দুগ্ধপান কৰাওঁতে মাতৃসকলে সন্মুখীন কৰা সাধাৰণ সমস্যা

দুগ্ধপান কৰাওঁতে মাতৃসকলে সন্মুখীন কৰা সাধাৰণ সমস্যা

 

মাতৃত্ব হৈছে এক পুৰস্কৃত অনুভূতি আৰু উপলব্ধি। আপোনাৰ পৰিয়ালৰ আটাইতকৈ নতুন সদস্যৰ লালন-পালন কৰিবলৈ দুগ্ধপানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেচুৱাটিৰ উপকাৰ আৰু স্বাস্থ্যৰ বাবে ই হৈছে এটা আটাইতকৈ প্ৰয়োজনীয় বস্তু।

ই এক আশীৰ্বাদ যাৰ লগত কেইটামান সমস্যা লগতে লাগি আহে। দুগ্ধপান কৰোৱা মহিলাসকলে সন্মুখীন হোৱা কেইটামান সাধাৰণ সমস্যা হৈছে:

  • মাস্তিটিছ

ই এক স্বাস্থ্যজনিত সমস্যা য’ত স্তনকেইটা জোখাতকৈ বেছি ডাঙৰ হৈ পৰে আৰু তাত বিষ হয় আৰু তপমাত্ৰা বাঢ়ি যায়।

গাখীৰ ওলোৱা নলিকাবোৰ বন্ধ হৈ যেতিয়া পনীয়া পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে তেতিয়া এই সমস্যাটো হয়। ই বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে হয় আৰু ইয়াত সঠিক চিকিৎসা কৰিব লাগে নহ’লে ই আপোনাৰ শৰীৰত ইনফ্লূৱেঞ্জাই দিয়া লক্ষণসমূহৰ দৰে স্বাস্থ্যৰ হানি কৰিব।

আপোনাৰ মাস্তিটিছ হৈছে নে নাই তাকে পৰীক্ষা কৰিবলৈ কেইটামান উপায় আছে। সাধাৰণ লক্ষণসমূহ হৈছে:

  • ফটা, ৰঙা আৰু সংবেদনশীল চাল
  • জ্বৰ
  • আপোনাৰ পানী লগাৰ দৰে লাগিব পাৰে
  • খুব বেমাৰী আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে

If you have any of these problems, don’t worry as there are some ways to handle this situation.  Here are some helpful tips for you:

যদি আপোনাৰ ওপৰত উল্লেখিত কিবা সমস্যা আছে তেন্তে এই পৰিস্থিতি সন্মুখীন কৰিবলৈ কিছুমান উপায় আছে। আপোনাৰ বাএ সহায়কাৰী কেইটামান কিটিপ দিয়া হৈছে:

  • দুগ্ধপান কৰাই থাকক
  • জীৰাওক আৰু অলপ সময়ৰ বাবে শোৱক
  • আপুনি হীট থিৰেপী ব্যৱহাৰ কৰিব পাৰে। এখন গৰম টাৱেল অথবা কাপোৰ আপোনাৰ স্তনৰ ওপৰত ৰাখক। গৰম পানী অথবা টাৱেলৰ গৰমে আপোনাৰ স্তনৰ পৰা গাখীৰ ওলাই অহাত সহায় কৰিব পাৰে।
  • আপোনাৰ নাৰ্চ অথবা মিডৱাইফগৰাকী আপোনাৰ খুওৱা ধৰণটো লক্ষ্য কৰিবলৈ কওক। কেতিয়াবা কেচুৱাটি লোৱাও ভুল হ’ব পাৰে আৰু সেইবাবে আপোনাৰ স্বাস্থ্যকৰ্মীৰ কৌশলতাৰ প্ৰয়োজন।
  • কেচুৱাটিক গাখীৰ খুওৱা পাচত, যদি আপোনাৰ সংক্ৰমণ হোৱা স্তনটো এতিয়াও ভৰি থকাৰ নিচিনা লাগে তেন্তে হাতৰ সহায়েৰে গাখীৰখিনি উলিয়াই দিয়ক।
  • এণ্টিবায়’টিকৰ বাবে চিকিৎসকৰ কাষ চাপক
  • সংক্ৰমণ হোৱা স্তনটো মালিচ কৰক।
  • কেচুৱাটি লোৱাৰ ধৰণ

এইটো ক্ষেত্ৰত কেচুৱাটি লোৱাটোৱে দুগ্ধপান কৰাওঁতে কেচুৱাটি কেনেদৰে লোৱা হৈছে এই কথাটো বুজাইছে।

বহুতো মহিলাৰ বাবে ই এক সমস্যা হ’ব পাৰে কিয়নো সিহঁতে নিজৰ কেচুৱাটিক স্তনটো ভালদৰে ধৰাব নোৱাৰে।

বহুতো দুগ্ধপান বিশেষজ্ঞৰ মতে “স্কিন টু স্কিন” প্ৰক্ৰিয়াটো আপোনাৰ কেচুৱাটি দুগ্ধপান কৰোৱাৰ বাবে বহু লাভজনক। ইয়াৰ বাবে আপুনি আপোনাৰ পেটলৈকে কাপোৰখিনি খুলি অলপ আওজি শুব, আৰু আপোনাৰ কেচুৱাটিৰ ডায়েপাৰৰ বাহিৰে সকলো কাপোৰখিনি খুলিব আৰু তাক/তাইক নিজৰ স্তনৰ ওচৰত ৰাখক।

  • অতিমাত্ৰা স্তনৰ গাখীৰ

বহতো দুগ্ধপান কৰোৱা বহুতো মহিলাৰ এই সমস্যাটো থাকে য’ত সিহঁতে প্ৰয়োজনতকৈ বেছি গাখীৰ নিৰ্মাণ কৰে।

যদি আপোনাৰ অতিমাত্ৰা গাখীৰৰ সমস্যাটো আছে তেন্তে আপুনি স্তনত বিষ অনুভৱ কৰিব পাৰে, স্তন ডাঙৰ হোৱা লক্ষ্য কৰিব পাৰে আৰু অশান্তি পাব পাৰে।

এনেকুৱা অৱস্থাৰ সৈতে যুঁজিবলৈ আপুনি প্ৰতিটো স্তনৰ বাবে ৩-৪ ঘণ্টাৰ ব্যৱধান ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে যদি আপুনি আপোনাৰ সোঁফালৰ স্তনেৰে কেচুৱাটিক খুৱাইছে, তেন্তে ৩-৪ ঘণ্টাৰ সময়ছোৱাৰ বাবে আপুনি একেটা স্তনতে ব্যৱহাৰ কৰিব লাগিব। ৪ ঘণ্টাৰ পাচত আপোনাৰ সোঁফালৰ স্তনটোৱে আৰু গাখীৰ নিৰ্মাণ কৰিব নোৱাৰিব আৰু আপোনাৰ বাওঁফালৰ স্তনটো ভৰি থাকিব। এই সময়ত অহা ৪ ঘণ্টাৰ বাবে আপোনাৰ বাওঁ স্তনটো ব্যৱহাৰ কৰক।

অন্য এক উপায় হৈছে কেইমিনিটমানৰ মূৰে-মূৰে এটাৰ পৰা আনটো স্তনলৈ সলনি কৰি থকা যাতে আপোনাৰ দুয়োটা স্তন প্ৰায় একেধৰণে ব্যৱহাৰ কৰা হয়।

  • ফটা নিপ্পল

দুগ্ধপান কৰাওঁতে নিপ্পল ফটাটো অতি সাধাৰণ সমস্যা। ই বহুতো কাৰণৰ বাবে হ’ব পাৰে। তাৰে কেইটামান কাৰণ হৈছে:

  • কেচুৱাটিয়ে আপোনাৰ স্তনটো ভলদৰে ধৰিব পৰা নাই
  • কেচুৱাটিৰ ষ্টিফ ফ্ৰেনুলাম আছে
  • যদি আপোনাৰ নিপ্পলত কিবা সংক্ৰমণ হৈছে
  • থ্ৰাছ

ফটা নিপ্পলত আপুনি লেন’লিণ থকা নিপ্পল ক্ৰিম অথবা স্তনৰ গাখীৰ কেইটোপালমান স্তনত গাখীৰ দি ভাল কৰিব পাৰে। যদি তেতিয়াও ভাল নহয় তেন্তে মিডৱাইফ অথবা চিকিৎসক সৈতে কথা হওক।

  • থ্ৰাছ সংক্ৰমণ

থ্ৰাছ হৈছে এনে এবিধ সংক্ৰমণ য’ত কেচুৱাটিক দুগ্ধপান কৰোৱাৰ পাচত আপোনাৰ দুয়োটা স্তনত বিষ অনুভৱ কৰে আৰু সেই বিষ এঘণ্টাতকৈ বেছি সময়ৰ বাবে থাকে।

কেন্দিডা ফাংগাচ নামৰ এবিধ বেক্টেৰিয়াৰ বাবে হ’ব পাৰে। আপুনি অৰু আপোনাৰ কেচুৱাটিয়ে বহু পৰিমাণে এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ ফলতো ই হ’ব পাৰে। দৰবৰ শক্তিশালী মাত্ৰাই আপোনাৰ শৰীৰত থকা উপকাৰী বেক্টেৰিয়া মাৰি পেলায় আৰু ইয়াৰ ফলত কেন্দিডা ফাংগাচে শৰীৰত আক্ৰমণ কৰাৰ সুবিধা পায়।

ইয়াক মলমৰ দ্বাৰা চিকিৎসা কৰা হয়। আপুনি সংক্ৰমিত এলেকাত মলম সানি আপোনাৰ হাত ভালদৰে ধুব। চিকিৎসকৰ পৰামৰ্শমতে আপুনি এণ্টি ফাংগেল দৰবো ব্যৱহাৰ কৰিব পাৰে।

  • চিন্তা

আমাৰ জীৱনত চিন্তা আৰু উদিগ্নতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰিমাত্ৰা চিন্তা কৰাৰ ফলত মানসিক বেমাৰ, ডিপ্ৰেচন আৰু অন্য সমস্যা হ’ব পাৰে। প্ৰসৱৰ পাচত আমাত হ’ৰমোনবিলাকে অদ্ভুত ধৰণে ব্যৱহাৰ কৰে। এই সময়তে আমি উদিগ্নতাৰ সন্মুখীন হ’ব পাৰোঁ।

চিন্তা হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। তাৰে কেইটমান তলত উল্লেখ কৰা হৈছে:

  • প্ৰসৱৰ পাচত মহিলাসকলৰ প’ষ্টপাৰ্টাম ডিপ্ৰেচন হোৱাটো সাধাৰণ কথা।
  • প্ৰসৱৰ পাচত শৰীৰত এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰ’নৰ মাত্ৰা কৰি যায় যাৰ ফলত নতুন মাতৃসকলৰ সঘনে মুড স্বিং হোৱা দেখা যায়।
  • কেচুৱাটিক পৰ্যাপ্ত পৰিমাণৰ পোষণ দিয়াৰ চিন্তাটোৰ বাবেও ই হ’ব পাৰে।
  • মনত চলি থকা কোনো ব্যক্তিগত কাজিয়া অথবা মানসিক অস্থিৰতাৰ বাবেও আপুনি চিন্তিত হ’ব পাৰে।

বহু পৰিমাণে মানসিক চাপ ল’লে আপোনাৰ গাখীৰ নিৰ্মাণ কৰা মাত্ৰাৰ ওপৰতো প্ৰভাৱ পৰে আৰু ইয়াৰ পৰিমাণৰ সালসলনিও হ’ব পাৰে।

মই চিন্তাক কেনেকৈ সন্মুখীন কৰিম?

চিন্তাৰ সন্মুখীন কৰিবলৈ কেইবটাও উপায় আছে। জীৱনৰ চিন্তাবোৰৰ আৰু মানসিক চাপৰ পৰা মুক্তি পাবলৈ আপুনি তলত উল্লেখিত কামসমূহ কৰিব পাৰে:

  • জীৱনৰ প্ৰতি এক স্থিৰ দৃষ্টিকোণ ৰাখক
  • এইটো কথাত মন দিয়ক যে দুগ্ধপান আপোনাৰ শিশুটিৰ লালন পালন কৰাৰ লগতে তাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়াৰ এক উপায়।
  • শাক-পাচলি আৰু ফল-মূলেৰে পৰিপূৰ্ণ নিয়ন্ত্ৰিত আহাৰ খাওক।
  • আপোনাৰ খাদ্য আৰু স্বাস্থ্যজনিত সমস্যাবোৰৰ চোৱাচিতা কৰক।
  • ভালদৰে শোৱক আৰু নিজৰ লালন-পালন কৰক।
  • স্তন ফুলি উঠা

স্তন ফুলি উঠা এটা সাধাৰনতে হোৱা সমস্যা। এইটো সমস্যা হ’লে আপোনাৰ স্তনযুগল ভৰি থকা, বিষ অনুভৱ কৰা আৰু কঠিন হৈ থকা অনুভৱ কৰিব পাৰে। আগতে স্তন তান হৈ থকা কথাটো কেচুৱাটিক দুগ্ধপান কৰোৱাৰ আগৰ স্তৰ বুলু ভবা হৈছিল কিন্তু এতিয়া সেই একেই বিশ্বাস কৰা নহয়।

ই কিয় হয়?

আপুনি যেতিয়া আপোনাৰ কেচুৱাটিক গাখীৰ খুৱাওঁতে ভালদৰে অলপ আওজি থকা অৱস্থাত নলত তেতিয়া এনে হয়।

আপোনাৰ কেচুৱাটিক আপোনাৰ নিপ্পলটোৰ ওচৰলৈ আনক যাতে সি/তাই আপোনাৰ বুকুত ভালদৰে খামিচ মাৰি ধৰিব পাৰে। আপোনাৰ কেচুৱাটিক ভালদৰে ওমলাওক আৰু এটা নিয়মিত মাত্ৰাত স্তনত গাখীৰ বাহিৰলৈ উলিয়াই দিয়ক যাতে আপোনাৰ স্তন নুফুলে।

  • অনিয়মিতভাবে গাখীৰৰ ওলোৱা

গাখীৰৰ গ্ৰন্থিবোৰত গাখিৰ যাবলৈ সৰু সৰু ৰাস্তা থাকে যাক নলিকা বুলি কোৱা হয়। যদি এই নলিকাবোৰে ভিতৰত থকা সকলোবোৰ গাখীৰ বাহিৰলৈ উলিয়াই আনিব নোৱাৰে তেন্তে তাৰ ফলত মাজতে লাগি ধৰি অনিয়মিতভাবে গাখীৰৰ ওলাব পাৰে।

এনে সমস্যাৰ পৰা আঁতৰি থকাৰ এটা অতি সহজ উপায় হৈছে ঢিলা কাপোৰ আৰু অন্তৰ্বাস পৰিধান কৰা যাতে গাখীৰ সহজতে ওলাই আহিব পাৰে।

সকলো সমস্যাৰ বাবে এটা উপায় আছে! সেইবাবে মনটো খোলা ৰাখক, জীৰাওক আৰু স্বাস্থ্যকৰভাবে থাকক কিয়নো আপোনাৰ ভালে আপোনাৰ কেচুৱাটিৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।