কেফেইন আৰু দুগ্ধপান

কেফেইন আৰু দুগ্ধপান

 

আপুনি দুগ্ধপান কৰাই আছে নেকি? আপুনি কফি, চাহ, চকলেট আৰু ক’লা খাই বহু ভাল পায় নেকি? যদি এই দুয়োটা প্ৰশ্নৰ উত্তৰটো যদি “হয়” হয়, তেন্তে আপুনি এই কথা নাজানে যে এইবোৰত কেফেইন থাকে আৰু ই দুগ্ধপান কৰাওঁতে আপোনাৰ আৰু আপোনাৰ কেচুৱাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি একো নহয় বুলি ভাবিব পাৰে কিয়নো আপুনি আগতে কেফেইন খাই আছে। কিন্তু এতিয়া কথাটো বেলেগ কাৰণ ই আপোনাৰ লগতে আপোনাৰ কেচুৱাটিৰ ওপৰতো প্ৰভাৱ পেলায়। কেফেইনে আপোনাৰ শৰীৰৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে এইটো জানো আহক।

আপুনি খোৱা কেফেইনবোৰ আপোনাৰ স্তনৰ গাখীৰৰ দ্বাৰা আপোনাএ কেচুৱাটিলৈ যায়। আপুনি এই কথা নাজানিব পাৰে যে আপোনাৰ কেচুৱাটিয়েও কেফেইন খাই আছে, কেৱল মাত্ৰ সি একাপ খোৱা নাই কিন্তু আপোনাৰ স্তনৰ গাখীৰত বহু কম মাত্ৰাত কেফেইন থাকে। কেচুৱাবিলাকে সিহঁতৰ বয়সৰ বাবে আপোনাৰ দৰে কফি খাই ভালপাব নোৱাৰে। এটা সময় আহিব যেতিয়া আপোনাএ কেচুৱাটিয়ে কফি খাই ভালপাব কিন্তু এতিয়া নহয় কিয়নো কেচুৱাবিলাকৰ প্ৰতিটো স্তৰতে কেফেইনৰ প্ৰতি সংবেদনশীলতা সলনি হয়।

কেফেইনৰ হাফ-লাইফ
বয়স হাফ-লাইফ
নৱজাতক ৯৭.৫ ঘণ্টালৈকে
৩ৰ পৰা ৫ মাহলৈকে ঠিক ১৪ ঘণ্টা
৬ মাহতকৈ বেছি .৬ ঘণ্টা
প্ৰাপ্তবয়স্ক .৯ ঘণ্টা
তথ্য সংগ্ৰহ: হালে ২০১৭

ওপৰৰ টেবুলখনত আপুনি এটি নৱজাতক আৰু এজন প্ৰাপ্তবয়স্কৰ মাজত কেফেইনৰ হাফ-লাইফৰ তুলনা দেখিছে। হাফ-লাইফ হৈছে কেফেইনে নিজৰ আৰম্ভণিৰ মাত্ৰাৰ আধালৈ কমি গৈ একেবাৰে নাইকিয়া হোৱা সময়। টেবুলখনত আপুনি দেখিছে যে এটি নৱজাতকে কেফেইনৰ হাফ-লাইফ পাবলৈ ৯৭.৫ ঘণ্টা লাগে যাৰ তুলনাত এজন প্ৰাপ্তবয়স্কৰ মাত্ৰ ৪.৯ ঘণ্টা হে লাগে। সকলো কেচুৱাৰে কেফেইনৰ প্ৰতি সংবেদনশীলতা একেই নহয় আৰু ই বয়স হোৱাৰ লগে লগে কমি যাব।

মনত ৰাখিব: কেচুৱাটি যিমানেই সৰু হয়, তাৰ শৰীৰৰ পৰাৰ কেফেইন ওলাই আহিবলৈ লগা সময়ৰ পৰিমাণ সিমানেই বেছি হয়।

বেছিভাগ দুগ্ধপান কৰোৱা মাতৃয়ে কম মাত্ৰাত কেফেইন খাব পাৰে। টেবুলত আপুনি দেখিছে যে ৬ মাহতকৈ কম বয়সৰ কেচুৱা তাতকৈ বেছি বয়সৰ কেচুৱাৰ তুলনাত কেফেইনৰ প্ৰতি সংবেদনশীল। গৰ্ভাৱস্থাত কেফেইনৰ পৰা আঁতৰ থকা মাতৃসকলৰ কেচুৱায়ে কেফেইনৰ প্ৰতি সংবেদনশীলতা দেখুৱাব কিন্তু বয়স বঢ়াৰ লগে লগে ই কমি যাব।

অন্য ভয়

  • অতিমাত্ৰা কফি খোৱা অথবা সঘনে কফি খাই থকাৰ ফলত স্তনৰ গাখীৰৰ আইৰনৰ মাত্ৰা কমি যায়। কেচুৱাৰ বিকাশৰ বাবে স্তনৰ গাখীৰত আইৰন থকাটো প্ৰয়োজনীয় কিয়নো আইৰনে শৰীৰত অক্সিজেন প্ৰদান কৰে।
  • কেফেইনে কেচুৱাটিৰ শক্তি বঢ়ায়- আপোনাৰ শৰীৰতো একেই কাম কৰে। কেচুৱাটিয়ে অতিমাত্ৰা কেফেইন পোৱাটো ইমান ভাল কথা নহয় কিয়নো ইয়াৰ ফলত কেচুৱাটিয়ে বেছি অশান্তি  দিব আৰু শুব নোৱাৰিব। টোপনি গ’লে অথবা ঘুমটি মাৰিলেও সাৰ পোৱাৰ ভয় থাকিব পাৰে যাৰ ফলত তাৰ গঠন আৰু বিকাশৰ ওপৰত বাধা আহিব পাৰে আৰু আপোনাৰ জিৰোৱা সময়ছোৱাতো ব্যাঘাত জন্মাব পাৰে যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব।

কেফেইন লোৱৰ মাত্ৰা বহু বেছি হৈছে নেকি কেনেকৈ জানিব?

যদিও কেফেইন খোৱা এঘণ্টাৰ পাচত আপোনাৰ স্তনৰ গাখীৰৰ মাত্ৰ ১% কেফেইন হে সোমায়, আপোনাৰ কেচুৱাটিয়ে প্ৰথমে প্ৰমাণ দিব যে আপুনি বহু বেছি পৰিমাণে কেফেইন লৈ আছে নেকি।। আপুনি লক্ষ্য কৰিব যে আপোনাৰ কেচুৱাটিয়ে সাধাৰণতে থকাতকৈ অলপ বেছি আমনি কৰি আছে। আগতে কোৱাৰ দৰে কেচুৱাটিৰ বয়স আৰু বোশিষ্টতাৰ ওপৰত ভিত্তি কৰি তাৰ ওপৰত কেফেইনে পেলোৱা প্ৰভাৱ ভিন্ন হ’ব পাৰে। আমি শুনা সাধাৰণ হিচাপটো হৈছে প্ৰতিদিনে“5 আউঞ্চ কাপ কফিতকৈ কম” অথবা প্ৰতিদিনে ৫০০mg কফি। বহু শ্ৰৌতে পৰামৰ্শ দিছে যে প্ৰতিদিনে লোৱা কেফেইনৰ মাত্ৰা ৩০০-৭০০mgৰ মাজত থাকে।

মাতৃৰ শৰীৰটোৱে কেফেইন কিমান সোনকালে আৰু দক্ষতাৰে কেফেইন প্ৰক্ৰিয়া কৰিব পাৰে ইয়াৰ পৰতো নিৰ্ভৰশীল। গৰ্ভৱতী অথবা দুগ্ধপান কৰোৱা মাতৃসকলৰ কেফেইন লোৱা অধিকতম মাত্ৰা দিনে ৩০০mg (প্ৰায় দুকাপ কফি, বনোৱাৰ ওপৰত নিৰ্ভৰ কৰি) বুলি কোৱা হয়। মনত ৰাখিব যে মাত্ৰ কফিতে কেফেইন নাথাকে। ইয়াক চকলেট, চাহ, চ’ডা, শক্তিকাৰক পানীয় ইত্যাদিতো পোৱা হয়। যদি আপুনি দিনে এইবোৰ কম মাত্ৰাতো খাই থাকে তেন্তে আপুনি নজনাকৈ আপুনি লোৱা কেফেইনৰ মাত্ৰা বাঢ়ি যায়।

বহু বেছি কেফেইন খালে কি হ’ব?

অতিমাত্ৰা কেফেইন খোৱাটি এটা বহু সহজ উপায়ৰ লগত আহে। আপুনি মাত্ৰ অলপ সময়ৰ বাদ দিব লাগিব বাবে অথবা সীমিত পৰিমাণত কেফেইন থকা পানীয় ল’ব লাগিব। যদি আপোনাৰ কেচুৱাটিয়ে কেফেইন সহ্য কৰিব পাৰে তেন্তে আপুনি কফি খোৱা চলাই থাকিব পাৰে কিন্তু বহু বেছি খোৱাৰ পৰা আঁতৰি থাকক। আপোনাৰ খাদ্যত থকা কেফেইনৰ প্ৰতি যদি আপোনাৰ কেচুৱাটিয়ে প্ৰতিক্ৰিয়া দেখুৱাইছে তেন্তে যঠেষ্ট পৰিমাণে পানী খাওক অথবা কেফেইন লোৱা মাত্ৰা নিম্নতম কৰক যাতে ই পাতলীয়া হৈ পৰে। কেফেইন এৰাৰ পাচত আপোনাৰ কেচুৱাটিয়ে সাধাৰণ অৱস্থা পাবলৈ অলপ সময় লাগিব পাৰে।

মনত ৰাখিব: কমকৈ লোৱাটোৱেই আচল উপায়।

কেফেইনৰ বিকল্প

মাতৃ হোৱা কোনো সহজ কথা নহয়, সেইবাবে আমাৰ দৈনন্দিন মাতৃৰ কামৰ বাবে শক্তি পাবলৈ শক্তি বঢ়োৱাটো প্ৰয়োজনীয়। দুগ্ধপান কৰালে আপোনাৰ পিয়াহ লাগে যাৰ ফলত আপুনি কেফেইন থকা পানীয়বোৰ খাবলৈ লোভ কৰিব পাৰে। কিন্তু আপোনাৰ শক্তি বঢ়াবলৈ আৰু পিয়াহ গুচাবলৈ কেফেইন থকা পানীয় খোৱাতকৈ অন্য পানীয় ব্যৱহাৰ কৰি চাওক।

আপুনি ডিকেফেইনেটেড কফি অথবা চাহ ব্যৱহাৰ কৰিব পাৰে। এচকল নেমু দিয়া পানী, অথবা এগিলাচ স্কিমড বা চেমি স্কিমড গাখীৰো ভাল বিকল্প। যদি আপুনি গৰম পানীয় খায় ভাল পায় তেন্তে গৰম আৰু চেনি নিদিয়া স্কোৱাছে ভালদৰে কাম কৰে।

হাৰ্বেল চাহ অন্য এক বিকল্প, তথাপিও পেকেতত চাহত থকা কেফেইনৰ মাত্ৰা চাই ল’ব। উদাহৰণস্বৰূপে ৰেডবুছত কেফেইন নাথাকে কিন্তু গ্ৰীণ টীত থাকে।
যদি আপুনি কেতিয়াবা কফি অথবা চাহ বিচাৰে তেন্তে ইয়াক বাদ দিয়াৰ কোনো প্ৰয়োজন নাই।

তাৰ সলনি:

কম সময়ৰ বাবে পানীত চাহ তিয়াওক। চাহৰ বেগটো পানীত মাত্ৰ পাঁচমিনিট তিয়াই থ’লে কেফেইনৰ আধা মাত্ৰা কমি যায়।

ইন্সটেণ্ট কফিৰ সলনি বনাব লগা কফি ব্যৱহাৰ কৰক কাৰণ তাত কেফেইনৰ মাত্ৰা কমকৈ থাকে। যদি আপুনি সোৱাদ (নথকা) লৈ ইমান মন নকৰে তেন্তে আপুনি মাত্ৰ আধাচামুচ কফি ব্যৱহাৰ কৰি ইন্সটেণ্ট কফিক অলপ দুৰ্বল কৰিব পাৰে।

আপুনি কফি আৰু চকলেট একেবাৰে বাদ দিব নালাগে, মাত্ৰ অলপ সময়ৰ বাবে সীমিত মাত্ৰাত ল’ব লাগে। আপোনাৰ কেচুৱাটিৰ বয়স বঢ়াৰ লগে লগে আৰু গাখিৰ খাবলৈ বাদ দিয়াৰ পাচত আপুনি পুনৰ কফি আৰু অন্য কেফেইন থকা পানীয় আৰু খাদ্য আগৰ দৰে খাব পাৰে। ইয়াৰ লগতে ঘপকৰে কফি এৰি দিয়াটো ভাল নহয় যদিহে আপোনাৰ শৰীৰটোৱে কফি বিচাৰে কিয়নো এৰাৰ পাচত মূৰৰ বিষ আৰু অন্য সমস্যা দেখা দিব পাৰে।

এগৰাকী দুগ্ধপান কৰোৱা মাতৃ হিচাপে আপোনাৰ কেচুৱাটিৰ স্বাস্থ্যই কেফেইনতকৈ বেছি প্ৰাধান্য পাব লাগে, কিয়নো ইয়াক বেছিকৈ খালে বহু নলগা প্ৰভাৱ পৰিব পাৰে। আপুনি কফি, চ’ডা, চকলেট ইত্যাদিবোৰ বাদ দিব নালাগে। কিন্তু আপুনি সীমিত মাত্ৰাত খাব লাগে যাতে আপোনাৰ কণমাণিটিয়ে ইয়াক সহ্য কৰিব পাৰে। মনত ৰাখিব যে প্ৰতিটো বস্তুৰ অতিমাত্ৰা বিহ।