গাখীৰৰ কম মাত্ৰাৰ সৈতে তাল-মেল ৰখা

গাখীৰৰ কম মাত্ৰাৰ সৈতে তাল-মেল ৰখা

 

প্ৰায় সকলোবোৰ মাতৃয়ে এনেকুৱা এটা অৱস্থাৰ সন্মুখিন হয় য’ত সিহঁতে ভাৱে যে সিহঁতৰ স্তনৰ গাখীৰ কেচুৱাটিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ নহয়। এইটো সকলো মাতৃয়ে ভাবিব পাৰে, কিন্তু কিছুমান মাতৃয়ে নিজৰ কেচুৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰিব নোৱাৰে। ভাৰতত সাধাৰণ, গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাসকলে পোষক তত্বৰ অভাৱ পোৱাৰ বাবে মাতৃসকলে কেচুৱাটিক দুগ্ধপান কৰাৰ নোৱাৰা সমস্যাটোৱে আৰু দেখা দিয়ে।

কম পৰিমাণৰ গাখীৰৰ বাবে অনেক সমস্যায়ে দেখা দিয়ে কিন্তু তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণটো হ’ল বিকশিত হৈ অহা এটি কেচুৱা। নৱজাতকে (০-৪ মাহ) ২৪ ঘণ্টাৰ সময়ৰ ৯-১২বাৰলৈকে দুগ্ধপান কৰে। বিকশিত দেশবোৰত কেচুৱাবিলাকে ৪-৫ মাহলৈকে দিনে ৭৫০ৰ পৰা ৮০ গ্ৰাম গাখীৰ খায় (বুত্তে, ১৯৮৪)। সিহঁতে পোষক তত্ব সঠিক মাত্ৰাত পাব লাগিব, বিশেষকো প্ৰথম কেইমাহত যাতে এতা শক্তিশালী আৰু স্বাস্থ্যৱান শৰীৰ নিৰ্মাণ কৰিব পাৰে।

কম পৰিমাণৰ গাখীৰৰ সমস্যা কিয় হয়?

গাখীৰৰ মাত্ৰা নিৰ্ধাৰণ কৰাৰ আঁৰত অনেক কাৰণ মন কৰিবলগীয়া। এতিয়ালৈকে গাখীৰ আৰু গাখীৰ নিৰ্মাণৰ মাত্ৰাৰ জোখ লোৱা কোনো সহজ উপায় নাই। মাতৃসকলে প্ৰায়েই শিশু বিশেষজ্ঞৰ আগত অভিযোগ দিয়ে যে সিহঁতে কেচুৱাটিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰিব নোৱাৱা নিচিনা অনুভৱ কৰিছে। কম পৰিমাণৰ গাখীৰৰ বাবে কেইটামান কাৰণ তলত উল্লেখ কৰা হৈছে।

  • প্ৰসৱব পাচতে গাখীৰ খুওৱা আৰম্ভ নকৰা

কেচুৱা আৰু শিশু দুগ্ধপান নিৰ্দেশাৱলীৰ মতে, ভাৰতীয় চৰকাৰে প্ৰসৱৰ পাচতেই যিমান পাৰি সিমান সোনকালে দুগ্ধপান কৰোৱাৰ পৰামৰ্শ দিছে। প্ৰসৱৰ এঘণ্টাৰ পাচতে। কিন্তু কিছিমান যেত্ৰত এইটো মানি চলা নহয়। বিজয়লক্ষীয়ে (২০১৫) কৰা অধ্যয়নৰ মতে যদিও বহূ মাতৃয়ে প্ৰাকৃতিকভাৱে প্ৰসৱ কৰে, তথাপিও ৩৬.৯% মাতৃয়েহে এঘণ্টাৰ ভিতৰতে দুগ্ধপান কৰাবলৈ সক্ষম হয়। দুগ্ধপান আৰম্ভ কৰোতে হোৱা পলমৰ বাবে কিছুমান ক্ষেত্ৰত গাখীৰ কমকৈ নিৰ্মিত হোৱাৰ সমস্যা হ’ব পাৰে।

  • হ’ৰমোনেল পৰিয়াল পৰিকল্পনা ব্যৱহাৰ কৰা

জন্ম নিয়ন্ত্ৰনৰ পিল আৰু অন্য বস্তু যেনে পেটছ্‌ আৰু বেজিয়ে মাতৃসকলৰ গাখীৰ নিৰ্মাণৰ মাত্ৰাত যঠেষ্টভাৱে প্ৰভাৱ পেলাইছে। কিবতু এইটো মনত ৰখাটোও প্ৰয়োজনীয় যে দুগ্ধপান এক উৎকৃষ্ট গৰ্ভনিৰোধক আৰু প্ৰথম ৬ মাহৰ বাবে কোনো অন্য ধৰনৰ পৰিয়াল পৰিকল্পনাৰ উপায় ব্যৱহাৰ নকৰিলেও হয়। দুগ্ধপান কৰোৱা এগৰাকী মহিলায়ে যিকোনো ধৰনৰ গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

  • শাৰীৰিক কাৰণ

কিছুমান ক্ষেত্ৰত আপোনাৰ কেচুৱাটিৰ মুখত এডাল সৰু মেমব্ৰেম অথবা মাংশপেশোও থাকিব পাৰে যাৰ ফলত সি ভালদৰে খাব নোৱাৰে। যদিও মাত্ৰিগৰাকী পৰ্যাপ্ত পৰিমাণৰ গাখীৰ আছে তথাপিও এই শাৰীৰিক সমস্যাটোৰ ফলত কেচুৱাটিয়ে কমকৈ গাখীৰ খাব পাৰে।

  • বেছিকৈ নোখোৱা

যিসকল মাতৃয়ে ভাৱে যে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰা নাই তেওঁলোকে প্ৰায়েই ফৰ্মুলা খুৱাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আৰি সমস্যাৰ সৃষ্টি হয় কিয়নো ই গাখীৰৰ প্ৰাকৃতিক নিৰ্মাণৰ প্ৰক্ৰিয়াত বাধা আনে যাৰ ফলত গাখীৰৰ মাত্ৰা কমি যায়। প্ৰথম ৪ মাহত কেচুৱাবিলাকক দিনে ৮-১২ বাব্ৰ দুগ্ধপান কৰাব লাগে।

  • নিক’টীন আৰু এলক’হোল লোৱা

ধূম্ৰপান কৰা, নিষ্ক্ৰিয় ধূম্ৰপান কৰা আৰু মদ্যপান কৰা মাতৃসকলৰ মাজত কম পৰিমাণৰ গাখীৰ নিৰ্মাণ দেখা পোৱা যায়। দুগ্ধপান কৰোৱা মাতৃসকলে যিকোনো প্ৰকাৰে এই ক্ষতিকৰ ৰসায়নবোৰৰ পৰা আঁতৰি থাকিব পাগে।

  • দুগ্ধপান কৰোৱা বেয়া কৌশল

এটা সৱল আৰু শক্তিশালী বান্ধোন গঢ়িবলৈ দুগ্ধপান কৰোৱা কৌশলবোৰৰো হাত থাকে। দুগ্ধপানৰ কৌশলৰ লগত জড়িত কিবা প্ৰশ্ন থাকিলে মাতৃসকলে ধাই, নাৰ্চ অথবা শিশু বিশেষজ্ঞৰ কাষ চাপিব লাগে। ইয়াত কেচুৱাটি কেনেকৈ ল’ব, চাফ-চিকুনতা আৰু খুওৱাৰ সময় আহি পৰে।

  • কিছুমান দৰব ব্যৱহাৰ কৰাৰ বাবে

দুগ্ধপান কৰোৱা মহিলাসকলে কিবা দৰব লোৱাৰ পৰিকল্পনা কৰিলে স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ ল’ব লাগে। চিউড’ফেড্ৰাইনৰ দৰে দৰব যাক নাক বন্ধ হ’লে ব্যৱহাৰ কৰা হয়, দেখুৱাইছে যে ই গাখীৰৰ মাত্ৰা কম কৰাৰ বাবে দায়ী।

  • হ’ৰমোন আৰু এণ্ডোক্ৰাইনৰ সমস্যা

যিসকল মাতৃয়ে ভাৱে যে তেওঁলোকৰ গাখীৰ পৰ্যাপ্ত নহয় তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে। স্বাস্থ্যজনিত সমস্যা যেনে হাইপাৰটেনষ্যন, থাইৰইডৰ সমস্যা আৰু ডায়েবেটিজৰ ফলতো কমকৈ গাখীৰ নিৰ্মাণ হ’ব পাৰে।

  • পেচিফায়াৰ সোনকালে ব্যৱহাৰ কৰা

এটা নিয়মিত নাৰ্চিং প্ৰক্ৰিয়া স্থাপন হোৱাৰ পাচতহে পেচিফায়াৰৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগে। ই সাধাৰণতে জন্মৰ ৪ সপ্তাহৰ পাচত।

লক্ষণসমূহ কি কি?

কেতিয়াবা এনেকুৱা হ;ব পাৰে যে এগৰাকী মাতৃয়ে কমকৈ গাখীৰ নিৰ্মাণ হৈছে বুলি ভাৱি ফৰ্মুলা ব্যৱহাৰ কৰা আৰম্ভ কৰিব পাৰে। যিহেতু কেচুৱাটিয়ে গাখীৰ খাওতে কিমান গাখীৰ খাইছে এইটো কোৱাটো অসম্ভৱ, সেইবাবে গাখীৰ কম মাত্ৰাত নিৰ্মণ হোৱা চিন আৰু লক্ষণসমূহ জানিথোৱাটো প্ৰথম পদক্ষেপ। এগৰাকী মাতৃয়ে কমকৈ গাখীৰ নিৰ্মাণ হোৱা বুলি ভাবিলে জনা কিছুমান কথা তলত উল্লেখ কৰা হৈছে।

  • কেচুৱাটিৰ ওজন ভলদৰে বঢ়া নাই

জন্মৰ ৪-৫ দিনৰ ভিতৰত কেচুৱাটিৰ ওজন কমে আৰু ষষ্ঠ দিনৰ পৰা ওজন বঢ়া আৰম্ভ হয়। ওজন বঢ়াৰ যিহেতু বহুত ব্যৱধান আছে সেইবাবে এগৰাকী মাতৃয়ে কেচুৱাটিৰ প্ৰথম ওজনটো মূল ওজন হিচাপে ল’ব লাগে।

কেচুৱাবিলাকৰ ওজন নবঢ়া বহু কাৰণ থাকিব পাৰে। সেইবাবে মাতৃসকলে স্বাস্থ্যকৰ্মীসকলৰ সৈতে কথা পাতিব লাগে যদি তেওঁলোকে ভাৱে যে কেচুৱাটিয়ে পৰ্যাপ্ত পৰিমাণৰ ওজন লাভ কৰা নাই।

  • কেচুৱাটিয়ে বেছিকৈ শৌচ কৰা নাই

কেচুৱাবিলাকে দিনে ৩ৰ পৰা ৪বাৰলৈকে শৌচ কৰে। যদি কেচুৱাটিয়ে তাতকৈ কমকৈ শৌচ কৰিছে তেন্তে আপোনাৰ গাখীৰৰ মাত্ৰা কম বুলি ভাবিব পাৰে। পঞ্চম সপ্তাহৰ পাচত কিছুমান কেচুৱায়ে ইমানকৈ শৌচ নকৰে বিশেষকৈ যিবোৰক ফৰ্মুলা গাখীৰ খুওৱা হয়। যেতিয়ালৈকে শৌচ পনীয়া আৰু প্ৰচুৰ পৰিমাণৰ থাকে তেতোয়ালৈকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যদি এনে নহয় তেন্তে চিকিৎসকৰ কাষ চপাটো ভাল।

  • কেচুৱাটিক শৌচবোৰ উজ্জ্বল নহয়

কেচুৱাটিৰ প্ৰথম শৌচখিনি ক’লা আলকেতেৰাৰ দৰে। ১-২ দিনৰ ভিতৰত গাখীৰ খোৱাৰ লগে লগে ই উজ্জ্বল বৰণৰ হৈ পৰিব। পঞ্চম দিনৰ পাচত কেচুৱাটিৰ শৌচবোৰ সাধাৰণ কেচুৱাৰ শৌচৰ দৰে লাগে যিটো পনীয়া হয়। ইয়াৰ ৰং পাতল হালধীয়াৰ পৰা মাজে মাজে সেউজীয়া আৰু কমালা থকাও হ’ব পাৰে। যদি আপোনাৰ কেচুৱাটিৰ শৌচৰ ৰং আপুনি গাখীৰ খুওৱাৰ পাচতো পাতল হোৱ নাই তেন্তে সি/তাই পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নাপাবও পাৰে।

গাখীৰ নিৰ্মাণৰ মাত্ৰা কেনেকৈ বঢ়াব?

সৌভাগ্যবশতঃ এগৰাকী মাতৃয়ে গাখীৰ মাত্ৰা বঢ়াবলৈ কিছুমান কৌশল আছে। তাৰে এটা হৈছে কেচুৱাটিক দুগ্ধপান কৰোৱা, একেবাৰে সহজ। কেচুৱাটিয়ে চোপোতে গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত সহায় কৰে আৰু গাখীৰ বেছিকৈ নিৰ্গত হয়। ৰাতি দুগ্ধপান কৰালেও গাখীৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত সহায় কৰে। যদিও কিছুমান মাতৃয়ে ৰাতি গাখীৰ খুৱাবলৈ নিবিচাৰিব পাৰে কিন্তু ই আচলতে আপোনাৰ গাখীৰৰ মাত্ৰা কমাবহে।

ধূম্ৰপান আৰু মদ্যপানৰ দৰে অভ্যাসবোৰ বাদ দিলেও আপোনাৰ গাখীৰ নিৰ্মাণৰ মাত্ৰা বাঢ়িব পাৰে। এলক’হোল আৰু চিগাৰেতত পোৱা সসায়নোক পদাৰ্থবোৰৰ পৰা গাখীৰৰ মাত্ৰা কমি যায় বুলি ধৰা হয়। সেইবাবে এইবোৰ ৰসায়ন বাদ দিয়াও আপোনাৰ গাখীৰৰ মাত্ৰা বঢ়োৱাৰ এটা উপায়।

দুগ্ধপান কৰোবা মাতৃসকলে ভালদৰে পোষক তত্ব পাব লাগে। ফল-মূল, শাক-পাচলি আৰু চোকোৰা থকা দাইলেৰে পৰিপূৰ্ণ এটা স্বাস্থ্যকৰ আৰু ভালদৰে নিয়ন্ত্ৰিত আহাৰ দুগ্ধপান কৰোবা মাতৃসকলৰ বাবে লাগিবই। মাতৃগৰাকীয়ে কেচুৱাটিক দুয়োটা স্তন দিব লাগে আৰু ই গাখীৰৰ মাত্ৰা বঢ়োৱাত সহায় কৰিব। প্ৰথমতে এফালৰটো দিব আৰু শেষ কৰাৰ পাচত ইটো দিব।

মুঠতে দুগ্ধপান আৰু স্তনৰ গাখীৰ কেচুৱাৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ। গাখীৰ কম হোৱাৰ দৰে সমস্য্যবোৰ গুৰুত্বসহকাৰে ল’ব লাগে। যদি আপুনি আপোনাৰ কেচুৱাটিৰ স্বাস্থ্য আৰু গাখীৰৰ মাত্ৰা নিৰ্নয় কৰিব পৰা নাই তেন্তে স্বাস্থ্যকৰ্মীৰ কাষ চাপিব লাগে আৰু এনে চকুত পৰাৰ লগে লগে কৰিব লাগে। আপোনাক আৰু আপোনাৰ কেচুৱাটিক চাবলৈ আপুনি এজন শিশু বিশেষজ্ঞ অথবা দুগ্ধপান বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।