গৰ্ভাৱস্থা আৰু আহাৰ: মেক্ৰোনিউট্ৰিয়েণ্ট

 

স্বাস্থ্যকৰ আহাৰ বৰ্তাই ৰখাটো ইমান গুৰুত্ব নাপাবও পাৰে যেতিয়া আপুনি গৰ্ভৱতী তেতিয়া ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায় গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰে গৰ্ভধাৰণৰ বাবে প্ৰয়োজনীয় বহু হোৰমনৰ পৰিৱৰ্তনৰ সন্মুখীন হয় এই শাৰীৰিক পৰিৱৰ্তনবোৰৰ লগত প্ৰয়োজনীয় পোষক তত্বৰ প্ৰয়োজনো বাঢ়ি যায় বেশেষকৈ মেক্ৰোনিউট্ৰিয়েণ্টবোৰৰ

মেক্ৰোনিউট্ৰিয়েণ্ট শৰীৰে অতিমাত্ৰাত ব্যৱহাৰ কৰা পোসক তত্ব আৰু শৰীৰে ইহঁতক শক্তি পাবলৈ আৰু বিকাশ আৰু ভালদৰে কাম কৰিবলৈ ব্যৱহাৰ কৰে গৰ্ভাৱস্থাত মেক্ৰোনিউট্ৰিয়েণ্টৰ প্ৰয়োজন বঢ়ি যায় যাতে মাতৃ আৰু বাঢ়ি অহা ভ্ৰূণ দুয়োৰে ভাল আৰু স্বাস্থ্যৱান বিকাশ হয়

মেক্ৰোনিউট্ৰিয়েণ্টৰ প্ৰয়োজন গৰ্ভাৱস্থাত ভ্ৰূণৰ বিকাশ হোৱৰ লগে লগে বাঢ়ি গৈ থাকে মাতৃ আৰু কেচুৱাৰ স্বাস্থ্য আৰু বিকাশৰ বাবে মেক্ৰোনিউট্ৰিয়েণ্ট এক পোনপটীয়া শ্ৰৌতৰ প্ৰয়োজন হয় প্ৰয়োজনীয় পোষক তত্ববোৰ সহজতে স্বাস্থ্যকৰ আহাৰ যেনে ফলমূল, পাচলি, মাংস আৰু অন্য খাদ্যৰ পৰা পাব পাৰি গৰ্ভৱতী মহিলাসকলে প্ৰচেচ কৰা খাদ্যৰ পৰা আঁতৰি থাকিব লাগে কিয়নো ইয়াত কোনো পোসক তত্ব নাথাকে

এই প্ৰবন্ধটোত গৰ্ভাৱস্থাত প্ৰয়োজনীয় মেক্ৰোনিউট্ৰিয়েণ্ট আৰু সেইবোৰ থকা খাদ্যৰ বিষয়ে আলোচনা কৰা হৈছে

প্ৰটীন

মেক্ৰোনিউট্ৰিয়েণ্টবোৰৰ মাজত প্ৰটীন গৰ্ভাৱস্থাত আটাইতকৈ বেছি প্ৰটীনৰ প্ৰয়োজন দিনে দিনে বাঢ়ি যায় কিয়নো প্ৰটীন চিণ্ঠেচিচক সহায় কৰে, যি তৃতীয় তিনিমাহত মাতৃৰ মাংসপেশী আৰু ভ্ৰূণৰ গঠনৰ বাবে প্ৰয়োজনীয়

প্ৰটীনত এমিনএচিড থাকে যিবোৰ আমাৰ কোষ নিৰ্মাণৰ বাবে প্ৰয়োজন হয় গৰ্ভৱতী মহিলাক দৈনিক ৭৫১০০ গ্ৰাম প্ৰটীন লবলৈ পৰামৰ্শ দিয়া হয় বয়স, ওজন আৰু শাৰীৰিক কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিও লবলগা প্ৰটীনৰ মাত্ৰা নিৰুপন কৰা হয় গৰ্ভাৱস্থাত মাতৃসকলে ১কেজি শৰীৰৰ ওজনৰ বাবে গ্ৰাম প্ৰটীন লোৱাটো কৰিব লাগে

প্ৰটীন প্ৰৌতবোৰ হৈছে লিন বীফ আৰু পৰ্ক, মাছ, গাখীৰেৰে নিৰ্মিত সামগ্ৰী, বাদাম, চিকেন আৰু কণী

কাৰ্বোহাইড্ৰেট

কাৰ্বোহাইড্ৰেট হৈছে শৰীৰৰ শক্তিৰ প্ৰধান আৰু মূখ্য শ্ৰৌত কিছুমান ক্ষেত্ৰত আপোনাৰ শৰীৰে শক্তি পাবলৈ অন্য খাদ্যৰ পৰা পোৱা পোসক তত্ব যেনে ফেট অথবা প্ৰটীন ব্যৱহাৰ কৰিব পাৰে, তথাপিও এইটো পৰামৰ্শ দিয়া হয় যে আপোনাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেলৰিবোৰৰ ৪৫৬০লৈকে কাৰ্বোহাইড্ৰেটৰ পৰা আব লাগে কাৰ্বোহাইড্ৰেটৰ দৈনিক গ্ৰহণযোগ্য মাত্ৰাতো হৈছে ১৭গ্ৰাম গৰ্ভৱতী মহিলাসকলে প্ৰচেচ কৰা খাদ্যৰ সলনি প্ৰাকৃতিক শ্ৰৌত যেনে চোকোৰা নথকা খাদ্য আৰু ফলমূল আদিৰ পৰা কাৰ্বোহাইড্ৰেট লোৱৰ পৰামৰ্শ দিয়া হয় প্ৰাকৃতিক খাদ্যবোৰে শক্তিয়েই নহয় কিন্তু তাৰ লগতে ফাইবাৰ আৰু খনিজ লৱনো প্ৰদান কৰে, কিন্তু প্ৰচেচ কৰা খাদ্যত কম পৰিমাণে পোষক তত্ব থাকে

গৰ্ভাৱস্থাত কাৰ্বোহাইড্ৰেট গলি শক্তি নিৰ্মাণ কৰে কিয়নো মাতৃয়েই হৈছে শক্তিৰ একামাত্ৰ শ্ৰৌত উদাহৰণস্বৰূপে বিকাশ হৈ থকা ভ্ৰূণে মিলিগ্ৰাম গ্লূক প্ৰতি কেজিৰ বাবে প্ৰতি মিনিটে ব্যৱহাৰ কৰে যাৰ তুলনা এজন বয়স্ক মানুহৰ লগত কৰিলে তেওঁ প্ৰতি কেজিৰ বাবে প্ৰতি মিনিটৰ . মিলিগ্ৰাম গ্লূক ব্যৱহাৰ কৰে সেইবাবে এগৰাকী গৰ্ভৱতী মহিলায়ে বিশেষ কিছুমান কামৰ বাবে বেছিকৈ শক্তি ব্যৱহাৰ কৰিব আৰু ভ্ৰূণে গৰ্ভাশয়ত নিজৰ বিকাশৰ বাবে আৰু শক্তি ব্যৱহাৰ কৰে

কাৰ্বোহাইড্ৰেটৰ মূখ্য শ্ৰৌতবোৰ হৈছে ফলমূল, পাচলি আৰু চোকোৰা নথকা খাদ্য

ফেট

ফেট হৈছে শৰীৰে শক্তি পাবৰ বাবে দ্বিতীয় মুখ্য শ্ৰৌত কোষৰ গাঠনি আৰু কোষৰ অৰ্গেনিলবোৰৰ বাবে ফেটবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইবাবে মাতৃৰ কোষ আৰু ফেটেল মাংসপেশীবোৰৰ বিকাশৰ বাবে ফেটৰ প্ৰয়োজন হয় শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰক থেকেচাৰ পৰা ৰশা কৰিবলৈ ইহঁতে আৱৰণ হিচাপে কাম কৰে আৰু লগতে শৰীৰৰ তাপমাত্ৰা বৰ্তাই ৰখাটো সহায় কৰে

ফেটবোৰৰ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়: চেট্যুৰেটেড ফেট যাক জৈৱিক শ্ৰৌতৰ পৰা পোৱা হয় আৰু আনচেট্যুৰেটেড ফেট যাক সাগৰীয় খাদ্য আৰু পাচলিৰ পৰা পোৱা হয় যেতিয়া চেট্যুৰেটেড ফেটবোৰ অতিমাত্ৰাত সেৱন কৰা হয় তেতিয়া ডায়েবেটিজ, শকত হোৱা আৰু ৰক্তচাপ বাঢ়ি যোৱাৰ দৰে সমস্যায়ে দেখা দিয়ে

দৈনিক গ্ৰহণযোগ্য পৰিমাণটো হৈছে ৩০০ মিলিগ্ৰাম পৰামৰ্শমতে আপুনি লোৱা ফেটসমূহৰ দুইতৃতীয়াংশ শাকপাচলিৰ পৰা পাব লাগে আৰু একতৃতীয়াংশ চেট্যুৰেটেড ফেটৰ পৰা পাব লাগে অতিমাত্ৰাত চেট্যিৰেটেদ ফেট সেৱন কৰিলে সমস্যা হোৱৰ সংশয় বাঢ়ি যায় চেট্যুৰেটেড ফেট খোৱাতো অস্বাস্থ্যকৰ যদিও ফেট নোহোৱা খাদ্য সেৱন কৰিলে ফেটী এচিডৰ অভাৱত ভূগিব পাৰে অমিগা দৰে প্ৰয়োজনীয় ফেটবোৰ মগজুৱে ভালদৰে কাম কৰিবলৈ, মূল স্নায়ুতন্ত্ৰয়ে ভালদৰে কাম কৰিবলৈ আৰু আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাতো সহায় কৰে

চেট্যুৰেটেড ফেটৰ শ্ৰৌতবোৰ হৈছে মাংস, গাখীৰেৰে নিৰ্মিত সামগ্ৰী আৰু কণী আৰু আনচেট্যুৰেটেষ ফেটবোৰৰ শ্ৰৌতবোৰ হৈছে সাগৰীয় খাদ্য, এভকাডো, অলিভ আৰু বাদাম

কেলচিয়াম

মাতৃগৰাকী আৰু ভ্ৰূণৰ স্বাস্থ্যৱান হাড় গঠনৰ বাবে কেলচিয়ামৰ প্ৰয়োজন হয় স্নায়ুতন্ত্ৰ, ৰক্তবাহিকা আৰু মাংসপেশীবে যাতে ভালদৰে কাম কৰে এই কথাটি নিশ্চিত কৰি ৰাখে গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ হোৱাৰ পৰাও কেলচিয়ামেই ৰক্ষা কৰে গৰ্ভৱতী মহিলায়ে দিনে ১০০০মিলিগ্ৰামতকৈ বেছি কিন্তু ২৫০০মিলিগ্ৰামতকৈ কম কেলচিয়াল লোৱাৰ পৰামৰ্শ দিয়া হয়

কেলচিয়ামৰ শ্ৰৌতবোৰ হৈছে গাখীৰেৰে নিৰ্মিত সামগ্ৰী যেনে গাখীৰ আৰু য়গাৰ্ট, আলমণ্ড, চেলমন, টফু, পালেং পাত আৰু বন্ধা কবি