গৰ্ভাৱস্থাত এনিমিয়া হলে লবলগা খাদ্য আৰু কোনবোৰ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে

 

এনিমিয়া হৈছে এক স্বাস্থ্যজনিত সমস্যা যত শৰীৰৰ বিভিন্ন অংগ আৰু মাংশপেষীবোৰলৈ অক্সিজেন কঢ়িয়াব পৰাকৈ তেজত পৰ্যাপ্ত পৰিমানৰ ৰঙা তেজৰ কোষ নাথাকে গৰ্ভাৱস্থাত গৰ্ভৱতী মাতৃসকলৰ এনিমিয়া হব পাৰে কিয়নো ভ্ৰূণৰ বিকাশৰ বাবে পোষক তত্ববোৰ যোগান কৰি শৰীৰটোৱে কৰিব পৰাতকৈ বেছি কাম কৰি আছে গৰ্ভাৱস্থাত এগৰাকী মাতৃৰ হৃদয়ে জোখতকৈ বেছি ধপধপনি মাৰে আৰু শৰীৰত তেজৰ মাত্ৰা ৩০% পৰা ৫০%লৈকে বাঢ়ি যায় ৰঙা তেজৰ কোষবোৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পোষক তত্ববোৰৰ অভাৱ হলে এনিমিয়াৰ সৃষ্টি হব পাৰে

যদিও এনিমিয়াৰ কেইবাটাও প্ৰকাৰ আছে, গৰ্ভাৱতী মহিলাসকলৰ আটাইতকৈ বেছিকৈ হোৱাকেইটা হৈছে আইৰনৰ অভাৱত হোৱা এনিমিয়া, ফলেটৰ অভাৱত হোৱা এনিমিয়া আৰু ভিটামিন B12 অভাৱত হোৱা এনিমিয়া এইবোৰ পোষক তত্ব নথকা অথবা কম মাত্ৰাত থকা খাদ্যবোৰ ললে অথবা অন্য কাৰণৰ বাবে এই পোষক তত্ববোৰক অতি কম মাত্ৰাত ললে অভাৱ হব পাৰে যিহেতু এই পোষক তত্ববোৰৰ প্ৰয়োজন স্বাস্থ্যৱান ৰঙা তেজৰ কোষ নিৰ্মাণৰ বাবে প্ৰয়োজন হয়, ইহঁতৰ অভাৱৰ ফলত এনিমিয়া হব পাৰে যিহেতু ৰঙা তেজত কোষ নিৰ্মাণত বাধা আহি পৰে

এগৰাকী মাতৃৰ এনিমিয়া হোৱাৰ বাবে কেইবাটও কাৰণৰ হাত থাকিব পাৰে ইয়াৰে কেইটামান কাৰণ হৈছে: একে সময়তে গৰ্ভত এটাতকৈ বেছি কেচুৱা থকা, কম সময়ৰ ভিতৰতে দুবাৰকৈ গৰ্ভধাৰণ কৰা, খাদ্যত আইৰনৰ অভাৱ, গৰ্ভাৱস্থাৰ আগতে ঋতুস্ৰাৱত বহু পৰিমানে তেজ যোৱা এইবোৰ কাৰণৰ ফলত শৰীৰৰ দাবীবোৰ বাঢ়ি যায় আৰু সেইবাবে পোষক তত্ববোৰৰ অভাৱ হয়

এনিমিয়া হোৱা মাতৃসকলে তলত উল্লেখ কৰা লক্ষণসমূহো অনুভৱ কৰিব পাৰে:

  • চাল শেঁতা পৰা
  • ভাগৰ ভাৱ
  • বুকুৰ ধপধপনি বাঢ়ি যোৱা
  • বুকুৰ বিষ
  • উশাহ চুটি হোৱা
  • কিবা কথাত মনোযোগ দিবলৈ কঠিন হোৱা

শৰীৰৰ বিভিন্ন অংগলৈ কম পৰিমাণৰ অক্সিজেন যোৱৰ ফলত এই লক্ষণসমূহ অনুভৱ কৰিব পাৰে যদিও প্ৰথমতে লক্ষণসমূহ চকুত নপৰিব পাৰে, তথাপিও চিকিৎসা নকৰিলে এইবোৰ আৰু গম্ভীৰ আৰু লক্ষণিয় হৈ পৰে যিসকল মাতৃয়ে এইবোৰ লক্ষণ নিজৰ শৰিৰত দেখিছে সিহঁত সচেতন হব লাগে কিয়নো এনিমিয়াৰ লগত জন্মজড়িত সমস্যা আৰু মাতৃৰ মৃত্যুৰ হাৰ জড়িত হৈ আছে নিজে চাপ্লিমেণ্টৰ সহায় লোৱাতকৈ চিকিৎসকৰ কাষ চাপিব লাগে

চাপ্লিমেণ্ট আৰু পোষক তত্ববোৰৰ পৰিমাণ বঢ়োৱা খাদ্য যেনে ভিটামিন Cৰে পৰিপূৰ্ণ খাদ্য যিবোৰে শৰীৰত আইৰন মাত্ৰা বঢ়ায়, এইবোৰৰ ৰোগীক দি এনিমিয়াৰ চিকিৎসা কৰা হয় তথাপিও চিকিৎসাৰ পাচতো এইবোৰ পোষক তত্ব পৰ্যাপ্ত পৰিমাণে লাগে তাৰে এটা উপায় হৈছে চিকিৎসকে লিখি দিৱা চাপ্লিমেণ্ট লব লাগে অথবা ডায়েটিংৰ জৰিয়তে শৰীৰে যাতে পোষক তত্ববোৰ সঠিকভাৱে পায় থাকে তাৰ খিয়াল ৰখা সঠিকভাৱে ডায়েটিং কৰাটো স্বাস্থ্যৰ বাবে ভাল কিয়নো চিকিৎসকে দিয়া দৰবতকৈ বেছি প্ৰভাৱশালী

আইৰন, ফলেট আৰু ভিটামিন B12 অতিমাত্ৰাত থকা খাদ্যবোৰ খালে এনিমিয়াৰ চিকিৎসাৰ লগতে আপোনাক এনিমিয়াৰ পৰা আঁতৰতো ৰাখে খাদ্যবোৰত এই পোষক তত্ববোৰ অতিমাত্ৰাত থাকিলেই নহব, তাৰ লগতে শৰীৰে সেইবোৰ পোষক তত্ব যাতে ভালদৰে লব পাৰে তাৰো যত্ন লব পাৰে

অতিমাত্ৰা আইৰন থকা খাদ্য

আইৰনৰ অভাৱত এনিমিয়া হলে অতিমাত্ৰা আইৰন থকা খাদ্যবোৰে এনিমিয়াৰ লক্ষণবোৰ কমোৱাৰ লগতে শৰীৰৰ সকলো অংগলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নিবৰ বাবে ৰঙা তেজৰ কোষবোৰ নিৰ্মাণত যোগদান কৰে গৰ্ভাৱস্থাত দিনে 30 মিলিগ্ৰাম আইৰন লোৱাৰ পৰামৰ্শ দিয়া হয় আইৰন অতিমাত্ৰাত থকা খাদ্যবোৰ শাকাহাৰী অথবা মাংসাহাৰী দুয়োটা শ্ৰৌতৰ পৰা আহিব পাৰে

আইৰনৰ মাংসাহাৰী শ্ৰৌতবোৰ হৈছে বীফ, চিকেন কণীৰ হালধীয়া অংশ, টাৰ্কি, হেম আৰু লিভাৰ তথাপিও এইটো পৰামৰ্শ দিয়া হয় যে গৰ্ভাৱস্থাত লিভাৰ খাব মালাগে কিয়নো তাত অস্বাস্থ্যকৰভাৱে ভিটামিন A মাত্ৰা থাকে যিবোৰৰ জন্মগত দোষৰ লগত জড়িত সপ্তাহে এবাৰকৈ লিভাৰ খালে শুৰক্ষিত বুলি ধৰা হয়

আইৰনৰ শাকাহাৰী শ্ৰৌতবোৰ হৈছে ডাঠ সেউজীয়া বৰণৰ শাকপাচলি যেনে পালেং, ফেছবীন, ব্ৰকলি, উন্নত ডাইল আৰু চিকোৰা নথকা ঘেহুৰ পৰা বনোৱা ব্ৰেড ফলমূলবোৰ হৈছে জামু, শুকান ফল যেনে কিছমিছ আলৰু এপ্ৰিকট, কমলা আৰু তৰমুজ সিজোৱা কণী, বাদাম আৰু কেঁচা নাৰিকলো পাতলিয়া আহাৰ হিচাপে লব পাৰে

গাখীৰত থকা আইৰন শৰীৰে শাকাহাৰী শ্ৰৌতবোৰত থকা আইৰনতকৈ সহজভাৱে শুহি লয় শাকাহাৰী শ্ৰৌতবোৰৰ পৰা আইৰন লোৱ মাত্ৰা বঢ়াবলৈ ভিটামিন Cৰে পৰিপূৰ্ণ খাদ্যবোৰ পাৰে যাতে শৰিৰে আৰু আইৰন পায়

শৰীৰত আইৰন লোৱাৰ মাত্ৰাত কেলচিয়ামেও অলপ প্ৰভাৱ পেলোৱা দেখা যায় আইৰনৰ অভাৱ অনুভৱ কৰা ৰোগীসকলে অতিমাত্ৰা কেলচিয়াম আৰু অতিমাত্ৰা আইৰন থকা খাদ্য একেলেগে লব নালাগে তথাপিও সিহঁতে ঘণ্টাৰ পাচত অতিমাত্ৰা কেলচিয়াম থকা খাদ্য লব পাৰে

অতিমাত্ৰা ফলেট থকা খাদ্য

ফলেট, যাক আমি ফলিক এচিড বুলিও কওঁ, ৰঙা তেজৰ কোষৰ লগতে নতুন তেজৰ কোষৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় এক প্ৰকাৰৰ পানীত দ্ৰৱনীয় ভিটামিন গৰ্ভাৱস্থাত মাতৃৰ খাদ্যত পৰ্যাপ্ত পৰিমাণৰ ফলেট নাথাকিলে শৰীৰে ৰঙা তেজৰ কোষ নিৰ্মাণ কৰিবলৈ অক্ষম হয় আৰু অন্যান্য গৰ্ভাশয়ত থাকোঁতে হোৱা সমস্যা যেনে নিউৰেল টিউবৰ অসাধাৰণতা আৰু জন্মৰ সময়ত কম ওজনৰ লগত পোনপটীয়াভাৱে জড়িত

ফলেটৰ অভাৱ অতিমত্ৰা ফলেট থকা খাদ্য যেনে সেউজীয়া শাকপাচলি যেনে পালেং, ভাত আৰু টেঙা ফলেৰে পুৰাব পাৰি বহুতো ডাইলতো ফলেট থাকে গৰ্ভৱতী মহিলায়ে দিনে ৪০০ মিলিগ্ৰামৰ পৰা ৬০০ মিলিগ্ৰামলৈকে ফলেট লবলৈ পৰামৰ্শ দিয়া হয়

ভিটামিন B12 থকা খাদ্য

ৰঙা তেজৰ কোষৰ গঠন আৰু কাৰ্যকলাপৰ বাবে আইৰন আৰু ফলেটৰ দৰেই ভিটামিন B12 প্ৰয়োজন হয় গৰ্ভৱতী মাতৃসকলে দিনে . mcg ভিটামিন B12 লবলৈ পৰামৰ্শ দিয়া হয় আইৰনক শাকাহাৰী আৰু মাংসাহাৰী দুয়োবিধতেই পোৱ যায় কিন্তু ভিটামিন B12 প্ৰাকৃতিকভাৱে মাংস, পল্ট্ৰী আৰু গাখীৰৰ পৰা বনোৱ পদাৰ্থবোৰত পোৱা যায় সেইবাবে মাংস নোখোৱা মহিলাসকলে ভিটামিন B12 অভাৱত পৰাৰ ভয় বেছি

মাংসাহাৰীসকলৰ বাবে ভিটামিন B12 প্ৰাকৃতিকভাৱে বীফ, পৰ্ক, হেম, লেম্ব, মাছ আৰু গাখীৰ আৰু অন্য পল্ট্ৰি সামগ্ৰীত পোৱা যায় যিসকল মহিলায়ে মাংসৰ পৰা বনোৱা পদাৰ্থবোৰ নলয় সিহঁতে B12 চাপ্লিমেট হিচাপে অথবা জলপানত ভিটামিন B12 থকা ডাইল লৈ পাব পাৰে

এইটো কথা স্পষ্ট যে গৰ্ভাৱস্থাত এনিমিয়া হলে ইয়াৰ কাৰণ আইৰন, ফলেট আৰু ভিটামিন B12 দৰে পোষক তত্ববোৰৰ অভাৱত হব পাৰে এই পোষক তত্ববোৰ মহিলাগৰাকীৰ খাদ্যত পৰ্যাপ্ত পৰিমাণত নথাকাৰ বাবে অথবা শৰীৰে এই পোষক তত্ববোৰ ভালদৰে শুহিব নোৱাৰিলে এনে হব পাৰে যিহেতু এই পোষক তত্ববোৰৰ অভাৱ হলে মাতৃ আৰু শিশু দুয়োৰে ওপৰত প্ৰভাৱ পৰিব পাৰে, সেইবাবে এইটো জৰুৰী যে মাতৃয়ে এইবোৰ পোষক তত্ব অতিমাত্ৰাত থকা খাদ্যবস্তু লয় আৰু তাৰ ফলত আপুনি এটাতকৈ বেছি পোষক তত্ব পাব পাৰে চাপ্লিমেণ্টৰ ব্যৱহাৰো কৰিব পাৰে আৰু লগতে এই পোষক তত্ববোৰ যাতে শৰীৰে ভালদৰে শুহি লয়, এইটো নিশ্চিত কৰিবৰ বাবে ভিটামিন C দৰে পোষক তত্ব লব লাগে, যাতে শৰীৰে আইৰন ভালদৰে শুহি লয় ভালদৰে ডায়েটিং আৰু চিকিৎসা কৰিলে গৰ্ভাৱস্থাত এনিমিয়া হোৱটো ৰোধ কৰিব পাৰি