গাখীৰৰ আত্যাধিক উৎপাদনৰ সৈতে মোকামিলা

গাখীৰৰ আত্যাধিক উৎপাদনৰ সৈতে মোকামিলা

 

নতুন মাতৃ সকলৰ স্তনপান কৰোৱাক লৈ বহুতো প্ৰশ্ন আৰু শংকা থাকে আৰু ই স্বভাবিক কথা। প্ৰায়ে মহিলা সকলৰ এটা সাধাৰণ সমস্যা হৈছে গাখীৰ কমকৈ উৎপন্ন হোৱা।কিন্তু আন এটা গভীৰ সমস্যাও আছে যিয়ে বহুতো মহিলাক সংকিত কৰি তোলে সেইটো হৈছে গাখীৰৰ অত্যাধিক পৰিমাণত উৎপন্ন হোৱা। কমকৈ গাখীৰ উৎপন্ন হোৱা মহিলাৰ বাবে হয়তো বেছি উৎপন্ন হোৱা কথাটো আৰ্শিবাদৰ দৰে লাগিব কিন্তু প্ৰকৃততে তেনে নহয়। অত্যাধিক পৰিমাণতগাখীৰ উৎপন্ন হোৱাটো সমস্যাৰ কাৰণ হব পাৰে আৰু ই মাতৃ আৰু সন্তান দু্যোকে বিভিন্ন ধৰণে প্ৰভাৱাম্বিত কৰিব পাৰে।

গাখীৰৰ অত্যাধিক উৎপন্নই কি সূচাই?

যাক হাইপাৰলেক্টেচন বুলিও জনা যায়, স্তনত অধিক গাখীৰ জমা হয় যেতিয়া মাতৃৰ শৰীৰে তেওঁৰ শিশুটিৰ প্ৰয়োজনতকৈ বেছি গাখীৰ উৎপাদন কৰে। গাখী্ৰৰ প্ৰবাস খোব তীব্ৰ হয় যাৰ বাবে শিশুটিয়ে গাখীৰ খোৱাত অসুবিধা হয়।

গাখীৰ অধিক হোৱাৰ লক্ষণ:

তলত কেইটামান সংকেট দিয়া হৈছে।

  • মাতৃৰ দেহত দেখা দিয়া ধৰণে-
  • স্তনদ্বয় নৰম হৈ যায় আৰু অধিক মাত্ৰাত গাখীৰ নিস্কাশন হব ধৰে ( ইয়াৰ ফলত ব্ৰাৰ পেড আৰু কাপোৰ পৰ্যন্ত তিতি যায়)
  • অনবৰতে স্তনদ্বয় ভৰ্তি হৈ থকাৰ ভাৱ হয়; স্তনপান কৰোৱা পাছতো স্তন কোমল অনুভৱ নহয়।
  • সঘনে হোৱা গাখীৰ নিস্কাশনৰ ফলত অশান্তি ভাৱ আহে, যাৰ ফলত কেতিয়াবা বিষ ও হয়।
  • দুগ্ধ কৈশিকা বোৰ সঘনাই বন্ধ হব ধৰে।
  • নিপ্পল কেইটাত সংক্ৰমন হবলৈ ধৰে।
  • স্তনৰ কোষবোৰত ক্ৰমাত জ্বলাপোৰা আৰু বিষ হয়।

শিশুৰ দেহত দেখা দিয়া ধৰণে-

  • সঘনাই থুৱাই থকা, কাহি থকা বা গাখীৰৰ অধিক প্ৰবাহৰ বাবে মুমুৰ্ষ হৈ পৰা।
  • স্তনপান কৰোৱা অৱস্থাত স্তনৰ পৰা মুখ আতৰাই দিয়া।
  • সেউজীয়া পায়সানা আৰু অত্যাধিক গেছ হোৱা।
  • স্তনপান কৰা সময়ত হাতেৰে নিপ্পল ধৰি গাখীৰৰ প্ৰবাহ কম কৰিবলে কৰা চেষ্টা।
  • হৰ্থাৎ ওজন বাঢ়ি যোৱা কিন্ত এই ওজন গড় বাঢ়িবলগা ওজনতকৈ বহুত বেছি হয়।

গাখীৰৰ অত্যাধিক যোগানৰ কাৰণ

  • স্তনপানৰ ব্যৱস্থা সঠিক নোহোৱা

মাতৃএ উৎপন্ন কৰা গাখীৰৰ পৰিমাণ সম্পূৰ্ণৰূপে স্তনৰ পৰা ওলাই যোৱা গাখীৰৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া স্তনপানৰ ব্যৱস্থা সঠিক নহয়, যেনে যেতিয়া মাতৃএ সময় আৰু খোৱাৰ পৰিমাণ ওপৰত ভিত্তি কৰি স্তনপান কৰোৱাই কিন্তু শিশুটিৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব নিদিয়ে, তেতিয়া ই মাতৃ দেহত গাখীৰৰ যোগান বঢ়াই দিয়ে। অধিক যোগান কেৱল এটা স্তনত হব পাৰে যেতিয়া শিশুটিয়ে একেটা স্তনৰ পৰাই সঘনাই স্তন পান কৰি থাকে।

  • অত্যাধিক এলভিঅ’লি

গাখীৰ এলভিঅ’লিৰ পৰা উৎপন্ন হয়- ই স্তনত থকা গাখীৰ উৎপন্ন কৰা অংগ। গড় হিচাপত প্ৰায় ১০০০০০ ৰ পৰা ৩০০০০০ এলভিঅ’লি এটা স্তনত থাকে, কিছু মহিলাৰ ক্ষেত্ৰত এই সংখ্যা আৰু বেচি হয়, যাৰ ফলত গাখীৰৰ উৎপাদন বাঢ়ি যায়।

  • অসঠিক অৱস্থান

স্তনত শিশুটিয়ে গাখীৰ খাবলৈ সঠিক অৱস্থান নাথাকিলেও শিশুটিয়ে সঘনাই দুগ্ধপান কৰিবলৈ বিচাৰিব পাৰে।

  • হৰ’মন আৰু চিকিৎসাজনিত অৱস্থা

হৰ’মনৰ অসমতা য’ত গাখীৰ উৎপন্ন কৰা হৰ’মন অত্যাধিক পৰিমাণে থাকে আৰু ফলস্বৰূপে অধিক গাখীৰ উৎপন্ন হয় আৰু স্তন গধূৰ হৈ যায়।

গাখীৰৰ অধিক যোগান কম কৰাৰ উপায়

আপোনাৰ গাখীৰৰ যোগান কম কৰাটো সম্ভৱ যাতে আপোনাৰ শৰীৰে কেৱল শিশুটিৰ প্ৰয়োজনীয় গাখীৰ খিনিহে উৎপন্ন কৰে। ইয়াত তাৰে কেইটামান উপায় দিয়া হৈছে কেবল মন কৰিব যাতে এই সমূহ উপায় আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লৈহে কৰিব:

  • ব্লক স্তনপান

ব্লক স্তনপানৰ মতে এটা সময়ত কেৱল এটা স্তনহে স্নপানৰ বাবে ব্যৱহাৰ কৰিব, লাগিলে সেই সময়ত শিশুটিয়ে যিমান বাৰেই গাখীৰ নাখাওক কিয়, যাতে আনটো স্তনত পিছৰ টো ব্লক (আন এটা সময়) লৈ যাওঁতে গাখীৰৰ যোগান কমি যায়। শিশুটিক স্তনপান কৰাওঁতে প্ৰথমে এটা স্তন সম্পূৰ্ণ খালী হোৱাৰ পাছতহে আনটোলৈ যাব। এই প্ৰক্ৰিয়াই স্তন সম্পূৰ্ণ খালী হোৱাত সহায় কৰে যিয়ে স্তনত গাখীৰৰ কম উৎপাদনৰ সংকেট দিয়ে।

  • অৱস্থাৰ সালসলনি

তেনেকোৱা আৱস্থাৰ পৰা আতৰি থাকিব য’ত শিশুটিৰ পাছ অংশ ওপৰলৈ থাকে আৰু গাখীৰৰ প্ৰবাহ তললৈ বয়। শিশুটিক যথাসম্ভৱ থিয়কৈ ৰাখিব, যিহেতু ই মধ্যাকৰ্ষণ শক্তিক গাখীৰৰ প্ৰবাহৰ বিপৰীত দিশত ক্ৰিয়া কৰাত সহায় কৰে। কাতি কৰি লৈ স্তন পান কৰালে ই শিশুটিৰ মুখৰ পৰা অত্যাধিক গাখীৰৰ ভাগ ওলাই াহাত সহায় কৰে যিয়ে শিশুটিক চৰচৰনি খোৱাৰ পৰা বচায়।মন কৰিব যাতে শিশুটিৰ মুৰটো নিপ্পলতকৈ ওপৰত থাকে।

  • শিশুটিৰ উগাৰ অহা

যদি শিশুটিয়ে গাখিৰ খোৱা অৱস্থাত চেচৰনি বা উগাৰ মৰে তেন্তে তাক স্তনৰ পৰা আতৰাই আনক যাতে গাখীৰৰ লগত শিশুটিৰ পেটলৈ যোৱা অত্যাধিক বায়ু ভাগ ওলাই যাব পাৰে।

  • সঠিক খুপনি নিশ্চিত কৰক

অসঠিক খুপনিৰ ফলত শিশুটিৰ মুখত বহুত গাখীৰ থাকি যায়। যদি শিশুটিয়ে সঠিক ভাৱে মুখেৰে স্তনত খুপনি ধৰি থাকে তেন্তে সি গাখীৰৰ প্ৰবাহ ৰখাবলৈও শিকি যাব।

  • শুহি থকাৰ মাজতে বিৰতি দিয়া

স্তনপান কৰা আৱস্থাত মাজে মাজে শিশুটিক শুহা প্ৰক্ৰিয়া টো ৰখাই দিব লাগে যাতে বেলেগ গাখীৰ সন্মুখ ভাগলৈ আহিব পৰে। ই শিশুটিক ও স্তনপান কৰি থকা অৱস্থাত কিছু বিৰতি দিয়ে।

  • আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰক

আপোনি আপোনাৰ দেহত গাখীৰৰ যোগান অত্যাধিক নহবলৈ দৰকাৰী পৰীক্ষা কৰালেনে। আপোনাৰ থায়ৰয়ডৰ মাত্ৰা পৰীক্ষা কৰোৱাটোও প্ৰয়োজনীয় যিহেতো গৰ্ভাৱস্থাত মহিলাৰ থায়ৰয়ডৰ মাত্ৰা বঢ়া কমা হোৱাটো কোনো অস্বাভাবিক নহয়।

আপোনি আপোনাৰ গাখীৰৰ উৎপাদন কমাবলৈ থকা বিকল্প সমূহৰ বাবে চিকিৎসকৰ সৈতে কথা পাতিব পাৰে।

গাখীৰৰ অত্যাধিক যোগানএ আপোনাক লগতে অপোনাৰ শিশুটিক স্তনপানত শান্তিৰ অভিজ্ঞতা নিদিয়ে। সেয়ে লক্ষণ সমূহ নিৰ্ণয় কৰক আৰু ইয়াৰ কাৰণ চিনাক্ত কৰিবলৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। গাখীৰৰ পৰিমাণ সন্তোলিত ৰখাৰ কিতিপ সমূহ বাচনি কৰক।মনত ৰাখিব আপোনি ইয়াৰ সৈতে মোকাবিলা কৰিব পাৰিব ; সচেতন হোৱাটোৱেই হৈছে প্ৰথম পদক্ষেপ!