ বহু সময়ৰ বাবে ভোক নালাগিব পাৰে।

মই কিয় চিন্তিত হ’ব লাগে?

মনত ৰাখিব যে বহু ক্ষেত্ৰত ভোক নলগাটো স্বাভাৱিক কথা। কিন্তু এসপ্তাহৰ বাবে যদি সি/তাই নিম্নতমখিনিও নাখায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। যদি ভোক নলগাৰ লগতে জ্বৰ/চাহী/শৌচত পৰিৱৰ্তনৰ দৰে সমস্যা আহি পৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। ধৈৰ্য সহকাৰে কেচুৱাটিৰ লগত থাকিব লাগে আৰু তাৰ/তাইৰ ভাললগা/বেয়ালগা সকলোবোৰ নিৰীক্ষণ কৰি খাপ খাব লাগে।

ভোক কেনেকৈ বঢ়াব?

  • খাদ্যত সামাস্য পৰিৱৰ্তন কৰি খাদ্যাভাসবোৰ পৰিৱৰ্তন কৰিব পাৰি।
  • জিংক থকা খাদ্যই হাইড্ৰোক্ল’ৰিক এচিড নিৰ্মাণ হোৱাত সহায় কৰে যি খাদ্য ভালদৰে হজম হোৱাত সহায় কৰে, যেনে চিকেন।
  • খাদ্যৰ মাজৰ সময়ৰ ব্যৱধান ৰাখক, যাতে হজম হ’বলৈ পৰ্যাপ্ত পৰিমাণৰ সময় পায়।
  • ভোক লগাত সহায় কৰা খাদ্য খুৱাওক। আজ্বাইন আৰু বাচিল হৈছে সাধাৰণ উদাহৰণ। কেইটামান আজ্বাইনৰ গুটি আৰু বাচিলৰ পাত দি খোৱা পানী বনাব পাৰি। ১৮ মাহতকৈ বেছি বয়সৰ শিশুৰ বাবে খাদ্যত কেইটামান গুটি দিব পাৰি।

আতাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেচুৱাটিৰ খাদ্যত স্বাস্থ্যকৰ খাদ্য দিয়াৰ চেষ্টা কৰিব লাগে। কিয়নো স্বাস্থ্যকৰ অভ্যাসবোৰ বহুদিনলৈকে থাকিব।