গৰ্ভাৱস্থাত ধূম্ৰপান এৰক

গৰ্ভাৱস্থাত ধূম্ৰপান এৰক

 

ধূম্ৰপানে আপোনাক পোনপ্ৰথমে গৰ্ভধাৰণ কৰাত সমস্যা আনিব পাৰে কিন্তু আপুনি যদি গৰ্ভাৱস্থাত ধূম্ৰপান এৰি নিদিয়ে, মাতৃ আৰু শিশু দুয়োটাৰে বাবে ফলাফল্বোৰ ভয়ংকৰ হ’ব পাৰে। উদাহৰণস্বৰূপে ধূম্ৰপানৰ ফলত কিছুমান সমস্যা হ’ব পাৰে- তাৰে কিছুমান মাতৃ আৰু শিশু দুয়োৰে বাবে ভয়ংকৰ হ’ব পাৰে- ইয়াৰ ফলত গৰ্ভপাত আৰু মৃতজন্ম হ’ব পাৰে।

তথাপিও মহিলা ধূম্ৰপান কৰোঁতাসকলৰ সংখ্যা যথেষ্টভাৱে বৃদ্ধি পাইছে ১৯৮০ৰ ৫.৩ কোটিৰ পৰা ২০১২ত ১২.৭ কোটিলৈ। ৱৰ্ল্ড হেলথ অৰ্গেনাইজেষ্যনৰ (WHO) মতে ভাৰতত বিশ্বৰ ধূম্ৰপান কৰোঁতাসকলৰ ১২% পোৱা যায়। ভাৰতত ধঁপাত সেৱন কৰাৰ ফলত প্ৰতি বছৰে ১ কোটিতকৈ অধিক মানুহ মৃত্যুমুখত পৰে।

প্ৰতিটো চিগাৰেটত ৪০০০তকৈ অধিক ক্ষতিকাৰক পদাৰ্থ যেনে নিক’টীন, কাৰ্বন মোনোক্সাইড আৰু টাৰ থাকে আৰু নিষ্ক্ৰিয় ধুম্ৰপানো বহু ক্ষতিকাৰক হয়। এইটো জনা দৰকাৰী যে আপুনি যিমানবাৰেই ধূম্ৰপান কৰাৰ ফলত আপোনাৰ হ’বলগা কেচুৱটোৰ ক্ষতি কৰি আছে কিয়নো চিগাৰেটে আপোনাৰ কেচুৱালৈ জীৱনক পোষণ দিয়া অক্সিজেনৰ পৰিমাণ কমাই আনিব পাৰে। ইয়াৰ ফলৰ সিহঁতৰ হৃদয়ত অধিক কষ্ট পৰে যাৰ ফলত ধপধপনি বাঢ়ি যায়।

ধূম্ৰপানে কৰা ক্ষতিসমূহ

এইটো জনা প্ৰয়োজনীয় যে যেতিয়া আপুনি ধূম্ৰপান কৰে তেতিয়া আপোনাৰ কেচুৱাটিয়েও কৰে। গৰ্ভাৱস্থাত ধূম্ৰপান কৰাৰ ফলত হ’ব পৰা কিছুমান গম্ভীৰ সমস্যা হৈছে:

  • গৰ্ভপাত আৰু মৃতজন্ম- ধূম্ৰপানৰ ফলত ভ্ৰূণৰ জেনেটিক বিকৃতি হয় বুলি জনা যায় আৰু ই ইমানেই শক্তিশালী যে নিষ্ক্ৰিয় ধূম্ৰপানৰ ফলতো গৰ্ভপাত আৰু মৃতজন্ম হোৱাৰ ভয় থাকে।
  • ইক্টোপিক গৰ্ভাৱস্থা- ধূম্ৰপানৰ ফলত ফেলোপিয়ান টিউবডাল সংকোচিত হৈ ইক্টোপিক গৰ্ভাৱস্থা হোৱা দেখা যায়। এনেকুৱা ধৰণৰ গৰ্ভাৱস্থা চলাই ৰাখিব নোৱৰি আৰু মাতৃৰ প্ৰাণৰ সংশয় আঁতৰাবলৈ ভ্ৰূণটিক উলিয়াই অনাটোৱেই শেষ বিকল্প।
  • প্লেচেণ্টাৰ বিজুতি- এটা স্বাস্থ্যকৰ প্লেচেণ্টা নোহোৱাকৈ এটা স্বাস্থ্যকৰ গৰ্ভাৱস্থাত পাব নোৱৰি। ধূম্ৰপানক গৰ্ভাশয়ৰ পৰা প্লেচেণ্টা বিচিন্ন হৈ যোৱাৰ মূল কাৰণ বুলি ধৰা হয়। ইয়াৰ ফলত অতিপাত ৰক্তপাত আৰু মাতৃ আৰু কেচুৱা, দুয়োৰে বাবে প্ৰাণৰ সংশয় অনা সমস্যা আনিব পাৰে।
  • প্লেচেণ্টা প্ৰীভিয়া- এইটো এনেকুৱা এটা অৱস্থ য’ত প্লেচেণ্টা গৰ্ভৰ ওপৰলৈ বাঢ়ি অহাৰ বিপৰীতে গৰ্ভাশয়ৰ তলৰ অংশতে থাকে। ইয়াৰ ফলৰ চাৰ্ভিক্স সম্পূৰ্ণৰূপে মেল খাব পাৰে যাৰ ফলত অতিপাত ৰক্তপাত হোৱাৰ লগতে ভ্ৰূণে প্ৰয়োজনীয় পোষক তত্ব পোৱাত আৰু বাঢ়ি অহাত বাধা পাব পাৰে।
  • প্ৰীটাৰ্ম জন্ম- ধূম্ৰপানৰ ফলত কেচুৱাটি বহুত আগতীয়াকৈ জন্ম পাব পাৰে যাৰ ফলত গোটেই জীৱনজুৰি চলিব পৰা সমস্যা যেনে দেখা আৰু শুনাৰ বিকাৰতা, মানসিক বিকাৰতা, শিকাৰ আৰু ব্যৱহাৰত সমস্যা পোৱা আৰু কেতিয়াবা মৃত্যুও হ’ব পাৰে।
  • জন্মৰ সময়ত কম ওজন- গৰ্ভাৱস্থাত ধুম্ৰপান কৰিলে আপোনাৰ কেচুৱাটিৰ জন্মৰ সময়ত কম ওজন হ’ব পাৰে যাৰ ফলত অন্য সমস্যা যেনে বিকাশত পলম, চেৰিব্ৰেল পালচি আৰু আৰু দেখা আৰু শুনাৰ লগত জড়িত সমস্যা আৰু মৃত্যুও হ’ব পাৰে।
  • জন্মগত বিকাৰতা- ধূম্ৰপানৰ ফলত বহুত জন্মগত বিকাৰতা যেনে হৃদযন্ত্ৰত বিকাৰতা আৰু হৃদয়ৰ আকাৰৰ লগত জড়িত সমস্যায়েও দেখা দিব পাৰে।
  • SIDS – অধ্যয়ন কৰি পোৱা গৈছে যে চাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰোমৰ মূল কাৰণ হৈছে ধূম্ৰপান।

এৰাৰ উপায়

এতিয়া যিহেতু আপুনি ধূম্ৰপানৰ ফলত হ’বপৰা ভয়ংকৰ আৰু প্ৰাণলৈ সংশয় অনা বেমাৰৰ বিষয়ে জানিলে,  ধূম্ৰপান এৰাটোৱেই আপুনি নিজৰ বাবে কৰা আটাইতকৈ ভাল কাম হোৱাৰ লগতে আপোনাৰ শিশুটিলৈ আপুনি দিয়া আটাইতকৈ ভাল উপহাৰ হ’ব। আপোনাৰ ধূম্ৰপান এৰাত সহায় কৰা কেইটামান উপায় হৈছে:

  • ক’ল্ড টাৰ্কি- ধূম্ৰপান এৰাত সহায় কৰা বিভিন্ন উপায় আছে কিন্তু ক’ল্ড টাৰ্কি হৈ পৰাটো আটাইতকৈ ভাল উপায়। যদি আপুনি ভাবে যে আপুনি নিজেই সকলো চম্ভালিব পাৰিব তেন্তে আপুনি আকৌ আগৰ ধূম্ৰপান কৰা অৱস্থালৈ ঘুৰি যোৱাৰ সম্ভাৱনা বেছি থাকে।
  • এণ্টিডিপ্ৰেচেণ্ট- যদি আপুনি আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লয় তেন্তে তেওঁলোকে আপোনৰ কিছুমান এণ্টিডিপ্ৰেচেণ্ট ল’বলৈ পৰামৰ্শ দিব পাৰে যিবোৰক ধূম্ৰপান বোৰোধী দৰব হিচাপেও ব্যৱহাৰ কৰা হয়। আপোনাৰ চিকিৎসক আপোনি গৰ্ভাৱস্থাৰ কোনটো স্তৰত আছে সেইটো জনোৱাটো প্ৰয়োজনীয়।
  • কাউঞ্চেলিং- উপৰত উল্লেখ কৰা এটা উপায়ো আপোনাৰ ক্ষেত্ৰত কাম নকৰিবও পাৰে। তেতিয়া আপুনি লুকাই থকা ব্যক্তিগত সমস্যাৰ বাবে ব্যক্তিগতভাৱে অলপ সহায় বিচাৰিব পাৰে।
  • সহায় গোট- ধূম্ৰপান এৰাৰ বাটটোত আপুনি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিব পাৰে আৰু তাৰ বাবে অনেক সহায় দল আছে। ই আপোনাক আৰু অনুপ্ৰেৰণা যোগাব পাৰে যদি আপোনাৰ লগত আৰু ধুম্ৰপান এৰিব বিচৰা মানুহ আছে। NIMHANSৰ এটা ট’বেকো এচোষ্যিয়েষ্যন ক্লিনিক আছে যি আপোনাক সহায় কৰিব পাৰে।

স্বাস্থ্যকৰ অভ্যাস

ধূম্ৰপান এৰাটো আপুনি নিজকে দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰ হ’ব পাৰে আৰু ইয়াক এৰাৰ বাটটোতে আপুনি অনেক স্বাস্থ্যক অভাস বুটলিব পাৰে:

  • আপোনাৰ সম্পূৰ্ণ স্বাস্থ্যৰ বিকাশৰ বাবে খোজকঢ়া অভ্যাস গঠন কৰক।
  • পঢ়াৰ অভ্যাস গঠন কৰক
  • আপোনাৰ ধূম্ৰপান কৰিবলৈ মন গ’লে চুগাৰ ফ্ৰী গাম খাব পাৰে। ই আপোনাৰ মুখখনৰ ব্যস্ত ৰখাৰ লগতে আপোনাৰ মনটোক ধূম্ৰপানৰ পৰা আঁতৰাই আনিব।
  • ধূম্ৰপানৰ মূল কাৰণবোৰ চিনাক্ত কৰক আৰু সেইবোৰৰ পৰা আঁতৰি থাকক যাতে আপুনি এপেকেট চিগাৰেটৰ পৰা আঁতৰি থাকে।
  • এটা শক্তিশালী সহায় ব্যৱস্থায়ে আপোনাক ধূম্ৰপান এৰাৰ বাটত সহায় কৰিব পাৰে কিয়নো ই এনেকুৱা অভ্যাস নহয় যাক এদিনতে এৰিব পাৰিব।
  • ধূম্ৰপান এৰিবলৈ প্ৰথম পদক্ষেপ লোৱাৰ বাবে নিজকে বাহ-বাহ দিয়ক।